খাব জানিলে সাহিত্যতো …  কবিতা দত্ত

ৰাতিপুৱা বিছনাতে বাতৰিকাগজখনত চকু ফুৰাই বঁটা বিৰ্তকটো দেখি মনত পৰিল যে স্কুল-কলেজ আৰু কৰ্ম জীৱনতো পোৱা দুটামান বঁটা মোৰো আছে৷ শ্ৰীমতীক চিঞৰিলো…

: হেৰা শুনিছা…৷ মোৰ বঁটাকেইটা কি হ’ল৷
পাকঘৰৰ পৰা হেতাসুৰীয়া মাতেৰে তেৱোঁ ৰিপ্লাই দিলে…
: কাক মেনেজ কৰি পাইছিল হয় নে! সেইকেইটা৷

বুজিলো৷ শ্ৰীমতীয়ে তাৰমানে অকাডেমীৰ বঁটাৰ বিৰ্তকৰ খবৰটো ভালকৈয়ে জানে৷ জনাৰে কথা৷ দিনৰ দিনতো ফেচবুক, হুৱাটছআপ, লোকেল নিউজ চেনেলকেইটা ক্ৰমে “বৰানী লাইভ“, “শইকীয়ানী প্ৰাইম“ তদুপৰি পুত্ৰধন ফাষ্ট শ্ব, কন্যাৰত্ন টাইম আছেই৷ আটাইবোৰৰ পৰা চাগে সকলো খবৰ গোটাই থৈছে৷ মই খবৰ লোৱাহে কথা৷ চোবোৱাহে কথা৷

খৰধৰকৈ বিছনাৰ পৰা ডাইৰেক্ট পাকঘৰত প্ৰৱেশ কৰিলোঁ৷ গৰম চাহ একাপৰ সৈতে গৰম খবৰ এডোখৰ৷ তেওঁৰ ব্যস্ততা দেখি ময়ে অলপ লেনিয়াই আৰম্ভ কৰিলোঁ…
: হেৰা… শুনি…ছা…৷ আজি দেওবাৰেওনো কি … কৰিছা…৷
: সাহিত্য-সাহিত্য খেলিছো৷
মই বোলো কৃষ্ণ হে পায়৷ তুমি দেখোন একদম জোকৰ মুখত চূণ দিলা দেই৷ পাছে কাৰ লগত খেলিছা৷ অকলে অকলে সাহিত্য সাহিত্য নেখেলে নহয় আঁকৰীজনী৷ লবী লাগিব৷ লবী৷
: লবী! সেইটো কি বস্তু৷ কেনেকুৱা বস্তু৷ ক’ত পায়৷
শ্ৰীমতীৰ জ্ঞানৰ নমুনা বুজি উত্তৰ দিলোঁ…
: তোমালোকৰ সেইটোৱে প্ৰব্লেম৷ চব বস্তু বিগ বজাৰ, পেণ্টালুনত বিচাৰি ফুৰা৷ লবী তাত ওলোৱা বস্তু নহয়৷ ই বজাৰত নোপোৱা এক পৰম সম্পদ৷
: তেনে পায় ক’ত৷ —শ্ৰীমতীৰ কিউৰিয়াছ মন৷
মই বোলো সেইবিধ পাবলৈ গোটাবলৈও প্ৰতিভা লাগিব৷ নাকত লাজে নধৰা বিশেষ এবিধ প্ৰতিভা৷
: হেৰি… আপুনি কি যে কথাবোৰ কয়৷ বুজিয়ে নেপাওঁ৷ কাৰ আছে হয় নে এনেকুৱা প্ৰতিভা৷ আমাৰ শইকীয়ানীৰ নে বৰানীৰ৷
: ধেৎ… তেৰি সেই তোমাৰ শইকীয়ানী, বৰানীৰ নাই হে৷ এনেকুৱা প্ৰতিভা থাকিলে তেৰাসবে লোকেল চেনেল নচলায়৷ ৰাতি দুহেজাৰটকীয়া নোটৰ বাণ্ডিল গণ্টি কৰি থাকিলে হয়৷ দিনত কোনোবা চভাত চাহিত্য পাঠ কৰিলে হয়৷
: নাম কওঁক হে৷ কিনো চাচপেঞ্চ ৰাখি ৰাখি কৈ আছে৷ নাম কওঁক৷
শ্ৰীমতীয়ে কাঢ়া জবাব দিলে৷
: নাম ক’বলৈ কিটো আছে৷ সকলোৱে জনা শুনা নাম৷ ডেকা হাজৰিকা বাইদেও আৰু আমাৰ যে ৰাজবংশী ছাৰ৷ তেওঁলোকৰেতো নাকত লাজ নাইকিয়া প্ৰতিভা আছে৷ সেই প্ৰতিভাৰ জোৰত লবীও বনাই আছে৷

শ্ৰীমতীয়ে গৰম চাহ একাপ দি বোলে তাকে ক’লেই হ’ল৷ ময়ো বোলো তাকেই কৈ আছো৷ চাহত চেনি নাই৷ চেনিৰ নাম শুনি শ্ৰীমতী জাঙুৰ খাই উঠি বোলে খাব জানিলে ফিকা চাহেই মিঠা৷ মই বোলো এৰা! খাব জানিলে ফিকা চাহেই মিঠা৷ আমাৰ নিচিনা নৰমনিচে সাহিত্যত খাবলৈ কি আছে বুলি ভাবো৷ এই দুজনা প্ৰতিভাধৰে চভা আৰু অকাদেমী চলাই প্ৰমাণ কৰি আছে বোলে খাব জানিলে সাহিত্যতো টকা৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক