খং (প্ৰতিভূ দত্ত)

অগ্নিৰ অফিছৰ সন্মুখত ৰৈ আছোঁ। কিবা এটা কামত দুয়ো একে লগে নীৰজৰ তালৈ যোৱাৰ কথা। ৰৈ ৰৈ অকণমান বিৰক্তি লগাৰ বাবে ওচৰৰে দোকানখনলৈ গৈ ছিগাৰেট এটা জ্বলাই ল’লোঁ। ছিগাৰেটৰ প্ৰথম হোপাটোৰ আমেজ লৈছোঁহে মাথোঁ। সন্মুখত ওলাল নহয় মোৰ ছাত্ৰ অভিজ্ঞানম।

অপ্ৰস্তুত হৈ গ’লোঁ। মোৰ মুখত থকা ছিগাৰেটটোৰ বাবে মই অপ্ৰস্তুত হোৱা নাই। মোৰ কি কৰো কি নকৰো অৱস্থা এটা হৈছে কাৰণ অভিজ্ঞানমৰ হাতত এটা মদৰ বটল! উচ্চ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত পঢ়ি থকা ল’ৰা এটা যেতিয়া শিক্ষাগুৰুৰৰ আগত মদৰ বটল হাতত লৈ ধৰা পৰিব সেই ল’ৰাজনৰ বাৰু কেনে অৱস্থা হ’বগৈ?

অভিজ্ঞানমে মোক দেখি প্ৰশ্ন কৰিলে, ”চাৰ আপুনি ইয়াত?”

প্ৰশ্ন কৰোঁতে সি চকুৰে সোমৰস নামৰ মদৰ দোকানখনৰ দিশে ইংগিত এটা কৰিলে। মই হাতত থকা ছিগাৰেটটো লুকুৱাই কোনোমতে ক’লোঁ,

-”মই… মানে… হেৰি… মানে… মোৰ বন্ধু এজনক লগ কৰিবলৈ আহিছোঁ।”

অভিজ্ঞানমে বৰ অৰ্থপূৰ্ণ যেন ভাৱ হোৱা হাঁহি এটা মাৰি ক’লে,

”হ’ব চাৰ! আপুনি ‘ইয়াতে’ ৰখক, মই যাওঁ।”

সি কথাখিনি কওঁতে ‘ইয়াতে’ শব্দটোত লগাতকৈ অকণমান বেছি জোৰ দিয়া যেন ভাৱ হ’ল।

সি কি বুজালে বাৰু? সি কিয় তেনেকৈ ক’লে বাৰু? অগ্নিলৈ ৰৈ থকা সময়খিনিত মোৰ মনলৈ এই প্ৰশ্ন কেইটা বাৰে বাৰে আহিবলৈ ধৰিলে। মই ধৰিব নোৱাৰিলোঁ কোন বেছি অপ্ৰস্তুত হ’ল – ছিগাৰেট হুপি থকা শিক্ষকজন মানে মই নে হাতত মদৰ বটল লৈ থকা ছাত্ৰজন মানে অভিজ্ঞানম! বাৰে বাৰে মোৰ চকুৰ আগত ভাঁহি উঠিল অভিজ্ঞানমৰ সেই অৰ্থপূৰ্ণ যেন লগা হাঁহিটো! মই মদ খাওঁ মাজে মাজে, নোখোৱা নহয়। পাছে কলেজত পঢ়ি থকা দিনৰ কথা বাদ দিলোঁ প্ৰথম প্ৰথম চাকৰি কৰি থকা অৱস্থাতো মোৰ কোনো চিনাকিজনে মোক মদৰ দোকানৰ ওচৰত ৰৈ থকাও দেখা নাছিল। আকৌ মনত পৰিল অভিজ্ঞানমৰ প্ৰশ্নটো ”চাৰ আপুনি ইয়াত?”

অগ্নি আহি ওলাল। তাক কথাখিনি ক’লোঁ। ”দাদা তেনেকুৱা হয়েই। আজিকালিতো ল’ৰাৰ কাৰণে সাধাৰণ কথা দিয়ক এইবোৰ। বাদ দিয়ক, বাদ দিয়ক। বোলক, নীৰজৰ তালৈ যাওঁ সোনকালে।“

পালোঁ গৈ নীৰজৰ অফিছ। আমি কামৰ কথা পাতি আছোঁ। পাছে মোৰ মূৰত কিন্তু অভিজ্ঞানমৰ অৰ্থপূৰ্ণ হাঁহিটো আৰু তাৰ সেই ”চাৰ আপুনি ইয়াত” প্ৰশ্নটোৱে ক্ৰিয়া কৰি আছে। মই অন্যমনস্ক হৈ থকা দেখি নীৰজে সুধিলে, ”দাদা কি হ’ল?”

”এহ্ নক’বা আৰু হে! মোৰেই ছাত্ৰ এটাৰ কথা ভাবি আছোঁ।”

”কি হ’ল? আই. আই. টি. ত ছিট পালে নেকি?”

অগ্নিয়ে হাঁহি হাঁহি ক’লে, ”আচল আই. আই .টি. তে ছিট পালে।” সি নীৰজক শুনালে গোটেই কাহিনীটো। কথাবোৰ আকৌ এবাৰ শুনি মোৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ।

জকজকাই উঠিলোঁ, ”চাল্লা কি বুলি ভাবিছে? মোক সুধিব আহিছে – ‘চাৰ আপুনি ইয়াত?’ কি বুলি ভাবিছে সি?”

নীৰজে মোক শান্ত হবলৈ ক’লে, ”দাদা আপুনি মাষ্টৰ মানুহ। নাপায় ইমান খং কৰিব। নকৰিব। এই চাল্লা-তাল্লা কৈ নাথাকিব। বেয়া দেখি।”

তাৰ কথা শুনি মোৰ খং আৰু উঠিল, ”কিয় নাপায় হে? মাষ্টৰ হ’লো বুলি মানুহ নহয় নেকি? কি বুলি ভাবিছে মোক? ৰ’হ তাক আজি দেখুৱাই দিম মই! কিয় সুধিব তেনেকৈ?”

অগ্নি আৰু নীৰজে ভয়ে ভয়ে সুধিলে, ”দাদা কি বুলি সুধিলে?”

”কিয় মনত নাই নেকি? সি কুকুৰে সুধিছে – ‘চাৰ আপুনি ইয়াত?’ আজি ফালি দিম। চিনি পোৱা নাই মোক! ব’লা, ব’লা।”

এই বুলি কৈয়ে দুয়োটাকে টানি আনি মোৰ গাড়ী বহুৱালোঁ।

গাড়ী চলাই দিলো অগ্নিৰ অফিচৰ দিশে। গাড়ী ৰ’ল গৈ সোমৰসৰ সন্মুখ। দূৰৰ পৰাই চকুত পৰিল অভিজ্ঞানম আৰু কেইটামানে ফুটপাথৰ কাষতে ঠিয় হৈ ‘পাৰ্টী’ কৰি আছে। মই গাড়ীৰ পৰা নামিবলৈ লওঁতেই নীৰজে বুজাবলৈ যত্ন কৰিলে,

”দাদা এই ডেকাল’ৰাবোৰৰ লগত লাগি নোলোৱাই ভাল।”

”এটা কথা কোৱা”, অগ্নি আৰু নীৰজৰ ফালে চাই, ”তোমালোক দুটা মোৰ লগত আছা নে নাই?”

”আছোঁ দাদা, আছোঁ”, দুয়ো হয়ভৰ দিলে।

”ঠিক আছে তেনেহ’লে। আজি ময়ো দেখুৱাম বাপ্পেকে মই কোন। মই কিয় ৰৈ আছিলোঁ। চিনি পোৱা নাই মোক!”

”দাদা আমি কি কৰিব লাগিব?” নীৰজ আৰু অগ্নিয়ে প্ৰশ্ন কৰিলে।

”তোমালোকে একো কৰিব নালাগে। যি কৰিব লাগে ময়ে কৰিম।”

এই বুলি কৈয়ে মই গাড়ীৰ পৰা নামি সোমৰসৰ অভিমুখে খোজ ল’লোঁ। নীৰজ আৰু অগ্নিয়ে একেলগে চিঞৰ মাৰিলে, ”দাদা অলপ চাই-চিতি ল’ব।”

”একো চিন্তা কৰিব নালাগে। আজি কাকো কেয়াৰ নকৰোঁ। একো চাবলৈ নাই। তোমালোক ফুটপাথতে বহা মই আহি আছোঁ।”

সোমৰসৰ সন্মুখত ঠিয় হৈ সকলোৱে শুনাকৈ চিঞৰ মাৰি ক’লোঁ, ”এটা ব্লেন্ডাৰ্ছ প্ৰাইড ফুল আৰু দুবটল ছ’ডা দিয়া। প্লাষ্টিকৰ গিলাছ আছে নে? আজি ফুটপাথতে বহি খাম!”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments