খেল ধেমালি:(প্ৰাঞ্জল বৰা )

অসমত কণমানি ল’ৰা-ছোৱালীয়ে ঘৰৰ চোঁতালত খেলা এবিধ ওমলা খেল আৰু গীত-মাত যি ধৰণৰ সমজুৱা ওমলা খেলে ভাইটি-ভন্টিহঁতৰ মাজত মৰম-চেনেহ আৰু একতাৰ এনাজৰীৰ ডোলডাল কটকটীয়াকৈ বান্ধে বুলি বিশ্বাস আছে যি বিধ খেল আমি সৌ সিদিনা খন খেলিছিলোঁহে মাথোন, যিবোৰ সমজুৱা মইনা খেল আজিৰ ইলেক্ট্ৰনিক যান্ত্ৰিক যুগত ক’ৰবালৈ উৰি গুছি গ’ল যেন হে লাগে চোন আৰু আমাৰ কণমানিহঁতকো আমি শিকাব পৰা নাই, যিটো আমাৰ “লিগেছি” !—(পঢ়ুৱৈ তথা সমালোচকে যেন ভুল-ভ্ৰান্তিবোৰ দেখুৱায় আৰু অনাহুত কিবা অদেখা দৃশ্য যোগ কৰি দিয়ে বুলি আশা কৰি খেলবিধৰ বৰ্ণনা আগবঢ়ালোঁ)
বন-কুকুৰা: “কু কু কু কু …” (এটা অকলশৰীয়া বনৰীয়া কুকুৰা)
কেইজনমান ধূৰ্ত মানুহৰ গঁড়াল ফান্দ: “ধান দিম, পাণ দিম খাহি আহ…”(চলাহি কথা, কণমানিহঁতে সম স্বৰে মাতে)
বন-কুকুৰা: “কু কু কু কু…কেনেকৈ যাম ”
ধূৰ্ত মানুহৰ গঁড়াল ফান্দ: “ধান দিম পাণ দিম খাহি আহ…(চলাহি কথা) হোলোং গছৰ ডালে-ডালে কাপোৰ পাৰি জঁপিয়াই-জঁপিয়াই আহ”
(বন-কুকুৰা গঁড়ালৰ ভিতৰত থকা ধান-মাহ-চাউলৰ লোভত ওচৰ চাপি আহে)
বেঙা আৰু ভয়াতুৰ মানুহ কেইটামানৰ পৰীক্ষা কৰাৰ মানসেৰে বন-কুকুৰালৈ প্ৰশ্ন: “ক’ৰা পৰা আহিছ ?”
বন-কুকুৰা: “হাবিৰ পৰা আহিছোঁ…” (গঁড়ালৰ ভিতৰত থকা খাদ্যলৈ চকু যায় আৰু লোভ লাগে)
বেঙা মানুহ: “ছোঁ ছোঁ ছোঁ…” (হাবিৰ পৰা আহিছোঁ বোলাত জয়াল ভূত লাগি অহা বুলি ভাবি খেদাত বন-কুকুৰা ভয়তে আঁতৰি উৰি গুছি যায়)
বন-কুকুৰা: “কু কু কু কু…”
ধূৰ্ত মানুহ আৰু গঁড়াল: “ধান দিম পাণ দিম খাহি আহ…”(আকৌ চলাহি কথাৰে লোদোৰ-পোদোৰ বন-কুকুৰাক মাতে)
বন-কুকুৰা: “কু কু কু কু…কেনেকৈ যাম ”
ধূৰ্ত মানুহৰ গঁড়াল ফান্দ: “ধান দিম পাণ দিম খাহি আহ…(চলাহি কথা) হোলোং গছৰ ডালে-ডালে কাপোৰ পাৰি জঁপিয়াই-জঁপিয়াই আহ” (তথ্য: হোলোং গছ হৈছে অসমৰ জাতীয় গছ)
(বন-কুকুৰা ভুল গৈ লোভত আকৌ কাষ চাপি আহে)
মানুহ আৰু গঁড়ালৰ আকৌ প্ৰশ্ন: “ক’ৰ পৰা আহিছ?”
(বন-কুকুৰা লোভত মতলীয়া কিন্তু হাবিৰ পৰা আহিছোঁ বুলিলে আকৌ খেদাই দিব বুলি বিবুধিত পৰে, বুদ্ধিৰে সন্ধিৰ বাঁহ কাটিম বুলি ভাবি আৰু গঁড়ালৰ মাহ-চাউল কেইটা খাইহে এৰিম বুলি ভাবে)
বন-কুকুৰা: “ৰজাৰ ঘৰৰ পৰা আহিছোঁ, মোক গঁড়ালত সোমাব দে…”
মানুহ আৰু গঁড়াল: “ৰজাৰ ঘৰৰ পৰা আহিছ ! তেন্তে লগত কি আনিছ ? টকা-সিকা দিলে সোমাব দিম
বন-কুকুৰা: “আনিছোঁ, টকা এটা আনিছোঁ” (টকা দিয়ে, ল’ৰা-ছোৱালীবোৰে ওচৰ চাপি সবে ওলোটাকৈ নিজৰ নিজৰ হাতৰ তলুৱাবোৰ গোল হৈ লগ-লগাই থাকে, তাৰ সোঁমাজতে বন-কুকুৰাই টকাটো দিয়ে, জুমটো বহল হৈ যায় আৰু সকলোৱে কাষৰ কেইজনে ইজনে-সিজনৰ হাতে হাত ধৰি এটা ঘূৰণীয়া গঁড়াল তৈয়াৰ কৰি লয় আৰু বন-কুকুৰাক তাৰ ভিতৰত বন্দী কৰে)
বন-কুকুৰা: “কু কু কু…” (অত্যন্ত আনন্দৰে বন-কুকুৰাই সঁজা বা গঁড়ালৰ ভিতৰত থকা খোৱা বস্তুবোৰ খায়, কিন্তু পিছ মুহূৰ্ত্ততে অনুধাৱন কৰে যে সি ফান্দত পৰিছে আৰু মানুহৰ গড়ালত বন্দী হৈছে, এতিয়া সি তাৰ পৰা ওলাই গৈ পলাই যোৱাৰ কথা চিন্তা কৰি বুদ্ধি উলিয়াবলৈ ভাবে, কিন্তু তাৰ পৰা ওলোৱাৰ সকলোবোৰ ৰাস্তাই ইতিমধ্যে বন্ধ হৈছে আৰু ল’ৰা-ছোৱালীবোৰে হাতৰ মুঠিবিলাক টান কৰি হাতে হাত ধৰি বন-কুকুৰাক মাজত লৈ সম স্বৰে গীত গায়)
বন-কুকুৰাই উপায় চিন্তা কৰে আৰু উলাই যোৱাৰ দুৰ্বল বাট বিচাৰে আৰু পৰীক্ষা কৰাৰ চলেৰে কণ-মইনাহঁতৰ হাতবিলাকৰ ওচৰ চাপে আৰু প্ৰত্যেকজন কণমানিকে প্ৰশ্ন কৰে: “এইটো কি বাট?” (যাৰ যাৰ হাত তেওঁ সবে উত্তৰ দিয়ে) উত্তৰ: এইটো হাতী যোৱা বাট,
বন-কুকুৰা: “এইটো কি বাট?” উত্তৰ: “এইটো ঘোঁৰা যোৱা বাট”
বন-কুকুৰা: “এইটো কি বাট?” উত্তৰ: “এইটো মানুহ যোৱা বাট” (ইত্যাদি, কণমানিহঁতেও চলনা কৰি উত্তৰ দিয়ে, মুঠতে কোনোপধ্যেই বন-কুকুৰাক গঁড়ালৰ পৰা পলাব নিদিয়ে)
(বন-কুকুৰাও কম নহয়, গঁড়ালৰ পৰা পলাইহে এৰিব, অন্য উপায় চিন্তা কৰে আৰু দুৰ্বল বাটবোৰ চিনি লয় আৰু গঁড়ালৰ দুৱাৰ ৰখীয়া কণমানিহঁতক অন্যমনস্ক কৰি দুৰ্বল বাটেৰে ওলাই যোৱাৰ বুদ্ধি পাঙি মন ভুলোৱাৰ উদ্দেশ্যেৰে গীত গাবলৈ ধৰে)
বন-কুকুৰা (হাতেৰে নিজৰ ঠেঙৰ তলৰ পৰা সংকেতেৰে দেখুৱাই গায়): “ইমান ইমান পানী…” কণমানিহঁত: “…গংগাৰ ৰাণী” (কণমানিহঁতে বন-কুকুৰাৰ গীতৰ শেষৰখিনিত ভাগ লৈ গীত গায়)
বন-কুকুৰা: “ইমান ইমান বোকা…”, কণমানিহঁত: “…চাহাব-জাদা”
(ঠিক তেনেকৈয়ে বন-কুকুৰাই লাহে-লাহে ঠেঙৰ তলৰ অংশৰ পৰা ক্ৰমান্বয়ে শৰীৰৰ ওপৰ অংশলৈ একে ধৰণেৰে অলপ-অলপকৈ হাতেৰ আকাৰে-ইংগীতেৰে একেটা গীতেই গাই-গাই কোন ফালেৰে পলাই যাব পাৰে মনে-মনে লক্ষ্য কৰি থাকে আৰু কণমানিহঁতেও ঘূৰি-ঘূৰি ফূৰ্তি-আনন্দত গীতটোৰ পিছৰ অংশখিনি গাই থাকে, কোনোবাটো শিশুৰ অলপ অন্যমনস্ক হোৱাৰ লক্ষণ বন-কুকুৰাৰ চকুত পৰে) “ইমান ইমান পানী, “গংগাৰ ৰাণী”… “ইমান ইমান বোকা”, “চাহাবজাদা”… (বন-কুকুৰাৰ হাত-দুখন মানে ডেউকা দুখন আহি নিজৰ মূৰ পায়হি আৰু আকাশলৈ টোঁৱাই চলনা কৰি কিবা এটা দৃশ্য দেখি অবাক হোৱাৰ ভংগীমাত সেইফালে চাই কয়) কয়: “সেইটো কি চা !!!?” (সবে সেইফালে চায়, সবৰে ধ্যান সেইফালে যায়, আৰু ছেগ বুজি কোনোবা কণমানি হাতৰ যোৰাৰ তলেৰে বন-কুকুৰাৰ পলায়ন ঘটে, তাৰ পাছত গঁড়াল ছেদেলি-ভেদেলি হৈ পৰে বন-কুকুৰাৰ খেদা-খেদি পৰ্ব আৰম্ভ হৈ কাহিনী আৰু খেলৰ সমাপ্তি ঘটে )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments