খাদ্য, স্বাস্থ্য আৰু মন–[শশীমাই শইকীয়া (দত্ত)]

সু-স্বাস্থ্য পৰম সম্পদ ৷ অস্বাস্থ্যই পৰম বিপদ ৷ সু-স্বাস্থ্য ইয়াকে কোৱা হয়, যি স্বাস্থ্যই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিবলৈ প্ৰেৰণা পায় ৷ সু-স্বাস্থ্য নাথাকিলে মানুহে কেতিয়াও সুখ অনুভৱ কৰিব নোৱাৰে ৷ লাগিলে তেওঁৰ জীৱন ধন-সম্পদ-ঐশ্বৰ্যৰে ভৰি থাকক ৷ সেই কাৰণে কয়, দেহা থাকিলেহে বেহা ৷
শৰীৰ সুস্থ নাথাকিলে একোৱেই নাথাকে ৷ মানসিক চিন্তা, আধ্যাত্মিক চিন্তা কৰিবলৈ প্ৰেৰণা নাপায় ৷ সেয়েহ আমি সৰ্ব-প্ৰথমে নিজৰ শৰীৰটোৰ যত্ন লোৱাহে উচিত ৷ আমি জানো যে আমাৰ শৰীৰৰ স্বাস্থ্য ৰক্ষাৰ বাবে সুষম আহাৰৰ প্ৰয়োজন ৷ জন্মৰ পৰা মৃত্যু পৰ্যন্ত আমাৰ দেহৰ অংগ-প্ৰত্যংগবোৰ চলি থাকে ৷ সেই পৰ্যন্ত আহাৰ আমাক লাগেই ৷ আহাৰেই হৈছে জীৱনীশক্তিৰ আধাৰ ৷ গতিকে দেহক সুস্থ ৰাখিবলৈ দেহক সদায় ভাল আহাৰ লাগিব ৷ ভাল আহাৰৰ দ্বাৰা ভাল মন আৰু আৰু ভাল মনৰ পৰা ভাল চিন্তা কৰিব পাৰি, আৰু ভাল চিন্তাৰেহে ভাল কৰ্ম কৰিব পাৰি বুলি ঋষি মুনি সকলেও কৈ গৈছে ৷
আমাৰ খাদ্যৰ ভাগ তিনিটা বুলি গীতাত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত উল্লেখ কৰিছিল ৷
যেনে- ১. সাত্বিক আহাৰ, ২. ৰাজসিক আহাৰ আৰু ৩. তামসিক আহাৰ ৷
১. সাত্বিক আহাৰঃ যি বোৰ আহাৰে আয়ুস বৃদ্ধি কৰে ৷ যিবোৰ আহাৰ ৰসযুক্ত, স্নিগ্ধ আৰু হৃদয়ৰ বাবে উপযোগী ৷ তেনে আহাৰকে সাত্বিক আহাৰ বুলি কোৱা হয় ৷ এনেবোৰ আহাৰ হৈছে বতৰৰ বিভিন্ন শাক-পাচলি, ফলমূল, গাখীৰ-দৈ আদি ৷ এইবোৰ আহাৰত ছয় ৰস থাকিব লাগে ৷ আৰু সেই ছয় ৰস নিৰ্দিষ্ট পৰিমানে গ্ৰহণ কৰিব লাগে ৷ কোনো খাদ্যই অধিক পৰিমাণৰ হ’ব নালাগে ৷
২. ৰাজসিক আহাৰঃ যি বোৰ আহাৰ অতি শুকান, বেছি নিমখীয়া, অতি গৰম, অতি টেঙা, বেছি মছলাযুক্ত চোকা সেইবোৰ খাদ্যই ৰাজসিক খাদ্য ৷ এই আহাৰে দেহত বিষ আৰু বেদনাৰ সৃষ্টি কৰে ৷ ই শাৰীৰিক তথা মানসিক শান্তি আনিব নোৱাৰে ৷
৩. তামসিক আহাৰঃ যি বোৰ আহাৰ চেঁচা, ৰসহীন, বাহী হৈছে, দুৰ্গন্ধযুক্ত হৈছে, আনে খাই যোৱাৰ পাছৰ অংশ (এৰেহা), এইবোৰক তামসিক আহাৰ বোলে ৷ তামসিক আহাৰে দেহত নানা ৰোগৰ সৃষ্টি কৰিব পাৰে ৷ কোনো খাদ্য প্ৰস্তুত কৰাৰ পাছত তিনি ঘণ্টাতকৈ অধিক সময় ৰাখিলে, সেই খাদ্য তামসিক খাদ্যলৈ ৰূপান্তৰিত হয় ৷ তামসিক আহাৰ খোৱা লোকসকল, সাধাৰণতে নিৰুৎসাহী হয়, নীচাত্মিকা ভাৱ মনলৈ আহে, সাহস কম হয়, এলেহুৱা হোৱা দেখা যায় ৷ শাৰীৰিক আৰু মানসিক ভাৱে দুৰ্বল হৈ পৰে ৷
গতিকে যি আহাৰেই গ্ৰহণ নকৰোঁ লাগিলে, দেহৰ কাৰণে উপযোগী শুদ্ধ আহাৰহে ভক্ষণ কৰিব লাগে ৷ কিয়নো দেহৰ প্ৰয়োজনীয় শুদ্ধ আহাৰেই সু-স্বাস্থ্যৰ মূল ৷
আহাৰ প্ৰস্তুত কৰাৰ ওপৰত আহাৰৰ প্ৰকৃত গুণাগুণ অটুট থকাটো বহগুণে নিৰ্ভৰ কৰে ৷ আহাৰ প্ৰস্তুত কৰোতে সদায়ে পৰিস্কাৰ পৰিচ্ছন্নতাক অধিক গুৰুত্ব দিব লাগে ৷ আৰু আকৌ অধিক উত্তাপ দি, তেলত মচমচীয়াকৈ ৰন্ধা অনুচিত ৷ কাৰণ কিছুমান খাদ্য-প্ৰাণ, অধিক উত্তাপত নষ্ট হৈ পৰে ৷ ঠিক সেইদৰে অধিক জ্বলা, মছলা, আমাৰ পাকস্থলীৰ কাৰণে ক্ষতিকাৰক ৷ অতি গৰম আৰু অতি চেঁচা আহাৰ স্বাস্থ্যৰ বাবে উপযোগী নহয় ৷ গতিকে প্ৰকৃতিৰ অৱদান সতেজ আহাৰহে গ্ৰহণ কৰা উচিত ৷ কৃত্ৰিমভাৱে ঠাণ্ডা কৰা আৰু কৃত্ৰিম ভাৱে গৰম কৰা আহাৰ স্বাস্থ্যৰ পক্ষে অপকাৰী ৷
নিতৌ সময়মতে আহাৰ গ্ৰহণ কৰিব লাগে ৷ সিদ্ধ হোৱা খাদ্য আধা ঘণ্টাৰ ভিতৰতে খাব লাগে ৷ ভোক লাগিলেহে আহাৰ গ্ৰহণ কৰিব লাগে৷ সোৱাদ লগা ভাল বস্তু দেখিলেই বা লোভ লাগিলেই যি কোনো বস্তু খাব নালাগে ৷ ৰিপু হিচাবে লোভ, খঙতকৈ বেছি ভয়ানক ৷ মনীষী সকলে কৈ গৈছে- মানুহ খায়হে মৰে, নাখাই নমৰে!
অধিক ভোজন পেটলৈ বেয়া ৷ ভোজনৰ পৰিমাণৰ ওপৰত শাৰীৰিক পৰিশ্ৰমৰ সংগতি থকা উচিত ৷ কিয়নো এজন অতিপাত পৰিশ্ৰম কৰা লোকৰ আহাৰৰ লগত, এজন অ-পৰিশ্ৰমী লোকৰ খাদ্য তালিকা বেলেগ হোৱা উচিত ৷ কিয়নো অধিক পৰিশ্ৰম কৰা লোক জনৰ হজমী শক্তি বেছি হোৱাটো স্বাভাৱিক আৰু তেওঁক বেছি শক্তিৰ প্ৰয়োজনো ৷ গতিকে খাদ্যৰ ওপৰত পৰিশ্ৰমৰ কথাটোও নিৰ্ভৰ কৰে৷
এজন সু-স্বাস্থ্যবান ব্যক্তি হ’বলৈ খাদ্যৰ লগতে পৰিশ্ৰম আৰু শৰীৰ চৰ্চাৰ প্ৰয়োজন ৷ গতিকে স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, বিশ্ৰাম, পৰিস্কাৰ পৰিচ্ছন্নতা, পঞ্চ-ইন্দ্ৰিয়ৰ সু-নিয়ন্ত্ৰণ, মানসিক চিন্তা-চৰ্চা আদি স্বাস্থ্যৰ নিয়ম-নীতি সমূহ মানি চলা উচিত ৷
আমাৰ পূৰ্ব-পুৰুষ সকলে খাদ্যৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল ৷ বেমাৰ আজাৰ হ’লেও ঘৰতে প্ৰাথমিক ভাৱে বনৌষধেৰে চিকিৎসা আৰম্ভ কৰি, সংকটময় অৱস্থা হ’লেহে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছিল ৷ ডাক্তৰী ঔষধ ব্যৱহাৰ কৰিলেও তেওঁলোকে পথ্য খাদ্য খোৱাৰ ক্ষেত্ৰত যথেষ্ট সচেতন আছিল ৷ কিয়নো ৰোগীক কেৱল ঔষধেৰে আৰোগ্য কৰিব নোৱাৰি, যদিহে ৰোগ অনুযায়ী পথ্য আহাৰ খুওৱা নাযায় ৷
আমাৰ অসমীয়া বিভিন্ন জলপান, চিৰা, পিঠা, মুৰি, সান্দহ, কোমল চাউল, আখৈ, দৈ, গুড় আদি মাত্ৰ ৰুচিপূৰ্ণ আৰু সু-স্বাদুৱেই নহয়, ই পুষ্টিকৰ আৰু স্বাস্থ্যৰ বাবে অতি উপযোগী, ৰোগ প্ৰতিৰোধক আৰু নিৰাময় কাৰক ৷ সেয়েহে খাদ্যৰ দ্বাৰাই ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে আজিৰ অসমীয়া ল’ৰা-ছোৱালীয়ে বিশ্বায়নৰ কৱলত পৰি অসমীয়া খাদ্য তথা জলপানৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা গৈছে ৷ নৱ-প্ৰজন্মৰ অভিভাৱক সকলেও ঘৰতে তৈয়াৰ কৰা ৰুচিকৰ খাদ্যপ্ৰাণ যুক্ত আহাৰৰ প্ৰতি পিঠি দি দোকানৰ খাদ্যহে সৰুৰে পৰা ল’ৰা-ছোৱালীক খুওৱা দেখা গৈছে ৷ যাৰ ফলত, অসমীয়া ভৱিষ্যত প্ৰজন্ম বা যুৱক-যুৱতী সকলে অসমীয়া খাদ্য তথা জা-জলপানৰ নামকে চিনি নোপোৱাৰ পৰিলক্ষিত হৈছে ৷ তেওঁলোকে হোটেল ৰেষ্টুৰাঁ আদিত পোৱা মেগী, ফাষ্ট ফুড, পিজ্জা, বাৰগাৰ, ম’ম’, ৰোল, হট ডগ, চাওমিন, আইচক্ৰীম, পেটীছ, ফ্ৰাইড ৰাইছ, চিলি চিকেন, কাবাব, মাঞ্চুৰিয়ান, ইটালিয়ান আদি দেশী-বিদেশী খাদ্য খোৱাটো দিনে দিনে বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে ৷ যাৰ ফলত পৰম্পৰাগত খাদ্যক চিনি নোপাৱাৰ দোষতে হেৰাই যোৱাৰ উপক্ৰম হৈছে ৷ তাৰ বাবে নতুন চামৰ অভিভাৱক সকলৰ গাতো যথেষ্ট দোষ দিব পাৰি ৷ তেওঁলোকে শাৰীৰিক পৰিশ্ৰম কৰি অসমীয়া জা-জলপান তৈয়াৰ কৰাৰ মানসিকতা হেৰাই গৈছে ৷ যাৰ ফলত বিনা-পৰিশ্ৰমতে দোকানৰ পৰা পাব পৰা খাদ্যকে ল’ৰা-ছোৱালীক যোগান ধৰি, নিজে আৰামত থাকি সুখী হোৱাৰ বাট বিচাৰিছে৷ কিন্ত এই ক্ষণিকৰ আৰামেই যে দীৰ্ঘ-দিনত “হাৰাম” হ’বগৈ পাৰে, সেই কথা অনুভৱ কৰিব পৰা নাই ৷ তাৰ উপৰি নিজৰ ল’ৰা ছোৱালীক আজিকালি মুঠেও শাৰীৰিক পৰিশ্ৰম কৰোৱা দেখা নাযায় ৷ কেৱল মাত্ৰ স্বাক্ষৰিক জ্ঞানৰ প্ৰতিযোগিতাতহে আগবঢ়াইছে ৷ সুস্থ মানসিকতাৰ ফালে পিঠি দি যন্ত্ৰ মানৱ সৃষ্টি কৰাতহে মনোনিবেশ কৰা হেন অনুভৱ হয় ৷
আমাৰ অসমী আইৰ বুকু নানা ঔষধি গুণেৰে ভৰপূৰ, সুজলা সুফলা শস্য-শ্যামলা, নানা শস্য, মৎস্য, বিৰিখৰ ফল, তৰু লতা, বৃক্ষ, গুল্ম আদি নানান উদ্ভিদেৰে ভৰপূৰ ৷ সেউজী অসমীৰ দুৱৰি জোপাৰো ঔষধি গুণো কম নহয় আৰু ইয়াত থকা প্ৰায়বোৰ বিৰিখতে ঔষধি সম্ভাৰ গুণে পৰিপূৰ্ণ ৷
শাক-পাচলিৰ মাজতে পোৱা যায় প্ৰাকৃতিক ঔষধ, যাক খায়ো ৰোগ নিবাৰণ কৰিব পাৰি ৷ তাকে কৰিবলৈ অকণমান পৰিশ্ৰম কৰি নিজৰ বাৰীখনতে ভেদাইলতা, মানি-মুনি, লাই, লফা, কোমোৰা, কল, কঁঠাল, বগৰী, আম, আমলখি, শিলিখা, শতমূল, মধূৰী, মধু-সোলেং, পদিনা আদি ৰোপণ কৰি সতেজ তথা ঔষধি গুণ সম্পন্ন আহাৰ লাভ কৰিব পাৰি ৷
ডাকৰ বচনতো উল্লেখ আছে যে-“ৰুলে বগৰী ওঠৰ মাহত লাগে, নুৰুলে বগৰী লোকক মাগে” ৷ সেয়ে নিজৰ বাৰীতে সততে লাগতিয়াল, উপকাৰী শাক-পাত, ফল-মূল আদি ৰুই আত্ম-নিৰ্ভৰশীল হোৱাটো বাঞ্ছনীয় ৷ আমি আশাকৰোঁ আমাৰ অসমীয়া মানুহে বিশ্বায়নৰ মানসিকতা ত্যাগ কৰি ৰুচিকৰ, পুষ্টিকৰ, ঔষধি আৰু ঘৰুৱা খাদ্য খাবলৈ নৱ-প্ৰজন্মক শিকাবলৈ লওক, আৰু অভিভাৱক সকলেও এই ক্ষেত্ৰত সজাগ আৰু যোগাত্মক প্ৰদক্ষেপ ল’ব ৷ এয়াও আজিৰ সময়ৰ এক আহ্বান ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments