খালী চিট- চৈয়দ হান্নান আহমেদ

জানুৱাৰীৰ প্ৰথম দিনকেইটাত বাছৰ সংখ্যা বহুত কমি যায়৷ বনভোজত ব্যস্ত৷ লগতে আন্দোলন, ধৰ্ণা এইবোৰ বাৰমহীয়া উৎসৱতো আছেই৷ বিহুৰ বতৰ৷ বেছিভাগ অফিচ খালী৷ আমি আহিছোঁ বেংক কৰ্মচাৰী৷ নাহিলে উপায় নাই৷ অফিচত আছো যদিও ফেচবুকত লাৰু, পিঠাৰ লগত চেল্ফিবোৰ দেখি দেখি ঘৰলৈ যাওঁ ঘৰলৈ যাওঁ লাগি আছে৷ “হেপ্পী বিহু“ শুভেচ্ছাবোৰ চাই আছো যদিও কাকো উত্তৰ দিয়া নাই৷ বিহুটোত আৰু হেপ্পী চেপ্পী ক’ব মন নাযায়৷ অফিচত গ্ৰাহক অহা দেখিলে বিহুৰ ওলগ জনাইছোঁ যদিওঁ মনে মনে ভাবিছোঁ “আজি নাহিলে নহয়নে!“ দিনটো কিবাকৈ পাৰ কৰি ঘৰলৈ বুলি বাছষ্টেণ্ডত ৰৈ আছোঁ৷ কিন্ত গাড়ী নাই৷ বহু পৰৰ মূৰত এখন আহিল৷ দেখি মূৰ ঘূৰাই গ’ল৷ এইবিলাক যাত্ৰী নে আন্দোলনকাৰী! পাণ জপাদি জাপি আনিছে৷ ইমান ঠেলা হেঁচা! নুঠিলেও উপায় নাই৷

’লাষ্ট গাড়ী, লাষ্ট গাড়ী’ -বাছৰ হেণ্ডিমেন, কণ্ডাক্টৰৰ লগতে আৰু কেইজনমানে একেলগে আটাহ পাৰি উঠিছে৷ এনেকুৱা লাষ্ট গাড়ী গধূলি বহুকেইখন আহে৷ গতিকে লাষ্ট গাড়ী বুলিলেও বিশ্বাস নহয়৷ কিন্তু আজি এওঁলোকক সত্যবাদী ৰামচন্দ্ৰ যেন লাগিছে৷
কষ্ট-মষ্ট কৰি সোমাই গৈছো ভিতৰলৈ৷ বগলীয়ে মাছ বিচৰাৰ দৰে ডিঙিটো মেলি চাইছো ক’ৰবাত কোনোবাই গাটো লৰচৰ কৰিছে নেকি! উঠিলেই হিমা দাসৰ দৰে দৌৰ মাৰি বহি দিমগৈ৷ নাই, উঠাৰ লক্ষণ কাৰো নাই৷ কিন্তু ভীষণ ভিৰৰ মাজতো এটা চিট খালী৷ কোনো বহা নাই৷ বহিবলৈ যেন কাৰো আগ্ৰহ নাই৷ কাষত বহা সুন্দৰ ল’ৰাজনে চিটটোৰ কিছু অংশ বেদখল কৰি লৈছে৷ মই ঠেলা ঠেলি কৰি কোনোমতে চিটটোৰ কাষ পালো৷ কাষত ঠিয় হৈ থকা মানুহবোৰে আনদিনাৰ দৰে কোনো প্ৰতিযোগিতাত নমা নাই৷ নাকটো কোঁচাই বেকাকৈ মোৰ ফালে চাইছে মাথোঁ৷
“অলপ সেইফালে যাবা নেকি?“ -ল’ৰাজনক সুধিলোঁ৷
“যাওক, আপুনিয়ে সোমাই যাওক৷ অকণমান চাব মাত্ৰ, সেইফালে বমি কৰি থৈযে কিজানি কোনোবাই
হয়োতো৷ চিটটোৰ কাষৰ ফালে বগা বগা৷ ওৱাক৷ বমিয়ে হ’ব মোৰো৷ সেইকাৰণে সেইটো চিট খালী৷ ছিঃ, এতিয়া উজাই যাবও নোৱাৰো, ভটিয়াবও নোৱাৰো! তাৰমানে কাষত থকা সকলোবোৰ মোৰ দৰে দৌৰি দৌৰি আহি উজুটি খোৱা! মনে মনে ভাবিলো -এই ডেকা ল’ৰাজনেনো বমিৰ মাজত কেনেকৈ বহি আছে?
ভিৰ হ’লেও গাড়ীত মানুহ উঠায়ে আছে উঠায়ে আছে৷ এজনী ছোৱালী ভিৰ ফালি ফালি আগবাঢ়ি আহিছে৷
“য’তে আছা তাতে থাক, পিছফালে ফুটবল দূৰৰ কথা লুডু খেলিবলৈয়ো জাগা নাই“-ক’ম বুলি ভাবিও ন’কলো৷ “য’তে মৰা মৰ-“ বুলি ভাবি নীৰৱে থাকিলো৷ কিন্তু সুন্দৰীজনী দেখো বমি থকা চিটতোতে বহিব গৈছে৷ ল’ৰাজনেও ছোৱালী পাই এবাৰো বাধা দিয়া নাই৷ বৰঞ্চ হাতৰ ৰুমালেৰে বমিখিনি মচি দিছে৷

“কি এইবোৰ?“ ছোৱালীজনীয়ে সুধিলে৷
“নাই, একো নাই, বহা৷“
ধেই, ছোৱালী হ’ল বুলি আৰু ইমানখিনি কৰিব লাগেনে? মুখ ঘূৰাই দিলো৷ খঙতে নে ঘৃণাতে সঠিক নিজেও ক’ব নোৱাৰিলো৷
লাহে লাহে হাঁহিৰ শব্দ শুনিব ধৰিলো৷ ল’ৰা ছোৱালীহাল৷ ফাইট কৰি ছোৱালী পতোৱা চিনেমাত দেখিছো৷ কিন্তু বমি মচি পতোৱা প্ৰথম দেখিলো৷

“ইমান ভিৰৰ মাজতো যে তুমি চিটতো ৰাখিছা?“

ছোৱালী জনীয়ে ল’ৰাজনক সুধিছে৷ তাৰমানে পুৰণা চিনাকি৷ হ’লেও বমি মচি দিয়াতকৈ নিজে উঠি দিলেইতো হ’লহে৷
“নক’বা আৰু৷“ ল’ৰাজনে যিমান পাৰে সৰু সৰুকৈ কৈছে৷

“দৈ অলপ উলিয়াই চিটত পেলাই থৈছিলো৷“

লাহেকৈ খঙত তাৰফালে চাওঁতে বিহু বুলি তেওঁ কিনা দৈৰ টেকেলিতো চকুত পৰিল৷ তেওঁৰ দুই ভৰিৰ মাজত৷ মোৰ লগতে কাষত থকা দত্ত, ডেকা, কলিতা, আলী, আহমেদ যত যি নামধাৰী জীৱ আছে সকলোৱে সেইফালে চাইছে৷ আৰু আমাৰ ফালে চাই যেন টেকেলিটোৱে মুখটিপি হাঁহি আছে৷
ক’ব নোৱাৰাকৈয়ে মোৰ মুখেৰে ওলাব খুজিছিল
“ পিৰিতি পিৰিতি পিৰিতি
পিৰিতি মিঠা চুৰা দৈ…’’

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

বুজাব নোৱাৰা আনন্দ পালো,,,ধনাবাদ।