খুড়ী, এগৰাকী মহীয়সী নাৰী (ভবিতা দাস)

 

খুড়ী, এগৰাকী মহীয়সী নাৰী

ভবিতা দাস

 

 

এই বিশ্বত যিমান ফুল ফুলিছে
যত ফল ফুলিছে
নাৰীয়ে দিলে তাৰ ৰূপ ৰস
মধু গন্ধ নিৰ্মল
বিশ্বত যিমান মহান সৃষ্টি আছে
চিৰ কল্যাণকৰ
তাৰ আধাখিনিয়েই নাৰীৰ, আধা পুৰুষৰ।।
( মেৰী ওয়ালষ্টন ক্ৰাফট )

 

অংশুমান পুৰকায়স্থ খুড়াই দ্বিতীয় বিবাহ কৰিবলৈ বাধ্য হ’ল । কাৰণ মৌমিতাৰ জন্মৰ দুদিন পিছতেই ডাক্তৰৰ ভুল চিকিৎসাৰ বলি হৈ তেওঁৰ পত্নীৰ মৃত্যু হৈছিল । পৰিয়ালৰ লোকে পত্নী ঢুকোৱাৰ এমাহ পিছতেই খুড়াক এগৰাকী দুখীয়া পৰিয়ালৰ কন্যাৰ সৈতে বিয়া পাতি দিলে। প্ৰথম অৱস্থাত খুড়াই মান্তি হোৱা নাছিল। কিন্তু কণমানি মৌজনীৰ কথা ভাবিয়েই বিয়াত সন্মতি দিবলগা হ’ল।
বিয়াৰ পিচত খুড়ীয়ে নতুন ঘৰখনলৈ গৈয়েই খুড়াক আচৰিত কৰি ক’লে—‘তুমি মোৰ পৰা কেতিয়াও সন্তান নিবিচাৰিবা। এই কণমানিজনীয়েই মোৰ বাবে ভগৱানৰ আশীৰ্বাদ।’ খুড়াই খুড়ীক বহুত বুজাইছিল । কিন্তু খুড়ীয়ে সন্তান জন্ম দিবলৈ মান্তি নহ’ল। কাৰণটো কি জানেনে? যদি খুড়ীয়ে সন্তান এটি জন্ম দিয়ে তেতিয়া মৌজনীলৈ অলপ হ’লেও মৰম কমি যাব পাৰে বুলি খুড়ীয়ে শংকা কৰিছিল। খুড়ীৰ ভাব হৈছিল, নিজৰ সন্তানটিৰ আপদাল কৰোতে মৌক সময় কমকৈ দিবলগা হ’ব পাৰে। তাৰ বাবে কেতিয়াবা হয়তো মৌজনীয়ে হীনমন্যতাত ভুগিব পাৰে । খুড়ীয়ে ত্যাগৰ চৰম নিদৰ্শন দেখুৱাই এদিন নিজৰ বন্ধ্যাও কৰি ল’লে। মৌৱে কোনোদিনেই খুড়ীক জন্মদাত্ৰী নহয় ভাবিবলৈ সুযোগেই নাপালে ।
কণমানি মৌজনী এতিয়া বহুত ডাঙৰ হ’ল। তাইক পঢ়ুৱাই খুড়ীয়ে আত্মনিৰ্ভৰশীল হ’বপৰাকৈ যোগ্য কৰি তুলিলে। মৌক লৈ এতিয়া খুড়ীৰ গৰ্ব। কেতিয়াবা অফিচ বন্ধ থাকিলে মোক মাতি নি কিমান যে মৌৰ গুণ বখানে। মৌক এতিয়াও কোঁচত বহুৱাই লয়, নিজে ভাত খুৱাই দিয়ে। ঘৰখনৰ কূটা এগচিও চুবলৈ নিদিয়ে। এইজনী মাতৃক বাৰু মই কি বুলি আখ্যা দিম, যিয়েই জন্ম দিব পৰা ক্ষমতা থকাৰ পিচতো জন্ম নিদি মাতৃহাৰা মৌৰ কল্যাণৰ বাবে জীৱনৰ প্ৰতিটো মুহূৰ্ত নিৰ্লোভভাৱে ব্যয় কৰিলে! খুড়াৰ ওপৰতো খুড়ীৰ কোনো অভিযোগ নাই। যিদিনা মৌৱে চাকৰিত যোগদান কৰাৰ উদ্দেশে পুণেলৈ গৈছিল, খুড়ীয়ে সেইদিনৰ পৰা কন্দা কটা কৰি তিনিদিন একো নখোৱাকৈ আছিল। হে নাৰী তুমি মহান। তোমাৰ পৰা আমাৰ সমাজৰ নাৰী সমাজে শিকিবলগীয়া বহু কথাই আছে । তোমাক শতকোটি প্ৰণাম।
(আমাৰ প্ৰতিবেশী বাঙালী পৰিয়াল এটাৰ সঁচা কাহিনী এয়া )

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments