ক্ষাৰসূত্র (ডা° আফজালুৰ ৰহমান চৌধুৰী)

ক্ষাৰসূত্র

ডা° আফজালুৰ ৰহমান চৌধুৰী,

স্বাস্থ্যবিষয়া, ভগামুখ নৈপৰীয়া প্রাথমিক স্বাস্থ্যকেন্দ্র, নগাঁও

 

“ক্ষাৰসূত্র” ” (क्षारसूत्र)  শব্দটো সংস্কৃত শব্দ “ক্ষাৰ” আৰু “সূত্র” এই শব্দদুটি যোগ হৈ গঠন হৈছে। এইখিনিতে “ক্ষাৰ” শব্দই ক্ষয়কাৰক পদাৰ্থ (Corrosive or Caustic) আৰু “সূত্র” শব্দটোৱে সূতা এডালৰ (Thread) অৰ্থ প্রকাশ কৰিছে। গতিকে “ক্ষাৰসূত্র” বুলি ক’লে ক্ষয় কৰিব পৰা বা নষ্ট কৰিব পৰা বা কাটিব পৰা সূতা এডালৰ কথাকে বুজা যায়। আমাৰ পৌৰাণিক ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদিক চিকিৎসা শাস্ত্রৰ বেলেগ বেলেগ গ্রন্থত  বিভিন্ন ধৰণৰ ক্ষাৰৰ দ্বাৰা বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসাৰ বিষয়ে জনা যায় যদিও “ক্ষাৰসূত্র” শব্দটো পোন প্রথমবাৰৰ বাবে আয়ুৰ্বেদিক চিকিৎসা শাস্ত্রৰ শল্যতন্ত্রৰ পিতৃস্বৰূপ আচাৰ্য্য সুশ্ৰুতে তেওঁৰ বিখ্যাত গ্রন্থ “সুশ্ৰুত সংহিতা”ত উল্লেখ কৰিছিল। আচাৰ্য্য সুশ্ৰুতে তেওঁৰ গ্রন্থত “ক্ষাৰসূত্র”ৰ দ্বাৰা মূলতে নাড়ীব্রণ (sinus), ভগন্দৰ (fistula in ano), অৰ্বুদ্ (excision of small benign tumour) ইত্যাদি ৰোগৰ চিকিৎসাৰ বিষয়ে উল্লেখ কৰে যদিও “ক্ষাৰসূত্র” ৰ প্রস্তুত প্রণালীৰ বিষয়ে ভালকৈ কোনো উল্লেখ পোৱা নাযায়। এঘাৰশ শতিকাতহে চক্রপানি দত্তই তেওঁৰ বিখ্যাত গ্রন্থ চক্রদত্তত ক্ষাৰসূত্রৰ প্রস্তুত প্রণালিৰ লগতে ভগন্দৰ (fistula in ano) আৰু অৰ্শ (heamorroid) ৰোগত “ক্ষাৰসূত্র”ৰ ব্যৱহাৰৰ বিষয়ে ভালকৈ উল্লেখ কৰে।। তেওঁ স্নুহীগছৰ ক্ষীৰ বা ৰস আৰু হালদিৰ গুড়িৰ সহায়ত সূতা এডালৰ ওপৰত কেবাতৰপীয়া প্রলেপ হানি ক্ষাৰসূত্র প্রস্তুত কৰাৰ বিষয়ে উল্লেখ কৰিছিল। ইয়াৰ পাছত ভাৱমিশ্রা, ভৈশ্বাৰ্যৰত্নাৱলী আদি লেখকসকলেও একে পদ্ধতিৰ কথা উল্লেখ কৰে যদিও ইয়াৰ ক্ষণস্থায়ী প্রস্তুতি আৰু ব্যৱহাৰ প্রণালীৰ আধৰুৱা বৰ্ণনা থকাৰ বাবে আয়ুৰ্বেদিক শল্যচিকিৎসক সকলৰ মাজত ক্ষাৰসূত্রৰ জনপ্রিয়তা কম আছিল।

শেষত প্রফেছৰ পি. জে. দেশপাণ্ডেই তেওঁৰ সহযোগীৰ সৈতে লগলাগি “ক্ষাৰসূত্র”ৰ পুনৰ আৱিষ্কাৰ আৰু আধুনিক চিকিৎসাৰ লগত খাপ খুৱাই শল্য চিকিৎসাত ব্যৱহাৰ কৰিব পৰাকৈ  “ক্ষাৰসূত্র”ক  আধুনিকীৰণ কৰে।

আধুনিক ক্ষাৰসূত্র প্রস্তুত কৰোতে সাধাৰণতে শল্য চিকিৎসাত ব্যৱহাৰ কৰা সূতা (linen thread no.20) এডালৰ ওপৰত কেইবাতৰপীয়া স্নুহীক্ষীৰ (latex of Euphorbia Nerrifolia), অপমাৰ্গক্ষাৰ (ash of Achyranthus aspera), আৰু হালদি গুড়ি (Curcuma longa)ৰ প্রলেপ দি প্রস্তুত কৰা হয়।

 

 

 

 

প্রথমতে, সূতাডাল স্নুহীক্ষীৰত জুবুৰিয়াই প্রলেপ হানি শুকুৱাবলৈ হেঙ্গাৰ (hanger)ৰ সহায়ত ক্ষাৰসূত্র কেবিনেট (cabinet)ৰ ভিতৰত ৰখা হয়। এই প্রক্রিয়া  এঘাৰবাৰ পুনৰাবৃত্তি কৰা হয়।

দ্বিতীয়তে, সূতাডালত আকৌ এবাৰ স্নুহীক্ষীৰৰ প্রলেপ হানি ইয়াক অপমাৰ্ক ক্ষাৰৰ মিহি গুড়িৰ মাজেৰে পাৰ কৰা  হয়। এই প্রক্রিয়া সাতবাৰ পুনৰাবৃত্তি কৰা হয়।

শেষত, সূতাডালত পুনৰ  স্নুহীক্ষীৰৰ প্রলেপ হানি মিহি হালদি গুড়িৰ মাজেৰে ইয়াক পাৰ কৰা হয়। এই প্রক্রিয়া তিনিবাৰ  পুনৰাবৃত্তি কৰা হয়।

এনেদৰে সূতাডালৰ ওপৰত একৈশবাৰ প্রলেপ দিয়াৰ পাছত সূতাডাল বীজাণু মুক্ত কৰাৰ উদ্দেশ্যৰে ক্ষাৰসূত্র কেবিনেটৰ ভিতৰত ৰাখি ইয়াৰ মাজেৰে পোন্ধৰ মিনিট সময়ৰ বাবে UV (ultraviolet) ৰশ্মি পাৰ কৰা হয়।

ইয়াতে  “ক্ষাৰসূত্র”ৰ PH ৰ মান 9.75 ৰ ওচৰে-পাজৰে ৰাখিবলৈ চেষ্টা কৰা হয়।

 

 

 

 

“ক্ষাৰসূত্র”ৰ দ্বাৰা আজিকালি ভগন্দৰ (Fistula in ano) ৰোগৰ চিকিৎসাৰ ক্ষেত্রত ভাৰতবৰ্ষত বহুল জনপ্রিয়তা অৰ্জন কৰিছে। ভাৰতৰ বাহিৰেও শ্রীলংকা আৰু জাপানত ক্ষাৰসূত্রৰ ওপৰত ইতিমধ্যে ৱ্যৱহাৰিক প্রয়োগ (clinical trial) কৰা হৈছে আৰু ইয়াৰ উপকাৰিতাৰ প্রমাণ পোৱাৰ লগতে জনপ্রিয়তাও বাঢ়িছে।

“ক্ষাৰসূত্র”ৰ লাহে লাহে ক্ষয় নিয়াবপৰা বা কাটিবপৰা গুণ থকা বাবে ঘাঁৰ পৰা পুঁজ (Proper drainage of pus) সহজতে ওলাই যোৱাৰ লগতে ঘাঁ সোনকালে শুকাবলৈ (proper healing) ধৰে। আধুনিক ভাষাত কবলৈ গলে “ক্ষাৰসূত্র”ৰ প্রধান গুণকেইটা হ’ল, Excision, Scrapping, Draining, Penetrating, Debridement, Sclerosing and Healing. লগতে ইয়াৰ বীজাণু ধ্বংসৰ (Bactericidal and Bacteriostatic) ক্ষমতাও আছে। সঠিক পৰীক্ষা-নিৰীক্ষাৰদ্বাৰা হয়তো “ক্ষাৰসূত্র”ৰ গুণাগুণ আগলৈ আৰু বঢ়াব পৰা যাব।

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক