খেল (অৰুণাভ মহন্ত)

বহুদিনৰ পৰা ভাবি আছিলো ক্ৰীড়াভিত্তিক কিবা এটা লিখিম বুলি। অনেক চিন্তা-ভাৱনা অলপ কৰিলো –শচীনৰপৰা মেছিলৈকে, মেৰী ক’মৰ পৰা দূৰ্গা বড়োলৈকে। নতুনত্ব থকা কিবা এটা যে লিখিব নোৱাৰিম খুব সোনকালেই বুজি উঠিলোঁ। কিবা এটা কাম জোৰ-জবৰদস্তি কৰিব গ’লে, যথাযোগ্য জ্ঞান নাথাকিলে, ওস্তাদি মাৰিলে বা নুবুজিলে ভাল নহয়,কেতিয়াবা হাঁহিয়াতৰ পাত্ৰও হোৱা যায়। ঠিক তেনেকুৱাই খেল সম্পৰ্কীয় কেইটামান নিজে দেখা-শুনা ঘ্টনাৰ বিষয়ে অলপ লিখো বুলি ভাবিলোঁ।

তেতিয়া স্কুলত, টিভি নাছিল, খেলা-ধূলাৰ খবৰ পিছদিনা বাতৰি কাকতত হে পাইছিলোঁ। হেভিৱেইত বক্সিঙৰ এখন খুব গৰম খেল আছিল- মাইক টাইছন আৰু ইভেণ্ডাৰ হলিফিল্ডৰ মাজত (মই আছিলোঁ মাইক টাইছনৰ ফেন)। লগৰ এজনে ৰাতি ঘৰৰ লেন্ডলাইনত ফোন কৰি জনালে যে টিভিৰ বাতৰিত দিছে খেলখনত মাইক টাইছনৰ মৄত্যু ঘটিল! মই বিশ্বাস কৰা নাছিলো, কিন্তু সি বাৰে বাৰে একেটা কথাই ক’লে- হিন্দী বাতৰিৰ হেডলাইনত বাৰে বাৰে কৈ আছে হেনো। বহুত দূখ পালো, দেউতাকো দূখৰ খবৰটো জনালোঁ, দেউতাই ৰেডিও চলাই খবৰটো লব চেষ্টা কৰিলে, কিন্তু একো খবৰ নাপালে। ইতিমধ্যে মই খবৰটো আন কেইজনমানলৈ প্ৰচাৰ কৰিলো “ব্ৰেকিং নিউজ” হিচাপত। পিছদিনা বাতৰি কাকতৰ সমুখৰ পৄষ্ঠাত বিচাৰিলো, নাই একো তেনেকুৱা “ব্ৰেকিং নিউজ”টো নাই। শেষ পৄষ্ঠাত সৰুকৈ আহিছে এটা খবৰ- টাইছন হাৰিছে বুলি, কিন্তু মৄত্যুটো হোৱা নাই। বেলেগ খং উঠিল লগৰজনৰ ওপৰত, ফোন কৰি ভালদৰে জাৰিলো- কিন্তু সি নিজৰ কথাত অচল, সি নিজ চকুৰে দেখিছে টিভিত। ওলোটাই আকৌ মোক চেলেঞ্জ কৰি তৎক্ষণাত মাতিলে তাৰ ঘৰলৈ, ২০ মিনিট পাছত আকৌ হিন্দী বাতৰি আহিব। ময়ো চাইকেলখন লৈ দৌৰা-দৌৰিকৈ ওলালো, তাৰপৰাই বাহিৰে বাহিৰে স্কুললৈ যাম বুলি। বাতৰি চালো- “ইভেণ্ডাৰ হলিফিল্ড কে হাথো মাইক টাইছন কি মাত”- ‘মাত’টো বেচেৰাই ‘মৌত’ ভাবিলে কাৰণেই যে খেলিমেলিখন হ’ল বুজিলো। স্কুললৈ চাইকেল চলাই গৈ থাকোতে এটা কথাই ভাবিলো- ৰাতি যিকেইজনক “ব্ৰেকিং নিউজ”টো দিছিলো সিহঁতক কি বুলি বুজাম?
কোন চনত, কি টূৰ্ণামেন্ট মনত নাই- এবাৰ মালয়েছিয়াত ভাৰতে ফুটবলৰ কিবা প্ৰতিযোগিতা এখনত খুব ভাল প্ৰদৰ্শন কৰি ফাইনেল জিকিছিল। বাইচুং ভূটিয়া আছিল অন্যতম নায়ক। টিভিত খেলখন চাই ওলাই বাহিৰলৈ আহিয়েই ওচৰৰ চিনাকি এজনক ৰাস্তাত পালো। EXCITED হৈ সুধিলো –“বাইচুঙৰ খেল কেনেকুৱা পালা? সি উত্তৰত মোক ক’লে-“ইষ্ট বেংগল জিকিব বুলি জানিছিলোৱেই..” সেই সময়তেই ওচৰেৰে পাৰ হৈ যোৱা শি‌ক্ষক এজনে আকৌ এটা লেভেল ওপৰলৈ গৈ সুধিলে- “গাংগুলী কিমান মাৰিলে?” বুজি উঠিলোঁ যে কিছুমান ইমোচন নিজৰ লগত ৰখাটোৱেই ভাল।
২০০৬ ফুটবল ৱৰ্ল্ডকাপ, ফুটবলৰ জ্বৰত বেয়াকৈ আক্ৰান্ত। সেই সময়তেই চেষ্টা কৰি আছিলোঁ দিল্লীবাসী এজন বাল্যবন্ধুৰ লগত মোৰ এজনী ইন্টাৰ্নেট চাট ফ্ৰেইন্ডৰ (‘ঘটকা’মি কৰি) কিবা এটা চেটিং কৰি দিয়াৰ। আমি দুয়োজন ফুটবল পাগল, ইপিনে তাইৰ অকণো আগ্ৰহ নাই। মই অলপ ব্ৰেইন-ৱাছ কৰিলো- এনেকুৱা ধৰণে বুজালো যে তাইৰ চাগে’ ভাব হ’ল যে ফুটবল নোচোৱাটো এটা ক্ৰাইম। অৱশেষত এদিন তাই মাজৰাতি বাপেক আৰু খুড়াকক আচৰিত কৰি খেল চাই দিলে তেওঁলোকৰ লগত। পিছদিনা লগৰজনে পুৱাই ফোন কৰি মোক ভৱিষ্যতলৈ যাতে তেনেকুৱা কাম নকৰো তাৰ ববে কাতৰ অনুৰোধ কৰিলে। লগতে ক’লে যে তাক হেনো ছোৱালীজনীয়ে ৰাতি ২.৪৫ত ফোন কৰি সুধিলে-“এই হাতমোজা পিন্ধি থকা মানুহ্জনে বাৰে বাৰে কিয়নো বলটো হাতেৰে ধৰি দিয়ে? খেলখনৰ ‘টেম্পো’টো নষ্ট হৈ যায় একদম”।
২০১৪ৰ ফুটবল ৱৰ্ল্ডকাপ, ফেচবুকৰ যুগৰ ফুটবল ৱৰ্ল্ডকাপ- গ’ল,ফাউল,হতাশা,উত্তেজনা সকলো ফেচবুকৰ আপডেটত। তাৰে মাজতে কেইজনমানে আকৌ দেখাক-দেখি হোৱাই-নোহোৱাই আপডেট দিয়ে। তেনেকুৱা এটা আপডেট- “ব্ৰাজিল-কলম্বিয়াৰ ‍কোৱাৰ্টাৰ ফাইনেল ড্ৰ”। নিদ্ৰাদেৱীৰ আহ্বানত তেখেতৰ চাগে’ অতিৰিক্ত সময় আৰু টাই-ব্ৰেকাৰ চাবলৈ মন নগ’ল, নক-আউট খেলৰ ৰিজাল্ট ড্ৰ বুলি ঘোষণা কৰি শুই গ’ল। ৰাতিপুৱা চাগে’ ব্ৰাজিল জিকা বুলি খবৰ পাই আচৰিত হৈছিল- কেতিয়া জিকিলে,মইটো পুৰা ৯০ মিনিট খেল চাইছিলো !!
ফিৰোজশ্বাহ কোটলাত ভাৰত বনাম পকিস্তান- ঐতিসাহিক খেল- অনিল কুম্বলেৰ ১০টা উইকেট হবলৈ ওলাইছে। কামৰ মাজতেই ফুটপাথত টিভিৰ দোকান এখনৰ সমুখত ঠিয় হৈ খেল চাইছো ১০-১৫জন মানে। সকলোৰে এটাই টেনশ্যন-কুম্বলে ১০টা উইকেট পাবগৈ নে? মাজতে এজনে সুধিলে-“যোৱাকালিলৈকে কেইটা পাই আছিল কুম্বলেই?” ওচৰতে থকা এক বঙালী ভদ্ৰলোকে আচৰিত,উত্তেজিত হৈ চিয়ঁৰি উঠিল- “বাপৰে…খেল কি চাৰাৰাত ছলছে নাকি???”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক