ক্ৰমবিৱর্তন (দিগন্ত বৰা)

পূৱাতে দেউতাই গৰুহাল এৰাল দিবলৈ কলে। মই সুধিলোঃ কত দিম দেউতা?
দেউতাই কলেঃ জৰী গছজোপাৰ ওপৰত দেগৈ।

কথামতে কাম। গৰুহাল লৈ জৰীজোপাৰ ওপৰত উঠিলো। আচৰিত হৈ গৰুহালে সুধিলেঃ “আমাক মাৰিব খুজিছেনেকি ককাইদেউ”?
মই কলোঃ “মাৰিব খোজা নাই। মানুহৰ যিহে উত্পাআত হৈছে এদিন নহয় এদিনতো তহঁত গছত উঠিবই লাগিব”।
অলপ ভাৱি গৰুহালে কলেঃ “সেইটো অৱশ্যে হয়। কিন্তু এতিয়ালৈকেতো অহা নাই সেইদিন”!
তেতিয়া মই কলোঃ “এদিন আহিবই যেতিয়া এতিয়াৰপৰাই চেষ্টা কৰাত আপত্তিনো কি? এইটো ঠিক যে তেনে পৰিস্থিতিত ক্ৰমবিৱর্তন ঘটি হলেও নতুন পৰিবেশত মিলিব পৰাকৈ প্ৰকৃতিয়েই তহঁতৰ দেহৰ গঠনৰ পৰিবর্তন ঘটাব। কিন্তু ক্ৰমবিৱর্তনৰ যিহে লেহেমীয়া গতি তেনে হোৱালৈ তহঁতৰ আধ্যা পৰিবগৈ। তাতকৈ এতিয়াৰ পৰা গছত উঠিলে তহঁতৰ উত্তৰ পুৰুষৰ কাৰণে সহজ হব কথাটো”!
গৰুহাল মোৰ কথাত মান্তি হৈ গছত উঠিবলৈ আৰম্ভ কৰোতেই বূঢ়া জৰীজোপাই মাত লগালেঃ “হেৰা বোপাই? তুমি যে গছত উঠাবলৈ শিকাইছা তেতিয়ালৈ আমাৰ গছবোৰ জানো থাকিবগৈ”?…

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments