খেলৰ অন্য এক অধ্যায় (ছন্দামিতা দেবী)

চাৰিওপিনে কে‌ৱল বিশ্বকাপ ফুটবলৰ কথা । আজি কাৰ কাৰ মাজত খেল, কোন জিকিব কোন হাৰিব, কোন মাৰিব বিজয়ৰ শেষ হাঁহি– কি এক উৎকণ্ঠা ভৰা বাতাবৰণ । ফুটবল পিছে ময়ো একেবাৰে নেখেলাকৈ থকা নাই । কিন্তু খেলৰ নিয়মবোৰ আয়ত্ত কৰিব পৰা হোৱাৰ আগতে ফুটবল খেলুৱৈ হোৱাৰ চিন্তা বাদ দিলো । সেয়া এক অন্য ইতিহাস । এই ফুটবল খেলৰ প্ৰতিযোগিতাময় পৰিবেশত মোৰ জীৱনৰ অন্য এক খেল প্ৰতিযোগিতাৰ কথা মনত পৰিছে ।
মই তেতিয়া সপ্তম শ্ৰেণীত পঢ়ো । ‘হেড চাৰে’ এদিন ক’লে যে আমাৰ অঞ্চলৰ সকলো মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কাবাডী খেলৰ প্ৰতিযোগিতা হব আৰু যিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী চূড়ান্ত বিজয়ী হ’ব সিহঁত জিলা ভিত্তিত হ’বলগীয়া প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব । আমিও আমাৰ মাজৰ পৰা ছোৱালী বাচি বিচাৰি দল এটা বনালোঁ । সেই দলটোৰ ময়ো এজনী উল্লেখযোগ্য খেলু‌ৱৈ । নিৰ্দিষ্ট দিনত ৰাতিপুৱাই সকলো চাৰ-বাইদেউৰ লগত আমি ল’ৰা ছোৱালীবোৰো গ’লো খেলিবলৈ । প্ৰথমখন খেলত কেনেকে জিকিলোঁ গমেই নাপালো । আচল খেল আৰম্ভ হ’ল দ্বিতীয়খনতহে । আমাৰ দলটোত থকা ছোৱালীবোৰৰ চেহেৰাৰ তুলনাত বিপক্ষৰ দলৰ দুজনীমানৰ চেহেৰা বেচ মজবুত বুলিয়েই ক’ব লাগিব । দুয়ো দলৰ মাজত আৰম্ভণিতে খেলখন বেচ ৰোমাঞ্চকৰেই আছিল । এবাৰ যদি আমাৰ এজনী মৰিছে (‘আউট’ হোৱাটোক আমি মৰা বুলি কৈছিলোঁ ), এবাৰ সিহঁতৰ । তেনেকে আমাৰ এজনী উঠিছে , আনবাৰ সিহঁতৰ । বিপক্ষৰ এজনী আমাৰ কোৰ্টত কাবাডী কাবাডী বুলি আহোতে সকলোৱে মিলি মৰণ পণ কৰি হেঁচি-পোটকি মাৰিছোঁ, তেনেকে আমাৰ কোনোবাজনীক সিহঁতৰ কোৰ্টত মাজৰ আঁচডাল পোৱাৰ আগতে চোঁচৰাই নি মাৰিছে । মুঠতে বেচ ভাল খেল । শেষৰ পিনে কেনেকৈ কি হ’ল আমাৰ দলত মই আৰু লগতে আৰু এজনী সহ মাত্ৰ দুজনী ৰ’লোগৈ আৰু বিপক্ষৰ দলত তিনিজনী । আমাৰ যোৱাৰ পাল পৰাত লগৰজনী গলগৈ কাবাডী কাবাডীকে । তাই গ’ল যি গ’লেই । তিনিজনীয়ে মিলি এনেকে হেঁচুকি ধৰিলে যে তাই কোৰ্টৰ বাহিৰতহে ৰ’লগৈ আৰু । এইবাৰ পৰিল মোৰ পাল । বিপক্ষৰ পৰা আটাইতকৈ যিজনী মজবুত, তেতিয়াৰ মোৰ তুলনাত প্ৰকাণ্ড, তাই আহিল কাবাডী কাবাডী বুলি । মই তেতিয়া ইমানেই ক্ষীণ-মীণ আছিলো যে তাইৰ ওচৰত মোৰ চেহেৰাটো “ৎ” যেন দেখা গৈছিল । সেই মূহুৰ্তত মোৰ বা কি মুৰত খেলিল মই সিদ্ধান্ত ললোঁ যে পাৰো বা নোৱাৰোঁ এইক গবা মাৰি ধৰিবই লাগিব । এই যদি মৰে তেতিয়া আমাৰ এজনী উঠিব আৰু তেতিয়া আমি আৰু খেলিব পাৰিম । যেনে ভা‌ৱ তেনে কাম । তাই কোৰ্টত অহাৰ লগে লগে বেছি ভবা গুণা নকৰি ধৰিলোঁ গবা মাৰি । ক’ত ধৰিম ভাবিছিলোঁ কব নোৱাৰো কিন্তু কঁকালতে ধৰি পালো । মই ভাবিছো তাইৰ নিস্তাৰ নাই এইবাৰ মোৰ হাতৰ পৰা । কিন্তু পিছ মূহুৰ্ত্ততে মন কৰিলো তাইতো ৰোৱা নাই । তাই বেচ গহীন গহীন খোজত কাবাডী কাবাডীকৈ নিজৰ কোৰ্টৰ পিনে গৈ আছে আৰু মই তাইৰ ককালত ধৰি চুঁচৰি চুঁচৰি গৈ আছো । চাৰিওপিনে খেল চোৱা মানুহবোৰৰ গিৰ্জনি মৰা হাঁহি । বৰ লাজ লাগিছিল জানে । দুখো লাগিছিল । মানুহবোৰে কৈ আছিল হাতীৰ গাত মাখি উঠিছে । ভাবিলে এতিয়াও লাজ লাগে । মোক কিহে পাইছিল সেই মস্তজনীক ধৰিবলৈ বুলি এতিয়া হাঁহিও উঠে নিজৰ ওপৰত । লগৰবোৰে যে বহুদিন জোকাইছিল মোক ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments