খণ্ডচিত্ৰ- খনিন্দ্ৰ ভূষণ মহন্ত

“পাৱে পৰি হৰি, কৰহোঁ কাতৰি,
প্ৰাণ ৰাখবি মোৰ
বিষয় বিষ ধৰ
বিষে জৰ জৰ
জীৱন না ৰহে থোৰ
প্ৰাণ ৰাখবি মোৰ…“
: হে’ৰা, দোস্তিৰ কোঠাৰ আজি দুৱাৰেই খোলা নাই যে? কিয় বা?
: গম নাপাওঁ৷ গা বেয়া নেকি? নে ৰাতি টোপনি ক্ষতি কৰিছে?
: বৰুৱা, অ’ বৰুৱা
নাই, কোনো সাৰ-সুৰ নাই৷
“আপোন ঘৰৰ“ৰ আটাইতকৈ ফূৰ্তিবাজ মানুহজনেই হৈছে বৰুৱা৷ আমাৰ এই শইকীয়া, বৰা আৰু বৰুৱাক প্ৰায় একেলগেই দেখা যায়৷ ইজনে -সিজনক “দোস্তি“ বুলি মাতে৷ আজি হঠাৎ এনেকৈ বৰুৱাই ১১ বজালৈ দুৱাৰ নোখোলা বাবে তেওঁলোকৰ চিন্তা লাগিল৷
: কথাষাৰ ’দিদি’ক কোৱাই ভাল হ’ব বুজিছা দোস্তি – দুয়ো ’দিদি’ৰ কেবিনলৈ ঢাপলি মেলিলে৷
: অ’ মা, দেউতা কেতিয়া আহিব?
: আহি পাব এতিয়া৷ দোকানত সোমাইছে কিজানি৷
: চকলেট আনিব ন?
: আনিব সোণ, তোমালে নানি কালৈ আনিব?
অফিচৰ পৰা আহোঁতে একমাত্ৰ পুতেকলৈ চকলেট এটা অনাটো মিঃ বৰুৱাৰ নিয়মৰ দৰে৷ যিমানেই কৰ্মব্যস্ততা নাথাকক কিম্বা অৱসাদে আৱৰি নধৰক, এই কামটো তেওঁ কেতিয়াও নাপাহৰে৷ কলিং বে’লটো বজাৰ লগে লগেই যে “দেউতা আহিলে, দেউতা আহিলে“ বুলি অকমাণিটো দৌৰি গৈ কোলাত উঠেগৈ, সেইখিনিয়ে তেওঁৰ দিনটোৰ সকলো দুখ-ভাগৰ পাহৰাই দিয়ে৷ বিয়াৰ সাত বছৰৰ পাছত সি তেওঁলোকৰ জীৱনলৈ আহিছে৷ গতিকে পুতেকৰ গাত যাতে আঁচ অকনো নপৰে তাৰ বাবে মাক-দেউতাক দুয়ো সদা সচেতন হৈ থাকে৷ অত্যন্ত মৰমৰ উমত ডাঙৰ হৈছে সি৷ ৰাতিলৈ বাপেক-পুতেকৰ “হাতী-হাতী“ খেল চলে৷ মাকে কাষতে ৰৈ মাথো চাই থাকে…
: দেউতা, এটা কথা আছিল৷
: কচোন
: তুমি দেখিছাই, দিনটো আমি দুয়ো নাথাকোৱে৷ ওচৰে-পাজৰেও কাষতে পোৱা মানুহো তেনেকৈ নাই৷ গতিকে ভগৱানে নকৰক, আমি নথকাত যদি তোমাৰ বেছিকৈ গা বেয়া লাগে!
: সেইটো আৰু তেৰাৰ লীলাহে৷ আমিনো কি কৰিব পাৰিম! বাৰু, তহঁতে কি ভাবিছ কচোন৷
: মানে দেউতা, তুমি কথাবোৰ বেলেগ ভাৱে নল’বা৷ যদি তোমাক “আপোন ঘৰ“ত থৈ আহো তুমি তাত লগো পাবা, দুই এক কথাও পাতিব পাৰিবা৷ মনটোও ভাল লাগি থাকিব৷ শৰীৰ চোৱা-চিতা কৰিবলৈ তাত মানুহো থাকে৷ মই খা-খবৰ কৰি আহিছোঁ৷
বৰুৱা শিল পৰা কপৌৰ দৰে থৰ হৈ ৰ’ল৷
কিছু সময়ৰ পাছত “তহঁতে যি ভাল দেখ“ বুলি কৈ তেওঁ দীঘল হুমুনিয়াহ এটা এৰিলে৷
: তুমি চিন্তা কৰিব নালাগে৷ আমি সপ্তাহে-সপ্তাহে গৈ তোমাক দেখা কৰি থাকিম নহয়৷
: হ’ব দে…
সময় আবেলি ৩ মান বাজিছে৷ বৰুৱাৰ কোঠাৰ দুৱাৰ খোলাই নাই৷ দিনত খাবলৈও যোৱা নাই৷ ’দিদি’য়েও আহি দুৱাৰ খোলাব নোৱাৰিলে৷ সকলোৰে চিন্তা লাগিল৷
কিছু সময় পাছত দুৱাৰ খুলি বৰুৱা ওলাই আহিল৷ নতুন পেণ্ট-চাৰ্ট পিন্ধি মানুহজন তমস্কাৰ হৈ আছে৷ ’দিদি’ক মাতি সুধিলে-“বগা গাড়ী এখন দেখিছিল নেকি? আমাৰ ই অহাৰ কথা আছে মানে৷ “
: ওহোঁ৷ নাই আহা৷
(“দেউতাক ক’ব, মই যাব নোৱাৰিম৷ বিশেষ কাম এটাত ব্যস্ত আছোঁ৷ পাৰিলে অহা মাহত এপাক মাৰিম৷ “ পুতেকে পুৱাই ফোনত কোৱা কথাকেইটা কওঁ বুলিও ’দিদি’য়ে ক’ব নোৱাৰিলে৷ )
সন্ধ্যা লগালৈকে বৰুৱা পদূলিলৈ চাই চাই ভাগৰি পৰিল৷ “আজি কিবা অসুবিধা হ’ল কিজানি৷ কাইলৈ আহিব সি৷ অ, কাইলে আহিব৷ “-নিজেই নিজক কোৱাদি কৈ আকৌ দুৱাৰ বন্ধ কৰি তেওঁ নিজ কোঠালৈ সোমাই গ’ল৷ খিড়িকীয়েদি ভাঁহি অহা চিনাকি বৰগীতটোৱে পৰিৱেশটো কিছু গহীন কৰি তুলিলে-
“অথিৰ ধন জন
জীৱন যৌৱন
অথিৰ এহু সংসাৰ
পুত্ৰ পৰিবাৰ সবহি অসাৰ
কৰবো কাহেৰি সাৰ…“

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments