খবৰ – হিৰন্ময়ী গগৈ কোঁৱৰ

খবৰটো ওলাবলৈহে পালে৷ বতাহৰ দৰে বিয়পিল৷ ঘৰখনলৈ মানুহৰ সোঁত ববলৈ ধৰিলে৷ চিনাকি অচিনাকি অনেক মানুহ৷

কেইবাটাও নিউজ চেনেল আৰু বাতৰি কাকতৰ মানুহো আহিল৷ কেমেৰা ঘূৰাই ঘৰৰ চুকে কোণে ফটো ললে৷ ঘৰৰ হাঁহ কুকুৰাকেইটা, আনকি তামোল গছকেইজোপাও বাদ নপৰিল৷

ঘৰত থকা ভাগতে আকাশ দুৱৰাৰ বৃদ্ধা মাতৃয়ে কেমেৰাৰ আগত কথা ক’বলগীয়াত পৰিল৷ তেওঁ বোলে কাপোৰকেইটা সলাই লওঁ, মূৰটো আঁচুৰি লওঁ! মানুহখিনিয়ে নিদিলে৷ কৃত্ৰিম লাগিব বোলে৷ যেনেকৈ আছে তেনেকৈয়ে থাকক৷ কিমান কষ্টেৰে তেওঁ আকাশ দুৱৰাক ডাঙৰ কৰিছিল সেইটো কবলৈ কলে৷

হাতত মাইক্ৰফ’নটো লৈ থকাজনে তেওঁলোকক দৰিদ্ৰ দৰিদ্ৰ বুলিও ক’লে৷

এই কথাটোত আকাশ দুৱৰাৰ মাকৰ খঙো উঠিল৷ সন্তানৰ বাবে তেওঁ যিখিনি কষ্ট কৰিছে সেয়াটো সকলো মাতৃয়েই কৰে৷ অন্য কষ্টও তেনেকৈ নাছিল৷ খেতিয়ে বাতিয়ে উভৈনদী ঘৰ আছিল তেওঁলোকৰ৷

মানুহগৰাকীৰ মনৰ ভাৱখিনি তেওঁলোকে ধৰিব নোৱাৰিলে৷ আকাশ দুৱৰা আহিলে তেওঁৰ লগতে ব্যস্ত হ’ব লাগিব৷ গতিকে এইখিনি আগতীয়াকৈ কভাৰ কৰি থলে ভাল হ’ব৷

কেমেৰা লোৱা মানুহ দেখি কাষ চাপি অহা ওচৰ চুবুৰীয়াইও দুআষাৰ কবলৈ হেতা উপৰা লগালে৷ মুঠতে আকাশ দুৱৰাৰ খবৰত সকলোৱে সুখী হ’ল৷

সুখী নহ’ল আকাশ দুৱৰাৰ মাক৷ ঠিক সুখী নহ’ল বুলিও কব নোৱাৰি৷ সুখী হৈ হৈয়ো দুখী হ’ল মানুহজনী৷ সুখী নহ’ল এইকাৰণে যে ল’ৰাটোৰ সংসাৰখন আজিলৈকে নহ’ল৷ মৰাৰ আগতে ল’ৰাটোৰ ঘৰখন চাই যাবলৈ তেওঁৰ বৰ ইচ্ছা৷ তেওঁৰ আটাইকেইটা ল’ৰা-ছোৱালীয়ে বিয়া বাৰু কৰাই আজৰি হ’ল৷ এইবাৰ তাৰ বিয়াখন যেনেতেনে পাতিব লাগিব৷ তেওঁ ভাবিলে৷

জীৱনৰ কোনো পৰীক্ষাতে দ্বিতীয় হৈ নোপোৱা ল’ৰাটো! আনকি প্ৰথম ইণ্টাৰভিউটোতে পচন্দৰ চাকৰি পোৱা ল’ৰাটো৷ স্বভাৱ চৰিত্ৰত খুঁত নাই৷ সুদৰ্শন৷ ছোৱালী যঁচা মানুহ অজস্ৰ৷ আকাশৰ প্ৰেমত পৰিব খোজা ছোৱালীও বোলে অজস্ৰ৷ কোনোবাই তেওঁক কয়৷ অথচ বিয়াৰ ক্ষেত্ৰত আটাইতকৈ পিছপৰা৷

চাকৰিৰ পৰা চুটী লৈ আকাশ মাজে মাজে ঘৰলৈ আহে৷

“বিয়াখন পাতিব লাগে নহয় তোৰ৷’’ মাকে ছেগ বুজি কয়৷
“কিনো অনৰ্থক কথাবোৰ কৈ থাক অ’৷’’ বুলি সি প্ৰসংগ সলায়৷

আকাশৰ লগৰবোৰৰ কোনোবা কোনোবাই বিয়া পাতিবলৈ আৰম্ভ কৰিছেই৷

“কৰ’বাত ছোৱালী চাইছনেকি?“ ভাত খাবৰ পৰত মাকে সোধে৷
“ৰচোন এইবোৰ কথা মই এতিয়া ভবা নাই৷“ সি কয়৷ বিয়া বাৰুৰ কথা ভাবিবলৈ তাৰ একেবাৰে সময় নাই৷

তাৰ পদৱীটো বৰ গুৰুত্বপূৰ্ণ৷ দায়িত্ব বহুত৷ দিনটোৰ চৌব্বিশ ঘণ্টাই ব্যস্ত হৈ থাকিব লাগে৷ ঘৰলৈ আহিবলৈও সময়ে নুকুলায়৷ মাকৰো মনৰ কথাবোৰ মনতে থাকি যায়৷

কামৰ বাহিৰে আকাশৰ অন্য কথালৈ সময়েবা ক’ত!

কামৰ বাবেইটো পুতেকলৈ এই বিশেষ সন্মান৷ টিভিৰ বাতৰিত পুতেকৰ খবৰ দেখি তেওঁৰ চকুলো বৈ আহে৷

এদিন আকাশ দুৱৰা আহিল৷ এইবাৰ বহুদিনৰ মূৰত আহিল৷ ভতিজা- ভতিজীকেইটিয়ে তেওঁক চিনি নোপোৱাৰ দৰেই৷ সিবাৰ আহোঁতে সৰুজনীটো সৰুৱেই! ডাঙৰটোও স্কুল যোৱাই নাছিল৷

“বৰ্তাক মাতা আক’৷ বৰ্তাই কিমান ডাঙৰ পুৰস্কাৰ পাইছে জানা! “

ভাই বোৱাৰীয়েকে সিহঁতক কয়৷ সিহঁতে আফচোচ কৰে৷

সম্বোধনটো তাৰ কেনেবা লাগে৷ ভাই বোৱাৰীয়েকে ৰন্ধা ভাতসাজ খাই থাকোঁতে মাকে কলে, “এইবাৰ বিয়াখন পাত জান৷“ আকাশৰ ঘৰত মতা নাম জান৷ মুখত ভাত এগৰাহ লৈ জানে মাকে ক’বলগীয়া সম্ভাৱ্য কথাখিনি অনুমান কৰি লয়৷ ভায়েক আৰু বিশেষকৈ ভাইবোৱাৰীয়েকৰ আগত বৰ অসহজ বোধ কৰে৷

“তোৰ লগৰ আটাইবোৰ মাক-বাপেক হ’ল৷ ভায়েৰৰ ল’ৰা ছোৱালীও ডাঙৰেই হ’ল৷“ বুকুত সোমাই থকা কথাবোৰ অনৰ্গল কৈ যায় মানুহজনীয়ে৷ শেষলৈ তেওঁৰ মাতষাৰ থোকাথুকি হৈ পৰে৷

আকাশ দুৱৰাই মনে মনে কথাবোৰ শুনি থাকে৷

সেইদিনা ৰাতি আকাশ দুৱৰাৰ বহুদেৰিলৈকে টোপনি নাহে৷

ৰাতিপুৱা শুই উঠোঁতে ঘৰখনৰ সকলোবোৰ উঠিল৷ ভতিজা-ভতিজীকেইটা স্কুল যাবলৈ সাজু হলেই৷ বাহিৰৰ চোতালতে বৰদেউতাকক দেখি সিহঁত অপ্ৰস্তুত হ’ল৷ মাকে শিকাই দিয়ামতে বৰ দেউতাকক বাই বাই কৈ সিহঁত স্কুলৰ গাড়ীত উঠিলগৈ৷ ডাঙৰেই হ’ল ইহঁতকেইটা৷ পদূলিৰ জবাজোপাও বৰ এজোপা হ’ল৷ আকাশে ওচৰৰ পৰা চালেগৈ৷

গা-পা ধুই আহি আকাশে মোবাইলটো হাতত ল’লে৷ বহুকেইটা মিছকল আছিল৷ মোবাইলৰ ডাটা অন কৰাৰ লগে লগে বিপ বিপকৈ লানি পাতি আহিল নটিফিকেচনৰ শব্দ৷

এইবোৰ নিশ্চয় শুভেচ্ছাবাণীয়েই হব৷ এইকেইদিন আকাশৰ হোৱাটচএপ ফেচবুক শুভেচ্ছাবাণীৰে ভৰি পৰিছে৷ আৰু ফোনৰ উপৰি ফোন৷ কিছুমান চিনাকি আৰু কিছুমান অচিনাকি৷ কেমেৰাৰ সন্মুখত এতিয়ালৈকে বহুতবাৰ সাক্ষাৎকাৰো দিলে৷ এসময়ত কেমেৰা দেখিলেই ভয়লগা সি এতিয়া খোকোজা নলগাকৈ ক’ব পাৰে কথাবোৰ৷

কাইলৈ সি পঢ়ি যোৱা স্কুলখনত সম্বৰ্ধনা সভা আছে৷ সেইটো মনত পেলাই দিবলৈকে হাজৰিকা চাৰে আজি তাক আকৌ এবাৰ ফোন কৰিলে৷ গতিকে সি আজিয়েই লেপটপত তাৰ যাৱতীয় কামখিনি কৰি থলে৷ আজি আক’ নিউজ চেনেলৰ মানুহো সাক্ষাৎকাৰৰ বাবে অহা কথা৷

উশাহ ল’বলৈও যেন আহৰি নহব আকাশ দুৱৰাৰ৷

পিছদিনা যথাসময়ত আকাশ দুৱৰা বিদ্যালয়ত উপস্থিত হ’ল৷ স্কুলৰ ৰূপ দেখি আকাশৰ ভাল লাগিল৷ ধুনীয়া হ’ল৷ দুটামান নতুন বিল্ডিঙো হ’ল৷ কলগছৰ তোৰণৰে তলেৰে এসময়ৰ সি আটাইতকৈ ভয় কৰা হাজৰিকা চাৰে সহকৰ্মীসকলৰ সৈতে তাক আদৰি নিলে৷ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হাত চাপৰিৰে সম্ভাষণ জনালে৷ কেমেৰাৰ আগত ৰৈ প’জ দিবলগাতো পৰিল৷ মানুহ গোট খাইছিলেই ইতিমধ্যে৷ হাজৰিকা চাৰে তাক মঞ্চলৈ আদৰি নিলে৷

ওহো তাৰ ভয় নালাগিল৷ ভৰি নকঁপিল৷

সভা আৰম্ভ হ’ল৷ প্ৰশংসা আৰু উপহাৰেৰে আকাশক বুৰাই পেলোৱা হ’ল৷ নিজৰ জীৱনৰ কথা, ভৱিস্যৎ কৰ্মপন্থাৰ কথা আকাশে সাৱলীলভাৱে কৈ গ’ল৷ অতীতক সোঁৱৰণ কৰি আকাশ মাজে মাজে আৱেগিকো হ’ল৷ হাত চাপৰিৰে সভাঘৰ মুখৰিত হৈ পৰিল৷

সমজুৱাৰ মাজত বহুত চিনাকি অচিনাকি মুখ৷ এঠাইত তাৰ দৃষ্টি ৰৈ গ’ল৷ সন্মুখৰফালে সেইজনী ৰশ্মি হব লাগে৷ সেই অলকাকেইডালমান কপালত পৰি থকা ৰশ্মি৷ ক্লাছৰ মাজতে এপলক তালৈ চাই দিয়া ৰশ্মি৷ লগৰবোৰে তাৰ নাম ধৰি জোকোৱা ৰশ্মি৷ চাবলৈ মন গলেও সি ঘূৰি নোচোৱা ৰশ্মি৷ পঢ়া শুনা কৰা ল’ৰাই ছোৱালীৰ লগত সময় খৰচ নকৰে বুলি ভবা আকাশে আজি ৰশ্মিলৈ নোচোৱাকৈ থাকিব নোৱাৰিলে৷ মঞ্চলৈকে চাই আছিল ৰশ্মিয়ে৷ কিজানি তালৈকে চাই আছিল!

গধূলিলৈ সভাৰ ফটো কিছুমান তাৰ মোবাইললৈ আহিল৷ কোনোবাই ফেচবুকত পোষ্ট কৰিলে৷ ফটোবোৰ আকাশ দুৱৰাই জুম কৰি কৰি চালে৷ তাহানিৰ স্কুলৰ ৰশ্মিজনীয়েই৷ তাই অকণমান শকত হ’ল৷ ধুনীয়া হ’ল৷ কাপোৰৰ লগত মিলাই লোৱা নীলা ফোঁটটোৰে ৰশ্মিক সি কিছুপৰ চাই থাকিল৷ ৰশ্মিয়ে এইখন স্কুলতে কৰে বুলি সি গম পাইছিল৷ তাইক মাষ্টৰণী মাষ্টৰণী লাগিছে৷

সেইদিনা আকাশ দুৱৰাৰ একেবাৰে টোপনি নাহিল৷ ক্লাছৰ মাজতে তালৈ এপলক চোৱা ৰশ্মিজনীয়ে দিঠকতে তেওঁৰ চকুত দোলা দি গ’লহি৷ একেবাৰে সতেজ হৈ আছে দেখোন কথাবোৰ!

কালি মাকে কোৱা কথাবোৰ মনলৈ আহিল৷ এতিয়াওটো ভাবিব পাৰি কথাবোৰ? কথাবোৰ কাৰোবাক কবলৈ বৰ মন গ’ল আকাশৰ৷

সেইদিনা এটিএমৰ পৰা ওলাই আহোঁতেই ৰশ্মিৰ মুখামুখি হ’ল আকাশ দুৱৰা৷ ঘটনাটোৰ আকস্মিকতাত আকাশ দুৱৰাই সেপ ঢুকি পেলালে৷ কি কওঁ কি নকওকৈ থাকোঁতেই ৰশ্মিয়ে মাত লগালে

“আকাশ দেখোন!“

যিমান পাৰি সহজ হবলৈ চেষ্টা কৰি আকাশে ৰশ্মিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে৷

কথাৰ লাচতে ৰশ্মিয়ে হাতেৰে অলকাকেইডাল কাণৰ কাষলৈ নিলে৷ তেতিয়াই একেবাৰে নভৱা ঘটনাটো ঘটিল৷ বিজুলীৰ চমকৰ দৰে আকাশ দুৱৰাৰ চকুত পৰিল তাইৰ শিৰৰ ৰঙখিনি ৷
বৰ কষ্টেৰেহে তেওঁ আহি ঘৰ পালেহি৷

এতিয়া আৰু আকাশে কেৱল নিজৰ কামতেই মনোনিবেশ কৰিব!

কোনোবাই কয় সেই ৰংখিনি বোলে জেতুকাৰ ৰংহে আছিল!

এই খবৰ আকাশ দুৱৰাৰ ওচৰ নাপালেগৈ৷

আকাশ দুৱৰাৰ মনৰ খবৰো তেওঁৰ মনতেই থাকিল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments