ক্লীৱত্বৰ দেশত (প্ৰণৱজ্যোতি দাস)

প্ৰণৱজ্যোতি দাস
 
এতিয়া মৃত্যু এক বিজ্ঞাপন,
সুযোগ পালেই বটলে বটলে বিক্রী হয় আবেগ,
সত্বা হেৰুৱাই এতিয়া আমি উলঙ্গ,
ককাল নাই বুকু নাই
ক’ত পিন্ধিম ৰনাংগনৰ কবচ,
আৰু
হম হম কৰিবলে
বিচাৰি পোৱা নাই কলিজা।।
 
এতিয়া কতো তেজ ৰঙা গোলাপ নুফুলে,
ধর্ষিতাৰ দেশত
মিছিল হৈ বয় কামনা,
ৰাজপথত গোট মাৰে ভালপোৱা,
অচিনাকি উজাগৰী ৰাতি ককবকাই মৰে
বহু চিনাকি মৌপিয়া ।।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments