খেল ধেমালি: শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ ভেটি

যুগললোচন দাস

বৰ্তমান আমাৰ জীৱন শৈলীত খেল-ধেমালিয়ো এক অপৰিহাৰ্য অংগ হৈ পৰিছে। ক্ৰীড়া এনে এটি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যে পঢ়া-শুনাৰ লগতে এই বিষয়টো জীৱনৰ কেৰিয়াৰ হৈ পৰিছে। সেইবাবেই বৰ্তমান ক্ৰীড়াক সকলোৱে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শিশুসকলক খেল-ধেমালিৰ সৈতেও জড়িত কৰাব বিচাৰে। এটা সময় আছিল খেল-ধেমালি কেৱল শৈশৱৰ মাজতেই সীমাবদ্ধ হৈ পৰিছিল। কিন্তু এতিয়া সেই সীমাৰ পৰিধি ভাঙি খেল-ধেমালি জীৱনৰ কেৰিয়াৰ হৈ পৰিল যাৰ ফলত একোজন সফল খেলুৱৈয়ে মান, যশ, খ্যাতি আৰু অৰ্থ সকলো লাভ কৰিবলৈ সক্ষম হৈছে। আমি উদাহৰণ হিচাপে আমাৰ অসম গৌৰৱ এথলীট হিমা দাসৰ নাম ল’ব পাৰোঁ। অসম মূলুকৰ ধিঙৰ পৰা গৈ হিমাই আজি নিজৰ প্ৰতিভাৰে বিশ্বত খ্যাতি লাভ কৰিছে।
জন্মতে সকলো শিশোৱে কিছুমান জন্মগত প্ৰতিভা লগত লৈ আহে। সময়ত তাৰ বিকাশ ঘটে। এই ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ সন্তানৰ প্ৰতি চকু ৰাখিব লাগে। যিবোৰ শিশোৱে অনবৰতে খেলি ভাল পায় তেওঁলোকক বাধা দিয়া উচিত নহয়। তেওঁলোকে কোনবিধ খেলক অধিক পছন্দ কৰে, লক্ষ্য কৰিব লাগে। হয়তো কোনো শিশোৱে ফুটবল বা ক্ৰিকেট খেলি ভাল পায় আৰু তেওঁৰ এজন ভাল খেলুৱৈ হোৱাৰ সপোন আছে। তেনে শিশুক কেতিয়াও বাধা দিয়া উচিত নহয়। আমাৰ বহুতো অভিভাৱকে নিজৰ সন্তানে খেলা-ধূলা কৰাতো পচন্দ নকৰে, সেইয়া ভুল ধাৰণা। “খেলৰ জড়িয়তেই এদিন তেওঁ নিজক প্ৰতিষ্ঠা কৰিব পাৰিব” তেনে ধাৰণা সাধাৰণতে অভিভাৱকৰ মনলৈ নাহে।
যি কি নহওক ক্ৰীড়া বা খেল কেতিয়াও ধেমালি নহয়। খেলে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত এজন মানুহক সম্পূৰ্ণ সুস্থ, সবল আৰু সক্ষম কৰি ৰাখে। এটা শিশু জন্ম হোৱাৰ কিছুদিনৰ পৰাই স্বয়ংক্ৰিয়ভাৱে খেলিবলৈ লয়। কেঁচুৱা অৱস্থাত শিশু এটাই হাত-ভৰি মাৰিবলৈ ধৰে, ইলুটি-সিলুটি কৰে। সেইয়াই খেলৰ আৰম্ভণি। হাত-ভৰি নচুৱাই খেলি থকা শিশুটোৰ বাবে সেইয়া আচলতে শাৰীৰিক কচৰৎ। তাৰ পিছতেই ঘৰৰ জেষ্ঠসকলে শিশুটোৰ লগত ওমলে, কুকভা, ভাকুট-কুট তথা নিচুকনি গীতৰ মাজেৰে খেলা-ধূলাবোৰৰ আৰম্ভ কৰে। হাত ভৰি নচুৱাই খেলাৰ অৰ্থ হ’ল শিশুটোৰ শাৰীৰিক গঠন শক্তিশালী কৰাৰ প্ৰথম প্ৰক্ৰিয়া। তেনে অৱস্থাত তেজ চলাচল, মাংসপেশী আৰু হাড়বোৰ সবল হৈ পৰে। এই হাত-ভৰি মৰা খেলটো স্বয়ং ভগৱানৰ দান। অবুজ শিশুটোৱে ক’ব নোৱাৰাকৈয়ে নিজে নিজেই এনেদৰে খেলিবলৈ শিকে। তিনি-চাৰি বছৰীয়া শিশুটিক যদি যোগ শিক্ষা দিয়া হয়, সি অকল শাৰীৰিকেই নহয় মানসিক দিশতো উত্তৰণ ঘটায়। প্ৰাণায়াম আসনৰ দ্বাৰা শৰীৰৰ গঠন প্ৰক্ৰিয়া শক্তিশালী হয় আৰু মানসিকভাৱে দৃঢ় হৈ পৰে। দৌৰা আৰু খোজ কঢ়াটো এটা অতি প্ৰয়োজনীয় ব্যায়াম শিশুৰ বাবে। দেখা যায় ঘৰৰ বয়োজেষ্ঠজনৰ সৈতে বহুতো শিশোৱে প্ৰাতঃভ্ৰমণ কৰে। প্ৰাতঃভ্ৰমণে শিশুটোৰ মনটো শান্ত আৰু নিৰ্মল কৰি তোলে। তাৰ পাছত আসনৰ দ্বাৰা শিশুটোৰ মনত কিছুমান আধ্যাত্মিক ক্ৰিয়াই কাম কৰে। শিশু অৱস্থাত আধ্যাত্মিক শক্তিৰ বিষয়ে জনাটো সম্ভৱ নহয়। কিন্তু তাৰ জৰিয়তে শিশুটোৰ মনৰ পৰিবৰ্তন ঘটে। তাৰ প্ৰভাৱ পৰে শিশুটোৰ স্বভাৱ-চৰিত্ৰ তথা আচৰণত। অতি অমায়িক আৰু সৰল মনৰ হয় এনে শিশুবোৰ। ইয়াৰ পাছৰ পৰ্যায়ত যেতিয়া শিশুসকলে খেলা-ধূলাবোৰ আৰম্ভ কৰে তেতিয়াৰ পৰাই সিহঁতৰ দৈহিক আৰু মানসিক পৰিবৰ্তন ঘটে। ফুটবল, ক্ৰিকেট, টেনিছ, বেডমিণ্টন, সাঁতোৰ, দৌৰ, জাঁপ আদি যি খেলকেই নেখেলক কিয় তাৰ দ্বাৰা শিশুটোৰ মানসিক দৃঢ়তা আৰু আত্মবিশ্বাস বাঢ়ে। আত্মবিশ্বাস অবিহনে কেতিয়াও কোনেও সাফল্যৰ মুখ দেখা নাই। যিকোনো কামতে প্ৰয়োজন প্ৰচণ্ড আত্মবিশ্বাসৰ। “লগৰীয়াজনে যদি দৌৰ খেলত পুৰস্কাৰ পাব পাৰে, মইনো নাপাম কিয়?” –এনে এটি প্ৰতিদ্বন্দ্বিতামূলক মানসিকতা নাথাকিলে শিশুটোৱে কেতিয়াও পুৰস্কাৰ জয় কৰিব নোৱাৰে। এটা সন্মান বা পুৰস্কাৰ লাভ কৰিবলৈ সকলোৰে মনত থাকে হাবিয়াস। এই হাবিয়াস পূৰ্ণ কৰাৰ বাবে শিশুটোৱে কৰিব লাগিব অধিক সাধনা আৰু শ্ৰম। তাৰ লগতে লাগিব নিজৰ একাগ্ৰতা। সাধনা আৰু একাগ্ৰতা যদি নাথাকে খেলা-ধূলাৰ ক্ষেত্ৰত শিশুটোৰ প্ৰতিভাৰ কেতিয়াও বিকাশ নঘটে। কঠোৰ পৰিশ্ৰম বা অনুশীলন কৰাৰো মানসিকতাৰ প্ৰয়োজন। খেলা-ধূলাৰ ক্ষেত্ৰত এলাহ, অৱসাদ এইবোৰ সদায় বৰ্জনীয়। খেলা-ধূলাই সকলো সময়তে মধটো সতেজ আৰু সক্ৰিয় কৰি ৰাখে। পৃথিৱীৰ বিখ্যাত খেলুৱৈসকলৰ বিষয়ে যদি অধ্যয়ন কৰা হয়, দেখা যায় যে শিশু অৱস্থাত তেওঁলোকে বহুতো বাধা অতিক্ৰম কৰি আহিছে। বাধাক জয় কৰিব পৰা বা যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা মানসিকতা থাকিলেহে শিশুটোৰ প্ৰতিভাৰ বিকাশ হ’ব। অকল শিশু বুলিয়েই নহয় খেলে প্ৰতিজন খেলুৱৈক মানসিকভাৱে সবল কৰি তোলে। খেলত জয় আৰু পৰাজয় থাকিবই। পৰাজিতজন যদি হীনমন্যতাত ভোগে, তেওঁ আৰু কেতিয়াও উন্নতি কৰিব নোৱাৰে। সেইবাবেই খেলে এজন শিশুৰ মনত জয়ৰ হেঁপাহক সক্ৰিয় কৰি ৰাখে। এবাৰ পৰাজিত হ’লে পিছৰ বাৰত সফল হোৱাৰ অংগীকাৰ কৰে। যাৰ বাবে তেওঁ অধিক সাধনা আৰু পৰিশ্ৰম কৰে। “যত্ন কৰিলে ৰত্ন পায়”—এই কথাই মনত অতিৰিক্ত মনোবল আনি দিয়ে আৰু এই মনোবলেই শেষত সাফল্যৰ মুখ দেখুৱাই।
আজিৰ কেৰিয়াৰ গঢ়াৰ প্ৰতিযোগিতাৰ দিনত শিশুসকলে খেল-ধেমালি কৰাৰ আহৰি নাথাকে। যাৰ ফলত তেওঁলোক অতি দুৰ্বল হৈ পৰিছে। খেলা-ধূলা নকৰাৰ বাবেই তেওঁলোক অকলশৰীয়া হৈছে আৰু শাৰীৰিক, মানসিক তথা আধ্যাত্মিক দিশত একেবাৰে দুৰ্বল হৈ পৰিছে। খেলা-ধূলাৰ বাবে শিশুক প্ৰয়োজন এখন মুকলি চোতালৰ। আজি সেই চোতালখনো সংকুচিত হৈ পৰিছে। ইয়াৰ পৰিণতি খুবেই ভয়ংকৰ। মোবাইল, টিভিক লৈ ব্যস্ত হৈ পৰা শিশুবোৰ শাৰীৰিক আৰু মানসিকভাৱে অতি দুৰ্বল হৈ পৰাৰ লগতে সিহঁতৰ কথা-বতৰা, চাল-চলন আদিবোৰো কঠিন হৈ পৰিছে। আত্মিক সম্পৰ্কবোৰ হেৰুৱাই পেলাইছে। ইয়াৰ ফলত শিশুটোৰ শাৰীৰিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হৈছে। অভিভাৱকসকলে বুজা উচিত যে নিজৰ শিশুক মুকলিমূৰীয়াকৈ খেল-ধেমালি কৰিবলৈ মুক্ত কৰি দি শৈশৱৰ ৰং-ধেমালিবোৰ উপভোগ কৰিবলৈ দিয়া উচিত। তেতিয়াহে শিশুটোৰ সকলো দিশত বিকাশ সম্ভৱ হ’ব। কোনে জানে মোৰ বা আপোনাসৱৰ সন্তান এদিন শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, ছাইনা নেহৱাল, পি.ভি. সিন্ধুৰ দৰে খেলুৱৈ হৈ যাব পাৰে। সপোন দেখা ভাল। সেইবাবেই খেলৰ জৰিয়তে শিশুটোৰ শাৰীৰিক, মানসিক দিশত বিকাশ ঘটাৰ বাবে চকু দিয়াটো প্ৰয়োজন।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক