কৰ্মবিমুখতাৰ বাবে অসমীয়াই চাহবাগিচা হেৰুৱাইছিল নেকি? (ৰঞ্জীত গোবিন্দ বৰা)

১৮৩৬চনৰ পৰা আজিলৈকে অসমৰ চাহবাগিচাৰ পৰা সুদূৰ ইংলেণ্ডত বহি থকা বণিয়াই যিমান টকা অন্যায় উপায়েৰে অৰ্জন কৰিলে, তাৰে ২০ শতাংশও যদি অসমে পালেহেঁতেন, আমাৰ ৰাজ্যখনৰ আজি ইমান দুৰ্গতি নহ’লহেঁতেন। অন্য নালাগে ১৯৪৭চনৰ পিচতো চাহবাগিচাৰ পৰা যিমান টকা বিদেশলৈ গৈছে, সেই ধনেৰে অসমে কাৰো ওচৰত হাত নপতাকৈ বহু কল্যাণমূলক আঁচনি গ্ৰহণ কৰিব পাৰিলহেঁতেন। আজিৰ অসমৰ ছবিখনেই সলনি হৈ গ’লহেঁতেন। এতিয়া ‘হেঁতেন’বোৰ বাদ দি আচল কথালৈ আহো। এইলিখাৰ উদ্দেশ্য অৰ্থনীতিৰ সম্ভাৱনা সন্ধান নহয়। সততে শুনা যায়, কানি খোৱা অসমীয়াৰ কৰ্মবিমুখতাৰ কাৰণে ৰাজ্যৰ চাহবাগিচাত বহিঃৰাজ্যৰ শ্ৰমিকেৰে ভৰিপৰিল। শ্ৰমিকৰ জীৱন পছন্দ নকৰাৰ বাবে ইংৰাজে বহিঃৰাজ্যৰ পৰা শ্ৰমিক অনাই বাগিচা ভৰাই তুলিলে। এয়া ইতিহাসৰ অপব্যাখ্যাৰ বাহিৰে অইন একো নহয়।আৰম্ভণিতে অসমৰ চাহবাগিচাত থলুৱা অসমীয়া লোকে বনুৱাৰ কাম কৰিছিল। তাৰেবেছিভাগ চাহ-শ্ৰমিক আছিল দৰং জিলাৰ জনজাতীয় লোক। কালক্ৰমত চাহ-শিল্পৰ পৰাথলুৱা শ্ৰমিক সম্পূৰ্ণৰূপে নিৰ্বাসিত হ’ল। কিন্তু কিয়?

 

উত্তৰটো বিচাৰি যোৱাৰ পূৰ্বে অসমত চাহ-শিল্পৰ ইতিহাস অলপ খুঁচৰিব খুজিছো।

আমি সকলোৱে জানো যো ষষ্ঠদশ শতিকাত জেছুইট মিছনেৰীসকলে পোন প্ৰথমবাৰৰ বাবে ইউৰোপৰ মানুহক চাহ নামৰ নতুন পানীয় বিধৰ সোৱাদ দিছিল। সেই চাহ নিয়া হৈছিল চীনৰ পৰা। সেইবিধ পানীয় ইংৰাজৰ সমাজ জীৱনত এনেদৰে প্ৰভাৱ বিস্তাৰ কৰিলে যে বৃটিছ সম্ৰাটে সহজ আৰু সূচলভাৱে চাহ আমদানিৰ পথ উলিয়াবলৈ চীনৰ প্ৰতিবেশী ভাৰতত থকা ইষ্ট ইণ্ডিয়া কোম্পানীত নিৰ্দেশ দিলে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ডিৰেক্টৰ জোছেফ বেংকে ১৭৮৮ চনত প্ৰেৰণ কৰা প্ৰতিবেদনত উল্লেখ কৰিছিল যে উত্তৰ-পূব ভাৰতত চাহ খেতি কৰিলে তাৰ পৰা সুফল পোৱাৰ সম্ভাৱনা আছে। মন কৰিব, তেতিয়াও ইয়াণ্ডাবু চুক্তি স্বাক্ষৰ হোৱা নাই। চাহ খেতিও ইংৰাজে অসমভূমি দখল কৰাৰ কাৰণ হ’ব পাৰে। ১৮২৬ চনত অসম বৃটিছৰ অধীনলৈ আহে। তাৰে তিনি বছৰৰ পূৰ্বে এজন বৃটিছ সামৰিক বিষয়াই উজনি অসমৰ চিংফৌ গাঁৱত চাহগছৰ সম্ভেদ পায়। স্থানীয় জনজাতীয় লোকে গছবিধক ‘ফানাপ’ বুলি কৈছিল। ১৮৩৪ চনত ইষ্টইণ্ডিয়া কোম্পানীৰ একচেটিয়া অধিকাৰ বন্ধ হয়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ অসমত থকা চাহ-বাগিচাৰ পৰিচালনাৰ বাবে ১৮৪০ চনত গঠন কৰা হ’ল আছাম টি কোম্পানী। আজি যিমানবোৰ চাহ কোম্পানী আছে, সেইবোৰ আসাম টি কোম্পানীৰে সতি-সন্ততি বুলি ক’ব পাৰি। ইয়াৰ পূৰ্বে ১৮৩৪ চনত অসমত পৰীক্ষামূলকভাৱে চাহখেতি আৰম্ভ হয় আৰু ১৮৩৬ চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা ১ পাউণ্ড চাহ ইংলেণ্ডলৈ চালান দিয়া হয়।

চাহ খেতিৰ বাবে ইংৰাজক বুজন পৰিমাণত মাটিৰ প্ৰয়োজন হ’ল। পিচত থলুৱা লোকে চাহ-শ্ৰমিক হিচাপে নিয়োজিত নোহোৱাৰ এইটো অন্যতম কাৰণ হৈ দেখা দিয়ে। চাৰ খেতিৰ বাবে বৃটিছে যাতে ইচ্ছানুযায়ী মাটি পাব পাৰে তাৰ বাবে ১৯৩৮ চনত The Waste Land Rules প্ৰণয়ন কৰা হ’ল।সেই নিয়মাৱলীৰ আধাৰত ইংৰাজে থলুৱা লোকক উচ্ছেদ কৰি ব্যাপক হাৰত মাটি দখল কৰি ল’লে। সেই মাটিৰ ওপৰত খাজনাৰ ব্যৱস্থাও উঠাই দিয়া হ’ল। এটা উদাহৰণ দিলে কথাখিনি স্পষ্ট হ’ব—১৮৭০-৭১ চনলৈকে চাহ বাগিচাৰ বাবে আবণ্টন দিয়া ৭লাখ একৰ মাটিৰ মাথোঁ ৮ শতাংশ ভূমি অৰ্থাৎ ৫৬,০০০একৰ মাটিত চাহ খেতি কৰা হৈছিল। বাকী বৃহৎ পৰিমাণৰ মাটিত ইংৰাজে জমিদাৰী গঠন কৰি সেই মাটিত ভূমিহাৰা মানুহক থলুৱাত শ্ৰমিক হিচাপে লৈ বসতি কৰিবলৈ দিছিল। কাৰ্যতঃ তেওঁলোক ইংৰাজৰ ভূমিদাস হৈ পৰিছিল। স্বাধীনচিতীয়া লোকসকলৰ বাবে সেয়া কেতিয়াওগ্ৰহণযোগ্য নাছিল। শ্ৰমিকৰ নামত বৃটিছে যি নিৰ্মম অত্যাচাৰ চলাইছিল সেয়া আছিল বৰ্ণনাতীত। কথাখিনি দক্ষিণ আফ্ৰিকাৰ পাশৱিক দাস-ব্যৱসায়ৰ সম আছিল।

প্ৰথমেকোৱা হৈছে যে থলুৱা লোকক শ্ৰমিক হিচাপে লৈ ইংৰাজে অসমৰ চাহবাগিচা স্থাপনকৰিছিল। প্ৰথমে কিছুসংখ্যক চীনা শ্ৰমিকক আমদানি কৰা হৈছিল। কিন্তু তেওঁলোককবেছি দৰমহা দিব লগা হৈছিল। ১৮৪৮ চনত চীনা শ্ৰমিকে চাহবাগিচা এৰি গুচি গৈছিল। ফলত থলুৱা লোকক শ্ৰমিক হিচাপে নিয়োগ কৰিবলৈ ইংৰাজসকল বাধ্য হ’ল।কিন্তু ইংৰাজে চাহবাগিচাৰ বাবে প্ৰয়োজনোধিক মাটি বলপূৰ্বক অধিগ্ৰহণ কৰাতভূমিহীন থলুৱা লোকসকল বৃটিছ জমিদাৰৰ ভূমিদাসত পৰিণত হ’ল। তেওঁলোকৰ ওপৰতচলিল অমানুষিক নিৰ্যাতন, শোষণ, উৎপীড়ন। শ্ৰমিকে বিদ্ৰোহ কৰি উঠিল। ১৮৫৮চনত মধু কোঁচ নামৰ বিদ্ৰোহৰ নেতা তথা শ্ৰমিকজনক ৮ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাহ’ল।

এয়াই অসমৰ চাহ শিল্পৰ পৰা থলুৱা শ্ৰমিকৰ নিৰ্বাসন অথবা অপসাৰণ মূল কাৰণ। চাহবাগিচাৰ সম্প্ৰসাৰণৰ লগে লগে শ্ৰমিকৰ প্ৰয়োজন বাঢ়ি আহিছিল।কিন্তু চতুৰ ইংৰাজে এটা কথা ভালদৰেই জানিছিল, থলুৱা লোকৰ দ্বাৰা উদ্যোগটো দীৰ্ঘদিন চলাব পৰা নাযাব। থলুৱা লোকে একত্ৰিত হৈ শোষণ, উৎপীড়ন, নিৰ্যাতনৰ প্ৰতিবাদ কৰিব। (এই নীতিটো আজিও উদ্যোগীসকলে গ্ৰহণ কৰে। যোগীঘোপাৰ অশোক পেপাৰ কল ধ্বংসৰ সেয়াও হেনো অন্যতম কাৰণ আছিল)। ১৮৫৯ চনত ইংৰাজে থলুৱা লোকক নিয়োগ কৰা নীতি পৰিহাৰ কৰি দুৰ্ভিক্ষ কবলিত বিহাৰ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ আদিৰ পৰা ভূমিহীন শ্ৰমিকক আমদানি কৰিবলৈ ধৰিলে। ফলত ১৮৬৭-৬৮চনত অসমত থকা ৩৪,৪৩৩ জন চাহ-শ্ৰমিকৰ ভিতৰত থলুৱা লোকৰ সংখ্যা ১১,৬৩৩ জনহয়। আজিৰ ছবিখন কেনেকুৱা সেয়া নক’লেও হ’ব।

গতিকে কোনোবাই যদি কয়যে শ্ৰমবিমুখতা, দাস হ’ব নোখোজা মানসিকতাৰ বাবে থলুৱা লোকে চাহ-শ্ৰমিক হিচাপে নিজকে জড়িত কৰিব নোৱাৰিলে সেয়া ইতিহাসৰ অপব্যাখ্যা আৰু বহিঃবিশ্বত অসমবাসীৰ ছবি নষ্ট কৰাৰ চক্ৰান্তৰ বাহিৰে একো নহয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক