খিৰিকী (উজ্জ্বল ফুকন)

খিৰিকী

“অ’ এইটো বাবলু নহয়নে? কেতিয়া আহিলি তই?” ব্ৰজেন দোকানীয়ে দোকানৰ ভিতৰৰ পৰাই চিঞৰিলে।
“কল মি ব’ব.. ব্ৰজেন দা। কালি পালোঁহি।” বাবলুৱে উত্তৰ দিলে।
বাবলুৰ মাত শুনি তেজটুপিৰ পিছে পিছে দিনটো দৌৰি ফুৰা চাৰি যোৰ চকুৱে একেলগে তাৰ ফালে চালে।
কেৰম বৰ্ডৰ কাষৰপৰাই নিহাৰে চিঞৰিলে “অই বাবলু এইফালে আহ। আৰু হাতত কি এইটো?”
“অহ ন’ট এগেইন। বাবলু বুলি নামাতিবি। নাউ মাই নেম ইজ ব’ব।” বাবলুৱে ক’লে।
নিহাৰে বাবলুৰ কথা শুনি বাকী কেইটাৰ মুখলৈ চালে।
“তোক সি তোৰ ভাল নামটোৰেহে মাতিছে। নালিয়া বুলিটো মতা নাই।” প্ৰকাশৰ মাতটো ভাহি আহিল।
নালিয়া বাবলুৰ ঘৰত মতা নাম। দেউতাকৰ নাম কলিয়া কাৰণে সেইটো মিলাই সৰুতে বাবলুক সকলোৱে নালিয়া বুলি মতিছিল। চহৰত পঢ়িবলৈ যোৱাৰ পিছত অৱশ্যে নালিয়া নামেৰে তাক কোনেও নমতা হ’ল।
“মোৰ ফ্ৰেণ্ড চাৰ্কলত মোক এতিয়া ব’ব বুলিয়েই জানে। বাবলু বুলি কোনেও নামাতে” বাবলুৱে ক’লে।
“হেৰৌ তোক সিহঁতে ব’ব বুলি মাতে বা বাবা বা বেবী বুলি মাতে আমি কেনেকৈ জানিম। কলেহে গম পাম। এতিয়াৰ পৰা ব’ব বুলিয়েই মাতিম দে” ৰাজেনে ক’লে।
“গৰুক যদি গঁৰিলা বুলি মাতে তেতিয়া গৰুটো জানো গঁৰিলা হব। তথাপি আমি মাতিবলৈ চেষ্টা কৰিম।” এইটো দিব্যৰ মাত।
“তই কিন্তু ভাল নামটো মনত পেলাই দিলি প্ৰকাশ। মই নালিয়া নামটো পাহৰিয়েই গৈছিলোঁ। তই যিমানেই দূৰলৈ নাযাৱ বাবলু গাঁৱত তই কলিয়াৰ পুতেক নালিয়াই হৈ থাকিবি।” ব্ৰজেন দোকানীয়ে ক’লে।
“পিছে কি কামত আহিলি এইবাৰ?” নিহাৰে সুধিলে।
“ব’বে ববিক বিচাৰি আহিছ নেকি বাৰু?” ৰাজেনে হাঁহি হাঁহি সুধিলে।
“ভোট দিবলৈ আহিছোঁ।” বাবলুৱে অলপ খঙেৰে ক’লে।
“ভোটাৰ আইডি কাৰ্ডত পিছে তোৰ নামটো কি বুলি আছে। ব’ব নে বাবলু?” দিব্যই লাহেকৈ সুধিলে।
বাবলুৰ খঙত ৰঙা হৈ অহা মুখখন দেখি ৰাজেনে কথা সলনি কৰি সুধিলে “অই বাবলু তোৰ হাতত কি এইটো?”
“এইটো লেপি, মানে লেপটপ।” বাবলুৱে ক’লে।
“মানে কম্পিউটাৰ নে কি সেইটো নেকি? আমি আৰু পথাৰৰ আলি কেইটাৰ বাহিৰে পৃথিৱীখন দেখাই নাই নহয়। টিভিত দেখিছিলোঁ এইটো বস্তু” নিহাৰে ক’লে।
“অ’ কম্পিউটাৰৰ দৰেই। এহ গাঁৱত কাৰেণ্ট অহানো কেইদিন হৈছে। তাকো নামত হে। নাথাকেই দেখোন। এইবোৰ বস্তু গাঁৱৰ মানুহে চিনি পাবলৈ আৰু এটা যুগ লাগিব।” বাবলুৱে ক’লে
“মানে তই এতিয়া নিজকে এই গাঁৱৰ বুলি নাভাব নেকি? আমি আকৌ তোকলৈ প্ৰায়ে গৌৰৱ কৰি থাকোঁ।” দিব্যই সুধিলে।
বাবলুৱে একো নামাতিলে।
“অ’ সেইবোৰ বাদ দে। এটা কথা কচোন। এই কম্পিউটাৰটোত বোলে যি বিছাৰ তাকে পাব পাৰি হয় নেকি? আৰু পৃথিৱীৰ যিকোনো বস্তু বা বাতৰিও চাব পাৰি হয়নে?” ব্ৰজেন দোকানী বাবলুৰ কাষচাপি সুধিলে।
“অ’ হয় কথাটো। যি বিছাৰে তাকে পাব এইটোত” বাবলুৱে ক’লে।
“দেখুৱাচোন দেখুৱা। মোৰ তাজমহলটো চাবলৈ বৰ মন আছে। আমাৰনো আৰু এই জীৱনত ক’ত যাব পাৰিম তাজমহল চাবলৈ” ব্ৰজেন দোকানীয়ে ক’লে।
“ঠিক আছে। অ’ন কৰি চাও ৰ’ব। কানেকচন ইয়াত বৰ শ্ল’ পিছে। ক’ব নোৱাৰোঁ তাজমহল দেখা পাব নে নাই।” বাবলুৱে ক’লে।
“ষ্টাৰ্টিং ৱিনড’জ…” আখৰকেইটা ভাহি আহিল।
“ৱিনড’জ মানে খিৰিকী নহয় জানো বাবলু। এতিয়া মানে খিৰিকীখনৰ সিপাৰে কি কি আছে দেখিব পাম নহয় জানো” ৰাজেনে সুধিলে।
বাবলুৱে অলপ চিন্তা কৰা যেন দেখুৱাই মূৰ দুপিয়ালে।
ডাটাকাৰ্ডটো যেনে তেনে কানেক্ট হ’ল।
“এয়া গুগল বাবা। ইয়াত যি বিচাৰে তাকে পাব।” বাবলুৱে গুগল ইমেজত তাজমহল টাইপ কৰি ক’লে।
সকলোৱে একেথৰে খিৰিকী খনৰ পিনে চাই আছে। “অলপ দেৰি লাগে নহয়নে?” নিহাৰে সুধিলে।
নিহাৰৰ পিচপিনে লাহেকৈ হাতেৰে মাৰি ব্ৰজেনে ক’লে “হেৰৌ মই গ্ৰাহকক আলু এক কেজি দিওঁতেও দেখোন অলপ সময় লাগে। অলপ ধৈৰ্য্য ধৰচোন। ইমান ডাঙৰ মহলটো এখন সৰু খিৰিকীৰে দেখুৱাওঁতে অলপ সময় লাগিবই দেচোন। হয়নে নহয় বাবলু?”
বাবলুৱে আকৌ একো নামাতি মূৰ দুপিয়ালে।
“এইয়া চোৱা তাজমহল” বাবলুৱে ইমেজটো ডাঙৰকৈ দেখুৱাই ক’লে।
”ৱাহ কি সুন্দৰ।” ব্ৰজেন দোকানীয়ে আনন্দত চিঞৰি উঠিল। সকলোৱে একেলগে হয়ভৰ দিলে।

তাৰপিছত বাবলুৱে বিভিন্ন অনুৰোধ ৰক্ষা কৰি কৰি ভাগৰি পৰিল। শচীন টেণ্ডুলকাৰৰ পৰা মাৰাড’নালৈ আৰু লালকিল্লাৰ পৰা মনালিছালৈ গুগল দৌৰি ফুৰিল। কামাখ্যা মন্দিৰটো ওলোৱাৰ লগে লগে গোটেই কেইটাই একেলগে আঁঠু ল’লে”।
“হে মা ভগৱতী ৰক্ষা কৰিবা আৰু।” ব্ৰজেন দোকানীয়ে ভোৰভোৰালে।
“অই ব্ৰজেন আঁঠু-কাঢ়ি কাক সেৱা কৰিছ? মোক অলপ লোণ দেহি অ’ বোপাই।” দেহা দাইটিৰ মাত। পথাৰৰ পৰা আহিছে বাহিৰে বাহিৰে।
“কামাখ্যা মন্দিৰ ওলাইছে দেহা দাইটি। সেইকাৰণে সেৱা কৰিছোঁ।” ব্ৰজেনে দোকানলৈ আহি ক’লে।
“অ’ সেইটো কলিয়াৰ পুতেক নালিয়া নহয় নে? বৰটো হ’ল দেখোন” দেহা দাইটিয়ে বাবলুৰ ফালে চাই ক’লে।
সকলোৱে এইবাৰ নুশুনাৰ ভাও ধৰিলে। নহ’লে খিৰিকী বন্ধ হৈ যোৱাৰ সম্ভাৱনা আছে।
“দেহা দাইটি কি লাগে কোৱা।” ব্ৰজেনে সুধিলে।
“এপোৱা লোণ আৰু অলপ ৰংগুৰি লাগিছিল অ’। পইচাহে পিছে এতিয়া দিব নোৱাৰিম। পিছত একেলগে দি দিম দে।” দেহা দাইটিয়ে লাহেকৈ ক’লে।
“দাইটি অ’, আগৰ পইচা দিয়াই নাই আপুনি। আকৌ বাকী। এইবাৰেই শেষ আৰু।” ব্ৰজেনে ক’লে। যদিও সি জানে দেহা দাইটি আকৌ আহিব দুদিনৰ পিছত বাকী বিচাৰি। কিন্তু উপায় নাই ক’বলগীয়া হয় বেপাৰৰ নামত। নহ’লে দোকান চলিব কেনেকৈ।
“হ’ব দে।” দেহা দাইটিয়ে লোণ আৰু হালধিৰ টোপোলা দুটা লৈ ক’লে।
“মইও সেৱা এটা কৰি যাওঁ মা কামাখ্যাক। ক’ত দেখিলি অ’ ব্ৰজেন?” দেহা দাইটিয়ে সুধিলে।
“অ’ এই বাবলুৰ ওচৰলৈ গ’লে তাতে দেখা পাব।” ব্ৰজেনে ক’লে।
“মা কামাখ্যাৰ মন্দিৰৰ দৰ্শন দিয়াব পাৰিবি নেকি?” দেহা দাইটিয়ে বাবলুক লাহেকৈ সুধিলে। চকু মুখত অনিশ্চয়তাৰ ভাৱ। বাবলুৰ খিৰিকীত আকৌ মা কামাখ্যাৰ মন্দিৰ প্ৰকট হ’ল। দেহা দাইটিয়ে যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে। ইমান দূৰৰ মন্দিৰটো আমাৰ গাঁওৰ এই সৰু বাকচটোত কেনেকৈ ওলালহি। হাজাৰটা প্ৰশ্ন একেলগে মূৰত ঘুৰিব ধৰিলে দেহা দাইটিৰ।

“ঐ নালিয়া,  তোক আজিকালি গাঁৱত নেদেখা হ’লো যে? তই বাৰু মায়ঙত থাক নেকি আজিকালি? কামাখ্যা মন্দিৰটো কেনেকৈ উলিয়ালি তই।” দেহা দাইটিয়ে আচৰিত হৈ সুধিলে।
“অ’ দাইটি ই আজিকালি বিদেশত থাকে। আৰু আপুনি যি বিচাৰে তাকে পাই যাব। মাত্ৰ অনুৰোধ কৰি চাওক” বাবলুৱে কিবা কোৱাৰ আগতেই ৰাজেনে মাত লগালে।

দেহা দাইটিৰ এইবাৰ আৰু আচৰিত হোৱাৰ পাল। অলপ সময় চিন্তা কৰি দাইটি এইবাৰ বাবলু বহি থকা চকি খনৰ কাষৰ মাটিতে বহি লৈ ক’লে “নালিয়া ঐ, লাগোঁতে জীৱনত বহুতেই কিবা-কিবি লাগে। কিন্তু শেষেই হ’বলৈ হ’ল জীৱন। এইকেইদিন অলপ টনাটনি হৈ আছে। পাৰিলে ২০০ মান টকীয়া নোট, ৫ কিলোমান চাউল আৰু বিস্কুট কেইটামান লাগিছিল। টকা মোক নালাগে। আমি খাই বৈ জীয়াই থাকিব পাৰিলেই হ’ল। কিন্তু এই ব্ৰজেনৰ বাকী খাই খাই মোৰো বেয়া লাগে। তাক দিবলৈহে টকা ২০০ লাগিছিল। বিস্কুট মই নাখাওঁ কিন্তু নাতি ল’ৰাটোৱে বৰ ভাল পাই। বহুদিনৰ পৰা খুজি আছে কিন্তু ব্ৰজেনক খুজিবলৈ মইহে লাজ পাই আছো। দিব পাৰিবি নে বোপাই?” বাবলুৱে গুগলত টাইপ কৰিব গৈও ৰৈ গ’ল। বহু আশাৰে চাই থকা দেহা দাইটিৰ ফালে সি আৰু চাব নোৱাৰা হ’ল।

ব্ৰজেনে বিস্কুটৰ পেকেট এটা আনি দেহা দাইটিৰ হাতত দি ক’লে “দাইটি অ’, তই যেতিয়া পাৰ তেতিয়া পইচা দিবি। একো চিন্তা কৰিব নালাগে। আৰু মোৰ কথাত বেয়া নাপাবি।”

“দাইটি এইটোত চাবহে পাৰি চুব নোৱাৰি।” দিব্যই ক’লে।

দেহা দাইটিয়ে ব্ৰজেনৰ মূৰত লাহেকৈ হাত ফুৰাই ঘৰমুৱা হ’ল।

দাইটিৰ ফুটা ওলাই থকা চুৰিয়া খনলৈ চাই ৰাজেনে ক’লে “বুজিছ বাবলু, আমাৰ সমাজত দুখন খিৰিকী আছে। এখন দাইটিৰ চুৰিয়াৰ পাছপিনৰ খিৰিকীখন আৰু আনখন তহঁত চহৰত থকাবোৰে পোৱা এই সুবিধাৰ খিৰিকীখন। এই দুয়োখন খিৰিকীৰ মাজৰ ব্যৱধান যোৱা ষাঠি বছৰে বাঢ়ি বাঢ়ি গৈ আছে। আৰু ৰাজনৈতিক দলবোৰে এই খিৰিকী দুখন কেতিয়াও একেলগ কৰিব নিবিচাৰে। গাঁওৰ মানুহক চহৰৰ দৰে এখন সুখ সুবিধাৰ খিৰিকী দিয়াৰ আশা দিয়ে আৰু চহৰৰ মানুহক গাঁওৰ দুখৰ খিৰিকীখন দেখুৱাই বুজাই দিয়ে তেওঁলোক কিমান সুখত আছে।”

বাবলুৱে যেন ৰাজেনৰ কথাবোৰ বুজি পালে।

“আমি গুগলত চাউল দাইলৰ ছবিহে চাব পাৰোঁ কিন্তু উৎপাদন কৰিবলৈ পথাৰত নামিবই লাগিব। প্ৰযুক্তি যিমানে জৰুৰী হয়তো কৃষি তাতকৈ বহু বেছি প্ৰয়োজনীয়।” বাবলুৱে মুখৰ ভিতৰতে ভোৰভোৰালে।

গধূলিৰ বেলিটোৰ সৈতে লাহে লাহে দাইটিৰ খিৰিকীখনো নোহোৱা হ’ল। “হয়তো কালিলৈ নতুন আশাৰ প্ৰভাত হব। ভোটটো দি আহিব লাগিব।” প্ৰত্যেকেই মনে মনে ভাবিলে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক