কৰ্প’ৰেট – অমিতাভ মহন্ত

তাইৰ নাম তনভী, তনভী গৌতম৷

তনভী মুম্বাইৰ ছোৱালী৷ বয়স সাতাইশৰ ওচৰা ওচৰি৷ ফাৰ্ষ্ট এটেম্পতেই চাৰ্টাৰ্ড একাউণ্টেণ্ট্৷ “খাতে পীতে খানদান“ৰ পৰা উত্তৰাধিকাৰী সূত্ৰে অহা লাৱণ্য, এক সুন্দৰ স্বাস্থ্য৷

তনভী আৰু মই একেদিনাই এইটো অফিচত জইন কৰিছিলোঁ৷ তনভী ৰিজনেল কমাৰ্চিয়েল মেনেজাৰ আৰু মই এ জি এম্- মাৰ্কেটিং৷ বয়স আৰু পদবীত পাৰ্থক্য থাকিলেওঁ দুয়ো সোনকালেই ভাল বন্ধু হৈ পৰিলোঁ৷ দুয়ো মুভী মেনিয়াক্, গুলজাৰৰ ফেন, লাকী আলীৰ অন্ধ ভক্ত৷ তদুপৰি দুয়ো গাহৰি ভক্ত আৰু ভয়ঙ্কৰ নন্ ভেজ প্ৰেমী৷ দুয়ো একেলগে ইনডাকচন্ কৰিছো, এইচ্ আৰ্ ট্ৰেইনিঙো একেলগেই কৰা৷ গতিকেই দুয়ো ভাল বন্ধুু হৈ পৰাৰ বাবে পৰিস্থিতিয়ে যথেষ্ট সুবিধা দিছিল৷

দুয়ো একেলগেই কেণ্টিনলৈ খাবলৈ হৈছিলোঁ৷ লাঞ্চৰ পিছত প্ৰায়েই অফিচৰ তলত অলপ খোজকাঢ়ি আড্ডা, পৰচৰ্চা-পৰনিন্দা৷ কেতিয়াবা নিজৰ বছক গালি, কেতিয়াবা এইচ্ আৰৰ চৈধ্য গোষ্ঠী উদ্ধাৰ, কেতিয়াবা বিৰাট্ কোহলীৰ ফৰ্ম… মুঠতে সদায়েই এক অত্যন্ত স্বাস্থ্যকৰ আলোচনা৷

ইতিমধ্যে আমাৰ বন্ধুত্ব অফিচত চৰ্চাৰ বিষয় হৈ পৰিছে৷ ডিপাৰ্টমেণ্টৰ দুজনমানে প্ৰায় প্ৰকাশ্যেই আৰম্ভ কৰিছে, “ইউ পিপল আৰ ভেৰী ক্লোজ না“ বা “ডিড্ ইউ ন’ ইচ আদাৰ বিফোৰ? ৷“ দুয়ো পাত্তা দিয়া নাই, দিয়াৰ প্ৰশ্নওঁ নুঠে৷ এনেকৈ চাৰিমাহমান যোৱাৰ পিছত আমাৰ অ’চাম টুচাম টীমত জইন কৰিলেহি আয়েশাই৷ আয়েশা জৈন, এছিষ্টেণ্ট মেনেজাৰ-অপাৰেচন্৷ কিছুদিনতেই গোটেই অফিছে গম পালে, আয়েশা এক অত্যন্ত সাহসী আৰু কৰ্মদক্ষ কৰ্মচাৰী৷ তাইৰ চকু মুখে সমানেই কথা কয়৷ মন কৰিলোঁ তাইৰ বছেওঁ অত্যন্ত সাৱধানেৰে তাইৰ সৈতে কথা হয়৷

অফিচত তনভীৰ বহা ঠাই মোৰ কিউবিকেলতকৈ দুৰত৷ আয়েশাৰ কিউবিকেল মোৰ কাষতেই৷ লাহে লাহে মন কৰিলোঁ, আয়েশা বহা কিউবিকেলটো সকলোৱে এৰাই চলে৷ কিবা দৰকাৰ হলেওঁ বাহিৰে বাহিৰে কৈ গুছি যায়৷ কথাটো কিবা হজম নহ’ল৷ এদিন লাঞ্চৰ সময়ত তাইক সুধিয়েই দিলোঁ,
– তেৰী কিউবিকেল ম্যে কোই কিউ নহী জাতা হ্যে?

বেৰীয়া দাঁতটো উলিয়াই আয়েশাই খিলখিলাই হাঁহিবলৈ ধৰিলে৷
– দাদা! আপকো পতা নহী? মাই কিউবিকেল ইজ্ জিনক্সড্৷

মানে? কিউবিকেল আৰু কেনেকৈ অভিশপ্ত হ’ব পাৰে? উত্তৰত দুই কন্যাই মোক যি কাহিনী শুনাবলৈ ধৰিলে তাকে শুনি মই মুখ মেলি দিলোঁ৷

এই কিউবিকেলত যিয়েই বহে সি হেনো কোনো অজ্ঞাত কাৰণত হেৰি হৈ যায়৷

হেৰি মানে?

হেৰি মানে একেবাৰে সিপুৰী গৈ পায়৷

বিক্ৰম পালান্দে, সমীৰ পুৰী, দিলীপ দীঘে, প্ৰীতি মেনন্, অনন্ত ৱাগলে সকলোৱেই এই কিউবিকেলত কাম কৰি গৈছে৷ সকলোৰে কিবা আকস্মিক বা অস্বাভাৱিক মৃত্যু ঘটিছে৷ গতিকেই এই কিউবিকেলত বৰ্তমান কোনো নবহে৷ এডমিনেওঁ বৰ্তমান ব্লক কৰি থৈছে৷

শুনিলোঁ৷ আয়েশাই তেতিয়াওঁ দাঁত নিকটাই আছে৷ তেন্তে এই ৰাণী লক্ষ্মীবাইক বহিবলৈ কিহে পালে?
– জাষ্ট টু প্ৰুভ দাদা, য়ে চব চুপাৰষ্টিচন্ চালা বকৱাছ হ্যে৷

ৱাহ! কুসংস্কাৰেৰে ভৰা এই দেশত এজনী মাৰোৱাৰী ছোৱালীয়ে অন্ধবিশ্বাসৰ বিৰুদ্ধে নিজাকৈ থিয় দিছে৷ হেটচ্ অফ্৷ কব নোৱৰাকৈ তাইৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ’ল৷

তেতিয়াৰ পৰা আয়েশাৰ সৈতে কথা বাৰ্তা অলপ বাঢ়ি গ’ল৷ কামৰ মাজে মাজেওঁ কেতিয়াবা মিনি আড্ডা চলে৷ তাই ভাল গল্প লিখে, অফিচৰ পাৰ্টীত গীটাৰ লৈ বহে, কলেজত থাকোতে হেনো বাস্কেটবল খেলিছিল৷ ইমপ্ৰেছিভ!

আয়েশাৰ কিউবিকেলটো মোৰ ওচৰত৷ গতিকেই আমি দুয়ো লাঞ্চ টাইমত তনভীৰ ওচৰলৈ যাওঁ৷ তাৰপৰা একেলগে কেণ্টিন৷ লাহে লাহে মন কৰিলোঁ তনভী সলনি হৈছে৷ বেছিভাগ সময় অন্যমনস্ক, ভাগৰুৱা, ডিষ্টাৰ্বড্৷ অৱশ্যে যোৱামাহত হৈ যোৱা অডিট তাইক ভাগৰুৱা কৰিবলৈ যথেষ্ট আছিল৷ আমি সুধিলেওঁ সন্তোষজনক কোনো উত্তৰ নাপাওঁ৷ অনুভৱ কৰো, কথাবোৰ সলনি হৈছে৷ লাহে লাহে তনভীয়ে আমাৰ সৈতে লাঞ্চ কৰাওঁ এৰি দিলে৷ অজুহাত? গেষ্ট্ৰিক! কেণ্টিনৰ মছলা দিয়া খাদ্য তাইৰ আজিকালি সহ্য নহয়৷ গতিকেই আজিকালি ঘৰৰ পৰা অনা টিফিন নিজৰ কিউবিকেলতেই খাই থৈ দিয়ে৷ আয়েশা আৰু মই বহু চেষ্টা কৰিলোঁ, তাইক আগৰ দৰে কৰিবলৈ৷ আমি প্ৰায়েই জোৰ কৰো টিফিনটো কেণ্টিনলৈ লৈ আহি খাবলৈ৷ নাহ, এক অদ্ভুত দুৰত্ব বজাই ৰাখিবলৈ ল’লে তাই৷ লাহে লাহে আমাৰ বাবেওঁ তনভী হৈ পৰিল তনভী গৌতম, ৰিজনেল কমাৰ্চিয়েল মেনেজাৰ (ৱেষ্ট)৷

আগষ্ট মাহত এটা দীঘলীয়া ট্যুৰ শেষ কৰি অফিচত সোমাইছোহি৷ আয়েশা অফিচত নাই৷ তনভীয়ে মোক দেখি দুৰৰপৰাই কৃত্ৰিম হাঁহি এটা মাৰি আকৌ কামত লাগিল৷ আয়েশাক ফোন এটা কৰি চালো৷
– দাদা আই এম্ অন চাউথ ইণ্ডিয়া ট্ৰিপ উইথ ফেমিলী, চাডেন প্লেন৷ এণ্ড দাদা, আই হেভ আ চাৰপ্ৰাইজ ফৰ ইউ এণ্ড তনভী৷ আনে কে বাদ বতাতী হু৷

সেইদিনা লাঞ্চ কেণ্টিনতেই কৰিলোঁ, অকলে৷ তনভীয়েও সেইদিনা কেণ্টিনতেই খাইছিল৷ অৱশ্যেই নিৰাপদ দুৰত্বত৷

নিশ্চিত হৈছিলোঁ তনভীয়ে মোক ইগন’ৰ কৰিছে৷ সম্পৰ্কটো ভাল কৰিবলৈ মোৰ ফালৰপৰা দুবাৰমান চেষ্টা কৰি চাইছো৷ ফলাফল শূন্য৷ অভিমান মোৰো আছে৷ বেয়া মোৰো লাগে৷ তাইক কোনোদিন বেয়া ব্যৱহাৰ কৰা নাই৷ অথচ মোক! ধেই!

জ্বৰৰ বাবে দুদিন চুটী লৈছিলোঁ৷ এগাল কাম জমা হৈ গৈছিল৷ আহিয়েই নিজৰ কিউবিকেলত বহি লেপটপটো খুলি লৈছো৷ প্ৰায় এঘাৰটামানত মন কৰিলোঁ, কিবা এটা হুলস্থূল লাগিছে৷ সৰু সৰু গ্ৰুপ৷ কিবা আলোচনা৷

সহকৰ্মী অনুপ আগুৱাই আহি মোৰ কান্ধত হাত থলে,
– শুনা তুনে?
– ক্যা?
– আয়েশা হেজ ডায়েড্ ইন এ ৰোড্ এক্সিডেণ্ট্৷ এপ্ৰক্স ৱান আৱাৰ এগ’৷
– হোৱাট?

ৰাতিপুৱাই আয়েশাহঁত তিৰুপতিলৈ গৈছিল, ইনভাত৷ ওভটোতে ট্ৰাকৰ লগত সংঘৰ্ষ৷ তাই সন্মুখৰ চিটত আছিল৷ তাইক বাদ দি সকলো বাঁচিছে৷ তাই! শেষ! সকলো শেষ!

সেইদিনা বহু সময় টইলেটত কটালোঁ৷ পুৰুষে হেনো কান্দিলে ভাল নেদেখি৷

কৰ্পৰেটত শোকৰ আয়ুস দেড়দিন৷ খুব দ্ৰুত গতিত আমিবোৰ কামৰ স্বাভাৱিক ছন্দত আহি গ’লো৷ সকলোঁ একেই চলি থাকিল৷ কেৱল তনভী আৰু মোৰ সম্পৰ্কটো দিনে দিনে আৰু শীতল হৈ গৈ থাকিল৷ মাহিলী বাজেট্ এপ্ৰ’ভেলৰ ফাইলটো চহী কৰোৱাৰ সময়ত দুই এটা নিতান্তই অফিচিয়েল কথা হয়৷ বচ্, ইমানেই৷

দুৰত্বৰ শীত ঋতুৱে কিয়, কেনেকৈ আমাৰ সহজ, সৰল বন্ধুত্বৰ মাজত অভিমানৰ বিবৰ্ণ হালধীয়া পাতবোৰ লৈ আহিল একেবাৰেই ধৰিব নোৱাৰিলোঁ৷

আয়েশাৰ ঠাইত নতুন ল’ৰা এজন আহিল, আনীচ্ গ্ৰেৱাল৷ বহিবলৈ বেলেগ ঠাই খালী নাছিল৷ গতিকেই ল’ৰাজনক আয়েশাৰ কিউবিকেলটোত বহিবলৈ ঠাই উলিয়াই দিয়া হ’ল৷

এণ্ড দ্যা হেল ব্ৰেক লুজ!

প্ৰথমেই হাহাকাৰ লগালে অপাৰেচন মেনেজাৰ অময় পণ্ডিতে৷ ধৰ্মভীৰু এই ব্ৰাহ্মণে নিজৰ ডিপাৰ্টমেণ্টৰ কাকো ইয়াত বহিবলৈ নিদিয়ে৷ “আই হেড্ অলৰেডী লষ্ট এ গুড্ ৰিচ’ৰ্চ৷ কাণ্ট এফৰ্ড এগেইন৷

লাহে লাহে জটিলতা বাঢ়ি আহিছে৷ কোনোৱেই নিজৰ কিউবিকেল এৰি তাতে বহিবলৈ সাঁজু নহয়৷ এইচ্ আৰ মেনেজাৰ তীব্ৰ চাপত৷

ভাৰতবৰ্ষৰ এক অগ্ৰণী অনুষ্ঠানত এক তথাকথিত ’অভিশপ্ত’ কিউবিকেলক লৈ গৃহযুদ্ধৰ পৰিস্থিতি৷

অক্টোবৰৰ শেষ শুক্ৰবাৰ৷

মোৰ কিউবিকেলৰ সন্মুখতেই এডমিন হেড্ আৰু মাৰ্কেটিং হেডৰ প্ৰচণ্ড তৰ্কাতৰ্কি৷ বিষয় ’অভিশপ্ত কিউবিকেল’৷ এডমিন হেড্ ৰুচিকা তোমৰ খুবেই কৰ্মদক্ষ৷ কিন্তু সময়ত সাক্ষাৎ ৰণচণ্ডী৷ কাজিয়াখন আয়ত্তৰ বাহিৰলৈ যোৱা দেখি মই ৰখাবলৈ গ’লো৷ লগে লগে ৰুচিকাই চিঞৰি উঠিল৷
– অগৰ তুঝে ইচনাহি ফিকৰ হ্যে, তো তু আকে বেইঠ্ না য়হা৷

টিঙিচকৈ খঙটো উঠি আহিল৷ ইহতে মোক ভাবিছে কি? লেপটপটো নিজৰ টেবুলৰ পৰা আনি আয়েশাৰ কিউবিকেলত থ’লো৷ এইচ্ আৰ হেড্ বিজয় বাৰ্মাক ফ’ন কৰিলো, “প্লিজ্ এল’কেট দ্যা চ’ কলড্ জিনক্সড্ কিউবিকেল ট্যু মি৷ দিছ্ এণ্টায়াৰ এপিচ’ড্ ইজ ষ্টুপিড্ এণ্ড ডেফিনিটলী এন ইনচাল্ট তোৱাৰ্ডচ্ হাৰ মেমৰী৷“

সমগ্ৰ অফিচ্ অলপ সময়ৰ বাবে ৰৈ গ’ল৷ প্ৰথমেই দৌৰি আহিল মোৰ বছ্৷
– পাগল হো গয়া হ্যে তু? হাউ কেন ইউ টেক দিছ্ ষ্টেপ উইডাউট্ ডিছকাছিং মি?
– কাম অন বছ! ইট্ ইজ জাষ্ট এ চিম্পল কিউবিকেল৷

লজিষ্টিকৰ ইমতিয়াজ আগুৱাই আহিল
– চৰী দাদা, হাম আপকো ইধৰ বেইঠনে নহী ডেঙ্গে৷

আহিল ভি পি, ফাইনেঞ্চ৷
– ঘৰমে বিৱি, বেটী হ্যে না তেৰে?

খঙত ফোপাবলৈ লৈছিলো মই৷ এইটো এটা সামান্য কিউবিকেল৷ এটা অন্ধবিশ্বাসক লৈ ইমান হাহাকাৰ৷ ইমানবোৰ শিক্ষিত মানুহ থাকোতে৷

বৰ্ষীয়ান কৰ্মচাৰী উমা কৌশিক আগুৱাই আহিল৷
– লেট্ এইচ্ আৰ চ’লভ্ দ্যা প্ৰব্লেম বেটা৷ হোৱাই আৰ ইউ টেকিং ৰিস্ক?
– বাট মেডাম্, আই ফীল দিছ ৱিল বি দ্যা প্ৰপাৰ ৰেচপেক্ট ট্যু হাৰ মেমৰী৷

সকলোৱে মোক আগুৰি লৈছে৷ তীব্ৰ উত্তেজনা৷ এইফালে অকৰা মৈত উঠিছো৷ তাতে বহিহে এৰিম৷

সেই সময়তে ভীৰ ঠেলি তনভী আগুৱাই আহিল৷ এটা শব্দও নোকোৱাকৈ মোৰ লেপটপটো ডাঙি নি মোৰ নিজৰ টেবুলত থৈ আহিল৷ তীব্ৰ বিৰক্তিত চিঞৰি উঠিলোঁ৷
– হোৱাট্ ইজ দিছ? হাউ কেন ইউ…
– আপ ৱহা নহী বেইথোগে৷
– বাট্…

ৰঙা পৰা চকুৰে মোৰ ফালে চাই হিমশীতল কণ্ঠৰে তনভীয়ে মাত দিলে৷
– আপ ৱহা নহী বেইথোগে৷
– লেকিন য়ে মেৰা পাৰ্চনেল……

একেবাৰে কাষত আহি অনুচ্চ কণ্ঠেৰে তাই ফিচফিচাই উঠিল৷
– ৱো ডাইনটো মুঝে জিন্দা মাৰকৰ খুদ্ মৰ গয়ী৷ অভী আপকো ভী মৰনে কা শৌখ চঢ়া হ্যে?

মই স্তব্ধ৷ বাকৰুদ্ধ৷

সমগ্ৰ কৰ্মচাৰীৰ বিস্ফোৰিত নেত্ৰৰ সন্মুখেৰে গহীনকৈ নিজৰ কিউবিকেললৈ খোজ ল’লে ৱেষ্টৰ ৰিজনেল কমাৰ্চিয়েল মেনেজাৰে৷

তনভী! তনভী গৌতম! ■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

ৱাহ…

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক