খেয়ালী মোৰ মনৰ আকাশ : মন উৰুৱাই লৈ যোৱা গীতৰ কথাৰে (প্ৰতিভূ দত্ত)

 

 

ফেব্ৰুৱাৰী মাহত ল’ৰা-ছোৱালীবোৰৰ পৰীক্ষাবোৰ আৰম্ভ হোৱাৰ লগে লগে মোৰ কাম-বন নোহোৱা হয়৷ হাতত অফুৰন্ত সময়৷ বন্ধু এজনে মোলৈ পঠিয়াই দিয়া লিংক এটাত ভালেমান পুৰণি গীতৰ সংগ্ৰহ দেখা পালো৷ দিনে নিশাই তাকেই শুনি আছিলোঁ৷

দুদিনৰ আগৰ কথা৷ ৰাতি বিচনাত বহি বহি শুনি আছো জ্যোতিৰ্ময় কাকতিদেৱৰ কণ্ঠত ‘দূৰে দূৰে কোনে মুৰুলী বজালে’৷ মোৰ ওচৰতে বহি মোৰ ছোৱালী প্ৰাপ্তিয়ে কিবা ছবি আঁকি আছিল৷ হঠাৎ মন কৰিলোঁ তাই ছবি আঁকি আঁকি গুণগুণাই আছে
‘দূৰে দূৰে কোনে মুৰুলী বজালে
সুৰে সুৰে ধৰণী পাচলি কঁপালে..’
মই তাইক ক’লো, ‘কি পাচলি কঁপালে বুলি গাইছা? পাচলি কিয় কঁপাব?’
প্ৰাপ্তিয়ে ছবি বাদ দি মোৰ ওচৰলৈ আহি ক’লো, ‘মন দি শুনা পাচলি বুলিয়ে গাইছে দেখোন৷ নহ’লে কি বুলি গাইছে নো?’
গানটো ভাল দৰে মন কৰি দেখিলো হয় ময়ো দেখোন পাচলি বুলিয়ে শুনিছোঁ!
মনতে ভাবিলো, ‘শীলা কি জাৱানী বা বাহৰ চুঙা দৈ শুনি ডাঙৰ হোৱা মোৰ ছোৱালীয়ে গাব খুজিছে এই গানবোৰ৷ কথাখিনি বিচাৰি দিয়াটো মোৰ কৰ্তব্য৷ ইন্টাৰনেটতে বিচাৰিলোঁ ক’ৰবাত গীতৰ কথাখিনি, কবিতাটো পায় যাবও পাৰো৷ নাই নাপালোঁ৷’
আচলতে বিচাৰিবলৈ মই নাজানোৱে গীতিকাৰনো কোন৷
তাৰ পাছত মনলৈ আহিল, ‘কাম-বন নাই এই কেইদিন৷ দ্বিতীয় বিশ্বযুদ্ধৰ ছিনেমাবোৰ পাছতো চাব পাৰিম৷ তাৰ আগে গানবোৰকে শুনো, যিমান পাৰো শুদ্ধকৈ কথাবোৰ লিখি যাম৷ তাৰ পাছত কোনোবা জনা মানুহক দিম, ভুলখিনি শুধৰাই দিবলৈ৷’
মনলৈ এবাৰ আহিল মোৰ মোমাইদেউৰ বন্ধু ৰফিক মামাৰ কথা৷ তেখেতৰ ওচৰত এই গানবোৰৰ কথা নালাগে স্বৰলিপিও পাব লাগে৷ মই বহুবাৰ তেখেতৰ কণ্ঠত শুনিছো এইবোৰ গান৷ ৬০ দশকৰ পৰা ৯০ দশকলৈ অসম চিকিৎসা মহাবিদ্যালয়ত বা ডিব্ৰুগড়ত হোৱা কোনো মেহফিলত ছাগৈ বহুতেই শুনিছে ৰফিক মামাৰ কণ্ঠত এইবোৰ গান৷ তথাপি ভাবিলো নিজেই চেষ্টা এটা কৰি চাওঁচোন৷ একো নহ’লেও গানবোৰ বাৰে বাৰে শুনাৰ সুবিধা এটাকে পাম৷

জ্যোতিৰ্ময় কাকতি, জ্যোতিষ ভট্টাচাৰ্য্যদেৱ আৰু মিহিৰ বৰদলৈৰ গীতখিনিৰেই কাম আৰম্ভ কৰোঁ বুলি ভাবিলোঁ৷
লাগি গ’লো গান শুনিবলৈ, কবিতাবোৰ বুজিবলৈ৷
যিমানেই শুনিছো সিমানেই প্ৰেমত পৰিছো৷
কি যে মন্ত্ৰমুগ্ধ কৰিব পৰা
কবিতা,
সুৰ,
কণ্ঠ !
মন উৰি গ’ল আশীৰ দশকলৈ৷ মনত পৰিল ডিব্ৰুগড় আৰু কেতিয়াবা গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত সেই মনোমোহা গীতৰ অনুষ্ঠানবোৰলৈ৷ পুৰণি ৰেডিওটো বিচাৰি উলিয়ালোঁ৷ জাৰি-জোকাৰিলৈ, নতুন বেটাৰী লগাই পকাবলৈ ধৰিলো৷ কেনেবাকৈ কিজানি শুনিবলৈ পাব পাৰো সেই গানবোৰ৷ ডিব্ৰুগড় কেন্দ্ৰটো লগাবকে নোৱাৰিলো আৰু যোৱা দুদিনত গুৱাহাটী কেন্দ্ৰৰ পৰা এই গানবোৰ হয়তো প্ৰচাৰ হোৱা নাই৷

যোৱা দুদিনত ৮টা গানৰ কথাখিনি লিখি উলিয়াবলৈ সক্ষম হ’লো৷ বহু শব্দত প্ৰশ্নবোধক চিহ্ন দি থ’ব লগাত পৰিলোঁ৷
মনত পৰিল ‘পাচলি’ শব্দটোলৈ৷ সেইটো দেখোন এতিয়াও পাচলি হৈয়ে আছে৷ কি হ’ব জানো ?
মাখন লাল দাস চাৰক অনলাইন দেখি গানৰ লিংকটো পঠিয়াই দি সুধিলো, ‘চাৰ শব্দটো কি বাৰু ? মই দেখোন পাচলি যেন শুনিছো৷’
চাৰে শুনি মোক ক’লো, ‘হেৰা ময়ো পাচলি যেনেই পাইছো৷’
মোৰ মনতে ভাবিলো ‘দূৰে দূৰে কোনে মুৰুলী বজাই পাচলি কঁপাব?’
চাৰ আৰু মোৰ কাণ বেয়া হ’ল৷
ইন্দ্ৰনীল গায়ন অনলাইন৷ ভাল কবিতা লিখে৷ গানৰ লিংকটো পঠিয়াই দি তাক সুধিলো, ‘শব্দটো কি বাৰু? মই দেখোন পাচলি যেন শুনিছো৷’
‘দাদা মই চাই-চিতি ক’ম বাৰু৷’
পাছদিনা সি মেছেজ দিলে, ‘দাদা শব্দটো কাছুলী হ’ব লাগে৷ কাছুলীৰ অৰ্থ আৱৰণ৷’
সেই সময়তে অনলাইন দেখা পালো বন্ধু অয়ন উত্তমক৷ তেওঁক গীতৰ কথাখিনি দি সুধিলো, ‘কি হ’ব পাৰে বাৰু?’
লগে লগেই উত্তৰ দিলে, ‘‘কাঁচুলী’ মানে একো নাই…. ‘কাঁচুলি’ মানে তিৰোতাৰ স্তনযুগল ঢাকিবলৈ ব্যৱহাৰ কৰা এক অন্তৰ্বাস৷’
মনতে ভাবিলোঁ এটা গীত সম্পূৰ্ণ হ’ল৷

আজিৰ কথা৷
এটা ক্লাছ টেষ্ট আছিল৷ প্ৰশ্ন কাকতখন দি মই চকীত বহি আছো৷ ল’ৰাহঁতে পৰীক্ষা দি আছে৷ মোৰ আকৌ এই কেইদিন গান শুনি শুনি অনবৰতে কবিতাৰ কথাবোৰেই মনলৈ আহি থকা হৈছে৷ ক’ব নোৱাৰাকৈয়ে গুণগুণালো
‘কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি নিৰব শব্দ চয়নে..’
মোৰ সন্মুখত বহি পৰীক্ষা দি থকা আৰ্জভ ফুকনে লিখিবলৈ বাদ দি মোৰ ফালে চাবলৈ ধৰিলে৷ মই অলপ লাজেই পালো৷ মাষ্টৰ হৈ পৰীক্ষা হলত গান গাই আছো৷ এইবাৰে নিশব্দে গুণগুণাবলৈ ধৰিলো৷ এপাকত মন কৰিলো আৰ্জভ ফুকনে পৰীক্ষা দি আছে যদিও মুখেৰে কিবা বিৰবিৰাই আছে৷ মনে মনে গৈ তাৰ পাছত ঠিয় হ’লো গৈ৷ সি গুণগুণাই আছে
‘যোৱাৰ পৰত
সৰা শেৱালী বুটলি
কি হ’ব কোৱা ?
নাই যে সময়
উভটি চোৱাৰ
এতিয়া বিদায় দিয়াৰ
যোৱাৰ পৰত
সৰা শেৱালী বুটলি
কি হ’ব কোৱা ?…’
আৰে মাৰিয়া মন্টেচৰিত পঢ়া, ইংৰাজীত ফৰফৰাই কথা কোৱা আৰ্জভ ফুকনে এই গানটো কেনেকৈ জানিলে?
পৰীক্ষা শেষ হ’ল৷
মই তাক সুধিলো,‘তুমি পৰীক্ষাৰ মাজত কি গান গাই আছিলা?’
আৰ্জভ ফুকনে এটা ৰহস্যপূৰ্ণ হাঁহি মাৰি মোক সুধিলে, ‘চাৰ এতিয়া ক’লৈ যাব?’
মই ভ্ৰু কোচাই উত্তৰ দিলো, ‘ঘৰলৈ৷ কিয় সুধিলা?’
‘চাৰ সময় আছে যদি আমাৰ ঘৰলৈ যাব নেকি? আইতাৰ তালৈ লৈ যাব খুজিছোঁ৷’
মোৰ প্ৰশ্নৰ উত্তৰ নিদি আইতাকৰ কথা কিয় উলিয়ালে?
পালোগৈ আইতাৰ ওচৰ৷
আইতাকে মোৰ খা-খবৰ ল’লে৷ আৰ্জভ ফুকন বহিল পিয়ানোত৷
বজাই গ’ল
‘‘যোৱাৰ পৰত
সৰা শেৱালী বুটলি
কি হ’ব কোৱা ?…’’

‘‘কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি নিৰব শব্দ চয়নে…’’

‘‘খেয়ালি মোৰ মনৰ আকাশ
ক্ষণে ক্ষণে বৰণ সলায়..’’

মই শেষত সুধিলো, ‘তুমি এইবোৰ গান কেতিয়া শিকিলা?’
‘চাৰ এইবোৰ গান শুনি শুনিয়ে মই ডাঙৰ হৈছো!’
‘মানে?’
‘চাৰ এইবোৰ মোৰ সোণ মামা ককাৰ গান৷’
আৰ্জভ ফুকনৰ আইতাকে মাত লগালে, ‘‘খেয়ালি মোৰ মনৰ আকাশ প্ৰথম বাৰৰ বাবে গ্ৰাম’ফোনত মই গাইছিলোঁ৷ (তফজ্জুল) আলি চাৰে নিজেই মোক শিকাইছিল৷ তাৰ পাছত সোণদাই (জ্যোতিষ ভট্টাচাৰ্য্য) গাইছিল আৰু তাৰ পাছত জ্যোতিৰ্ময় (কাকতি) দাদাই গাইছিল৷ মোৰ ওচৰত সোণদাৰ গোটেইবোৰ গানৰ ৰেকৰ্ড আছে৷ কিন্তু এতিয়া নাবাজে সেইবোৰ৷’
মই লগে লগে লেপটপটো খুলি তেখেতক শুনাই গ’লো মোৰ ওচৰত থকা জ্যোতিষ ভট্টাচাৰ্য্যদেৱৰ ১১ টা গানৰ ট্ৰেক৷ আইতাই ককায়েকৰ, আৰ্জভে ককাৰ গানবোৰ একান্ত মনে শুনি গ’ল৷

লগতে ক’লো মই যে শুনি শুনি গানৰ কথাবোৰ লিখি উলিয়াইছোঁ৷
তেওঁ সেইখিনি চাই দিলে৷ দুই এটা ভুল আছিল, শুধৰাই দিলে৷
‘মই ৰূবায়টক (তফজ্জুল আলি চাৰৰ পুত্ৰ) কৈ তোমাক বাৰু বাকীখিনি কবিতা/গীতৰ কথা অনোৱাই দিম৷’
আহিবৰ পৰত মোৰ গালে মুখে মৰম কৰি, আশীৰ্বাদ দি বিদায় দিলে৷

ঘৰলৈ আহি থাকোতে গুণগুণাই আছিলো আৰ্জভৰ আইতাক ৰাণু ফুকন বাইদেউৰ কণ্ঠত প্ৰথমবাৰৰ বাবে বাণীবদ্ধ হোৱা গীতটোৰে এটা কলি
‘তোমাৰ ওঁঠত ফুলে যদি
এটি হাঁহিৰ ফুলাম পাহি
সৰা পাতত চিঠি লিখি দিবা উৰুৱাই…..’

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments