ক্ষুদ্ৰ গ্ৰন্থমেলাৰ প্ৰস্তাৱ (প্ৰতিম প্ৰতাপ বৰুৱা)

অসমত এতিয়া গ্ৰন্থমেলা শেষ হ’ল। এইবাৰৰ গ্ৰন্থমেলাকেইখনত অসমীয়া ভাষাৰ কিতাপৰ বিক্ৰীৰ পৰিমাণ কেনেকুৱা? – এই প্ৰশ্নটোৰ উত্তৰত অসমীয়া কিতাপৰ প্ৰকাশনৰ সৈতে জড়িত থকা মোৰ এজন বন্ধুৱে দুখমনেৰে কৈছিল – বুকফেয়াৰত কাৰোৰে বিক্ৰী সিমান ভাল নহয়। অৰ্থাৎ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত আমি সততে যিটো অভিযোগ শুনি থাকোঁ যে অসমীয়া কিতাপৰ পাঠকৰ সংখ্যা নিচেই কম, ক্ৰেতাৰ সংখ্যা তাতোকৈ কম আৰু একেসময়তে এই কমসংখ্যক পাঠক আৰু ক্ৰেতাৰ বিপৰীতে লেখকৰ সংখ্যাটো বেছি – এই অভিযোগটো আখৰে আখৰে সঁচা বুলি আমি পতিয়ন যাব পাৰোঁ। অসমীয়া ভাষাৰ আনকি পুৰস্কাৰপ্ৰাপ্ত, মূল্যৱান, অৱশ্যে পঠনীয় কিতাপসমূহৰো বিক্ৰীসংখ্যা আন ভাষাৰ তুলনাত নগণ্য আৰু অসমীয়া ভাষাৰ কিতাপৰ এই বিক্ৰীসংখ্যাই লাখৰ ঘৰ চুবগৈ পাৰেনে নোৱাৰে তাত আমাৰ সন্দেহ আছে। কিতাপ কিনিবলৈ আৰ্থিক সক্ষমতা থকা আৰু অসমীয়া ভাষাটো পঢ়িব পৰা অসমীয়া মানুহৰ মুঠ জনসংখ্যা যিমান সেই হিচাপে অসমীয়া ভাষাৰ কিতাপৰ, পাঠকৰ সংখ্যা অতি নগণ্য। অসমীয়া কিতাপৰ ক্ৰেতাৰ সংখ্যা, মানে নিজে কিনি কিতাপ পঢ়া পাঠকৰ সংখ্যা ততোধিক নগণ্য। আৰু একেসময়তে অসমৰ প্ৰতিটো প্ৰজন্মতে অসমীয়া ভাষাৰ কিতাপৰ ক্ৰেতা আৰু পাঠকৰ এই সংখ্যা দুখলগাকৈ কমি আহিছে। ভাৰতৰ আন প্ৰদেশসমূহত, উদাহৰণস্বৰূপে দিল্লী, উত্তৰ প্ৰদেশ আদিত কিন্তু ছবিখন ওলোটা। হয়তো এইবিলাক ঠাইত প্ৰকাশিত সাহিত্য হিন্দী বা ইংৰাজী ভাষাৰ হোৱাৰ বাবে এই প্ৰদেশসমূহত সাহিত্যৰ পাঠক আৰু ক্ৰেতাৰ সংখ্যা বেছি। একেসময়তে আমাৰে প্ৰতিৱেশী পশ্চিমবঙ্গ, মহাৰাষ্ট্ৰ বা পাঞ্জাৱত_ বাঙালী, মাৰাঠী বা পাঞ্জাৱী ভাষাৰ সাহিত্যৰ ক্ষেত্ৰতো ছবিখন অসমৰ দৰে দুখলগা নহয়। অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা লোকসকলৰ বাবে আৰু অসমীয়া কিতাপ প্ৰকাশ কৰা প্ৰকাশন প্ৰতিষ্ঠানসমূহৰ বাবে এই অৱস্থাটো যিমান দুখলগা, অসমীয়া ভাষাটোৰ ভৱিষ্যতৰ বাবে এই অৱস্থাটো তাতোকৈ বহুত বেছি চিন্তাজনক। দুটা প্ৰশ্নৰ সন্মুখীন হ’ব খুজিছোঁ।প্ৰথম – অসমীয়া মানুহৰ মাজত অসমীয়া সাহিত্যৰ আদৰ আশানুৰূপ কিয় নহয়? ইয়াৰ সাম্ভাব্য কাৰণসমূহ কি কি হ’ব পাৰে? এই সাম্ভাব্য কাৰণসমূহৰ ভিতৰত মূল কাৰণ কোনটো? দ্বিতীয় – অসমীয়া সাহিত্যৰ মান দিনে দিনে নিন্মগামী হৈছে নেকি যাৰ ফলত পাঠকৰ/ক্ৰেতাৰ সংখ্যা কমিছে? দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ পোনছাটেই দিব পাৰি – অসমীয়া ভাষাত সাহিত্য চৰ্চাকাৰীৰ সংখ্যা বাঢ়িছে, অসমীয়া ভাষাত লেখক-লেখিকাৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে, প্ৰকাশিত গ্ৰন্থৰ সংখ্যা বাঢ়িছে, সেই গ্ৰন্থসমূহৰ ভিতৰত সকলোবোৰ গ্ৰন্থই উচ্চ মানদণ্ডৰ নহয়, কিন্তু একেসময়তে এইটো কথাও সঁচা যে অসমীয়া ভাষাত যথেষ্ট উচ্চস্তৰৰ সাহিত্যৰ সৃষ্টিও হৈয়েই আছে, অৱশ্য পঠনীয় গ্ৰন্থৰ প্ৰকাশ হৈয়েই আছে আৰু সামগ্ৰিকভাৱে অসমীয়া সাহিত্যৰ মান যথেষ্ট উচ্চস্তৰৰ হৈয়েই আছে।
এতিয়া প্ৰথম প্ৰশ্নটোৰ বিষয়ে চিন্তা কৰিলে বহুসংখ্যক সম্ভাব্য কাৰণ ওলাই পৰিব পাৰে। কিন্তু এই সকলোবোৰ কাৰণ একাষৰীয়া কৰি থৈ আমি বিশ্বাস কৰোঁ অসমীয়া কিতাপৰ ক্ৰেতা আৰু পাঠকৰ সংখ্যা কমি যোৱাৰ মূল দোষটো আমাৰ নিজৰেই। বিভিন্ন বিষয়ৰ গ্ৰন্থ অধ্যয়নে আমাৰ জ্ঞান বঢ়ায়, ই আমাক মানসিক তৃপ্তি দিয়ে, কিতাপেই আমাৰ সৰ্বশ্ৰেষ্ঠ বন্ধু, ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপো সৰুৰেপৰাই পঢ়িব লাগে, অসমীয়া ভাষাত উচ্চস্তৰৰ কিতাপৰ অভাৱ নাই, বিশ্বসাহিত্যৰ শ্ৰেষ্ঠ কিতাপো অসমীয়া ভাষালৈ অনুদিত হৈছে আদি কথাবোৰ আমি মাজে মাজে আওৰাব পাৰোঁ, আলোচনা কৰিব পাৰোঁ, এই কথাবোৰ সঁচা বুলিও আমি জানো, কিন্তু তথাপিও আমি নিজেও নিয়মীয়াকৈয়ে হওক বা অনিয়মীয়াকৈয়ে হওক, অসমীয়া ভাষাৰ কিতাপ নপঢ়োঁ, অসমীয়া ভাষাৰ কিতাপ নিকিনো, আৰু লগতে আমি আমাৰ সন্তানকো পাঠ্যপুথিৰ বাদে আন যিকোনো বাহিৰা কিতাপ পঢ়িবলৈ উদগনি নিদিওঁ। আমি নিজেও ৰাজহুৱা পুথিভঁৰাললৈ নাযাওঁ আৰু আমাৰ সন্তানকো যাবলৈ উৎসাহ নিদিওঁ। অৱশ্যে আমাৰ জিলা পুথিভঁৰালসমূহৰ সংখ্যা যিমান হ’ব লাগিছিল সিমান নহয় আৰু সেই পুথিভঁৰালবিলাক যিটো পৰ্য্যায়ৰ হ’ব লাগিছিল সেইটো পৰ্য্যায়ৰ নহয়। এই অৱস্থাটো সলনি হোৱা দৰকাৰ। কাৰণ এই অৱস্থাটো দীৰ্ঘস্থায়ী হ’লে ই অসমীয়া ভাষা-সাহিত্যৰ স্থায়ী ক্ষতি কৰাৰ লগতে প্ৰতিটো প্ৰজন্মতে ক্ৰেতা আৰু পাঠকৰ সংখ্যাও দ্ৰুতগতিত কমাই আনিব।
গ্ৰন্থমেলাই পাঠক/ক্ৰেতাৰ সংখ্যা বঢ়াইনে? নিশ্চয় বঢ়ায়। কিন্তু অসমৰ ক্ষেত্ৰত গ্ৰন্থমেলাসমূহে সকলো ঠাইৰে গ্ৰন্থপ্ৰেমীসকলক চুবগৈ পৰা নাই যেন লাগে। কেইখনমান বিশেষ-বিশেষ ঠাইত, বছৰৰ কেইটামান বিশেষ দিনত পতা এই গ্ৰন্থমেলাসমূহে সাধাৰণ গ্ৰন্থপ্ৰেমীৰ মাজত এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে যদিও এই পৰিৱেশটো সেই চহৰসমূহতে আৰু সেই দিনকেইটাতে সীমাৱদ্ধ হৈ থাকে। গ্ৰন্থমেলাৰ এই পৰিৱেশটো সৰু-বৰ, ওচৰৰ বা দূৰণিৰ গাওঁ-চহৰ সকলোলৈকে বিয়পি পৰা উচিত। আমি প্ৰস্তাৱ কৰোঁ অসমৰ প্ৰতিখন চহৰতে বছৰত অন্তত: দুবাৰকৈ একো একোখন আটকধুনীয়া আৰু সৰু গ্ৰন্থমেলা অনুষ্ঠিত হওক। তাৰ বাবে অসমৰ সৰু-বৰ সকলো প্ৰকাশন প্ৰতিষ্ঠান একগোট হওক। যিবোৰ ঠাইত জিলা পুথিভঁৰাল আছে সেইবোৰ ঠাইত সেই পুথিভঁৰালসমূহৰ চৌহদতে এই গ্ৰন্থমেলা পতা হওক। লগতে অসমৰ যিবোৰ অঞ্চলত কিতাপৰ দোকানৰ সংখ্যা অতি কম তেনেবোৰ অঞ্চলৰ গ্ৰন্থপ্ৰেমীসকলৰ সুবিধা হোৱাকৈ প্ৰকাশন প্ৰতিষ্ঠানসমূহে সেইবোৰ অঞ্চলৰ ওচৰ-পাজৰৰ জিলা পুথিভঁৰালসমূহৰ যোগেদি ইচ্ছুক গ্ৰাহকসকলৰ পৰা কিতাপৰ অৰ্ডাৰ লোৱাৰ ব্যৱস্থা আৰম্ভ কৰক আৰু ডাকযোগে সেই ক্ৰেতাসকললৈ গ্ৰন্থ পঠিওৱাৰ ব্যৱস্থা কৰক। জিলা পুথিভঁৰালসমূহে এই কামবোৰত প্ৰকাশন প্ৰতিষ্ঠানসমূহক পাৰ্য্যমানে সহায় কৰক। লগতে শিক্ষাৰ মাধ্যম নিৰ্বিশেষে অসমৰ সকলো ঠাইৰে সকলো বিদ্যালয়, সকলো মহাবিদ্যালয় আৰু সকলো বিশ্ববিদ্যালয়তে বছৰেকীয়া খেল-ধেমালিৰ সমান্তৰালকৈ সৰুকৈ আৰু আটকধুনীয়াকৈ একো একোখন গ্ৰন্থমেলাৰ আয়োজন কৰা হওক। সেই গ্ৰন্থমেলালৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো যাওক। এই ক্ষুদ্ৰ গ্ৰন্থমেলাসমূহত প্ৰতিটো প্ৰকাশন প্ৰতিষ্ঠানে নিজৰ সকলো প্ৰকাশিত কিতাপৰ তালিকা সকলোৰে বাবে উপলব্ধ কৰোৱাওক আৰু লগতে উপযুক্ত মূল্যৰ বিনিময়ত ডাকযোগে ক্ৰেতাসকললৈ কিতাপ পঠোৱাৰ ব্যৱস্থা কৰক। সমান্তৰালকৈ অসমৰ দৃশ্য-শ্ৰাব্য মাধ্যমকেইটাত ৰাজনীতি, বা আন বিষয়সমূহৰ আলোচনাৰ সমান্তৰালকৈ গ্ৰন্থৰ বিষয়েও ফলপ্ৰসূ আলোচনাৰ নিয়মীয়াকৈ আয়োজন কৰা হওক আৰু সেই আলোচনালৈ নৱীন-প্ৰৱীণ লেখক, সমালোচকসকলক নিমন্ত্ৰণ কৰক।
আমি বিশ্বাস কৰোঁ, অসমৰ সকলো প্ৰতিষ্ঠানে মিলি ক্ষুদ্ৰ আৰু আটকধুনীয়া গ্ৰন্থমেলা অসমৰ সকলো ঠাইতে সঘনাই অনুষ্ঠিত কৰিলে আৰু লগতে এই সকলো প্ৰকাশন প্ৰতিষ্ঠানে অসমৰ লগতে ভাৰতৰ সকলো ঠাইলৈকে উপযুক্ত মূল্যৰ বিনিময়ত ক্ৰেতাসকললৈ ডাকযোগে কিতাপ পঠোৱাৰ ব্যৱস্থা কৰিলে অসমীয়া ভাষাৰ গ্ৰন্থৰ আদৰ আৰু পাঠক তথা ক্ৰেতাৰ সংখ্যা বাঢ়িব আৰু লগতে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা লেখক-লেখিকাসকলেও যথেষ্টখিনি সকাহ পাব।
 
Top of Form
Bottom of Form
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments