খালী হৈ থকা কোঠাটো (দেউতাৰ অবৰ্তমানত কিছু অনুভব) (ভাস্কৰজ্যোতি দাস)

 

 

মাধৱে কহন্ত অৰ্জুনত_____________শুনা ইটো পৰমাৰ্থ তত্ত্ব

________ভকতেসে মোৰ মহিমা জানে নি:শেষ ।________

তত্ত্ব ৰূপে সখি জানি মোক_______তৰিয়া দুৰ্ঘোৰ দুঃখ শোক

_______অন্ত কালে গৈয়া আমাত হোৱে প্ৰৱেশ ।________

………………………………………………………………………..….(নামঘোষা-৬১৭)

 

দেউতাৰ আদ্যশ্ৰাদ্ধ ১৬ মাৰ্চ তাৰিখে হৈ গ’ল। পৰিয়ালৰ মানুহবোৰো এজন-দুজনকৈ ঘৰা-ঘৰি গৈছে। দুগৰাকী দূৰসম্পৰ্কীয় পেহীহে আছে। বয়বস্তুবোৰ থান-থিত লগাবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব। নিজৰ কোঠাটোৰ লগতে আন আন ঠাইসমুহ লাহে লাহে ঠিক-ঠাক কৰি আছোঁ। তাৰ মাজতে এটা ডাঙৰ কেৰী-বেগত ভৰাই থোৱা কিছুমান ফ্ৰেম আৰু এনভেলপত চকু পৰিল। শ্ৰদ্ধাঞ্জলি, শোক-প্ৰস্তাৱ, অশ্ৰু-অঞ্জলি ইত্যাদি শিৰোনামেৰে কিছুমান কাগজ। জিলা নাগৰিক মঞ্চ, সাংবাদিক সন্থা, বিদ্যালয়-নামঘৰ পৰিচালনা সমিতিৰ পৰা আৰম্ভ কৰি বিধায়কৰ পেডলৈকে এইসমূহ শিৰোনামেৰে কিবাকিবি লিপিবদ্ধ হৈ আছে। লিখনশৈলীৰ উপস্থাপন বেলেগ যদিও ভাব একেই। তাৰে মাজৰ এখনত পালোঁ এইভাগ ঘোষা। “অন্ত কালে গৈয়া আমাত হোৱে প্ৰৱেশ” – ইয়াতেই হয়তো শেষ। ইয়েই সম্ভৱত সত্য। ইয়াৰ ঊৰ্দ্ধত একো নাই। সকলো জীৱন নাটৰে শেষৰ দৃশ্যপটৰ বাবে বান্ধি থোৱা থিম।

 

দেউতা শিক্ষক মানুহ। ১৯৬২-৬৩ চনত কটন মহাবিদ্যালয়ৰ নৃতত্ব বিভাগৰ প্ৰথমজন স্নাতক। কৰ্মজীৱনৰ পাতনি মেলিছিল সেই মহাবিদ্যালয়ৰে একে বিভাগত ডেমনষ্ট্ৰেটৰ হিচাপে। পাছলৈ বি.টি. পঢ়ি কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচ বছৰ শিক্ষকতা আৰু ১৯৭৩ চনৰ পৰা ১৯৯২ চনলৈ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে। ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈকে উপাধ্যক্ষ আৰু ১৯৯৭ চনৰপৰা ২০০০ চনলৈকে অধ্যক্ষ পদত থাকি উক্ত বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰে। শিক্ষাজীৱন-কৰ্মজীৱনৰ এইখিনিতে পৰাল পৰিল। পিচে যিবোৰ কথা এই মুহূৰ্তত মনলৈ আহিছে সেইবোৰ এইসমূহৰ পৰা পৃথক।

 

আমি তেতিয়া সৰু। দেউতাই নিজৰ হাৰমনিয়ামত নিতৌ গধূলি আঙুলি বুলায়।

“ঝৰ উঠেছে বাউল বাতাশ

আজকে হ’ল চাথী,

চাত মহলা স্বপ্নপুৰেৰ

নিবল’ হাজাৰ বাটী।।”

এনেকুৱা বহুকেইটা বাংলা গীত আছে, হেমন্ত কুমাৰৰ। এইবোৰ তেওঁ গায়, লগত হাৰমনিয়ামখন বজায়। আমি ওচৰতে বহি চকু-কাণ থৰ কৰি চাই থাকোঁ, শুনি থাকোঁ। গানত বৰ চখ আছিল দেউতাৰ। লিখিছিল, সুৰ দিছিল, গাইছিল। ইয়াতে দেখিছিলোঁ দেউতাৰ মাজত থকা এক আপোনবিভোৰ চৰিত্ৰ। চিনেমা চাই ভাল পাইছিল। কলাত্মক আৰু বাণিজ্যিক দুয়োধৰণৰ চিনেমা চালেও তেওঁৰ প্ৰথম পচন্দ আছিল কলাত্মক ছবি। নাচিৰুদ্দিন শ্বাহ, স্মিতা পাটিল, মলয়া গোস্বামী, সুপ্ৰিয়া পাঠক ইত্যাদিসকলৰ অভিনয়ৰ তুলনা মমতা কুলকাৰ্ণীৰ সৈতে কৰিব নোৱাৰি। কেতিয়াবা আমাৰ লগত ঠাট্টা-মস্কৰা কৰি এইধৰণৰ তুলনা কিছু দিছিল দেউতাই।

 

আমি দেউতাক খঙ কৰা দেখা নাই। অষ্টম মানত নিজৰ শিক্ষাগুৰু হিচাপে পাইছিলোঁ। দেউতাই জীৱবিজ্ঞান পঢ়াইছিল। মই পঢ়া সময়খিনিত কাকো মাৰধৰ কৰা দেখা নাই। নীল ডাউন- এইটোৱেই শাস্তি দুই-চাৰিজন ছাত্ৰই মাজেমধ্যে পাইছিল। স্কুলৰ পৰা আয়োজন কৰা পিকনিকবোৰতো ছাত্ৰসকলৰ সৈতে বেচ বন্ধুত্বপূৰ্ণভাবে সময় অতিবাহিত কৰিছিল দেউতাই।

 

চাহ বৰকৈ খাইছিল। তাৰ পাছতে তামোল। আমি অষ্টম মানত থাকোঁতেই প্ৰথমবাৰ প্ৰেচাৰ ষ্ট্ৰ’ক হৈ পেৰালাইচড্ হৈ তেওঁ তিনিমাহমান বিচনাত পৰি আছিল। ডিব্ৰুগড়ৰ বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ শ্ৰী নাৰায়ণ উপাধ্যায়ে চিকিৎসাকালত কৈছিল- “আপুনি সম্পূৰ্ণ আৰোগ্য হ’বলৈ আৰু ৩ বছৰমান লাগিব। তাৰ মাজতে এদিন শ্ৰদ্ধেয় কনকেশ্বৰ বৰা ছাৰে আকুপাংচাৰ কৰাৰ পৰামৰ্শ দিয়ে। ওচৰৰে ক্লিনিক এখনত সেই চিকিৎসা আৰম্ভ হয় আৰু ১০-১৫ দিনতে এই চিকিৎসাই যাদুৰ দৰে কাম কৰিলে। চাইকেল-বাজাজ চুপাৰৰ চিটত বহায়েই নহয়, চেকেণ্ড-হেণ্ড এম্বেচাডৰখন চলাই দেউতাই চেৰেকাপাৰ-দিচাংমুখৰ গাঁৱলীয়া বজাৰলৈ গৈ বয়-বস্তু কিনিব পৰা হ’ল। চাকৰিৰ সময়ছোৱাৰ দৰে অৱসৰৰ পাছতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে দেউতা ব্যস্ত হৈ থাকিল। বিদ্যালয়-মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ পৰা আৰম্ভ কৰি নামঘৰলৈকে সকলোতে ব্যস্ত তেওঁ। এইবোৰৰ লগতে কেতিয়াবা ভাব হয় তেওঁ যেন নিজৰ শাকনি বাৰীখন আৰু আমাৰ ঘৰৰ পিছফালে প্ৰায় দুবিঘামান মাটিত খন্দোৱা পুখুৰীটোৰ লগত ব্যস্ত হ’বলৈয়ে অৱসৰ ল’লে। শিৱসাগৰৰ ডা: পি.পি.চেতিয়া দেউতাৰ ছাত্ৰ আৰু স্বাস্থ্য-পৰামৰ্শদাতা। কেতিয়াবা কিবা অসুবিধা পালে তেওঁৰ পৰামৰ্শমতে কিবাকিবি দৰৱ খাই আৰোগ্য হয়। ২০০৬ চনৰ পাচত পুনৰ স্বাস্থ্য বেয়া হ’ল। দুবছৰমান তেওঁৰে পৰামৰ্শ ল’লে আৰু স্বাস্থ্য সুস্থিৰ হ’ল। পাছলৈ ক্ৰমাৎ দুৰ্বল হৈ অহাত ২০০৮ চনত ডিব্ৰুগড়ৰ ডা: নাৰায়ণ উপাধ্যায়ৰ ওচৰলৈ লৈ যাওঁতেহে তেওঁৰ অসুখটো ধৰা পৰে। ১৯৯২ চনত সম্পূৰ্ণ সুস্থ বুলি ধৰা দেউতাৰ ব্ৰেইনত ইনফ্ৰাক্ট তেতিয়াৰে পৰা। মাজত কিছু মাইনৰ ষ্ট্ৰ’ক। আমিতো বাদেই তেওঁ নিজেও গম নাপালে। পৰামৰ্শকালত ডা: উপাধ্যায়ে জানিবলৈ দিয়ে অসুখৰ গভীৰতা আৰু অষ্ট্ৰোপচাৰত আহিবলগীয়া জীৱন-মৰণৰ প্ৰশ্নটোৰ বিষয়ে। পৰামৰ্শৰ পৰিসৰ বঢ়োৱাৰ পাছতো সেই একেধৰণৰ কথাবোৰে মনবোৰ অস্থিৰ কৰি তুলিলে। অৱশেষত দৰৱ-পাতিৰেই স্থিৰতা আনিবলৈ একলানি নতুন চিকিৎসা আৰম্ভ হ’ল। দেউতাই সেইবোৰত নিজকে আবদ্ধ কৰি ৰাখিবলৈ বেয়া পায়। সেয়ে মাজে-মধ্যে বাহিৰলৈ ওলাই যাব খোজে।

 

যোৱা তিনিটা বছৰে বিচনাখনে সংগী হৈ থাকিল। যোৱা ১ মাৰ্চত সেই সংগও ত্যাগ কৰিলে দেউতাই। হয়তো অনন্তজনৰ কোলাত কিছু আৰাম পাব বুলিয়েই তেওঁ আমাক এৰি থৈ গুচি গ’ল।

 

এতিয়া দেউতাৰ কোঠাটোৰ কাষেৰে পাৰ হৈ গ’লে বিচনাখনৰ ফালে চাওঁ। বিচনাখন নাই। দুবস্তামান নাৰিকল আৰু দুবস্তামান বুট-মগুৱে কোঠাটোৰ শোভা কমাইছে। হ’লেও কোঠাৰ আলমাৰিটোত সজাই থোৱা কিতাপবোৰৰ মাজৰ পৰা ওলাই আহি তেওঁ যেন চকীখনত বহিব আৰু হাঁহি এটা মাৰি কিবা এটা ক’বহি, এনেকুৱা লাগে।

 

কিবা এশাৰী মনত পৰিছে…………..

“ভাগি গ’ল বীণখনি,

চিঙি গ’ল তাঁৰ,

থাকি গ’ল মাথোঁ তাৰ

অমিয়া ঝংকাৰ।”

এতিয়া আমিবোৰ লাহে লাহে আকৌ যান্ত্ৰিক হৈ পৰাৰ চেষ্টা কৰিম। কিন্তু মাজে মাজে আকৌ বাজি উঠিব সেই ঝংকাৰ, লগত এমুঠি স্মৃতিৰ সুবাস বান্ধি।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক