কৰ্প’ৰেট – অমিতাভ মহন্ত

 

এই যে মই চাকৰি কৰা কোম্পানীটো, এনেই খুবেই ভাল কোম্পানী৷ কোনেওঁ কাকো একো নকয় তেনেকৈ৷ কাম কৰিলেওঁ একো নকয়, নকৰিলেওঁ একো নকয়৷ এক প্ৰকাৰ থমথম মদন গোপাল৷ তাৰ ওপৰত আকৌ “আইচিং অন দ্যা কেক”, মোৰ বছে ৰিজাইন দিছে৷ গতিকেই মোক চাবলৈ কোনো নাই৷ উদঙীয়া বলধৰ দৰে অ’ত ত’ত ঘূৰি ফুৰিছোঁ৷ মাজতে এবাৰ ভাবিলোঁ, বহুদিন ঘৰলৈ যোৱা নাই! বিহুৰ সময়ৰ লগত মিলাই লৈ গুৱাহাটীলৈকে গৈ আহো নেকি?

দিন এনেই দৰকাৰতকৈ ভাল চলিছে৷ তাৰ মাজতে আকৌ এদিন টেম্প’ৰেৰী বছে মাতি পঠিয়ালে৷ ঔটেঙাৰ দৰে খলপে খলপে চৰ্বিৰ প্ৰলেপ পৰা পেটটো নচুৱাই নচুৱাই বছৰ কেবিনত হাজিৰ৷ মুখখন ওন্দোলাই বছ বহি আছে৷ ক’লে, – “বেটা যবছে নৰ্থ ইষ্ট কা মেনেজাৰ নে নৌকৰি ছোড় দিয়া হ্যে, তব চে ৱহা ধন্দে কী ৱাট্ লগি হুই হ্যে৷ তু ৱহা কা লোকেল হ্যে, ব’ৰিয়া বিস্তৰ উঠাকৰ তু ৱহা বেইথ’৷”

কিছু সময় সেই পকা অমিতাহেন গোমোঠা মুখৰ বছলৈ চাই ৰ’লো৷ যেন সাক্ষাৎ শ্ৰীদেৱীহে৷ মন গৈছিল তেখেতৰ প্ৰকাণ্ড মোঁচ থকা মুখখনত চলৌপ চলৌপকৈ দুটামান চুমা খাই দিম৷ বছৰ কেবিনৰ পৰা ওলায়েই গ্যাংনাম ষ্টাইলত নাচ এটা দি নিজৰ কিউবিকেললৈ পোনালোঁ৷ অৱ ত’ তেৰী মৌজ হ্যেঁ বেটা!

বাকী লাগেজ পিছে পৰে গুৱাহাটীলৈ আনিম, বছৰ মুড বদলি হৈ পিছত যাবলৈ মানা কৰিলে কোনে ৰিস্ক ল’ব? বৰ্তমান দুজোৰমান কাপোৰ, জেক ডেনীয়েলৰ ফুল এটা লৈ, “এইখনি গাওঁ নিচেই আপোন” গুণগুণাই গুৱাহাটী এয়াৰপৰ্টত ভৰি দিলোঁ৷ ৰঙ-বিৰঙী প্ৰজাপতি যেন চাৰিওফালে উৰিছে৷ আনন্দৰ আৰু এক কাৰণ আছিল যে বহু দিনৰ মূৰত চেলচ্ চাপৰ্ট ফাংচনৰ পৰা আকৌ চেলচলৈ গৈ আছো৷ মই হ’লো বোকাময় পথাৰৰ মাজত দৌৰি, বাগৰি ফুটবল লঠিয়াই ফুৰা মানুহ, চুট্ টাই পিন্ধি অফিচত ফুলবাবু হৈ বহি থাকিলে ভাল দেখি নেকি?

এয়াৰপ’ৰ্টৰ পৰা বাহিৰে বাহিৰে ঘৰলৈ গ’লো৷ এপেট খাই লৈ বোলো কামত লাগি যোৱা যাওক৷ গুৰুগম্ভীৰ কণ্ঠৰে চেলচ্ চুপাৰভাইজাৰবোৰক ফোন লগালোঁ৷ মোৰ লগত কোনোধৰণৰ তেৰিবেৰি নচলিব, লোকেল মাল৷ বুজাই দিয়া দৰকাৰ৷ দুজনমানক বজ্ৰকঠিন স্বৰত দুটামান ধমকি লগালোঁ৷ আসঃ কি শান্তি! বহুদিনৰ মূৰত কোনোবাক অসমীয়াত বেধুম গালি দিছো৷ মনটো ফুৰফুৰীয়া পাতল হৈ পৰিছে৷ সেই সময়তেই গুৱাহাটী আৰবানৰ চুপাৰভাইজাৰজনে খুবেই ভব্যগব্য স্বৰত সুধিলে, “বছ, কাইলৈ মাৰ্কেটত যাবনে? “

শনিবাৰে মাৰ্কেটত? অন্য সময়ত কোনোবাই ক’লে হাঁহি উৰাই দিলোঁহেঁতেন৷ চেল্‌চ এণ্ড মাৰ্কেটিং অৰণ্যৰ প্ৰাচীন প্ৰবাদ মতে শনিবাৰে মেনেজাৰে মাৰ্কেট ভিজিটলৈ গ’লে হেনো পাপ লাগে৷ কিন্তু ইয়াত মই নতুন, ইহঁতে মোক পাকৰাও কৰাৰ আগতে মই চেহৱাগৰ দৰে চিক্স কোবাব লাগিব৷ বীৰদৰ্পে কলোঁ, “ওকে, লেটচ্ ডু এ টি ৰোড ক্লাষ্টাৰ টুমৰ’৷”

ল’কেল মাৰ্কেট তহিলং কৰাৰ কথা৷ পাছদিনা ৰাতিপুৱাই ইষ্ট্ৰী কৰা চাৰ্ট, জেল সনা চুলি আৰু মুখত এটা আৰ্টিফিচিয়েল উদাৰ হাঁহি লৈ মাৰ্কেটত নামি পৰিলোঁ৷ উদ্দেশ্য খুবেই মহৎ, চুপাৰভাইজাৰ আৰু চেলচ্ অফিচাৰৰ ভুল উলিয়াই গধূলিলৈ সিঁহঁতৰ টকাৰেই মদ খাই সিহঁতকেই বেধুম ফালিম৷ কিন্তু! হে কৃষ্ণ! এয়া কি? মাৰ্কেটত দেখোন ইছ্যু শূন্যৰ ঘৰত৷ প্ৰডাক্ট প্লেচমেণ্ট ঠিকে আছে, চেকেণ্ডাৰী ভাল, আউটষ্টেণ্ডিং নাই৷ তিনিঘণ্টামান হাল বায়ো একো “হেৰি” নেদেখি মনটো লাহে লাহে উদাস হ’ব ধৰিলে৷ ধেই! কিবা কথা হ’ল নেকি! মাৰ্কেট ভিজিটত আহি কাকো একো গালি দিব নোৱাৰিলে, কাগজ দুখনমান খঙত খচ্‌খচ্‌কৈ লুটিয়াই মুখেৰে ’ইচ্ ইচ্ আস্ আস্’ কৰি চেলচ্ অফিচাৰ, চুপাৰভাইজাৰৰ চকুৱে মুখে আতংকৰ নংগা নাচ নেদেখিলে কি ঘেণ্টা কৰিবলৈ মাৰ্কেটত আহিলোঁ! কাতৰস্বৰত শেষ অস্ত্ৰ এৰিলোঁ, “আদাবাৰীৰ ফালে কোনো ভাল ডীলাৰ নাই?”

প্ৰশ্নটো শুনিয়েই চেল্‌‌‌চ অফিচাৰটোৱে টপককৈ মাত দিলে, “আছে চাৰ, আমাৰ চিলভাৰ ক্লাবৰ মেম্বাৰ ভাৰ্মাজী আছে৷” কথাখিনি কৈয়েই বপুৰাই চুপাৰভাইজাৰৰ চকুলৈ চাই চুপ হৈ ৰ’ল৷

“কি হ’ল? কিবা প্ৰব্লেম?”

“নাই চাৰ! মানে…”

বচ্! কাম হৈ গ’ল৷ বুলচ্ আই হিট্ কৰি দিছোঁ ইতিমধ্যে৷ কেজেংটো আদাবাৰীতেই লাগি আছে তাৰমানে৷ বাচাঁধনহঁত, দহ বছৰ এই লাইনত আছো৷ তহঁতে মুখ মেলিলেই মাখিবাহা দেখা মানুহ মই৷ মোৰ লগত চালাকি!

“ওখে, লেটচ্ গ’ টু আদাবাৰী৷”

এইবাৰ বৰ্ষীয়ান চুপাৰভাইজাৰজন আগুৱাই আহিল৷

“চাৰ আমি নোযোৱাই ভাল হ’ব নেকি? ”

“কিয়? ”

“মানে, যোৱামাহত…৷”

বচ্, আৰু আকৌ শুনিবলৈ নাই৷ হাত দাঙি আৰু কথা ক’বলৈ নিদিলোঁ৷ ইতিমধ্যে সন্দেহে বটবৃক্ষৰ ৰূপ লৈছে৷ জেংটো তাৰমানে যোৱামাহত গৰমে গৰমে কৰি উঠিছে বাচাঁধনহঁতে৷ সেইবাবেই এতিয়া যাবলৈ মন কৰা নাই৷ ইয়াত আৰু কথা পাতি লাভ নাই! চিকাৰৰ আগতে চিকাৰীয়ে বেছি সময় বৰবাদ কৰাটো ভাল কথা নহয়৷

“লেটচ্ গ’ টু আদাবাৰী৷”
গাড়ীখন গৈ দোকানৰ সন্মুখত ৰোৱাৰ লগে লগে এজন ভদ্ৰলোক আগুৱাই আহিল৷ মুখত এটা নন্ আৰ্টিফিচিয়েল হাঁহি৷ অনুমান কৰিবলৈ অসুবিধা নহ’ল, এখেতেই মোৰ লক্ষ্মী, আই মীন আমাৰ ডীলাৰ৷ আৰম্ভ হৈ গ’ল- চাহ, কছুৰী, কুৰকুৰে, চুট্টা ব্ৰেক, ৰজনীগন্ধা, না দাদা মেৰা তুলসী নহী চলতা হ্যেঁ ইত্যাদি ইত্যাদি৷

যদিও হাঁহি মাতি আড্ডা দি আছো তথাপি মনটো বেয়া, বেয়া মানে খুবেই বেয়া৷ ইয়াতেও মাৰ্কেট ঠিকঠাক৷ যোৱা মাহলৈ একো চি এন পেণ্ডিং নাই, ডেমেজ চেটলমেণ্ট প্ৰচেচিঙত আছে৷ খুচখাচ অলপ ইনফিল্ট্ৰেচনৰ প্ৰব্লেম আছে৷ কাষতেই হোলচেল মাৰ্কেট৷ সেয়া অলপ অচৰপ থাকিবই৷ বাকী ভাৰ্মাজীৰ ভাষাৰেই- “আপকে য়ে দো বন্দে বড়ে কাম কে হ্যে৷” হাৰে! ‘কামকে বন্দে’ যদি মই এতিয়া কৰো কি? পূজা কৰিম নেকি? প্ৰথম ভিজিটতেই গালি পাৰি উৎপাত নকৰিলে ৰাতি পেটত ভাত যাব কেনেকৈ? কি যে জ্বালা! কি এক অশান্তি!

কিন্তু! কিন্তু ইমানেই যদি সকলো ঠিক ঠাক চলি আছে, তেন্তে এই দুই বালী-সুগ্ৰীৱে ইয়ালৈ আহিবলৈ ইমান টান পাইছিল কিয়? কেইচটো কিবা জটিল হ’ব৷ ৰহস্য আছে৷ দেখা যাওক, মই কোন ইহঁতে জানিবলৈ বহুত বাকী৷ মাৰ্কেটৰ বিষয়ে কথা পতা শেষ, লাহেকৈ অলপ ঘৰুৱা কথালৈ যোৱা যাওক৷ এইটো মোৰ প্ৰিয় টপিক৷ ২০ গ্ৰাম ৰজনীগন্ধা মুখলৈ ঠেলি দি আৰম্ভ কৰিলোঁ,

“আপোনাৰ ঘৰত কোন কোন আছে ভাৰ্মাজী? ল’ৰা-ছোৱালী? ”

প্ৰশ্ন শুনিয়েই মোৰ বালী-সুগ্ৰীৱ যেন অস্থিৰ হৈ পৰিল৷ মই কেইচটো বুজাৰ আগতেই ভাৰ্মাজীয়ে নিৰ্বিকাৰ মুখখন লৈ উত্তৰ দিলে, “মই আৰু মোৰ ধৰমপত্নী৷ “

চুপাৰভাইজাৰজনে কিবা এটা ইঙ্গিত দিছে৷ পাত্তা নিদি টেইলএণ্ডাৰে শ্লিপত কেটচ্ দিয়াৰ দৰে দি দিলো৷
“ল’ৰা- ছোৱালী?”

নিৰ্বিকাৰ ভঙ্গীত উত্তৰ আহিল, – “এজনী ছোৱালী আছিল চাৰ৷ যোৱা মাহত ফাঁচী লৈ চুইচাইড্ কৰিছে৷”

কাৰেণ্টৰ শ্বক্ লগা মানুহৰ দৰে মই ৰৈ গ’লো৷ চুইচাইড! এখেতৰ ছোৱালীয়ে? ইমান কেজুৱেলি কৈ দিলে চুইচাইডৰ কথা! ইমান সহজে? আঁৰ চকুৰে দেখিলোঁ, মোৰ লগৰ দুজনে মোক নেদেখা ভাও ধৰি বাহিৰলৈ চাই আছে৷ তাৰমানে ইহঁতে কৈ থকা খেলিমেলিটো এয়াই আছিল৷ একদম ‘দ্যা ফাক্’ হৈ গ’ল৷ অনিচ্ছাসত্ত্বেও মুখখন মেল খালে৷ এম আই বাৰ্ণিং চামথিং ইনচাইড হিম? তথাপি মুখেৰে ওলাল- “- ক্কি, ক্কি কৰি? মানে হোৱাই? ”
ভদ্ৰলোকে আৰু অকণমান গুটখা মুখত সুমুৱাই ল’লৈ ক’লে, – “কিনো কওঁ চাৰ৷ তাই কমাৰ্চত পঢ়িছিল, ফাইনেল ইয়েৰ৷ পঢ়াত বেয়া নাছিল জানেনে চাৰ৷”

“তেন্তে? ”

“ল’ৰা এটাৰ লগত তাইৰ এফেয়াৰ আছিল চাৰ৷ পিছত শুনামতে বহুদিনীয়া সম্পৰ্ক হেনো৷ কিছুদিন আগতে গম পোৱা গ’ল, তাৰ চৰিত্ৰ সুবিধাৰ নহয়, অ’ত ত’ত এফেয়াৰ, মাইকীবাজী৷ আগতে এবাৰ এজনীক পলুৱাই ঘৰলৈও লৈ আনিছিল৷ পিছত মাৰপিট কৰি এৰি দিছে৷ চুটকীয়ে সেইবোৰ একো নাজানিছিল চাৰ৷ তাই বৰ বেছি সহজ সৰল আছিল৷ আমি তাইক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ৷ বুজালো যে ভাগ্যে আমি তাৰ চৰিত্ৰ বিয়াৰ আগতেই গম পালোঁ৷ নহ’লে কি যে হ’লহেতেন৷”

“তাৰপিছত? “ নিজৰ ডিঙিৰে পৰা ওলাই অহা মাতটো নিজেই চিনি পোৱা নাছিলোঁ৷

নিৰ্লিপ্ত ভাবে ভাৰ্মাজীয়ে কৈ গ’ল—“বুৰ্বক আছিল তাই৷ দুদিন কান্দিলে, খোৱাবোৱা নকৰিলে৷ বৰ বেছি ডিষ্টাৰ্বড্ আছিল তাই৷ পিছদিনা তাইক ৰাতিপুৱাই গৈ দেখিলোঁ ওলমি থকা ভৰি দুখন৷ এক নম্বৰৰ বুৰ্বক আছিল তাই৷ বুৰ্বক চাল্লা!”

ক’বলৈ একো বিছাৰি পোৱা নাছিলোঁ৷ এহাতেৰে তেওঁক সাবটি ধৰিলোঁ, – “ক্ষমা কৰিব ভাৰ্মাজী, মই আগতে এইবোৰ জানিলে আপোনাক আজি বিৰক্ত কৰিবলৈ নাহিলোঁহেঁতেন৷ মোৰো এজনী পাঁচ বছৰীয়া ছোৱালী আছে৷ আপোনাৰ দুখ কিছু হ’লেওঁ…”

মহামূৰ্খ মই! সদ্য সন্তানহাৰা দেউতাকক সান্তনা দিয়াৰ সামৰ্থ আছে কাৰোবাৰ? সেই ব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠানত সকলোৰে সন্মুখতে মোক সাৱটি কান্দোনত ভাঙি পৰিল সেই পিতৃ৷ যেন মুহূৰ্তৰ ব্যৱধানত শিল ফুটি ওলাই আহিল শত নিজৰাৰ পানী৷

“আপোনাৰ পাঁচ বছৰীয়া ছোৱালী আছে৷ এবাৰ মোৰ কথা ভাবক চাৰ৷ তাই একৈশ বছৰীয়া আছিল, আমাৰ একমাত্ৰ সন্তান৷ কিমান মৰম, আদৰত ডাঙৰ কৰিছিলোঁ তাইক৷ তাইৰ সামান্য জ্বৰ হ’লেওঁ আমি গোটেই ৰাতি সাৰে থাকো৷ মাৰপিট দূৰৰে কথা চাৰ, আজিলৈ মই গালি এটাও পৰা মনত নপৰে৷ কোম্পানীয়ে দিয়া এক্সট্ৰা টাৰগেট কৰিছোঁ, যাতে ফৰেইন ট্যুৰত তাইক এৰি থৈ যাব নালাগে৷ ভালৰো ভালটো তাইৰ বাবে কৰিছোঁ৷ ৰচীদাল হাতত লওঁতে তোৰ এবাৰো মোলৈ মনত নপৰিল নে মা?”

সমগ্ৰ জগতখন যেন স্থিৰ হৈ মোৰ সন্মুখত ৰৈ গ’ল৷ আমি তিনিও মূৰ তল কৰি বহি আছো৷ যেন তিনিটা শিলৰ মূৰ্তি! পৃথিৱীৰ সমস্ত ৰাজকন্যাসকল, এবাৰ মাত্ৰ শুনা৷ দিনকাল সেই ৰূপকথাৰ লেখীয়া হৈ থকা নাই৷ তোমালোকে প্ৰিন্স চাৰ্মিং বা সপোন কোঁৱৰ পাবও পাৰা, নাপাবও পৰা৷ কিন্তু আমৃত্যু তোমালোকৰ বাবে এজন ৰজা সদায়েই ৰৈ থাকে৷ বসতি সাম্ৰাজ্য অথবা জুপুৰীয়েই হওক, তোমাৰ ক’ৰবাত কিবা হ’লেই সেইজন চট্‌ফটাই ধৰফৰাই দৰিদ্ৰ আৰু নিঃস্ব হৈ কোঙা হৈ পৰে৷ তুমি নথকাকৈ তেওঁৰ জীয়াই থকাৰ কোনো অৰ্থই নাথাকে! ভাবিবা! কিবা কৰি পেলোৱাৰ আগতে ৰজাৰ কথা এবাৰ ভাবিবা৷ জাষ্ট ওৱান্‌চ! ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments