খজুৱতি পুৰাণ (দীপুল হালৈ)

সৰু বৰ সকলোৰে খজুৱতি হয়। কেতিয়াও খজুৱতি নোহোৱা লোক কিজানি নোলাবই। কাৰোবাৰ মূৰ খজুৱায়, কাৰোবাৰ ভৰি খজুৱায়, কাৰোবাৰ কৰঙনৰ চুক।  মুঠতে খজুৱতি নোহোৱা ঠাই নাই। হালোৱা-হজুৱা, ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক, ল’ৰা-বুঢ়া, ডেকা-ডেকেৰী, কেঁচুৱা সকলোৰে খজুৱতি হয়।

জন্তু-জানোৱাৰো এই খজুৱতিৰ পৰা সাৰি নাযায়। কুকুৰ, গৰু, ছাগলী সকলোৰে খজুৱতিয়ে লম্ভে। কুকুৰে খজুওৱা দেখিছিনে? মাজ ৰাস্তাত ডিঙিত ঠেঙেৰে খজুৱাই যে গাড়ী ৰাখি দিব লগা হয়। আঁতৰি নিদিয়ে; যেন একোটা লাইভ স্পীড ব্ৰেকাৰহে। বেচেৰা কুকুৰটোক মাখিকেইটাই কমখন কামোৰ দিয়েনে! নখজুৱাই নোৱাৰে। গাঁৱত ডাঙৰ দীঘল হোৱা সকলোৱেই ঘৰৰ হালোৱা গৰুৰ কান্ধৰ খজুৱতি দেখিছে। তামোল বা নাৰিকল গছত এনেদৰে খজুৱায় যে গোটেই গছজোপাই লৰি উঠে। ঘৰৰ চালত পৰি থকা পাৰ চৰাই হালৰ মতাটোৱে খজুৱাই দিয়াৰ প্ৰেমৰ মুহূৰ্তটো চাগে বহুতেই দেখিছে!

বাৰু, জন্তুৰ কথা এৰি মানুহৰ কথালৈ আহোঁ। সৰুতে মূৰত সাধাৰণতে খজুৱতি হয় ‘ওকণী’ নামৰ সৰু পোকটোৰ বাবে। আইতা, মায়ে কয় যে বাঁহতলেৰে গ’লে বাঁহনিত থকা বীৰাই মূৰত ওকণী পেলাই দিয়ে। সেয়েহে বাঁহনিৰ তলেৰে বাট বুলোঁতে বৰ ভয়ে ভয়ে গৈছিলোঁ। আৰু পৰাপক্ষত অকলে নগৈছিলোঁ। তথাপিও ওকণি হয়। পিজলা, লেখি, বীৰা ওকণিৰ বাল্যকালৰ পৰা প্ৰাপ্তবয়স্কলৈ মানুহে দিয়া নাম। আমাৰ লগৰ এজনৰ মূৰত ইমান ওকণি যে জুমি চালে চুলিৰ মাজত ওকণীয়ে পাইচাৰি কৰা দেখি থাকি। বেচেৰাই লোকৰ ফণীৰে মূৰ আঁচুৰিলে ফণীখন পূৰাকৈ চুলিত সুমুৱাই নিদিয়ে, দিলেই লেথা- এগালমান ওকণী ফণীত লাগি আহিব। অনবৰত মূৰটো খজুৱাই থাকে; চাৰে শ্ৰেণীত কিবা সুধিলে খজুৱতি আৰু বাঢ়ে।

খজুৱাবলৈ মানুহে  কি কি যে ব্যৱহাৰে নকৰে। আমাৰ গাঁৱৰ আতোহা দাদাই হাতত লৈ থকা কটাৰীখনেৰে সদায় পিঠিখন এনেদৰে খজুৱাই থাকে যে দেখিলেই ভাল লাগি যায়। বহুতে পুৰণা ফণী, বিচনীৰ নাল আদিৰেও কাম ফেৰা কৰি আনন্দ পায়। আন সঁজুলি নাথাকিলে ভগৱান প্ৰদত্ত হাত দুখনেৰেই খজুৱায়। বহুতেই আকৌ খজুৱাবলৈ বিশেষ আহিলাও সাজি লয়। আমাৰ চাৰ এজনৰ খজুওৱাৰ কথা ক’লে আপুনি চাগে ভয় খাব। অফিছত  কাগজ আদি ফুটা কৰিবলৈ ব্যৱহাৰ কৰা কাঠৰ নাল থকা লোহাৰ জোঙা আগটো কাণৰ ভিতৰত ভৰাই মহা আৰামেৰে কাণ খজুৱাই থাকে। সৰহ ভাগে চছমাৰ নাল বা কিনা আঙুলিৰে কাণ খজুওৱা দেখা যায়। বাঘৰ নেগুৰেৰে অৱশ্যে কাকো কাণ খজুওৱা দেখা নাই। মৰি থকা বা ট্ৰেঙ্কুলাইজ কৰা বাঘৰ নেগুৰেৰে চেষ্টা এটা দিব পাৰি। অসমৰ এজন সাহিত্যিকে কৈছিল হেনো: “মোৰ বেলেগ বেমাৰ হ’ব নালাগে কেৱল এটুকুৰা খজুৱতি থাকিলেই হ’ল”। এৰা খজুৱাই কিমান আনন্দ পোৱা যায় সেয়া ভুক্তভোগীয়েহে গম পায়।

কোম্পানীবোৰেও খজুৱতিৰ কিমান যে দৰব উলিয়াইছে। আমি সৰু থাকোঁতে ডেৰোবীন এটা বৰকৈ ব্যৱহাৰ হোৱা দৰব আছিল। খজুৱতি নাইকিয়া কৰি দিয়ে কিন্তু চালৰ বৰণ ক’লা কৰি থৈ যায়। এতিয়া ওলাল পেচাব কৰা ঘৰত বিজ্ঞাপন দিয়া জালিম লোচন, বি.টেক্স আদি। মানুহেও ফাৰ্মাচীৰ পৰা ফটকৈ গৈ ব্যৱহাৰ কৰি নিস্তাৰ পায়। সামান্য খজুৱতিৰ বাবে ডাক্তৰৰ ওচৰলৈ গৈ কোনে পৰ দিব। তাতে নৰ- নাৰীয়ে কিছুমান জেগাৰ খজুৱতিৰ কথা ক’বলৈ লাজো কৰে। বহু পুৰুষে পাচে লাজ মান কাতি কৰি বৰ আৰামেৰে কৰঙনৰ খজুৱতি দুই হাতেৰে বা এহাতেৰে নিৰ্বাণ কৰে। হাটে-বজাৰে পুৰুষৰ এইটো দৃশ্য সততে দেখা যায়। মহিলাক এনেকৈ খজুওৱা সাধাৰণতে দেখা নাযায়; অৱশ্যে বিজ্ঞাপনত  মহিলাকে দেখুৱায়।

পিছে ৰাইজ, দেহৰ ভিতৰৰ বহুতো ৰোগতো খজুৱতি এটি লক্ষণ। গতিকে বহুদিন খজুৱতি হৈ থাকিলে চিকিত্সকৰ ওচৰলৈ যাবলৈ লাজ নকৰিব দেই!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments