কৰ্মফল – অসীম শইকীয়া

কৰ্ম ফল মানৱ জীৱনৰ এক মহান সত্য৷ এই বিষয়ে বিভিন্ন মাধ্যম ত হিন্দু শাস্ত্ৰ আৰু বৌদ্ধবাদৰ আঁত ধৰি আলোচনা হৈ আহিছে৷ কৰ্মফলৰ সুত্ৰ সমূহত হিন্দু বা বৌদ্ধ বাদৰ বাবে বিশেষ পাৰ্থক্য দেখা নাযায়, কিন্তু যেতিয়াই কৰ্মফলৰ আলোচনা সমূহ অধ্যয়ন কৰা হয় তেতিয়াই এক স্বাভাৱিক প্ৰশ্নৰ সদায় উদয় হয়, যাৰ বিষয়ে কম আলোচনা হোৱা দেখা যায়৷

কৰ্মফলৰ সূত্ৰ মতে আগৰ জন্মৰ সংস্কাৰ বা অভ্যাস এই জন্মৰ সংস্কাৰ বা অভ্যাসলৈ পৰিৱৰ্তন হয় আৰু এই জন্মৰ সংস্কাৰ বা অভ্যাস পৰৱৰ্তী জন্মৰ সংস্কাৰ বা অভ্যাস ত পৰিণত হয়৷ এইয়াই কৰ্মফলৰ গতি, যদি এইয়াই হয় তেন্তে সাধাৰণ পাঠকৰ মাজতো প্ৰশ্ন উঠিব-তেন্তে ইয়াৰ অন্ত ক’ত?

ইয়াৰ উত্তৰ বিচাৰিলে আমি পাম – যেতিয়া আমি এই সত্য উপলব্ধি কৰিম আমি নিজে সংস্কাৰ বা অভ্যাস নহয়৷ যেতিয়া আমি গম পাম “সংস্কাৰ“তকৈ “মই“ পৃথক৷ “মই“মাত্ৰ সাক্ষীহে, তেতিয়াই ইয়াৰ অন্ত পৰিব৷

শ্ৰীমদ্ভভাগৱতত গীতাত ওঠৰ অধ্যায় ত শ্ৰীকৃষ্ণ ই কৈছে-
“যস্য নাহঙ্কৃতো ভাৱো বুধিৰ্যস্য ন লিপ্যতে“
হত্বাপি স ইমাল্লোঁকানন ন হন্তি ন নিৱধ্যতে“

অৰ্থাৎ যাৰ মনত “মই কৰ্তা“ এই অভিমানৰ ভাৱ লেশমাত্ৰও নাই আৰু যাৰ বুদ্ধি ইষ্ট অনিষ্ট বোধত লিপ্ত নহয় তেওঁ জাগতিক সমস্ত প্ৰাণীক বধ কৰিলেও প্ৰকৃততে কাকো বধ কৰা নহয় আৰু হত্যা জনিত কৰ্মফলত আৱদ্ধ হব নালাগে৷

নিশ্চিতভাৱে আমি যিকোনো সময়তে ক্ৰোধৰ বশৱৰ্তী হও, কোনোবাই অলপহে কিবা এটা কলে ক্ৰোধৰ জুই জ্বলি বলৈ আৰম্ভ হয়, নদীৰ দৰে প্ৰৱহমান হবলৈ ধৰে৷ কোনোবাই মোক প্ৰশংসা কৰে, প্ৰশংসা পোৱাৰ আশা ও এক অভ্যাস ত পৰিণত হয়৷ তাৰ বিপৰীতে গালি গালাজ পাৰিলে ক্ৰোধৰ অগ্নি বৰ্ষা আৰম্ভ হয়, লাহে লাহে ই সংস্কাৰত পৰিণত হয়৷ এক মেচিনৰ দৰে হৈ পৰে জীৱন, কোনোৱে মাত্ৰ ছাবিটো টিপিহে দিব লাগে৷

সকলোৱে কয় বেয়া কাম এৰা, ভাল কামৰ অভ্যাস কৰা, কিন্তুু কৰ্মফলৰ বান্ধোনত যদি সোমাব নোখোজো তেন্তে বেয়া কাম বাদেই, ভাল কামৰ অভ্যাস আৰু সংস্কাৰো অতি মাৰাত্মক হৈ পৰে, লোহাৰ কাৰাগাৰেই হওক বা সোণৰ কাৰাগাৰেই হওক কি পাৰ্থক্য?

চাফ চিকুনতা এক ভাল অভ্যাস কিন্তুু ইয়াক মনৰ মাজত সম্পূৰ্ণ কৈ বহুৱাই লোৱাতো এক মানসিক ব্যাধিলৈ পৰিণত কৰিব পাৰে, এনেকুৱা অৱস্থা হয়গৈ যে সকলো ঠাইতে লেতেৰা আৰু বীজাণুৰে পৰিপূৰ্ণ বুলি ভাবিবলৈ বাধ্য হয়, চিকিৎসা বিজ্ঞানত ইয়াক obsessive compulsive disorder বুলি কয়, এনে ব্যক্তিয়ে কতো থাকি শান্তি নাপায়৷

এনেকুৱা ব্যক্তি সমাজত বহু পোৱা যায় যাৰ চিগাৰেট হোপাৰ বহু দিনৰ অভ্যাস আছে, ৰাতিপুৱা ভগৱানৰ ওচৰত পূজা বা সেৱা কৰাৰ অভ্যাস আছে৷ কি পাৰ্থক্য আছে দুয়োটাৰে ভিতৰত? একো নাই৷ চিগাৰেট হোপা জনে এদিন যদি চিগাৰেট নাপায় বলিয়াৰ দৰে হৈ পৰে, আনজনে অসুবিধাবশত এদিন ভগৱানক সেৱা নকৰিলে ভাবি লয় আজি সাংঘাতিক অধাৰ্মিক ঘটনা হল আৰু গোটেই দিনতো উদ্বিগ্ন হৈ কটায়৷ দিনটোৰ পিছৰ ঘটনাবোৰ ভগৱানক সেৱা নকৰাৰ কৰ্মফল বুলিয়েই ভাবিব৷ দুয়োজনকে যদি সোধা যায়, আপুনি চিগাৰেট হুপি বা ইশ্বৰক সেৱা কৰি দৈনিক কি পায়? কোনেও সঠিক উত্তৰ দিব নোৱাৰে, কিন্তুু এই কাম দুটাত যদি সামান্যও হেৰফেৰ হয় দুখ, উদ্বিগ্নতা, হীনমন্যতাই জীৱন টো অধিকাৰ কৰি লয়৷
অলপ ভাবিলেই দৃষ্টিগোচৰ হয় যিটো কৰ্মই কোনো আনন্দ বা সুখ নিদিয়ে, যি কৰ্ম আমাৰ অভ্যাসৰ দাস হৈ পৰিছে, সেই কৰ্ম নকৰিলে আমি দুখ, উত্তেজনাত দিন কটাব লগীয়া হয়৷ পাবলৈ বা কৰিবলৈ একো নাই, কিন্তুু নাপালে বা নকৰিলে সাংঘাতিক সমস্যাৰ উদ্ভৱ হৈ পৰে৷

এজন বিখ্যাত উকীল আছিল৷ ওকালতিত প্ৰতিপক্ষৰ কোনো উকীলেই আজিলৈকে হৰুৱাব পৰা নাছিল৷ উকীলজনৰ এটা পুৰণি অভ্যাস আছিল, অলপ চিন্তাত পৰিলেই বা বিপৰীত পক্ষৰ যুক্তিত হাৰ মনা যেন হলেই তেওঁৰ কোটৰ ডিঙিৰ তলৰ বুটামটো মোহাৰিবলৈ লয়, এই কৰ্মটোৰে উকীল জন পুনৰ সজীৱ হৈ পৰে, কৰ্মঠ হৈ পৰে৷ ইয়াৰ পিছত তেওঁক যুক্তিত হৰুৱাটো কঠিন হৈ পৰে৷

এদিন এটা কেছত বিপৰীত পক্ষৰ উকীলে এই অভ্যাসটো মন কৰিলে, তেওঁৰ উকীল জনৰ সহায়কাৰী জনক কিছু টকা দি কোটৰ তলৰ সেই বুটামটো এৰুৱাই থবলৈ কলে, সহায়কাৰী জনেও কামটো কৰি দিলে৷ আদালতত শুনানিৰ দিনা বিপৰীত পক্ষৰ যুক্তিত অতিষ্ঠ হৈ কোটৰ বুটামটোত হাত দিলে, কিন্তুু বুটামটো নাছিল, ফলত তেওঁ দিশহাৰা হৈ পৰিল, জীৱনৰ প্ৰথমটো কেছত হাৰ মানিব লগীয়া হল৷ যিটো বুটাম ছুই বা ঘূৰাই থাকিলে আত্মবিশ্বাস, বুদ্ধি, চিন্তা ৰ উদ্ৰেক ঘটে বুলি ভাবিছিল, সেই বুটামটোৰ অভাৱতে উকীল জন কেছটোত হাৰিল৷ কোটৰ বুটামৰ লগত চিন্তাৰ কি সম্পৰ্ক? একো সম্পৰ্ক নাই, এয়াই ব্যক্তিৰ সংস্কাৰ আৰু অভ্যাসৰ কৰ্মফল৷

নিশ্চিতভাৱে মানুহক অভ্যাসৰ প্ৰয়োজন৷ অভ্যাস নহলে জীৱন কঠিন হৈ পৰে৷ টাইপিঙ কৰিবলৈ অভ্যাসৰ প্ৰয়োজন, গাড়ী চলাবলৈ অভ্যাসৰ প্ৰয়োজন ইত্যাদি ইত্যাদি৷ এই কথা ধ্যান ৰখাৰ প্ৰয়োজন যে অভ্যাস যাতে জীৱনৰ গৰাকী হৈ নপৰে, অত্যধিক নিয়ামনুৱতিৰ্তা যাতে জীৱনত দুখৰ কাৰণ হৈ নপৰে৷

গৌতম বুদ্ধই কয় সকলো কাম বোধপূৰ্বক হব লাগে, চেতনা সকলো সময়তে জাগ্ৰত হব লাগে, উঠা, বহা, শোৱা সকলো বোধপূৰ্বক হব লাগে৷ অভ্যাস আৰু সংস্কাৰ জীৱনত দুখৰ কাৰণ হব পাৰে৷

এবাৰ আমেৰিকাৰ এক অভিযাত্ৰী দল উত্তৰ মেৰুত পৰ্দাপন কৰিছিলগৈ এখন ডাঙৰ পালতৰা জাহাজেৰে৷ উত্তৰ মেৰু পায়েই তেওঁ লোক এক বৃহৎ প্ৰত্যাহবানৰ সন্মুখীন হল৷ জাহাজ খন বৰফৰ মাজত আবদ্ধ হৈ পৰিল৷ যিমান খোৱা বস্তু আনিছিল সেয়া শেষ হৈ আহিছিল৷ কিন্তুু এটা কথাই আটাইতকৈ বেছি সমস্যাৰ সৃষ্টি কৰিছিল, অভিযাত্ৰী সকলৰ চিগাৰেট শেষ হৈ গৈছিল৷ খাদ্য নোখোৱাকৈ থাকিব পাৰিলেও চিগাৰেট নোহোপাকৈ থাকিব নোৱাৰে৷ এনেকুৱা অৱস্থা হলগৈ যে যাত্ৰীসকলে জাহাজৰ পাল তৰিবলৈ ব্যৱহাৰ কৰা সৰু সৰু নলীকা থকা ৰছীবোৰ কাটি চিগাৰেটৰ দৰে ব্যৱহাৰ কৰিব ধৰিলে, জাহাজৰ কেপ্তেইন চিন্তাত পৰিব ধৰিলে এনেকুৱা হলে তেওঁ লোক কোনো দিনে ঘৰ নাপায়গৈ৷

কিবাপ্ৰকাৰে অভিযাত্ৰী দলটো উভতিবলৈ সক্ষম হল, সেই কথা আমেৰিকাৰ সকলো বাতৰি কাকতত সবিস্তাৰে প্ৰকাশ হল৷ ৰাতিপুৱা সময়ত এজন ব্যক্তিয়ে চিগাৰেট হুপি সেই কাহিনীটো পঢ়ি আছিল৷ ব্যক্তি জনৰ এই কথাত বৰ আচৰিত লাগিল যে চিগাৰেটৰ অভাৱত অভিযাত্ৰী দলটোৱে লেতেৰা পাল তৰা ৰছী বোৰো হুপিবলৈ ধৰিছিল৷ তেওঁ নিজেও এজন চেইন স্মকাৰ৷ ভাবিবলৈ ধৰিলে ভবিষ্যতে তেওঁৰো এনেকুৱা অৱস্থা হব পাৰেনেকি, জাহাজখনত তেওঁ থকাহেতেন একেই অৱস্থা হলহেতেন৷ ব্যক্তিজনে হাতৰ আধা জ্বলি থকা চিগাৰেটটো এষ্ট্ৰটেত থৈ দিলে আৰু নিজকে কলে -এই চিগাৰেটটো তেতিয়াহে তেওঁ হুপিব যেতিয়া তেওঁৰো দশা অভিযাত্ৰী দলটোৰ দৰে হৈ পৰিব৷ বিশ বছৰ হৈ গ’ল, আধা জ্বলা চিগাৰেটটো তাতে পৰি ৰ’ল৷ মানুহে আধা জ্বলা চিগাৰেটটোৰ বিষয়ে সুধিলে কয়“সেইটো মই পুনৰ হুপিম যিদিনা মই গম পাম অভ্যাস মোতকৈ ডাঙৰ আৰু অভ্যাসতকৈও মই সৰু৷”

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক