“খঙাল বিৰহীৰ প্ৰেমৰ দস্তাবেজ পঢ়ি“ (ড০ মনোজ কুমাৰ ডেকা)

(১)
অৰুন্ধতী বাইদেউক আমি দেখিছিলো বাতৰি পৰিৱেশকৰ ৰুপত৷ সম্পূৰ্ণ নিভাঁজ
অসমীয়া সাজ-পাৰ, শুদ্ধ অসমীয়া উচ্চাৰণ, গম্ভীৰ ব্যক্তিত্বত মমতাময়ী মাতৃৰ
স্নেহময়ীতাৰ প্ৰতিফলন ঘটা ‘বব’ কাট দিয়া বাতৰি পৰিৱেশকজনী আমাৰ ঘৰৰ
আটাইৰে প্ৰিয়, বিশেষকৈ মোৰ শিক্ষক দেউতা আৰু শিক্ষয়ত্ৰী মাৰ৷ দূৰদৰ্শনৰ
পৰ্দ্দাত বাতৰি পৰিৱেশকৰ ৰুপত অৰুন্ধতী বাইদেউক বাদ দি অইনক গ্ৰহণ কৰিবলৈ
এটা সময়ত আমিও হৈ পৰিছিলো নাৰাজ৷
কটন মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰা, গাঁৱলীয়া বিদ্যালয়ৰ পৰা মেট্ৰিক
উত্তীৰ্ণ হোৱা মোৰ অন্যতম হেঁপাহ আছিল অৰুন্ধতী বাইদেউৰ গিৰিহঁত দেৱেন
দত্ত চাৰক চোৱাৰ!
সময় বাগৰিছিল৷ মাজতে দুটা খৱৰ পাইছিলো, অৰুন্ধতী বাইদেৱে বাতৰি পৰিৱেশন
আৰু নকৰে (মোৰ যিমান দূৰ মনত আছে কিবা উচ্চাৰণ সম্বদ্ধীয় বিষয়ক লৈ)৷
দ্বিতীয়তে শুনিছিলো যে বাইদেউৰ কেন্সাৰ হৈছিল আৰু নিজৰ মনোবলৰ বাবে
আৰোগ্যৰ পথত! দ্বিতীয়তে শুনা কথাটোৱে আবেগিক ভাবে মনক কষ্ট দিলেও মানুহ
হোৱাৰ গৌৰৱৰ নিচান উৰুৱাইছিল৷
এইবাৰৰ পূজাৰ বন্ধত মোৰ কৰ্মস্থান কোকৰাঝাৰৰ পৰা ঘৰলৈ গৈছিলো৷ ঘৰত দেউতাৰ
লগত কথাৰ মহলা মাৰি থাকোতে ফেচবুকত প্ৰথম খৱৰটো পাইছিলো৷ হতচকিত হৈ
লৰালৰিকৈ টিভিটো অন কৰি অসমীয়া চেনেল কেইটা উৰাই-ঘূৰাই শ্বাসৰুদ্ধ হৈ
চাইছিলো৷ বুকু হমহমাই যোৱা খৱৰটো দেখিছিলো, মোৰ পিছে পিছে অহা ৭৪ বছৰীয়া
দেউতাই “ও—–হ——, ও—হ—“কৈ বিৰবিৰোৱা শুনা পাই সেমেকা দুচকুৰে
বাহিৰলৈ ওলাই আহিছিলো৷
এৰা, উপলব্ধি হৈছিল যে টিভিৰ পৰ্দ্দাৰেও মানুহে মানুহৰ অন্তৰত ঠাই ল’ব পাৰে!
(২)
কালি (২৭/১০/২১০৬) “নিয়মীয়া বাৰ্তা”ত দেৱেন দত্ত চাৰৰ ‘খঙাল বিৰহীৰ
প্ৰেমৰ দস্তাবেজ —-“ শীৰ্ষক লিখনিটো পঢ়িলো৷ লিখনিটোৰ প্ৰথম দফাৰ অন্তিম
শাৰীটোৰ পৰা অন্তিম দফাৰ অন্তিম শাৰীটোলৈ চকুপানী টুকি-টুকি পঢ়িলো৷ বহু
ঠাইত ৰৈ গৈছিলো নিৰ্বাক হৈ! পঢ়ি অতাই বহু সময় নিৰৱে বহি আছিলো একে ঠাইতে

অসম আৰু অসমীয়াৰ বাবে, ভাষাটোৰ বাবেই যেন চাৰৰ জীৱন৷ স্ব-দেশ আৰু স্ব-জাতিৰ
প্ৰতি থকা আকুণ্ঠ ভালপোৱাৰ এই নজিৰ পৰিয়ালগত ভাৱে খুউব কম৷ এই দেশৰ
ইতিহাস, এই দেশৰ ভূগোলক কিমান ভাল পালে বাৰু মানুহ এজনে কোনো মৈদামৰ কাষত
হুকহুকাই উঠে! নিজৰ জাতিক কিমান ভাল পালে বাৰু মানুহ এজনে মাজনিশা সাৰপাই
উচুপি উঠে সেই জাতিৰ ভৱিষ্যতৰ আশংকাত! নিজৰ মানুহক কিমান ভাল পালে বাৰু
তেওঁলোকৰ উন্নতিৰ হকে বুকুত গুলি ল’বলৈকে সমদলত আগবাঢ়ি যায়! চাৰ আৰু
বাইদেৱে যেন অসমৰ বুৰজ্ঞীপ্ৰসিদ্ধ ঠাইবোৰ ভ্ৰমণ নকৰে, উপলব্ধিহে কৰে৷
অতীতৰ ঐতিহ্যমণ্ডিত গৌৰৱগাঁথাৰে তেওঁলোকেও হৈ পৰে গৌৰাৱান্বিত, বৰ্
তমানৰ চৰকাৰী সদিচ্ছাৰ অভাৱত সেই গৌৰৱগাঁথাত লগা সময়ৰ ধ্বংসকামী আঁচোৰত
তেওঁলোক হৈ পৰে দুখী আৰু চিন্তাক্লিষ্ট৷ অসমৰ ইমুৰ-সিমুৰ
ঘূৰি, সত্ৰই-সত্ৰই ঢপলিয়াই-ঢপলিয়াই ফুৰা এইহাল দম্পতীৰ অসমপ্ৰেম প্ৰতিজন
অসমবাসীৰ পাথেয় হোৱা উচিত৷
চাৰৰ দৰে মানুহ থকালৈকে অসম আৰু অসমীয়া মৰিব নোৱাৰে, লিখনিটো পঢ়ি মোৰ
সেয়াও উপলবদ্ধি হৈছে৷ “হে’ অসমী আই, তুমি ধন্য! দেৱেন দত্ত, অৰুন্ধতী দত্তৰ
দৰে সন্তানো তোমাৰ আছে! ”
আবেগত চলচলীয়া হোৱা চকুৰে শেষত প্ৰতিথযশা সাহিত্যিক ফণীন্দ্ৰ কুমাৰ
দেৱচৌধুৰী চাৰৰ ভাষাৰে কওঁ যে, ”এই পৰিয়ালটোৰ পৰা অসমৰ প্ৰতিটো পৰিয়ালে
বহু কথা শিকিবলগীয়া আছে”৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments