কৰ্মসংস্কৃতি, আন্দোলন, আলফা ইত্যাদি(ধীৰাজ জ্যোতি লহকৰ)

অসমৰ প্ৰচুৰ খনিজ আৰু বনজ সম্পদ, অপৰ্যাপ্ত পৰিমাণে থকা জলসম্পদ, যথেষ্ট সম্ভাৱনা থকা পৰ্যটন বিভাগ, সেউজ পৰিৱেশ, উৰ্বৰ সাৰুৱা মাটি ইত্যাদি থকা স্বত্বেও আমাৰ অসম আজি কোটি কোটি টকা ঋণেৰে পোট খাই আছে। ইয়াৰ কাৰণ কি বুলিলে যদিও বহুতেই ইয়াৰ অন্তৰালত অতীজৰে পৰা অসমীয়াই কেন্দ্ৰৰ পৰা পাই অহা অৱজ্ঞাৰ ভাৱকেই আঙুলিয়াই দিব আৰু ইয়াত নিঃসন্দেহে কিছু পৰিমাণে সত্যতা নিশ্চয় আছে; কিন্তু এইখিনিতে এতিয়া আমাৰ কিছু আত্ম-সমালোচনা কৰাৰ সময় হয়তো আহি পৰিছে— কাৰণ যি সময়ত আজি ভাৰতৰ কানাড়া, পাঞ্জাবী, গুজৰাটী ইত্যাদি জাতিসমূহ দোপতদোপে উন্নতিৰ পথত আগুৱাই গৈ আছে সেই সময়ত কৰ্মবিমুখতা, বন্ধ-সংস্কৃতি, গোষ্ঠীসংঘৰ্ষ, ঋণাত্মক চিন্তাধাৰা, হত্যা-হিংসা-সংঘৰ্ষৰে আমি ৰসাতলে গৈ আছোঁ। আটাইতকৈ উদ্বেগজনক কথাটো হ’ল যে, অসমৰ অৰ্থনৈতিক উন্নয়ন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত প্ৰায় নাই বুলিয়েই ক’ব পাৰি। প্লেনিং কমিচনৰ প্ৰতিবেদন মতে ১৯৫০-৫১ চনত অসমৰ জনমূৰি আয় ভাৰতবৰ্ষৰ গড় জনমূৰি আয়তকৈ ৪% বেছি আছিল। আৰু ১৯৯৮-৯৯ চনত অসমৰ এই জনমূৰি আয় ভাৰতবৰ্ষৰ গড় জনমূৰি আয়তকৈ ৪১% হ্ৰাস পালে। ১৯৮০-৮১ ত এই হাৰ আছিল ভাৰতবৰ্ষৰ গড় জনমূৰি আয়ৰ তুলনাত ৪৫% কম। নব্বৈৰ দশকত অসমৰ অৰ্থনীতিৰ গ্ৰাফডাল ভয়াবহভাৱে সকলো দিশৰ পৰাই অধোগামী হ’বলৈ ধৰিলে। অসমৰ এই অনগ্ৰসৰতাৰ বাবে যিমান আমাৰ চৰকাৰসমুহ দায়ী, তাতকৈ বহুগুণে বেচি দায়ী হৈছে আমাৰ অসমীয়া জাতিটো নিজেই। কৰ্মবিমুখতা, কম উৎপাদনশীল উৰ্বৰ মাটি তথা প্ৰশাসনিক দুৰ্বলতাই ইয়াৰ মুল কাৰণ হিচাপে আমি গণ্য কৰিব পাৰো। লগতে আন্তঃগাঁথনিৰ দুৰ্বলতাই বাবে কৃষি, উদ্যোগ, পৰ্যটনৰ বিভাগৰ সম্ভাৱনাত ব্যাপক প্ৰভাৱ পেলাইছে। কাৰণ বহুতো আছে, কিন্তু এই কাৰণবোৰৰ ভিতৰত মোৰ মতে আটাইতকৈ মাৰাত্মক কাৰকটো হৈছে অসমীয়াৰ মাজত কৰ্ম সংস্কৃতিৰ অভাৱ কাৰণ জাতিৰ ভৱিষ্যত কৰ্মসংস্কৃতিৰ জৰিয়তেহে নিৰ্ধাৰণ হয়।

ইতিহাসৰ বিশ্লেষণ কৰিলে গম পোৱা যায় যে সত্তৰৰ দশকৰ শেষৰ ফালে সমগ্ৰ অসম ব্যাপি আৰম্ভ হোৱা অসম আন্দোলনৰ সময়তে অসমত কৰ্মসংস্কৃতি ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে আৰু তাৰ পৰিবৰ্ত্তে ঠন ধৰি উঠিলে বন্ধ সংস্কৃতি আৰু আন্দোলনমুখী মনোভাৱে। সেই প্ৰজন্মই দেখিলে বন্ধ সংস্কৃতি আৰু আন্দোলনৰ ব্যাপক প্ৰভাৱ। অসম আন্দোলন শেষ হ’ল কিন্তু আন্দোলনৰ ঋণাত্মক কাৰকসমূহ অসমবাসীৰ লগতে থাকি গ’ল। আজি অসমৰ চৰকাৰী অফিচ-কাছাৰীলৈ এপাক মাৰিলেই অসমীয়াৰ এই সোৰোপা স্বভাৱৰ স্বৰূপ দেখা পোৱা যায়। এসময়ত কৃষি, উদ্যোগ আৰু ব্যৱসায়েৰে সমগ্ৰ ভাৰতব্যাপি নাম থকা স্বাৱলম্বী অসমীয়াক এতিয়া বাহিৰা টকা (!) থকা আৰামৰ চাকৰিহে লাগে। আমাৰ মানসিকতা এবাৰ লক্ষ্য কৰকচোন। বাহিৰা টকা (!) থকা এটা আৰামৰ চাকৰিৰ বাবে তেওলোকে ৫ লাখ, ১০ লাখ, ১৫ লাখ টকা উৎকোচ দিবলৈও কুন্ঠাবোধ নকৰে। তাৰ কাৰণে প্ৰয়োজন হ’লে নিজৰ উপাৰ্জনক্ষম খেটিৰ মাটি সকলো বেছি দিব। এনে এটা এলেহুৱা জাতি এটাক কোনো চৰকাৰেই কোনো ধৰণৰ অনুদান দিয়ো উন্নতি সাধিব নোৱাৰে। অসম আন্দোলনৰ পাছতে আৰম্ভ হ’ল স্বাধীন, সাৰ্বভৌম অসমৰ দাবীত আলফাৰ সশস্ত্ৰ সংগ্ৰাম। কষ্ট কৰি ধন অৰ্জন কৰিবলৈ ইতিমধ্যে অসমীয়াই এৰিছিলেই, আৰু এখোপ ওপৰত গৈ এতিয়া তাৰ বিপৰীতে ধন দাবী কৰি আৰ্জন কৰিব শিকিলে। সোৰোপা অসমীয়াই এইবাৰ সহজে ধন ঘটাৰ উপায় বিচাৰি পালে। হিতেশ্বৰ শইকীয়াৰ দিনতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰৰোচনাত মূলসূতিলৈ লৈ অহাৰ নামত ছালফা (SULFA- Surrendered আলফা) নামৰ এক নতুন গোটৰ সৃষ্টি কৰা হ’ল। এয়া দৰাচলতে কেন্দ্ৰীয় চৰকাৰৰ আলফাৰ সশস্ত্ৰ সংগ্ৰামক দুৰ্বল কৰাৰ এক ষড়যন্ত্ৰহে আছিল। কাৰণ মূলসূতিলৈ লৈ অহাৰ নামত যিসকলক ঘুৰাই অনা হৈছিল সেইসকলৰ বহুতকে চৰকাৰে পুনৰ সংস্থাপনৰ নামত মদৰ মহলৰ লাইচেঞ্চ, ছিণ্ডিকেট ইত্যাদি প্ৰদান কৰি তেনে ধৰনত কামত নিয়োজিত কৰি প্ৰচুৰ ধন সম্পত্তিৰ মালিক হোৱাত সহায় কৰিলে, যাতে আন আন আলফা সদস্যসকলো ইয়াৰ প্ৰতি আকৰ্ষিত হয়। ৰাতিৰ ভিতৰতে বহু ধনৱান ব্যক্তিৰ সৃষ্টি হ’ল। লগতে ছালফা সদস্যসকলক আত্মৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰও প্ৰদান কৰিলে। পইছা আৰু ক্ষমতাৰ বলত বলীয়ান হৈ এই ছালফাসকলে অহংকাৰত মুলসূঁতিলৈ অহাৰ সলনি সাধাৰণ অসমীয়া জনগণৰ পৰা ক্ৰমান্বয়ে আঁতৰিহে যাবলৈ ধৰিলে। সময়ে সময়ে তেওঁলোকক সমাজত বিশৃংখলতাৰ সৃষ্টি কৰাতহে ব্যৱহাৰ কৰা হ’ল। কিছুমান বেয়া ৰোল ম’ডেলৰ সৃষ্টি হ’ল। ছিণ্ডিকেটৰাজৰ সৃষ্টি হ’ল, য’ত থলুৱা মালৰ ওপৰত ওপৰঞ্চি কৰ জাপি পইচা উপাৰ্জন কৰিব পাৰি। দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদ, আমোলা সমাজৰ নেতৃত্ব স্থানীয় ব্যক্তি হ’ল। যুৱচামৰ বাবে আৰু বহুতো বেয়া ৰোল ম’ডেলৰ সৃষ্টি হ’ল। এইদৰে বিপ্লৱ ব্যবসায়ত পৰিণত হ’ল। জাতিটো ক্ৰমান্বয়ে পিছপৰি গ’ল। যিসকলে অসমৰ স্বাৰ্থত এই বিপ্লৱৰ আৰম্ভণি কৰিছিল তেওঁলোকে নিজকে নিস্বাৰ্থ সংগ্ৰামত নিয়োগ কৰিলে, যদিও সৰহসংখ্যককেই কিন্তু অতি কম সময়ত ভিতৰতে ধনী হোৱাৰ লোভত এই সংগ্ৰামক কলুষিত কৰিলে। আজি আলফাৰ অস্তিত্ব থাকক বা নাথাকক কিন্তু ধন দাবী কৰি সহজে ধন ঘটাৰ মানসিকতাৰ অস্তিত্ব কিন্তু এলেহুৱা অসমীয়া জাতিৰ যুৱপ্ৰজন্মৰ মাজত এতিয়াও শিপাই আছে। হিতেশ্বৰ শইকীয়াৰ দিনতে আত্মীয় স্বজন-তোষণে এক পৰম্পৰাগত ৰূপ পালে। উৎকোচ দি চৰকাৰী চাকৰি, ঠিকা সকলো ল’ব পৰা হ’ল। আই আই টি ৰ দৰে সৰ্বভাৰতীয় শিক্ষানুষ্ঠানৰ আসন দিয়া প্ৰক্ৰিয়াতো ধন আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰা হ’ল। মুঠৰ ওপৰত অসমীয়া জাতিটোৰ চৰিত্ৰৰ চৰম অধঃপতন হ’ল।

অসম আন্দোলন আৰু সশস্ত্ৰ সংগ্ৰামৰ কুফল হ’লেও দুয়োখন সংগ্ৰামৰ বিফলতাৰ বাবে প্ৰচাৰ মাধ্যম, জাতীয় সংগঠনসমূহ আৰু সেইসময়ৰ সকলো বুদ্ধিজীৱী, সকলোৱেই দায়ী। অসমৰ বেছিভাগ বুদ্ধিজীৱীয়ে প্ৰচাৰ মাধ্যমত কৰ্মসংস্কৃতি নাইবা যোগাত্মক কথাত গুৰুত্ব দিয়া দেখা নাযায়। একে সময়তে অসমীয়া বাতৰি কাকতৰ লগতে আমি যদি কানাড়া, পাঞ্জাবী, গুজৰাটী বাতৰি কাকতলৈ লক্ষ্য কৰো তেন্তে দেখিম যে সেইসমূহ কাকতত যোগাত্মক চিন্তাধাৰাৰ বাতৰি বহু বেছি। অসমৰ নিউছ লাইভ নামৰ চেটেলাইট চেনেলটোৱে বাতৰিৰ নামত কেনে ধৰণৰ নিকৃষ্টমানৰ বাতৰি সম্প্ৰচাৰ কৰে সেইটো আমি সকলোৱে স্বচক্ষে দেখি আছো। হালধীয়া সাংবাদিকতাই আজি সমগ্ৰ অসমতেই গণতন্ত্ৰৰ অৱক্ষয়ত ইন্ধন যোগাইছে। পৰাগ কুমাৰ দাসৰ দৰে সৎ আৰু সাহসী সাংবাদিকৰ অভাৱ অসমীয়াই বাৰুকৈ অনুভৱ কৰে। ক’ৰবাত পঢ়িবলৈ পাইছিলো যে আমাৰ দেশৰ এজন বৰিষ্ঠ সাংবাদিক অসমলৈ আহি দুদিনমান থকাৰ পাছত এষাৰ কথা কৈছিল যে— ‘ভাৰতৰ বিভিন্ন ঠাইত আজিকালি, বিশেষকৈ আলোচনা হয় দেশৰ ভৱিষ্যতক লৈ, আন্তঃগাঁথনিৰ উন্নয়নক লৈ, অৰ্থনৈতিক মন্দাৱস্থাক লৈ, ব্যাপক দুৰ্নীতিক লৈ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক লৈ, ৰাজনৈতিক বিশ্লেষণাত্মক আলোচনা দেখা যায় কিন্তু অসমলৈ যেতিয়াই আহোঁ ইয়াত আলোচনা দেখোঁ–- আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, গোষ্ঠীগত সংঘৰ্ষ, আবেগ আশা অনুভূতি, সংঘৰ্ষ, আন্দোলন, ধৰ্ণা, বন্ধ ইত্যাদি ইত্যাদি। পিছে ইতিবাচক দিশটো হৈছে যে ছাত্ৰ সন্থাকে ধৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ইত্যাদি সংগঠন সমূহে বন্ধৰ এই নেতিবাচক দিশ সমূহলৈ লক্ষ্য ৰাখি বহুদিন ধৰি বন্ধৰ আহ্বান জনোৱা নাই। অসম চৰকাৰেও বন্ধক বেআইনী ঘোষণা কৰি বন্ধৰ আহ্বান জনোৱা সকলক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা লব লাগে। ইংৰাজীত এশাৰী কথা আছে, ‘You give me a fish, I eat for the day, You teach me how to fish, I eat for life.’ ‘মোক এটা মাছ দিয়া, মই এদিনৰ কাৰণে খাম। মোক মাছ মাৰিবলৈ শিকোৱা, মই সমগ্ৰ জীৱনৰ বাবে খাব পাৰিম।’ আমি অসমীয়া যুৱ প্ৰজন্মৰ মাজত হেৰাই যোৱা কৰ্মসংস্কৃতিৰ পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিব লাগিব। জাতীয় সংগঠনসমূহ, এন জি অ, স্বেচ্ছাসেৱী সংগঠন তথা চৰকাৰৰ জনসংযোগ বিভাগে এইক্ষেত্ৰত আগভাগ ল’ব পাৰে। শেষত যুৱচামৰ বন্ধুসকললৈ মোৰ আহ্বান, অসমত স্বনিৰ্ভৰশীল হোৱাৰ প্ৰচণ্ড সম্ভাৱনা আছে, প্ৰয়োজন কেৱল কিছু সাহস আৰু কিছু আন্তৰিকতাৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক