খহি পৰা বুকুৰ আকাশ ( হিমাংশু চহৰীয়া )

দুপৰীয়া ভাত খাবলৈ বিচাৰি যেতিয়া ঘৰৰ বাহিৰে ভিতৰে ক’তো নেদেখিলে তেতিয়াহে মালতী বুঢ়ীৰ কথাটো খেয়াল হ’ল- ঘন বুঢ়া ঘৰত নাই। দুদিন ধৰি অসুখীয়া দেহাৰে বিছনাত পৰি থকা মানুহটো হঠাৎ কলৈ যাব পাৰে। বুঢ়ীৰ টিঙিচকৈ খংটো উঠিল- বুঢ়ীৰ কথা নুশুনি দিনটো অলৌ টলোকৈ ঘুৰি ফুৰিব আৰু বেমাৰৰ সময়ত আলপৈচান ধৰিব লাগিব বুঢ়ীয়ে। তথাপিতো বুঢ়াৰ বেমাৰী দেহাটোলৈ মন দি বুঢ়ীয়ে খংটো কমাই বাৰীৰ ফালেও চালে- নাই, বুঢ়া ক’তো নাই। অথনি যেতিয়া বুঢ়ীয়ে ভাত ৰান্ধিবলৈ পাকঘৰত সোমাইছিল, তেতিয়াটো বুঢ়া বিছনাখনতে বাগৰ দি আছিল আৰু তেতিয়াটো বুঢ়ীয়ে গাইজনীক পানী খুৱাই ছায়াত এৰাল দি থৈ অহা বুলি বুঢ়াক কৈছিলেই। ৰাতিপুৱা খালী চাহ একাপৰ বাহিৰে পৰা একো এটা পেটত পৰা নাই বুঢ়াৰ। বুঢ়ীৰ চিন্তা বাঢ়িল। অসুখীয়া দেহাৰে ক’ত যাব পাৰে এই দুপৰীয়াখন? অনিচ্ছাস্বত্বেও বুঢ়ীয়ে কথাটো বোৱাৰীয়েক অলকাৰ কাণ চোৱালে- ‘ব’ৰী পিতেৰে কোনফালে গেছি দেখছা নেকি এ?’

‘কোন কেতিয়া ক’ত যায় মই নজৰ ৰাখি নাথকো নহয়। আছে ক’বাত ভাঙৰ চিলিম টানি।’ অলকাৰ পৰা যে এনে কিবা এটা উত্তৰেই পাব বুঢ়ীয়ে জানিছিল। বুঢ়াৰ ভাঙৰ নিচা আছে সঁচা কিন্তু প্ৰায় তিনি মাহ মানৰ পৰা যে বুঢ়াই সেইবিধৰ নামেই মুখলৈ অনা নাই সেয়াও বুঢ়ীয়ে জানে। বুঢ়ীৰ বোৱাৰীয়েকক আৰু একো কবলৈ মন নগল।

হওতে বুঢ়াৰ বয়সে সত্তৰৰ দেওনা গৰকা বেছি দিন হোৱা নাই যদিও চেহেৰাই যেন আশীৰ দেওনা কেতিয়াবাই গৰকিলে। চিন্তা ভাৱনাই মানুহৰ বয়স বঢ়ায়। বুঢ়াৰো যেন সেই একেই অৱস্থা। এসময়ৰ ঘন ওজাৰ আৰু আগৰ দৰে হৃষ্ট পুষ্ট চেহেৰা নাই। বয়স বাঢ়ি অহাত ওজাপালিও কেতিয়াবাই এৰিলে। এটা সময় আছিল যেতিয়া ল’ৰা দুটা আৰু ছোৱালী জনীক লৈ বুঢ়াৰ সপোনবোৰো বৰ ডাঙৰ আছিল। ভাবিছিল ল’ৰা কেইটা ডাঙৰ হৈ কিবা এটা কৰিলে অন্ততঃ বুঢ়াৰ দেহাটোৱে সকাহ পাব। ল’ৰাকেইটাৰ কথা ভাবিয়েই ঘৰখনৰ বেয়া দিনতো বুঢ়াই বাপেকৰ ফালৰ পৰা পোৱা সম্পত্তিৰ এভাগো হৰণ ভগন হবলৈ দিয়া নাছিল। ভাবিছিল বেলেগ একো কৰিব নোৱাৰিলেও খেতি বাতি কৰি হলেও ল’ৰাকেইটা চলিব। লৰাকেইটা ঠিকেই ডাঙৰ হৈছিল। কিন্তু ঘন বুঢ়াৰ সপোনবোৰহে যেন কৰবাত হেৰাইছিল।

ডাঙৰ ল’ৰা যতীনে পঢ়া আধাতে সামৰিলে। বুঢ়ায়ো বৰ এটা হেঁচা নিদিলে। বোলে গৰীবৰ ল’ৰা বেছি পঢ়ি ক’তনো বৰ চাহাব হ’বলৈ যাব। এনেও নাঙলৰ মুঠি তেনেও নাঙলৰেই মুঠি। কিন্তু বুঢ়াৰ আশা ভুল আছিল। নাঙলৰ মুঠিত ধৰাৰ কোনো লক্ষণেই নাছিল যতীনৰ। ছোৱালীজনীয়ে যেনিবা হাইস্কুলৰ দেওনাটো ঠিকেই পাৰ কৰিলে কিন্তু ঘন বুঢ়াই আৰু বেছি পঢ়াব মন নকৰিলে। হওতে বুঢ়ীৰ মন নথকা নাছিল। কিন্তু বুঢ়াৰ ওপৰত মাত মতাৰ মন নকৰিলে। গাৱৰ নিয়ম-  ছোৱালীৰ কুৰিতে বুঢ়ী। সেয়ে পঢ়া শুনা কৰোৱাতকৈ ভাল লৰা এটা চাই বিয়া দিব পাৰিলেই ঘৰখনৰো ৰক্ষা, ছোৱালীজনীৰো ৰক্ষা। মেট্ৰিক পাছ কৰাৰ পিছৰ বছৰেই ওচৰৰ গাওঁখনৰে স্কুলৰ চকীদাৰ নগেনলৈকে উলিয়াই দিছিল। অৱশ্যে ঘৈণীয়েক আৰু জীয়েকে আপত্তি নকৰা নহয়-কাৰণ দুয়োটাৰে বয়সৰ পাৰ্থক্য 20 বছৰ মান হ’ব। বুঢ়াই জীয়েকক কৈছিল- ‘বয়সনো কি; মনটোহে আচল কথা। তাতে নগেন আপাটোও ভাল। ইথানহে স্কুলখন হৱা নাই। পিছত ইচকুলখান হ’লি ভাল দৰমহাই পাবো।’ সেই বাৰেই আঘোণমাহত জীয়েকক কইনা সজাই বিদায় দিছিল। বিয়া বুলি বৰ বিশেষ এটা আয়োজন কৰিব পৰা নাছিল। কইনাৰ লগত দিব লগা দৰকাৰী বস্তু খিনিৰ বাবে গাৱৰে মদন মাস্টৰৰ ওচৰতে মাটি দুবিঘা বন্ধকত থৈছিল। ভাবিছিল- ‘ডাঙৰটোৱেটো একো এটা কৰবা পাৰাই নাই, সৰুটোৱে পঢ়া শুনা কৰি পাললি মাটিখিনি মোকলাব।’

এদিন বুঢ়ীয়েই বুঢ়াৰ কাণ চোৱাইচিল- ‘ই যতীনৰ মতিগতি মই বৰ এটা ভাল দেখা নাই।’
‘কিয়া? কি হ’লনো?’
‘ কি হ’ল মানে? কাণসমনীয়া আপাটোই বাপেকৰ ওপৰত খাই থাকলি মানুহ কি বুলি ভাববো? দিনৰ দিনটো ক’ত কি কৰে সিহে জানে। সি বোলে সেইবিধতো মুখ দিছে। সিদিনা বিপুলে নিজেই নদীৰ সিপাৰে দেখি আইছি।’
‘ মই  বেলেগ এটা কথাহে ভাবছো এ।’ বুঢ়ীৰ কথাখিনি একাষৰীয়া কৰি বুঢ়াই কৈছিল।
‘কি কথানো?’  বুঢ়ীৰ বেছ আগ্ৰহেৰেই সুধিছিল।
‘ নহলি ডাঙাৰ আপাৰ বিয়া খানে পাতে দিও নেকি? বিয়াখান পাতি দিলি কিজানি তাৰ অলপ হুছ আহেই।’
‘ সেইখান অধ্যায় কবা আছেই। সেখান গাৱৰ আপী এটাৰ লগত ইয়াৰ হলিগলি। বহুতে কছি কথাটো। কালি বিপুলেও কৈছি। ইথান যিতান নেগেলিও তাক সিহতৰ ঘৰতে পায়। কোনবা দিনা আপী আনি ঘৰ সোমাবাহে লাগে।’
বুঢ়ীৰ কথাত বুঢ়া মাথো নিৰুত্তৰ হৈ ৰৈছিল। ভাল নলগা হৈছিল কথাবোৰ।

এসপ্তাহৰ ভিতৰতে ছোৱালী পলুৱাই আনি ঘৰ সোমাইছিল যতীনে। কথাটো বুঢ়ীৰ একেবাৰে  সহ্য নহল। ধনৰ ধনী নহলেও ঘন ওজাৰ ঘৰ বুলি ঘৰখনৰ এটা সন্মান আছে। কিন্তু বুঢ়াই বৰ এটা গুৰুত্ব নিদি কথাটো তাতেই সামৰিলে- ‘কিবা এটা কৰলিয়ে ঘৰৰ আপাটোকনো কেংকে বাহিৰ কৰি দিবা পাৰো?’

সকলোবোৰ ঠিকেই থাকিল। বুঢ়াই ভবাৰ দৰে আনৰ ছোৱালী এজনী অনাৰ পৰা যতীনৰো অলপ মতি গতি ঠিক হল। খেতিত মন কাণ নিদিলেও সৰুকৈয়ে বেপাৰতে লাগিল। ভগৱানৰ কৃপাত বুঢ়া বুঢ়ীয়ে জীয়েকৰ ফালৰ পৰা নাতি এটাৰো মুখ দেখিলে। সৰুটো ল’ৰা বিনোদেও বি.এ. পৰীক্ষাটো পাছ কৰাৰ কেইমাহমানৰ পিছতে চাকৰি এটা যোগাৰ কৰি ল’লে। ঘৰৰ মাটিখিনি আধি দিলে হলেও ঘৰখন টুকটাককৈ চলি আছিল। বোৱাৰীয়েক অলকাৰ ব্যৱহাৰো প্ৰথম এবছৰমান ঠিকেই আছিল। তাৰ পিছতহে বোৱাৰীয়েকৰ আচল স্বৰুপটো ওলাই পৰিল। প্ৰতিটো কথাটো বুঢ়া বুঢ়ীক কেটেৰা জেঙেৰাকৈ উঠা হ’ল।

বাধ্যত পৰিহে যেন বুঢ়া বুঢ়ীৰ লগত আছে। মালতী বুঢ়ীয়ে কেবাবাৰো কথাটো যতীনৰ কাণ চোৱাইছিল কিন্তু সিয়ো ঘৈণীয়েকৰ পক্ষহে লয়। উপায় নোহোৱা হৈ বুঢ়াই বেলেগকৈ হোৱাটোৱেই ঠিক কৰিলে -‘ সৰু আপাই খুৱেলি খাম, নহলি খুজি মাগি হলিও খাম। সিহতক কষ্ট দি আমিনো কিয় বোজা হৈ থাকো।’ বেলেগ মানে কেৱল খোৱাটোহে , চোতাল এখনেই থাকিল। মাটিখিনি কেবাবাৰো ভাগ কৰাৰ কথা পুতেকে উলিয়াইছিল। কিন্তু বুঢ়াই সেয়া নকৰিলে।

তেতিয়াৰ পৰাই বুঢ়াই সকলো সময়তে গোমোঠা মাৰি থাকে। ভাত পানী খাবলৈও মন নকৰা হ’ল। আগৰ সেই হাহি মুখীয়া ঘন ওজা যেন কৰবাত হেৰাই গৈছিল। কোনোৱে কৈছিল, ‘নিজৰ ঘৰখনতে দুটাকৈ চৰু জুৰিলে কোনেনো ভাল পাব।’  কথাটো কিন্তু বুঢ়ীয়ে মানি লব পৰা নাছিল। লাহে লাহে বুঢ়াৰ চেহেৰাটো বেয়া হৈ অহাত বুঢ়ীয়ে ওচৰৰ হস্পিতালখনলৈকে লৈ গৈছিল। ডাক্টৰে চাই মেলি ঔষধ দি এবাৰ চহৰত নি ভালকৈ দেখাই আহিব কলে। চহৰত নিও বুলিয়েই নিব পাৰি জানো। সৰু পুতেকলৈ কেবাবাৰো খবৰ পঠিয়ালে । কিন্তু সিও হেনো পাচ মাহৰ আগত আহিবই নোৱাৰে। বুঢ়ীয়ে কথাটো  ডাঙৰ পুতেককো কলে কিন্তু সিয়ো গা এৰা দিয়া উত্তৰ, ‘মোৰ টকাৰ গছ নাই নহয়, টাউনত নি যে চিকিৎসা কৰাব পাৰিম।’  বুঢ়াৰ চেহেৰাটো দিনক দিনে বেয়াহে হৈ গৈছিল। বুঢ়ীয়ে চাই থাকিব নোৱৰা হ’ল। ঔষধ কেইটা কিনিবলৈ ঘৰখনত ফুটা কৰিও এটাও নাই। সৰুটোৱে যি কেইটা পইচা পঠায়, ঔষধ কিনিব গলে চৌকাত চাউল নিসিজে। বাপেকৰ এই অৱস্থা দেখিও যতীনে কোনো গুৰুত্বই নিদিলে। জীয়েকেটো বাপেকৰ ঘৰৰ ফালে কেতিয়াবাই পিঠি দিলে। এতিয়া যে খবৰ দিলে কিবা কাম হব বুঢ়ীৰ মনে নকলে।
উপায় নোহোৱা হৈ বুঢ়ীয়ে বাকী থকা মাটি খিনি কে বন্ধকত থোৱাৰ কথা ভাৱিলে। কথাটো কেনেবাকৈ বোৱাৰীয়েকৰ কাণত পৰিল আৰু তাইৰ পৰা চিধাই পুতেকৰ কাণ। ফলশ্ৰুতিত ৰাতি এপৰত মদ পানী এসোপা খাই আহি অভব্য গালি। পুতেকৰ কথাবোৰ শুনি বুঢ়া মাথো নিশ্চুপ হৈ ৰ’ল। ভাবিবলৈও কষ্ট হ’ল যে সিও বুঢ়াৰ নিজৰেই ল’ৰা।
বুঢ়াই মাথো বুঢ়ীক ক’লে, ‘ মোৰ কাৰণে ইমান কিয়া চিন্তা কৰছা? এদিনটো এনেও মৰিমেই। আজি মৰা বা কালি মৰা একেই কথা। মোক আৰু চহৰত নি দেখাব নালগে। মিছা মিছি পইছা কেইটা পানীত পৰবো। সেগিটা পইছাইদি পাৰলি সৰু আপাক মাটিখিনিয়ে মোকোলাবা দিবি। জীয়ে থাকবা লাগলি এংকে জীয়ে থাকিম।’ বুঢ়ীয়ে কিন্তু উত্তৰত একো নকলে।

আবেলিলৈকে যেতিয়া বুঢ়াৰ কোনো দেখা দেখিয়েই নাছিল তেতিয়া বুঢ়ীৰ চিন্তা বাঢ়ি গ’ল। যতীনেও বেপাৰৰ পৰা আহি কথাটোত ইমান গুৰুত্ব দিয়া নাছিল যদিও পিছত সিও ইফালে সিফালে বিচাৰিছিল। হাজাৰ হলেও নিজৰেই বাপেক। তাতে যোৱাৰাতি মাক বাপেকক ইমান টান কথা শুনাই যে সিও ভুল কৰিছে, ৰাতিপুৱা নিচা ফটাৰ পিছতহে সি বুজি পাইছে। ইটোকৈ সিটোকৈ বহু মানুহেই সিহঁতৰ চোতালত জমা হৈছিল। যিয়ে যেনি পাৰে বিছাৰি গৈছিল।  সকলোৰে মনত  এটাই প্ৰশ্ন- ‘ ক’ত যাব পাৰে ঘন বুঢ়া?’ কিন্তু সন্ধ্যা লগাৰ আগে আগে নৈ পাৰৰ পৰা অহা চিঞৰটিয়ে সকলোকে উত্তৰ দি গৈছিল । নৈ পাৰৰ সাকোৰ ওচৰৰ আহতজোপাত ওলমি আছে সকলোৰে মৰমৰ ঘন ওজাৰ নিথৰ দেহটি।  সকলো যেন হতবাক হৈ পৰিছিল। হাজাৰ বিপদৰ দিনতো মুখৰ পৰা হাহি নুগুচা ঘন বুঢ়াই বাৰু এনে এটা কাম কৰিব পাৰেনে। মালতী বুঢ়ীৰ যেন বুকুৰ আকাশখনেই খহি পৰি সময়বোৰক নিথৰ কৰি পেলাইছিল। সকলোৱে কোৱা কুই কৰিছিল, এনেকৈ মৰা মানুহবোৰ পাপী; কতো ঠাই নাপায়।’ কিন্তু বুঢ়ীয়ে জানে বুঢ়া পাপী হব নোৱাৰে। বুঢ়াই পাপ কৰিব নোৱাৰে। বুঢ়াই মাথো কাকো কষ্ট নিদি নিজৰ মুক্তিৰ বাট নিজে উলিয়ালে|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments