খবৰৰ আঁৰৰ খবৰটো — জয়শ্ৰী বি জে বৰা

  • তৰাৰ মাক, অ’ তৰাৰ মাক, ঘৰত আছনে?
    মাতি মাতি মাত নাপাই পিছফালেই পালেহি বন্তি পেহী। সকলোবোৰ কামে কাজে ওলাই যোৱাৰ পিছত এক চেকেণ্ডো ৰ’বলৈ সময় নাথাকে তৰাৰ মাকৰ। গৰু-ছাগলীকেইটাক লৰোৱা, পানী খুওৱাৰ পৰা আদি কৰি, ঘৰখন সৰা-মোচা কৰা, ধান-চাউল লোৱা, গিৰিয়েকৰ প্ৰিয় সান্দহ জলপানকণ খুন্দা এই গোটেই কামখনি মানুহবোৰ ঘৰত নাথাকোঁতেই কৰি আজৰি হৈ থাকিব লাগে। নহলে সিহঁতক ভাগে ভাগে চাহ ভাত যাঁচি তাঁত খনত বহিবলৈকে সময়ৰ নাটনি হৈ পৰে। পেহীৰ মাতটো শুনি বিৰক্তিহে পালে তৰাৰ মাকে। আহিল আৰু কথাৰ মহলা মাৰিবলৈ বুলি মুখৰ ভিতৰতে ভোৰভোৰাই লৰালৰিকৈ বাৰীত তামোল বুটলি থকা মানুহগৰাকী আহি পাই মানে পেহী আহি পিছফালেই পালেহি।
  • অ’ পেহী আহিলে! অনিচ্ছা সত্ত্বেও সাদৰেৰেই মাতষাৰ দিলে তৰাৰ মাকে। তেওঁ জানে পেহীৰ ৰোষত পৰাৰ পৰিণাম অতি ভয়াবহ হব পাৰে। গাঁওখনত ’নিউজ লাইভ’ বুলি পৰিচয় থকা বন্তি পেহীয়ে তিলটোক তালটো কৰি পেলাব পাৰে মুহূৰ্ততে। আৰু নোহোৱা কথা এটা হোৱা আৰু হোৱা কথা এটাক নোহোৱা কৰাটো পেহীৰ যেন বাওঁহাতৰ খেলহে। গতিকে তেওঁৰ লগত তাল মিলাই চলি থকাটোৱেই মংগল।
    -ক’ত মৰি আছিলিগৈ নো দুপৰীয়া খন? দেচোন চাহ পানী এটোপাকে। আজিকালি মানুহবোৰ বৰ ভি আই পি হ’ল অ’! বা গাঁৱতো আজিকালি মানুহে দৰ্জা-জপনা দুপৰীয়াতে লগাবলৈ ললে। গোটেই গাঁওখন পাৰ কৰি আহিলো, কাৰো ঘৰত পানী এটুপি নাযাছিলে অ’। কি যে দিনকাল আহিল ঐ!
    চাহকাপ হাতত লৈ বন্তি পেহীয়ে আৰম্ভ কৰিলেই নহয়।
    -জীৱন মাষ্টৰৰ ঘৈণীয়েকৰ কথাটো শুনিছনে নাই? নাপাই আৰু দেই এই বয়সত। মানুহটোক স্কুলখনলৈ পঠাই দিয়াৰ পিছত কি যে চলি থাকে ইয়াত নিমাখিত মানুহটোৱে গমেই পোৱা নাই অ’..কিবা উপায়েৰে মানুহটোৰ কাণত কথাটো পেলাব লাগিছিল।
    -কি কথানো পেহী? তৰাৰ মাকৰ নিজৰ কামবোৰৰ পৰাই আহৰি নাই। গতিকে মানুহগৰাকীয়ে ক’ত কি ঘটি আছে কেতিয়াবা সেই বন্তি পেহী আহিলেহে খবৰ বোৰ পাই।
  • থ’ হেৰৌ, বেছি আজলী হৈ নেদেখাবি। গোটেই গাঁও তল-ওপৰ হল। তইহে গম নাপাৱ নে? গিৰিয়েকটো স্কুলখনলৈ বুলি ওলাই যোৱাৰ পিছতেই স্কুতি বাইকত আজি এটা কালি এটা। ইমান সন্মান থকা মানুহটোৰ ঘৰলৈ আজিকালি পিলিঙা ল’ৰামখাৰ অবাধ অহা যোৱা অ’। ক’ৰ ল’ৰা কোনেও চিনি নাপাই। আমাৰ গাঁৱৰ নহয়, চহৰৰ পৰা আহে যেন লাগে। কি বস্তুৰ আদান-প্ৰদান হয় নাজানো। কেইবাদিনো মই হাতে-লুটে ধৰা পেলাইছো মনে মনে কিবা বস্তু দিওঁতে। মানুহটোৰ মান সন্মান গোটেইসোপা খালে অ’..তাই বেটিয়ে আকৌ মোক কথা শিকাই, জ্ঞান দিয়ে বোলে নাপাই নহয় পেহী লোকৰ কথা পাতি ফুৰিব। মইনো কি মিছা কথাটো কৈছিলো অ’ তাইক! মদনৰ জীয়েক যে ঘৰলৈ ঘূৰি অহাৰ পিছতো গাভাৰী সেই খবৰটোহে দিছিলো। কৃষ্ণ কৃষ্ণ, অতখিনি ভাষণ দিলে অ’..নিদিবনো কিয় নিজৰেই চৰিত্ৰ বেয়া, গাত লাগিল চাগে।
    তৰাৰ মাক অলপ আচৰিত হল পেহীৰ কথাত। মানুহগৰাকীক নামঘৰে সবাহে যিমান দিন লগ পাইছে তেনেকুৱা যেনটো নালাগে। পেহীৰ কথাখিনি বিশ্বাসত ল’বলৈ টান পালে তেওঁ। আৰু মদনৰ জীয়েক গুচি আহিল ঠিকেই, কিন্তু বেচেৰী যে সেই দুমহীয়া বৈবাহিক জীৱনৰ শাৰীৰিক অতিশয্যৰ ফল ভুগি গাভাৰী সেই কথাটো পেহীক বুজাই এনেই সময় নষ্ট নকৰিলে আৰু তেওঁ। এৰা মহিলাই মহিলাৰ শত্ৰু।
    গাঁওখনত কথাটো ৰাষ্ট্ৰ হবলৈ বেছিদিন নালাগিল যে জীৱন মাষ্টৰৰ ঘৈণীয়েকৰ গাত বতাহ লাগিছে। এই খবৰটো প্ৰচাৰ কৰাত পেহীয়ে বৰ গুৰুত্বপূৰ্ণ ভূমিকা এটা গ্ৰহণ কৰিলে। জীৱন মাষ্টৰে গম নোপোৱাকৈ কথাটো অলপ গহীনেই হৈ পৰিল। লাহে লাহে গাওঁবুঢ়াৰো কাণ চোৱালে পেহীয়ে। অৱশেষত ৰাইজৰ মাহেকীয়া জেনেৰেল মিটিঙৰ দিনটো আহি পৰিল। মিটিঙত কথাটো লাজ লাজকৈ গাওঁবুঢ়ায়েই উলিয়ালে-
    -জীৱন, তই স্কুলত শিক্ষা দি মানুহ গঢ়ি থাকোঁতেই যে তোৰ ঘৰখনেই যে অধঃপতিত হৈছে তই কথাটো গম পাইছনে নাই?
    গাঁওখনত জীৱন মাষ্টৰক সাধাৰণতে মুৰ তুলি কথা নকয় কোনোৱেই। সমীহ কৰে সকলোৱে। তেনে স্থলত গাওঁবুঢ়াৰ মুখত এনে কথা শুনি চক খোৱাদি খালে মাষ্টৰে।
  • মানে খুৰাদেউ সেইটো আকৌ কি কথা কলি?
  • অ’ শুনিছো আৰু দেখিছো যিটো সেইটোহে কৈছো। তই ইস্কুললৈ বুলি ওলাই যোৱাৰ পিছতেই বাইক স্কুটাৰ লৈ প্ৰায়ে তোৰ ঘৰলৈ কিছুমান অচিনাকি ল’ৰা আহি বোৱাৰীক বস্তু দি যোৱা নিজ চকুৰে দেখিছো আৰু আনৰ মুখতো শুনিছো। দুদিনমান ধৈৰ্য ধৰিলো আমিও বোলো তোৰ কাণত নপৰাকৈয়ে কথাবোৰ সলনি হয় নেকি চাওঁ। কিন্তু দিনে দিনে দেখোন কথাবোৰ বেছিকৈ বাঢ়ি গৈ হে আছে। সেয়ে সকলোৰে হৈ ময়েই কথাখিনি উলিয়ালো। সময় থাকোঁতেই ঘৈণীয়েৰক ঠিক কৰি ৰাইজৰ ওচৰত সেৱা ল’ব ক’বি। নহলে এঘৰীয়া কৰিবলৈ সমাজখন বাধ্য হব যিহেতু গাঁওখনত উঠি অহা ল’ৰা-ছোৱালী বোৰ আছে। সিহঁতি কি শিকিব বাৰু তই নিজেই বিচাৰ কৰ!
    বহুত সময় তভক লাগি বহি থাকিল জীৱন মাষ্টৰ। নিঃসন্তান জীৱন মাষ্টৰৰ পত্নী ৰমিলাৰ একাকীত্ব দূৰ কৰিবলৈকে বিলাতীজাতৰ কুকুৰ দুটা আৰু লাভ বাৰ্ড চাৰিজোৰা গোটাই দিছে তাইক। ৰমিলাই কথাৰ মহলা মাৰিব নাজানে। ঘৰখনৰ পৰা কলৈকো ওলাই যাব নোখোজা নিসংগ মানুহজনীৰ মনটো পোহৰ কৰি ৰাখিবলৈকে পিছফালে এনেই পৰি থকা মাটিখিনি ধুনীয়াকৈ চহ কৰি ধুনীয়া ফুলনি বাগিচা এখনো কৰিছে মাষ্টৰে। স্কুলৰ পৰা আহি তাৰ কাৰণে প্ৰয়োজনীয় ফুলৰ গুটি, জীৱকেইটাৰ বাবে দানা খাদ্য আদি বিচাৰি দোকানে দোকানে ঘূৰিবলৈ এলাহ কাৰণে মানুহজনীক নিজেই কৈছিলে বোলে তুমি লিখা পঢ়া কৰা মানুহ। নেটত চায়েই প্ৰয়োজনীয় বস্তু কেইপদ গোটাই লবা অ’। আজিকালিটো গাঁৱলৈকো অনলাইন শ্বপিংৰ বস্তু আহে। সেই অৰ্ডাৰবোৰৰেই আজি যদি এটা বস্তু আহে কাইলৈ এটা। সেই বস্তুবোৰ দিবলৈ অহাৰ কাৰণেই বেলেগ বেলেগ ধৰণৰ লৰাৰ লগত অবৈধ সম্পৰ্ক আছে বুলি বদনাম পালে মানুহ গৰাকীয়ে। আজি মাষ্টৰে জীৱনত প্ৰথমবাৰৰ কাৰণে নিজকে বৰ পৰাজিত যেন অনুভৱ কৰিলে।
    গাঁৱৰ পৰা পাঁচ কিঃমিঃ আঁতৰত থকা স্কুলখনত গৈ জীৱনবোৰ পোহৰাই থাকোঁতে তেওঁৰ গাঁওখনেই যে মিছা অন্ধকাৰত পোট গৈ থাকিল। সভাখনত উপস্থিত মানুহখিনিক এই মুহূৰ্তত বৰকৈ ঘিণ লাগিল মাষ্টৰৰ। শিক্ষাৰ পোহৰ কম গাঁওখনত। জ্ঞানমূলক আলোচনা এটাত ভাগ লোৱাতকৈ পৰচৰ্চা কৰাত গুৰুত্ব বেছি। তাতে বন্তি পেহীয়ে সোণত চুৱগা চৰাইছে চাগে। তথাপি বুজাই দিলে কথাবোৰ আচলতে কি। অযথা মানুহজনীৰ গাত চেকা পৰিবলৈ দিব নোৱাৰে মাষ্টৰে, এটা ভাগৰুৱা মন লৈ কোবাকুবিকৈ ঘৰলৈ বুলি ৰাওনা হল তেওঁ। যাওঁতে বাটটো চিন্তা কৰি গল এই কথাটো কি উপায়েৰে মানুহগৰাকীৰ কাণত পৰাৰ পৰা আঁতৰাই ৰাখিব পাৰি। ফুল, চৰাই আৰু পশু পক্ষীৰ সংসাৰখনৰে নতুনকৈ জী উঠিবলৈ লোৱা মানুহগৰাকীক এনে এটা খবৰৰে পুনৰ জীয়াই জীয়াই মাৰি পেলাব নোখোজে তেওঁ।

===

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments