ক্ষুধা — পংকজ গগৈ


[১]
মানস ফুকন তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ। ভেটেৰিনেৰি ডিগ্ৰী সম্পূৰ্ণ কৰি উঠি মলিকুলাৰ বায়োলজি এণ্ড বায়টেকন’লজি বিভাগত ‘এনিমেল বিহেভিঅৰ’ ওপৰত গৱেষণা আৰম্ভ কৰিছে। বাঘৰ প্ৰতি তাৰ বিশেষ আকৰ্ষণ; অৱশ্যে ভয় তাতোকৈ বহুগুণে বেছি। সৰুৰে পৰা সাধু আৰু কাহিনী বিলাকত কেৱল বাঘৰ পৰাক্ৰম আৰু হিংস্ৰতাৰ বিষয়েহে শুনিছে। গহীন গম্ভীৰ কিন্তু পৰিস্থিতি সাপেক্ষে ভয়ংকৰ ৰূপ লোৱা নিৰ্জু প্ৰাণীটোৰ ঢেকীয়া পাতৰ দৰে আঁকবিলাকৰ প্ৰতি তাৰ বিশেষ দুৰ্বলতা। সৰুতে কোনোবাই তাক কৈছিল যে প্ৰত্যেক বাঘৰে এই আঁকবিলাক বেলেগ বেলেগ; কোনোটোৰ কাৰো লগত মিল নাই। কিন্তু ৰঙা-মুগাবৰণীয়া থিয় চকুদুটাৰে সৈতে প্ৰকাণ্ড মুখখন মনত ভাঁহি আহিলে বুকু কঁপি উঠে। সি প্ৰায়ে বাঘৰ সপোন দেখে। কিমানবাৰযে বাঘৰপৰা বাচিবলৈ গছত বগোৱাৰ সপোন দেখিছে হিচাপ নাই। কেতিয়াবা দেখে বাঘ এটা ৰাজকীয় ভংগিমাৰে গৈ থকা। কোনোবা এটি মুহূৰ্তত ক্ষন্তেক ৰৈ তাৰ ফালে এপলক চায়, আকৌ গুচি যায়।
সপোনবোৰে ফুকনৰ লগ এৰা নাই। তাৰ ল’ৰালিৰ সপোন আছিল ৱাইল্ড লাইফ ফটোগ্ৰাফী। জলপানিৰ পইচাৰে চলাই যাব পৰাকে এটা কম দামী কেমেৰাও কিনি লৈছিল। সেইটোৰেই বিশ্ববিদ্যালয় আৰু দাঁতি-কাষৰীয়া ঠাইবিলাকত সি বহুত ফটো সংগ্ৰহ কৰিছে। হোষ্টেলৰ তাৰ ৰূমটোত সোমালে অন্য এখন জগতত থকাৰ অনুভৱ হয়। দৰ্জাৰ বিপৰীত দিশৰ বেৰত খুটি এটাত পাখী দুখন মেলি স্থিৰ নেত্ৰেৰে সন্মুখলৈ চাই থকা এটা পানী কাউৰী। নিৰিবিলিৰ কাষৰ বৃহৎ পুখুৰীটোত তোলা সেই দৃশ্য। আন এখন ফটোত পানীৰ মাজত থকা শহা ঘৰৰ ঢিপটোত কাণ থিয় কৰি সতৰ্কিত চাৱনিৰে শহা পহু এহাল। ডিমৰু গছজোপাত মেৰ লোৱা প্ৰকাণ্ড অজগৰটোৰ মুখখন যেন বেৰৰ পৰা বাহিৰলৈ ওলায় আহিব আৰু গোটেই গাটো আঁকি থোৱাৰ নিচিনা লতামাকৰি বাঘটো।
শনিবাৰটো বিশ্ববিদ্যালয়ত সকলোৰে প্ৰিয়। ফুকনেও কালি লগৰকেইজনৰ লগত পাৰ্টী কৰোঁতে কিমান ৰাতি হ’ল ধৰিবই নোৱাৰিলে। এনেধৰণৰ পাৰ্টীত বিশেষকৈ শনিবাৰৰ ৰাতি সিহঁতৰ প্ৰায়ে মেহফিল জমে। সেয়েহে আজি ভৰদুপৰীয়ালৈ বিছনাখনত অলসভাৱে পৰি আছে। সুখৰ নিদ্ৰা হেনো পলকতে হেৰাই। ফোনটো বাজক নহয় ডাঙৰকৈ। বিৰক্তিত কপাল কোঁচ খাই আহিল।

  • হেল্ল। কথাত বিৰক্তিৰ চিন স্পষ্ট।
  • May I talk to Mr Manash Phukan?
  • Yes, Manash is speaking here.
  • Mr. Manash, I am calling you from WTI. You have been selected to work with us at Kaziranga National Park as Project Manager. Hope you will like to join us at the earliest possible.
    ফুকনৰ কথাটো বিশ্বাসেই হোৱা নাই। Wildlife Trust of Indiaৰ পৰা তালৈ ফ’ন আহিছে তাকো কামৰ প্ৰস্তাৱ লৈ! টোপনিৰ জালতে সি কিবা ভাবি আছিল চাগে? ফ্ৰেচ হৈ কাকুৰ হোটেললৈ চাহ খাবলৈ ওলাল। বিশ্ববিদ্যালয়ৰ গেটৰ মুখতে থকা কাকুৰ হোটেলত সচৰাচৰ চাহৰ আড্ডা চলে। একাপ গৰম চাহৰ লগতে সি এটা চিগাৰেট জ্বলাই ল’লে। চিগাৰেটৰ ধোঁৱাবোৰে অঁকাই-পকাই বিভিন্ন আকাৰ ল’লে আৰু লগতে তাৰ ভাৱবোৰকো উটোৱাই নিলে। সেইদিনাৰপৰা তাৰ জীৱনৰ গতিয়ে দিশ সলালে। সেউজীয়াৰ মাজত জীৱনটোক নতুন ৰূপত বিচাৰি পালে। মুকলি আকাশৰ তলত প্ৰাণ ভৰি পৰিল। গছ, জীৱ-জন্তু, চৰাই, পখিলা আৰু ঝাৰণিয়েও কথা কোৱা হ’ল। [২]
    এই ওখ ঢিপটোলৈ প্ৰায়ে বাঘ আহে, তৃষ্ণা পূৰাই অলপ জিৰাবলৈ। কহঁৰা ৰেঞ্জৰ এই অস্থায়ী দলংখন আৰু অলপ আগলৈ থকা ওৱাটছ টাৱাৰটোৰ লগত তিনিকোণীয়াকৈ থকা বিলখনৰ কাষৰ ঢিপটোত প্ৰায়ে বনৰজাক দেখাৰ সৌভাগ্য হয়। অৱশ্যে এতিয়াৰ বানপানীৰ সময়ত কথাটো অলপ সুকীয়া, বিলৰো একো চিন-চাব নাই। পানী বাঢ়িবলৈ আৰম্ভ কৰিলেই সিহঁতৰ ব্যস্ততাৰ অন্ত নোহোৱা হয়। বনৰক্ষী তথা বনবিভাগৰ কৰ্মকৰ্তাসকলৰ লগত অনুসন্ধান আৰু উদ্ধাৰ অভিযানত নামি পৰে। বনৰক্ষীসকলৰ দুৰ্দশা দেখিলেটো চকুপানী বব’লৈ বাকী থাকে। ব্যস্ততাৰ মাজতে একপি ফটোৰ কাৰণে ছেগ উলিয়াই আজি সপ্তাহজুৰি সি তাতে খাপ পিটি আছে। নিশ্চুপ, নিশব্দ আৰু উশাহবোৰো সংযত। লগত যোৱা বডীগাৰ্ডজনে যে আমনি পাইছে মুখৰ অবয়ৱত স্পষ্টকৈ ফুটি উঠিছে। বনৰজাৰ এখনি ফটো ধৰিবই সি, তাকো নিচেই সন্মুখৰ পৰা। এনে দুৰ্যোগৰ সময়ত বনৰজাৰ স্বভাৱ কেনেকুৱা হয় তাৰ জীৱন্ত প্ৰতিচ্ছবি ধৰি ৰাখিব পাৰিব লাগিব। তাৰ ৬০০ mm লেঞ্চৰ কেমেৰাটো জোপোহা এটাৰ মাজত সংস্থাপন কৰি ল’লে।
    সময় আগবাঢ়িল, লাহী বিৰিণা গছবিলাক কঁপাই এছাটি শীতল বতাহে গা চুই গ’ল। সকলোদিশত কেৱল পানী আৰু নিশব্দতা। দূৰৈত মাছৰ ডাঙৰ জাক এটাই মাজে সময়ে খিলখিলাই আছে। নাতিদূৰৈত এজাক হাতীয়ে শুৰবিলাক ওপৰলৈ দাঙি হাইলেণ্ড এটালৈ যাবলৈ চেষ্টা কৰিছে। হাইলেণ্ডটোত আশ্ৰয় লোৱা বনৰীয়া ম’হদুটামানে শিং জোকাৰি সেইফালে এপলক দৃষ্টি নিক্ষেপ কৰিছে। পোৱালীবোৰক মাজত লৈ হাতীৰ জাকটো ধীৰে ধীৰে আগবাঢ়িছে। আশে-পাশে কেইটামান হৰিণাইয়ো প্ৰাণৰ মোহত সাঁতুৰিছে কেৱল সাঁতুৰিছে।
    ইতিমধ্যে বেলি মূৰৰ ওপৰত। বন আৰু গছৰ পাতৰ ওপৰতে বাগৰি সি অসীম ধৈৰ্য্যৰে কেমেৰাৰ লেঞ্চত চকু স্থিৰ কৰি ৰাখিলে। আজিও কিবা এটা দেখাৰ সৌভাগ্য নহ’ব যেন লাগিছে। তলপেট কৰি পৰ দি থাকি তাৰ পিঠিখন প্ৰচণ্ড বিষাবলৈ ধৰিছে৷ বেলি পৰো পৰো হ’ল, উফ আজিও এনেই গ’ল। কেমেৰা সামৰো বুলি ভাবোঁতেই হঠাৎ শব্দ এটা শুনিবলৈ পালে; দূৰৈৰ পৰা যেন ক্ৰমাৎ তাৰ ফালেই আহি আছে। হয় থিকে ধৰিছে, সেয়া বনৰজাৰে খোজৰ শব্দ, তাৰযেন বহু পুৰণি চিনাকি শব্দ। যিমানেই খোজৰ শব্দ স্পষ্ট হৈ আহিছে তাৰ হৃদস্পন্দন সিমানেই বৃদ্ধি পাইছে। উত্তেজনাত কপালেদি বৈ অহা লুণীয়া ঘামে মুখত সোমাই মুখ বিকতাই পেলালে। অধীৰ অপেক্ষাৰে বাট চালে। কিন্তু এইয়া কি! খোজবোৰ দেখোন লাহে লাহে তাৰ পৰা আতঁৰি দূৰৈৰ পানী যুঁৱলিত গৈ স্থিৰ হ’ল। তাৰ পাছত আৰু শব্দ শুনা নগ’ল। তাৰ চিঞৰি চিঞৰি নিজৰ কপালকে গালি দিবলৈ মন গ’ল। [৩]
    ফুকনৰ কোৱাৰ্টাৰ ৰাস্তাৰ সিটো পাৰে পশ্চিমলৈ সৰু টিলাটোৰ ফালে। তাৰ পৰা ৰবৰ গছবিলাকৰ মাজেৰে দূৰ-দিগন্তলৈ পানীবোৰ কেৱল উজ্জ্বল হৈ জিলিমিলাই আছে; জোনাক পোহৰত শুভ্ৰ স্ফটিকৰ দৰে চিকমকনি। জিলিবিলাকৰ গগণ আস্ফালন কৰা ঝিঁ-ঝিঁয়নি। দিনটোৰ ভাগৰত সন্ধিয়া হোৱাৰ লগে লগে তাক টোপনিয়ে হেঁচা মাৰি ধৰিছে। কিন্তু কি আচৰিত, সি আকৌ এবাৰ বনৰজাৰ খোজৰ স্পষ্ট শব্দ শুনিবলৈ পালে! অতি সন্তৰ্পণে গুৰু-গম্ভীৰ খোজেৰে আগবঢ়া বনৰজাই জোপোহাৰ আঁৰত যেন আগন্তুক বিপদৰ সম্ভেদহে পালে। একে জাপে আহি তাৰ বাহুত বজ্ৰকঠোৰ হাতোঁৰাৰে খামুচি ধৰিলে। ভয়তে সি চিঞৰিবলৈ লওঁতে দেখিলে ৰাভা দাই বাহুত হেঁচুকি তাক জগাবলৈ চেষ্টা কৰি আছে।
  • ছাৰ ভাত হৈ গ’ল, আহক খাই লওকহি।
    সি অহাৰ বহু আগৰপৰাই ৰাভা দাই এই কোৱাৰ্টাৰত কাম কৰি আহিছে। ঘৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি, বজাৰ-সমাৰ, ছাৰৰ জোতা চাফ কৰা, ৰন্ধা-বঢ়া আনকি বিছনা সাজু কৰালৈ সকলোখিনি কাম ৰাভা দাই নিয়াৰিকৈ সম্পন্ন কৰে। ইয়াৰ আগৰ ছাৰজনকো তেওঁ অতি শ্ৰদ্ধা, ভক্তি কৰিছিল। ছাৰৰ খোৱাত যথেষ্ট হকা-বাধা আছিল আৰু সেই সকলোখিনিৰ খেয়াল তেওঁ কোনো চেলু নোহোৱাকে ৰাখিছিল। পিছে এই ছাৰৰ কথাই বেলেগ; তেওঁৰ পুত্ৰবয়সীয়া ছাৰজন বৰ মৰমিয়াল। খোৱা বোৱাতো একো বাছ-বিচাৰ নাই। আজি ছাৰৰ সকলোতকৈ প্ৰিয় গাহৰি মাংস বৰ যতনেৰে ৰান্ধিছে। কাষৰ বড়ো গাৱঁখনৰ পৰা যেনে তেনে আধাসেৰ জাতি গাহৰিৰ মাংস গোটাবলৈ সক্ষম হৈছিল। তাৰে অলপ জলা সৰহকৈ দি এখন শুকান ভাজি আৰু বাকীখিনি বাহঁৰ গাজৰ সৈতে বইল কৰা আঞ্জা। কেনে লোভনীয়; ফুকনে কাঁহীখন ক্ষন্তেকতে চুঁচি-মাজি শেষ কৰিলে।
    ৰাভা দাৰ ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ইটো পাৰে কাৰ্বি পাহাৰৰ পাদদেশত। তেওঁ থকা ঠাইদুখৰো ইতিমধ্যে পানীয়ে উপচি সাগৰযেন পৰিস্থিত কৰিছে; ৰাভা দাহঁতে ওখ চাং বান্ধি দিনকেইটা কটাইছে। বন্যাৰ্তৰ আলৈ-আথানিৰ সীমা নাই। ফুকনে অলপদিনৰ কাৰণে তেওঁক আহিব নালাগে বুলিছিল। কিন্তু ছাৰৰ খোৱা বোৱা কষ্ট হ’ব বুলিয়েই অতদূৰ নাও বাই আহি আছে। সিদিনাটো নাওত প্ৰকাণ্ড সাপ এডাল উঠিছিল। ৰাভা দাই উচপ খাই প্ৰথমে মাৰিবলৈ উদ্যত হৈছিল। কিন্তু তেওঁৰ অনুভৱ হ’ল যেন সি অলপ আশ্ৰয়হে বিচাৰিছে। কিছুদূৰ যোৱাৰ পাছত এটা জোপোহাৰ ওচৰত সাপটো নিজেই নামি গ’ল আৰু জোপোহাৰ মাজত লুকাই পৰিল।
  • ছাৰ, জীৱ-জন্তুবোৰৰ এই কেইদিন যে কেনে বিলৈ-বিপত্তি ঘটিছে, আজি মই অহাৰ সময়ত দুটাকৈ পহু ঘাইপথত গাড়ীয়ে খুন্দিয়াই থোৱা দেখা পাই আহিছো।
    ফুকনে মূৰ দুপিয়ালে।
  • জীৱ-জন্তুবিলাক তোমালোকৰ কাষেৰেই পাহাৰটোলৈ বগাইছে, নহয়নে?
  • হয় ছাৰ, এনেহেন বিপদত ধুৰন্দৰ দুটামানৰ দিন পৰিছে, প্ৰাণৰ আশাত পাহাৰলৈ উঠিবলৈ লোৱা নিৰীহ প্ৰাণীকেইটাক মাৰি মহাভোজ পাতিছে।
    ফুকনৰ বুকুখন কোনোবাই মুচৰি দিয়া যেন লাগিল। পাহাৰৰ সিটো পাৰত হেনো বন্যজন্তু নিধনৰ মহাযজ্ঞহে চলিছে; ঠাইডোখৰ বধ্যভূমিত পৰিণত হৈছে। নিৰুপায় জন্তুবোৰৰ আৰ্তনাদ আৰু চিৎকাৰত পিশাচী আত্মাৰ বন্যতাই পৰম তৃপ্তি লভিছে।
  • ছাৰ আজি বাঘৰ দেখা সাক্ষাত হ’লনে?
    ৰাভাদাৰ কথাত তাৰ টিঙিচকৈ খংটো উঠিছিলেই। পিছে সহজ মানুহজনৰ সৰল মুখখনি দেখি খং শাম কাটিল। অৱশ্যে ৰাভা দায়ে দুটামান ভাল উপদেশেই দিলে।
  • ছাৰ, কাইলৈ আপুনি এটা কাম কৰিব পাৰে। টাৱাৰটোৰ ওচৰত নৰৈ তাৰপৰা উত্তৰদিশত ঘাইপথৰ সমান্তৰালকৈ আগবাঢ়ি যাব। একমাইলমান যোৱাৰ পাছত কেম্প এটা পাব। কেম্পৰ ওচৰতে ঘাইপথৰ পিনে মুখ কৰি দীঘলীয়াকৈ এটুকুৰা ওখ ঠাই আছিল। সেই ঠাইডোখৰ বাঘৰ অতি প্ৰিয় বুলি শুনিছিলো। অৱশ্যে এতিয়া পানীৰ সময়ত এনেও বাঘ দেখাৰ আশা ক্ষীণ। ঠাইডোখৰো যে বুৰ নাই যোৱা তাৰো ঠিকনা নাই।
  • অ’, কথাটো নোহোৱা নহয়। কাইলৈ আপুনি কোৱাৰ দৰে কৰি চাম।
  • যাওঁতে লগত এই টেমাতো লৈ যাব।
  • কি হয়?
  • চূণৰ টেমা, সময়ত আপোনাৰ কামত আহিব।
    ৰাভা দাৰ কথাত ফুকনৰ হাঁহি উঠিল। সিটো চাদা বা তামোলৰ একোয়েই নিচা নকৰে। কিযে কৰি থাকে এই মানুহজনে! ইমান আব্দাৰ, তেজৰ সম্পৰ্ক নোহোৱাকৈয়ে ইমান আপোন। [৪]
    দোকমোকালিতেই উঠি ৰাভা দাই ছাৰৰ বাবে খোৱাৰ জা-যোগাৰ কৰিলে। সোনকালে ঘৰলৈ গৈ সন্ধিয়াৰ আগেয়ে ঘূৰি আহিব লাগিব। ফুকনে কেমেৰাৰ লগৰ যাৱতীয় সা-সঁজুলি বিলাক এবাৰ পৰীক্ষা কৰি ল’লে। ইতিমধ্যে গাৰ্ডজনে সেই পুৰণা ডিজাইনৰ জীপখন লৈ কোৱাৰ্টাৰৰ সন্মুখত ৰৈ আছিল। দহ মিনিটমানত গাড়ী কঁহৰাৰ প্ৰৱেশদ্বাৰত উপস্থিত হ’ল। তাতে গাড়ী পাৰ্ক কৰি সিহঁতৰ নৌকা যাত্ৰা আৰম্ভ হ’ল।
    বতৰ ফৰকাল, শুদ্ধ নীলা আকাশৰ মাজেৰে ৰ’দ কাঁচিয়লি দি পুৱাৰ বেলিটোৱে সকলো দিশতে হেঙুলীয়া আভা চটিয়াইছে। মনটো পুলকিত হৈ উঠিল, “নীলা বগাৰ মাজেৰে সুন্দৰ আকাশে পাতিছে ৰঙৰ মেলা, ধেনুভেৰীয়া হৈ অসীমৰ জলধাৰাত অপূৰ্ব দিগন্তৰ খেলা।” কিবা এটা উত্তেজনাত তাৰ মন চঞ্চল হৈ পৰিল। সময় আগবাঢ়িল। নিতাল-নিস্তব্ধ, শান্ত পৰিৱেশত তাৰ কেমেৰাৰ ‘কেচেৰেক’ শব্দৰ প্ৰতিধ্বনি বিয়পি পৰিল। বিশাল জলৰাশিৰ মাজত জাগ্ৰত প্ৰহৰী হৈ থিয় দি থকা ওখ বিৰিখ এজোপা আৰু তেজৰঙা বেলিটোৰে সৈতে উঠোৱা ফটোখনত যেন তাৰ আৱেগবিলাক ঢালি দিলে। আৰু অলপ আগলৈ গৈ মাছৰুকাৰ এখনি অতি মনোমাহা ফটো ধৰি ৰাখিলে; মাছ এটা ধৰিবলৈ চোঁচা লৈ অহা চৰাইটোৰ পানীত প্ৰতিফলিত প্ৰতিবিম্বৰ সৈতে ফটো। দেখাত এনে লাগিছে যেন দুটা চৰাইৰ চুম্বনৰ দৃশ্য।
    লাহে লাহে ৰাভা দাই কোৱাৰ দিশত নাও আগবাঢ়িল। অলপ সময় যাত্ৰাৰ পাছত গছ বনেৰে ওখ ঠাই এডোখৰ ৰিণিকি-ৰিণিকি দেখা পালে। তাৰমানে ঠাইডোখৰ বুৰ যোৱা নাই, “ৰক্ষা।” নাৱৰ পৰাই তাত আত্মগোপন কৰিব পৰাকৈ এডোখৰ ঠাই বাচি ল’লে। প্ৰয়োজন সাপেক্ষে পলাব পৰাকৈ নাও মজুত থাকিল। ঠাইডোখৰত সৰু সুৰা জোপোহাৰ দৰে গছ যথেষ্ট হৈছে আৰু বিৰিণাবোৰো ওখ ডাঙৰ। গতিকে, ভাগ্য যদি একেবাৰে বেয়া নহয় বাঘৰ চকুত ধৰা পৰাতো প্ৰায় অসম্ভৱ। ঠাইডোখৰত কেইবাটাও গঁড়, নীলগাই আৰু কেটেলা পহুৱে আশ্ৰয় লৈছিল। ফুকনে বাচি লোৱা ঠাইডোখৰ পানীৰপৰা অলপহে ওপৰত। কেমেৰাটো সাজু কৰি সি পেট পেলাই কিলাকুটিৰ ওপৰত ভৰ দি অপেক্ষা কৰিল।
    এজাক বতাহ মাজে সময়ে ৰিব ৰিবকৈ বৈছে। বতাহত বিৰিণাবোৰ যেনি তেনি হালিছে। ভৰিৰ ফালে তাৰ কিবা এটা ঠাণ্ডা অনুভৱ হ’ল। প্ৰথমে বতাহতে হৈছে বুলি ভাবিছিল। কিন্তু বতাহ ক্ষান্ত হোৱাৰ পাছতো একেই কথা, বৰঞ্চ আন কেইবা ঠাইটো তেনেকুৱা লাগিবলৈ ধৰিলে। বেকা হৈ অলপ ঘূৰি সি ভৰিলৈ চাঁওতে বিতৃষ্ণাত চকু ডাঙৰ হৈ পৰিল। “ইস”, কেইবাটাও ডাঙৰ ডাঙৰ জোকে ভৰিৰ পৰা তেজ শুহি আছে, তেজ বৈ গৈছে। খঙে চুলিৰ আগ পালেগৈ, এনেকুৱা জাতিৰ কিছুমানে কেৱল আনৰ তেজ শুহিবলৈয়ে থাকে! বহি লৈ সি জোক এৰোৱাবলৈ চেষ্টা কৰিলে। কিন্তু জোক এৰুৱা ইমান সহজ জানো? যিহে লিকটা আৰু পিছল! হঠাৎ ৰাভা দাৰ চূণৰ টেমাতোলৈ মনত পৰিল। আঙুলিৰ আগত চূণ অলপ লৈ জোক কেইটাৰ মুখৰফালে লগাই দিলে। লগে লগে জোক সৰি পৰিল আৰু তেজ বটিয়াই চটফটাই ফুৰিল। ৰাভা দাক দাঙি লৈ দুপাকমান ঘূৰাই দিবলৈ মন গ’ল তাৰ।
    সময় বাগৰিল কিন্তু জোকৰ উপদ্ৰৱ চলিয়ে থাকিল। ৰাভা দাৰ ঔষধটোৱেও ঠিকমতে কাম কৰি আছে। হঠাৎ পানীৰ মাজত কিবা এটা চকুত পৰিল। সেইফালেই আহি আছে দেখোন। ফুকনৰ ভাগ্য উদয় হোৱাৰ পাল। ক্ৰমান্বয়ে সি ওচৰলৈ আহি আছে আৰু মণিব পৰা হৈছে। আহঃ, তাৰ তেন্তে মনোকামনা সিদ্ধি হোৱাৰ পথত। যাৰ কাৰণে অতদিনে প্ৰতীক্ষা কৰিলে, উদ্বাউল হ’ল, আজি তাৰ চকুৰ আগত। কেমেৰাটো আকৌ এবাৰ পৰীক্ষা কৰি ল’লে। এক, দুই, তিনি আৰু কেমেৰাৰ শব্দ। পানীৰপৰা উঠি অহাৰ সময়ত বনৰজাৰ কেইবাখনো ফটো উঠালে। গাৰ পানীবোৰ জোকাৰোতেও দুকপিমান আৰু নিজৰ প্ৰভুত্বৰ চিন ৰাখিবলৈ মাটিত নখেৰে কৰা দাম্ভিকতাৰ আচোঁৰৰ কেইবাখনো। তাৰ মন ভৰি গ’ল, আজি যে অতদিনৰ সপোন সাৰ্থক হ’ল। তাৰ অতদিনৰ প্ৰতীক্ষাৰ সফল পৰিসমাপ্তি ঘটিল। পিছে সি ভবাৰদৰে দৃশ্যপটৰ অন্ত তেতিয়াও পৰা নাছিল। তেতিয়াও তাৰ কাৰণে অনেক বিস্ময় অপেক্ষা কৰি আছিল, তাৰ কল্পনাৰো অগোচৰ।
    গাৰ পানী জাৰি জোকাৰি বনৰজাই দূৰলৈ স্থিৰ হৈ চাই ৰ’ল, এবাৰ আকাশলৈও। আগ ঠেং দুটা ওখ ঠাই এডোখৰত থৈ অলপ থিয় হোৱাৰ ভংগীমাৰে ৰৈ। আস কেনে ৰাজকীয় আচৰণ; ফটোৰ পাছত ফটো। অতৰ্কিতে সেই একে ঠাইতে অযুত সপোন বুকুত বান্ধি হৰিণী এজনি ওলালহি। কিন্তু পানীৰ পৰা উঠিয়েই বেচেৰী বনৰজাৰ সন্মুখতে পৰিল। “চাফা”, ফুকনৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে নিগৰি আহিল। হৰিণীজনিৰ ভৰিৰ তলৰ মাটি নোহোৱা যেন লাগিল, কিংকৰ্তব্যবিমূঢ় হৈ একে ঠাইতে ৰৈ কেৱল ইফালে সিফালে মুখ ঘূৰালে। নিমিষতে তাইক যে চিৰাচিৰ কৰি পেলাব। হৰিণীজনীলৈ বনৰজাই চকু ঘূৰালে, মাথোঁ এটা জাঁপৰ ব্যৱধান। ফুকনে কেমেৰাৰ কথা পাহৰিয়ে থাকিল; কেনে উৎকণ্ঠা! কিন্তু দুয়োকে আচৰিত কৰি বনৰজাই লাহে লাহে তাৰ পৰা প্ৰস্থান কৰিলে। যাওঁতে ফুকন লুকাই থকা ঠাইখিনিৰ ফালে এপলক চায় ৰ’ল, চাৱনিত কোনো হিংস্ৰতা নাছিল, আছিল কেৱল আশ্বাস আৰু নিৰ্ভীকতা। বনৰজাৰ চকুয়ে চকুয়ে পৰা যেন তাৰ অনুভৱ হ’ল। সেই ৰঙা-মুগাবৰণীয়া থিয় চকু দুটায়ে যেন বহু কথা ক’লে; বন্যাৰ্তৰ বন্যতাৰ কথা আৰু সহমৰ্মিতাৰ ভাষা। এইকেইটা দৃশ্য কেমেৰাত বন্দী নহ’ল সঁচা কিন্তু ফুকনৰ অন্তৰৰ নিভৃত কোণত এখনি আপুৰুগীয়া ছবি চিৰস্থায়ী হৈ ৰ’ল।
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক