খাৰত হালধি নিদিব-ড৹ ভগৱান দেৱ মিশ্ৰ


কেতিয়াবা বজাৰলৈ যাবলগীয়া হয়৷ মই অৱশ্যে দূৰৰ পৰাই কিনো, বেপাৰীৰ ওচৰ চাপি নাযাওঁ৷ মাস্ক আৰু গ্লোভ্স পিন্ধি যাওঁ৷ এপোৱা, আধাকেজি হিচাপত নিকিনো৷ টকা হিচাপতহে কিনো৷ এশটকীয়া নোট এখন দি বেপাৰীৰ পৰা ভালেখিনি দূৰত থৈ ক‌ওঁ –বিলাহী চল্লিশ টকাৰ, আলু বিশ টকাৰ, বন্ধাকবি ত্ৰিশ টকাৰ আৰু কেঁচা জলকীয়া দহ টকাৰ৷ চিনাকি বেপাৰী, আপত্তি নকৰে৷ দৰ-দামো নকৰোঁ, টিপি-টাপিও নাচাওঁ৷ মহেশৰ মুখামুখি হ’লোঁ বজাৰত৷ বজাৰ কৰিবলৈ আহিছে৷ ঘৰত সৰুকৈ অনুষ্ঠান এটা পাতিছে৷ কিতাপত ৰাপ আৰু চখ থকা মানুহ মহেশ৷ লাইব্ৰেৰী এটাও কৰিছে ঘৰত৷ সেইটো আজি উদ্বোধন কৰিব৷ গকুল দেউৱে হেনো গণনা কৰি আজিৰ দিনটো ভাল বুলি কৈছে৷ দিনবোৰ সলনি হৈছে৷ আজিকালি ৰাজনৈতিক দলৰ নাম ঘোষনা কৰাৰ লগ্ন‌ও হেনো জ‍্যোতিষীয়েহে ঠিক কৰি দিয়ে৷ “আপুনিও থাকিব লাগিব“ –মহেশে হয়তো সৌজন্যমূলক নিমন্ত্ৰণ জনালে৷ মই শলাগিলোঁ৷ বজাৰ কৰোঁতে মোকো লগত ল’লে৷ বেছি বজাৰ কৰা নাই৷ আলু এক কেজি, বন্ধাকবি এক কেজি, ৰঙালাও এটা, পিয়াঁজ এক কেজি, কলডিল এটা৷ জাহাজী কল ঘৰৰেই আছে৷ আলু, ৰঙালাও, জাহাজী কল আৰু কলডিলৰ লাব্‌ৰাখন আমাৰ গাঁওবোৰত বৰ জনপ্ৰিয়৷ মিঠাতেল আৰু মাটিমাহ ঘৰতেই আছে৷ অমিতাও আছে গছত৷ এতিয়া মাছ কিনিলেই হ’ল৷ নিমন্ত্ৰিত মানুহ পাঁচজন, ঘৰৰ মানুহ পাঁচজন, গোকুল দেউ আৰু মোক লৈ সমুদায় বাৰজন মানুহ৷ মাটিমাহৰ দাইল, লাব্‌ৰা, আলুৰে মাছৰ জোল, অমিতাৰ খাৰ৷ খাৰখন আমাৰ গাঁওবোৰত সৰু-সুৰা আয়োজনবোৰত অপৰিহাৰ্য৷ মোৰ ভোক লগাৰ দৰেই হ’ল৷ পাঁচপোৱাৰ বাহুমাছ এটা কিনি মাছ বেপাৰীক চৈধ্য টুকুৰ কৰিবলৈ ক’লে মহেশে৷ দুইটুকুৰ আপদকালীন হিচাপত ৰাখিলে মহেশে৷ মাংসৰ ব‍্যৱস্থা কৰিবলৈ দেউৱে হেনো মানা কৰিছে৷ দেউৰ হয়তো মাংসৰ লোভ আছে, মাংস চোবাবলৈ দাঁতকেইটাহে নাই৷ আজিকালি গাঁওবোৰতো কিবা খানাৰ আয়োজন হ’লে মাছ-মাংস দুয়োটাই থাকে, লগত প্লাষ্টিকৰ বাটি এটাত এচামুচ দৈ আৰু মিঠাই এটা থাকেই৷ আকৌ এবাৰ নিমন্ত্ৰণৰ কথা সোঁৱৰাই দি মহেশ গ’লগৈ৷ মহেশৰ হিচাপটোৰ কথা ভাৱি ভাৱিয়েই মই ঘৰমুৱা হ’লোঁ৷ মহেশে দেখোঁ ৰান্ধনীজনক হিচাপত নধৰিলেই! ঘৰৰ মানুহেই ধৰামেলা কৰি ৰান্ধিব যেন পাওঁ৷
দুপৰীয়া অলপ আগতীয়াকৈ মহেশৰ ঘৰ পালোঁ৷ আঞ্জাৰ মলমলীয়া গোন্ধ এটা নাকত লাগিছে৷ দেউৱে পূজাভাগ সামৰিছেই৷ লাইব্ৰেৰী উদ্বোধন কৰিবলৈ বিশেষভাবে নিমন্ত্ৰণ কৰা হৈছিল স্থানীয় হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাৱন‍্য ডেকাক৷ ডেকা চাৰে তেখেতক নিমন্ত্ৰণ কৰা অনুষ্ঠানবোৰত স্বৰচিত কবিতা একোটা আবৃত্তি কৰি প্ৰচুৰ হাতচাপৰি সংগ্ৰহ কৰে৷ ম‌ইহে কবিতাবোৰৰ মাথামুণ্ড একো বুজি নাপাওঁঁ৷ কবিতা পুথি এখনো নিজৰ খৰচতেই ছপা কৰি উলিয়াই কিতাপৰ দোকানবোৰত দি থৈছে৷ প্ৰকাশক বিচাৰি নাপালে হেনো চাৰে৷ দোকানীয়ে এখনো কিতাপ বিক্ৰী কৰিব পৰা নাই৷ চাৰে নিজেই ছাত্ৰবোৰৰ তাত প্ৰায় জোৰ-জবৰদস্তি কৰি কিছু কিতাপ বিক্ৰী কৰিছে, কিছুমানক বাকীকৈও দিছে, বিয়া-বিহুতো বহুতক উপহাৰ দিছে৷ পিছে চাৰ আজি আহিব নোৱাৰিব, চাৰৰ হেনো ক’ৰ’ণা হৈছে৷ এতিয়া লাইব্ৰেৰীৰ ফিতা কোনে কাটিব৷ মোৰ আগ্ৰহৰ বিষয় লাইব্ৰেৰীটো নহয়, খানাটোহে৷ মই জানো মহেশৰ লাইব্ৰেৰীটোত কি কি থাকিব পাৰে, সৰুৰ পৰাই লগ পাইছোঁ তাক৷ মহেশৰ সৰু ল’ৰাটোৱে লাইব্ৰেৰী উদ্বোধনৰ কাৰণে কোনোবা ডাঙৰ মানুহৰ লগত যোগাযোগ কৰা বুলি মহেশে ক’লে৷ দুজন ডাঙৰ নেতা হেনো কিবা ডাঙৰ মিটিং এখন কৰিবলৈ কাষৰ গাঁওখনলৈ আহিছে৷ দুপৰীয়া মহেশৰ ঘৰত ভাতো খাব আৰু লাইব্ৰেৰীটোও উদ্বোধন কৰিব৷ ভালেই পালোঁ, অন্ততঃ কবিতা আবৃত্তি নকৰে নিশ্চয়৷ মহেশৰ গাত তৎ নাই৷ ডাঙৰ ল’ৰাজন নেতা দুজনৰ লগত একেলগে গাড়ীত আহিব৷ খাৰখনৰ বাহিৰে সকলো যোগাৰ সম্পূৰ্ণ হৈছে৷ মহেশৰ ল’ৰাই কৈ থৈ গৈছে খাৰখন হেনো উদ্বোধনকাৰীজনে নিজেই বনাব৷ গতিকে কোনেও খাৰখন ৰান্ধিবলৈ সাহস কৰা নাই৷ নেতাসকল আহি পালে৷ গাড়ীৰ পৰা আথেবেথে মহেশে আদৰি আনিলে৷ বগা চাৰ্ট পিন্ধা ডেকা নেতা দুজন আহি নিৰ্দিষ্ট আসনত বহিল৷ এজনৰ পেণ্টৰ ৰঙটো ক’লা৷ টেবুলখনে ঢাকি ৰখা কাৰণে আনজনৰ পেণ্টটোৰ ৰঙটো ধৰিব নোৱাৰিলোঁ৷ চুটি বক্তৃতাৰেই লাইব্ৰেৰীৰ ফিতা কটা অনুষ্ঠানটোৰ সামৰণি পৰিল৷ বগা চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধাজনে পোনে পোনে ৰান্ধনীঘৰত সোমাল, পিছে পিছে আনজন নেতাও সোমাল৷
  ভাতৰ পাত পাৰিলে৷ আমিবোৰ বহি গ’লোঁ৷ বাকী আঞ্জা-তৰকাৰী বৰ উপাদেয় হৈছে৷ খাৰখনহে আহি পোৱা নাই৷ এজনে লাজ লাজকৈ খাৰখন বিলালে৷ উৱা! খাৰখনৰ ৰঙটো কিয় এনেকুৱা হৈছে! ইজনে সিজনৰ মুখলৈ চালে৷ খাৰখনৰ ৰঙটো ৰঙাও নহয়, হালধীয়াও নহয়, কমলা বা তামোলপিকৰ ৰঙৰো নহয়৷ ৰঙটো বৰ্ণাবলৈ মোৰ কোনো প্ৰতিশব্দ নাই৷ অসমীয়া ভাষাত তাৰ প্ৰতিশব্দ থাকিলেও মই অন্ততঃ নাজানো৷ তৰ্জনী আঙুলিটোৰে এচিকুট আনি জিভাত দি মুখখন বিকটাই সকলোৱে খাৰখন পাতত একাষৰীয়াকৈ থ’লে৷ কোনোবা এজনে চিঞৰি চিঞৰি ক’লে, “খাৰত হালধি নিদিয়ে৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক