খবৰ নিদিয়াকৈ অহা আলহীবোৰ – সংগীতা কাকতি

যোৱা দেওবাৰে জাপানীজ বান্ধবী এজনীৰ ঘৰলৈ গৈছিলোঁ, এসাজ লগে-ভাগে খোৱাৰ নিমন্ত্ৰণ আছিল৷ খোৱাৰ পৰ্ব সোনকালেই শেষ হ’ল৷ পিছে খাই-বৈ উঠি বান্ধবীৰ ৯৪ বছৰীয়া আইতাকৰ সৈতে ভঙা ভঙা জাপানীজত কথা পাতি থাকোঁতে গধূলিয়েই হ’ল৷ আহিবৰ পৰত পদূলিমুখলৈকে আগবঢ়াই দি বান্ধবীয়ে ক’লে, “আকৌ আহিবা এনেকৈয়ে, যেতিয়াই মন যায় গুচি আহিবা৷ আগতীয়াকৈ খবৰ নিদিয়াকৈ আহিলেতো আৰু বেছি ভাল লাগিব।”
প্ৰথমে আচৰিত হ’লোঁ, তাৰপিছত ভাবি বেয়া লাগিল; ইমান ব্যস্ততাৰে ভৰা সিহঁতৰ জীৱনত খবৰ নিদিয়াকৈ আহি আমনি দিয়াটো জানো ভাল হ’ব!
মোৰ পৰা উত্তৰ নাপাই বান্ধবীয়ে ক’লে, “আমি আচলতে ক্ল’জ বন্ধু-বান্ধবৰ ঘৰলৈ খবৰ নিদিয়াকৈ অহা-যোৱা কৰোঁ৷ সেয়েহে খবৰ নিদিয়াকৈ মাতিলোঁ তোমাক।”
বিদেশৰ মাটিত ইমান আত্মীয়তা কেনেকৈ উপেক্ষা কৰিব পাৰি! আৱেগসনা সন্মতিৰে তাইৰ পৰা বিদায় ল’লোঁ৷ তাইতো মাজে মাজে আহেই মোৰ ঘৰলৈ, এইবাৰ আইতাককো লগত লৈ আহিবলৈ কৈ আহিলোঁ৷ তেওঁৰ কথাবোৰ ভালকৈ নুবুজিলেও ক্ষন্তেক সময়তে নিজৰ আইতাৰ দৰেই লাগি গৈছিল তেওঁক৷ সঁচাকৈয়ে মনৰ ভাববোৰ বুজাবলৈ-বুজিবলৈ কেতিয়াবা ভাষা প্ৰয়োজনহীন হৈ পৰে!
ঘৰলৈ উভতি আহি থকা গোটেই বাটচোৱা একেটা কথাই মনটোত হেন্দোলনি তুলি থাকিল; কিমান বছৰ হ’ল কাৰোবাৰ ঘৰলৈ মই খবৰ নিদিয়াকৈ যোৱাৰ! কিমান বছৰ হ’ল বাৰু মোৰ ঘৰৰ দুৱাৰত খবৰ নিদিয়াকৈ আপোন কাৰোবাৰ টোকৰ পৰাৰ! মোবাইল ফোনৰ প্ৰচলন নোহোৱা, চ’চিয়েল মিডিয়াৰ যোগাযোগে ভূমুকি নমৰা সৰুকালৰ সেই কথাবোৰ মনত পৰিল৷ শিৱসাগৰৰ ভিতৰুৱা গাঁও এখনত মোৰ জন্ম৷ তাৰ পৰা যাতায়াতৰ অৱস্থা একেবাৰেই সুচল নাছিল৷ আধাঘণ্টা খোজ কাঢ়ি গৈ আলিমূৰটো, তাত এক-দুইঘণ্টা ৰোৱাৰ পিছত মানুহেৰে পাণ-জপা দি অহা আমগুৰি-বালিঘাট লাইনৰ ফ’ৰ জিৰ’ চেভেন কেইখন; সেয়াই আছিল অহা-যোৱাৰ নিয়মিত মাধ্যম৷ অৱশ্যে গাঁৱৰে ধনী মানুহ এঘৰৰ দুখন বাছ আছিল৷ তাৰে এখন বাছ আমাৰ পদূলিটো পাৰ হৈ গৰাকীৰ ঘৰৰপৰা অহা-যোৱা কৰে৷ সেইখনতে ক’ৰবালৈ যাওঁ বুলিলে পদূলিতে উঠিব পাৰি, সময়ো ৰাহি হয়, কষ্টও কমে৷ সেই একেটা কাৰণতে আমাৰ ঘৰলৈ অহা দূৰণিবটীয়া আলহীবোৰো প্ৰায়েই বাছখনতেই আহে৷
কাষৰ নামঘৰটোত সন্ধিয়া ডবা বজাৰ পিছত, প্ৰত্যেকৰে গোঁসাইঘৰৰ পৰা ভাঁহি অহা প্ৰাৰ্থনাৰ সুৰৰ বাহিৰে গোটেই অঞ্চলটো নিজম পৰি থাকে৷ লাহে লাহে এঘৰ-দুঘৰত আৰম্ভ হয় চিঞৰি চিঞৰি নেওঁতা নতুবা কুঁহিপাঠ মতাৰ কলৰব৷ ‘একে একে দুই’, ‘হলৌ উঠিল টকৌ গছত’ ইত্যাদিত প্ৰাণ পাই উঠে চুবুৰীটো৷ লাহে লাহে ঘৰবোৰৰ আখলত জুই দিয়াৰ যো-জা চলে৷ জুহালৰ কাষৰ মজিয়াত বহি আমি কথা আৰু হাঁহিত বুৰ গৈ থাকোঁ৷ এসময়ত সন্ধিয়াৰ নিৰ্জনতা ফালি বাছখন আহে৷ দূৰৈত মৰা হৰ্ণ শুনা পালেই আমি কাণ উনাই থাকোঁ, আমাৰ পদূলিত ঘেৰেককৈ শব্দ কৰি ৰৈ গৈছে নেকি বাৰু বাছখন! বাছৰ পৰা নামি আহিছে নেকি দূৰণিবটীয়া আপোন কোনোবা৷ প্ৰায়েই কোনো নাহে, মায়ে তাৰ পিছত আনকালৰ হিচাপতে চৰুত চাউল বহায়৷ আৰু কেতিয়াবা সঁচাকৈয়ে বাছখন ৰৈ যায় আমাৰ পদূলিত৷ চাকিটো লৈ আমি আগবাঢ়ি যাওঁ পদূলিলৈ৷ আদৰি আনো খবৰ নিদিয়াকৈ তেনেকৈয়ে অহা বুকুৰ আপোন আলহীবোৰক৷
কিছুমান আলহী অৱশ্যে লাইনবাছ-খোজ কাঢ়ি বাটকুৰি বাই দিনৰ পোহৰতো আহে৷ যেনেকৈয়ে নাহক কিয়, আলহীবোৰ হঠাৎ আহি ওলালত আমি আপোনপাহৰা হৈ পৰিছিলোঁ৷ আলহীৰে ঘৰ ভৰি থকা দিনকেইটা কিমান আনন্দৰ দিন আছিল! আলহীক খুৱাবলৈ হৰেক ৰকমৰ খাদ্য নাথাকে৷ বজাৰলৈ বহু দূৰ, ওচৰৰ বজাৰখন অকল শনিবাৰেহে বহে৷ সেয়ে বাৰীৰ পুখুৰীটোত দেউতাই জাল মাৰি ৰৌ-কুঢ়ি দুটামান ধৰে৷ ঘৰতে কুকুৰা পোহোঁ, দুখ লাগিলেও তাৰো এটামান মৰা যায়৷ কেতিয়াবা কাঁহীৰ কাষত আলুগুটি পিটিকাৰেও চলে৷ তাকে ভাবি কোনোদিন বেয়াও লগা নাছিল, মৰম-আত্মীয়তাৰে মন ভৰি থাকিলে খোৱাৰ তালিকাখন যে গৌণ হৈ পৰে৷ বেছি আলহী আহিলে বিছনাৰ অভাবত প্ৰায়েই তলত ঢালাই পৰা হৈছিল৷ জাৰৰ দিনত গৰম কাপোৰেও কেতিয়াবা নাটে৷ পথালিকৈয়ে কঁথা-ব্লেংকেট লৈ দন্ত্য-দ হৈ ওৰে ৰাতি পৰি থাকিছিলোঁ৷ পিছে জাৰৰ অনুভৱোচোন ক’ৰবাত নোহোৱা হৈ গৈছিল৷ আত্মীয়তাৰ উত্তাপত কোঠাটো ইমান গৰম হৈ পৰে! ৰাতি এপৰলৈকে হাঁহি-খিকিন্দালিত ভৰি পৰে চৌদিশ৷ ওচৰ-চুবুৰীয়ায়ো ৰিং এটা মাৰি সোধে, “আলহী শুৱাই নাই নেকি অ’ তহঁতৰ? ’ উত্তৰত আকৌ খিল্‌খিল্‌ এজাক হাঁহি৷
আলহীৰ উলটি যোৱাৰ সময় কাষ চাপি আহিলেই মনবোৰ সেমেকিবলৈ ধৰে৷ কোনোবা এদিন যাবলৈ ওলায়, শেষ সময়ত চেন্দেলযোৰ নতুবা লগত অনা বেগটো বিচাৰি তেওঁলোক হায়ৰাণ হয়৷ নাই, ক’তোয়েই নোলায়! এনেকৈ পাহৰিব লাগেনে ক’ত থৈছিল বস্তুপদ! কাপোৰ কানি সলাই, আলহীয়ে যোৱাৰ পৰিকল্পনা বাদ দিয়ে৷ বস্তু হেৰোৱা-বিচৰাৰ সেই প্ৰক্ৰিয়া কেইবাদিনো চলে৷ অৱশেষত উপায়বিহীন হৈ আলহী যেতিয়া বস্তুৰ অবিহনেই কাহানিও আকৌ নহাৰ ভাবুকি দি যাবলৈ ওলায়, তেতিয়া ধান থোৱা ডুলিৰ ভিতৰৰপৰা অথবা বাকচৰ কাপোৰৰ জাপৰপৰা ওলাই পৰে আলহীৰ আপুৰুগীয়া সম্পদ৷ তেনেকৈ বস্তু লুকুৱাই থৈ কিমানবাৰ কিমান আলহীৰ যে যোৱা পিচুৱাইছিলোঁ তাৰ কোনো হিচাপ নাই৷ আলহীয়েও বুজিছিল সেই বস্তু হেৰোৱাৰ লগত যে নিবিড় সম্পৰ্ক মৰম আৰু আত্মীয়তাৰ৷

কেতিয়াবা আমি কিবা কামত ঘৰত নাথাকোতে ক্ষন্তেকৰ বাবে আহি ওলোৱা আলহীক লগেই নাপাইছিলোঁ৷ আগতীয়াকৈ খবৰ দিব-ল’ব পৰা সুবিধাজনক ব্যৱস্থা এটা নথকাৰ বাবে খং উঠিছিল তেতিয়া৷ সময়ৰ সোঁতত কিছু বছৰৰ পিছত ঘৰলৈ ফোন আহিল৷ মানুহৰ হাতে হাতে মোবাইল ফোন হ’ল৷ আলহীবোৰ ঘৰলৈ আগতীয়াকৈ খবৰ দি অহা হ’ল৷ অন্ত পৰিল কেতিয়াবা লগ নোপোৱাকৈ আলহী ঘূৰি যাব লগা হোৱাৰ সেই কষ্টকৰ অনুভৱ৷ পিছে অন্ত পৰিল এখিনি ভাল লগা উৎকণ্ঠাৰো! আলহী আহিব আহিব বুলি বাট চাই থকা দিনবোৰ নজনাকৈয়ে অতীত হৈ পৰিল৷ ঘৰৰ কাষৰ বাছখন কেতিয়ানো আহে আৰু যায় তাৰ খবৰ ৰখাৰো লাহে লাহে প্ৰয়োজন নোহোৱা হৈ পৰিল; কাৰণ আলহীবোৰ যে খবৰ দি অহা হ’ল!
সেয়ে মোৰ বান্ধবীজনীয়ে যেতিয়া খবৰ নিদিয়াকৈ সিহঁতৰ ঘৰলৈ মাতিলে, চকামকাকৈ মোৰ চকুৰ আগত ভাঁহি আহিল সেই এৰি অহা দিনবোৰ৷ সঁচাকৈয়ে পৃথিৱীখনৰ কোনোবা এচুকত এতিয়াও একেই আছে সেই পুৰণি ভাল লগা কথাবোৰ…অনুভৱ অথবা আকুলতাবোৰ৷ জাপানত আহি শৈশৱৰ বহুতো হেৰোৱা বস্তুৱেই ঘূৰাই পাইছোঁ৷ গধূলি-গোপালৰ সুবাসে পোহৰাই তোলা আবেলিবোৰ, নতুন বছৰত জাপানীজ বন্ধু-বান্ধবীৰপৰা নিজহাতে তেয়াৰ কৰা গ্ৰীটিংচ্ কাৰ্ডকেইখন আৰু সেইদিনা সেই আৱেগভৰা নিমন্ত্ৰণ৷ মৰহিবলৈ ধৰা জীৱনৰ ৰংবোৰে পুনৰ হয়তো এনেকৈয়ে পোখা মেলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক