ক্ষোভৰ বহিঃপ্ৰকাশ (অঞ্জল বৰা)

বৰ্তমান সমাজত চলি থকা অন্যান্য, দুৰ্নীতি আদিয়ে মানুহৰ মনত অনেক ক্ষোভৰ সৃষ্টি কৰিছে৷ অন্যায় নীতি, অন্যায় ব্যৱস্থাই যেতিয়া লক্ষণ ৰেখা অতিক্ৰম কৰে তেতিয়াই মাজে মাজে সেই ক্ষোভ আগ্নেয়গিৰিৰ দৰে বিস্ফোৰণ হয়৷ চাৰিওফালে হাহাকাৰ লাগে৷ তাৰ পিছত আকৌ চাৰিওফালে শান্ত পৰিৱেশ বিৰাজ কৰে৷ শেহতীয়াভাৱে ৰাভা হাছঙৰ পৰা আৰম্ভ কৰি শুৱালকুছিলৈকে এই সকলোবিলাক এই ক্ষোভৰেই বহিৰ্প্ৰকাশ মাত্ৰ৷ ক্ষোভ শান্ত হ’লেই মানুহ আগৰ অৱস্থালৈ ঘুৰি আছে৷ সামাজিক ব্যৱস্থা এটা এনেকৈয়ে চলি থাকে৷ পুনৰ নতুন নতুন বিষয় এটাৰ বহিৰ্প্ৰকাশ ঘটে৷ ভৱিষ্যতলৈও ঘটি থাকিব৷

কিন্তু জনসাধাৰণে কি কৰিব? সামাজিকভাৱে বসবাস কৰা প্ৰত্যেকজন মানুহৰেই এখন ঘৰ থাকে৷ এটা পৰিয়াল থাকে৷ পৰিয়ালৰ প্ৰতি দায়িত্ব থাকে৷ দায়িত্ব পালনৰ তাগিদাতে মানুহে অনেক কাম কৰিব লগা হয়৷ অন্ন-বস্ত্ৰ-বাসস্থানৰ মৌলিক প্ৰয়োজনসমূহক পূৰণ কৰাৰ পিছতো অনেক কাম বাকী থাকে৷ সেই কামবোৰ কৰাতেই জীৱনৰ অনেক সময় পাৰ হৈ যায়৷ একগোট হৈ সমাজলৈ চকু দিবলৈ আহৰি নাই৷

প্ৰত্যেক মানুহৰে ব্যক্তিগত ব্যস্ততা আছে বাবেই মানুহে সমাজৰ কামবোৰ কৰিবলৈ চৰকাৰ গঠন কৰে৷ মন্ত্ৰী-বিধায়কৰ পৰা ধৰি পঞ্চায়তৰ সভাপতি-গাঁওবুঢ়ালৈকে নিৰ্বাচন কৰে৷ গোটেই ব্যৱস্থাটো চলি থাকিবলৈ নিজৰেই মাটি-পানীৰ বিনিময়ত কৰ দিয়ে৷ হাড়ভঙা পৰিশ্ৰম কৰাৰ বিনিময়তো তাৰ এটা অংশ চৰকাৰক দিয়ে৷ ৰাইজৰ প্ৰতিনিধিসকলে জনসাধাৰণ এই ব্যস্ততাৰ সুবিধা গ্ৰহণ কৰিয়েই উঠি-ৰজা বহি-ৰজা হয়৷ উপায় নায়৷ মানুহেই মানুহৰ পৰম শত্ৰু৷ বিশ্বাসঘাতক হৈ পৰে৷

স্বাৰ্থপৰসকলে চৰকাৰৰ সকলো নীতিকে ভাল ভাল বুলি সাধুবাদ দিয়ে৷ কিছুমানে স্ব-স্বাৰ্থত হেঙাৰ আহিলেই কেতিয়াবা লিখা-মেলা কৰে৷ স্বাৰ্থ পূৰণ হ’লেই মনে মনে থাকে৷ আন কিছুমানে কোনো স্বাৰ্থ নৰখাকৈ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত মাত মাতে৷ সেইসকল চৰকাৰৰ অন্ধ সেৱকসকলৰ বাবে চকুৰ-কুটা দাঁতৰ-হুল হয়৷ চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই নিজৰ লগতে সাত-পুৰুষলৈকো সেই কলংক থাকি যায়৷ সকলো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হয়৷ ফলত জনসাধাৰণ বাধ্য হয়৷ সত্যৰ বিৰুদ্ধেও নিজৰ ভোটদান কৰে৷ কাৰণ ওপৰত কৈছোঁৱেই – সকলো সাধাৰণ জনতাই এখন ঘৰ চলাব লাগে৷ পঢ়ি থকাসকলক এটা চাকৰি লাগে৷ বিয়া পাতিব লাগে৷ ল’ৰা-ছোৱালী, পঢ়া-শুনা অনেক কাম থাকে৷ চৰকাৰৰ আস্থাভাজনৰ পৰা আঁতৰি থাকি ব্যক্তিগত কোম্পানীত কাম কৰাসকলে, অৱসৰ গ্ৰহণ কৰা ব্যক্তিসকলে স্বাধীনভাৱে এইবোৰত মাত মাতিব পাৰে৷ কিন্তু বহুতেই নামাতে৷ দুই এজনে মাত মাতিলেও আনৰ সমৰ্থন লাভ নকৰে৷ কাৰণ এটাই বাটৰ কচু গাত ঘঁহি ল’বলৈ কোনেও ইচ্ছা নকৰে৷

অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস তেতিয়াহে থাকে যেতিয়া স্বনিৰ্ভৰশীল হ’ব পৰা যায়৷ এই কথা চৰকাৰেও জানে৷ ৰাষ্ট্ৰ এখনৰ সকলো মানুহক স্বনিৰ্ভৰশীল হ’ব পৰাকৈ গঢ়ি তুলিলে চৰকাৰৰ ভেটিত তিতালাউ গজিব৷ সেইবাবে এতিয়া ৰাইজক সকলো ফালৰ পৰাই চৰকাৰ কেন্দ্ৰিক কৰি তুলা হৈছে৷ চৰকাৰৰ সকলো নীতি-আঁচনিকে এনেদৰে তৈয়াৰ কৰা হৈছে যাতে মানুহ চৰকাৰৰ ওচৰত কৃতদাসৰ দৰে বন্দী হৈ থাকে৷ এক প্ৰকাৰ এতিয়া লাখ লাখ যুৱ-প্ৰজন্ম চৰকাৰৰ গোলামৰ দৰে হৈ পৰিছে৷ অন্ন দিছোঁ খা, বাসস্থান দিছোঁ থাক, চাকৰি দিছোঁ কৰি থাক৷ লাখ লাখ মানুহৰ মাজত সকলো ক্ষেত্ৰত একোখন প্ৰতিযোগিতাৰ সৃষ্টি কৰি তোলা হৈছে৷ জীয়াই থকাৰ প্ৰতিযোগিতা৷ প্ৰতিযোগিতাত তিষ্টি থাকিবলৈ মানুহে নিজৰ মাজতে হতাহতি কৰিব লগা হৈছে৷ চাকৰি লাভৰ ন ন টেকনিক সৃষ্টি কৰিছে৷ এই টেকনিকবিলাকত কেৱল যোগ্যতাৰ বাহ্যিকতা আছে৷ কিন্তু দক্ষতাক জুখি চোৱাৰ ব্যৱস্থা নাই৷

কোনোবাই প্ৰশ্ন কৰিব পাৰে৷ লেখকৰ সমস্যা ক’ত৷ ভাল কথা হৈছে৷ পৰীক্ষাত ভাল নম্বৰ পাবলৈ ভাল দৰে পঢ়িব লাগে৷ ভাল দৰে পঢ়িলে ভাল নম্বৰ পায়৷ ভাল নম্বৰ পালে এতিয়া চাকৰি পায়৷ তাত প্ৰশ্ন উঠাবলৈ একো নাই৷ কিন্তু এটা ফোপোলা ব্যৱস্থাই কিমান দক্ষ লোকক বঞ্চিত কৰিছে তাৰ খবৰ কোনে ৰাখিছে? হাতত যেতিয়া অৰ্থ নাথাকে৷ থাকিবলৈ ঘৰ নাথাকে৷ ভালকৈ খাবলৈ অন্ন নাথাকে আৰু দক্ষতাৰ এটা ফাইল লৈ যোগ্যতাৰ প্ৰতিযোগিতাত সপোনবোৰ হেৰুৱাই পেলাব লগা হয়, তেতিয়া ব্যৱস্থা এটাৰ বিৰুদ্ধে পঞ্জীভুত হৈ থকা ক্ষোভবোৰৰ উত্তৰ কাৰো হাতত নাথাকে৷ এইবোৰ মোৰ কথা নহয়৷ শ শ যুৱক-যুৱতীৰ কথা৷ সদায় মানদণ্ড সাহিত্য সৃষ্টিৰে নিজক পৰিচয় দিয়া পিছতো, চৰকাৰী চাকৰিৰ বজাৰত নিজৰ দক্ষতা নিলাম কৰিব লগা হোৱা এজনে বন্ধুৱে কোৱা এষাৰ কথাৰেই ইয়াৰ উত্তৰ দিব বিচাৰিছোঁ “বুজিছ, এই ব্যৱস্থাৰ ওচৰত সাধু হৈ থাকি লাভ নাই৷ উলংগ হ’ব লাগিব৷” মনত পৰিছিল সঁচাই উলংগ দেশত কাম কি ধোবাৰ!!

কথাবোৰ ক’ৰবাত পালেগৈ৷ ক্ষোভ৷ মনৰ মাজত অনেক ক্ষোভ জমা হৈছে৷ হাত-ভৰি বিলাক কোনোবাই বান্ধি থোৱাৰ দৰে অনুভৱ হৈছে৷ এই ক্ষোভ কিমান মানুহৰ মনত আছে হিচাপ কৰিব নোৱাৰি৷ কিন্তু তাৰ বহিৰ্প্ৰকাশ মন গ’লেও ঘটাব নোৱাৰোঁ৷ হাতত কলম থাকিলেও লিখিব নোৱাৰোঁ৷ একেলগ হৈ ক্ষোভৰ বহিৰ্প্ৰকাশ নঘটালে সমস্যাৰ সমাধান নহয়৷ ব্যক্তিগত ক্ষোভৰ বহিৰ্প্ৰকাশ মানেই অনেক সমস্য৷ কাৰণ ওপৰত কৈছোঁৱেই – প্ৰত্যেকৰে এটা ব্যক্তিগত জীৱন আছে৷ জীৱনৰ সমস্যা আছে৷ সপোন আছে৷ সকলোৰে সমস্যাও একে নহয়৷ নিজৰ বাবে নহ’লেও এতিয়া পৰিয়ালৰ ভৱিষ্যতৰ বাবে চিন্তা কৰিব লাগে৷ তাৰ বাবে নিজৰ সুবিধা অনুসৰিয়েই পৰিকল্পনা কৰিব লাগে৷

এই কথাবোৰ যুক্তিৰে কাটিবলৈ অনেক যুক্তি ওলাব কিন্তু আনৰ ঠাইত নিজক ৰাখি চালেহে অনুভৱ কৰিব পাৰি৷ যুক্তি আছে বাবেই সকলো ব্যৱস্থা চলি আছে৷ চলি থাকিব৷ লাহে লাহে মইও যেন স্বাৰ্থপৰ হ’বলৈ গৈ আছোঁ৷ বাধ্য হৈছোঁ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments