খেলৰ প্ৰয়োজনীয়তা – নাজিফ হাজৰিকা

আমাৰ মানুহে, বিশেষকৈ অসমৰ মানুহে ক্ৰীড়াক দুই ধৰণেৰে গ্ৰহণ কৰে ৷ প্ৰথমে স্বাস্থ্য ৰক্ষাৰ বাবে গ্ৰহণ কৰে আৰু দ্বিতীয়তে ভৱিষ্যতে এজন নাম থকা খেলুৱৈ হোৱাৰ সপোন দেখি গ্ৰহণ কৰে৷ বেছিভাগৰে অৱশ্যে খেলত আগ্ৰহ নাই, যি সকলৰ আছে তেওঁলোকৰ কথাহে কৈছোঁ৷
“আজিকালি সন্ধিয়া অলপ বেডমিণ্টনটোকে মাৰি দিওঁ বুইছা, পেটটো অলপ কমক বুলি৷” এইদৰে কোৱা মানুহ বহুত ওলাই বৰ্তমান সময়ত৷
স্বাস্থ্য ৰক্ষাৰ বাবে আজিকালি বহুতে বেডমিণ্টন , টেবুল টেনিছ আদি খেলে আৰু জিমলৈ যায় বা ৰাতিপুৱা খোজ কাঢ়ে৷
“মোৰ ল’ৰাটোক ক্ৰিকেটৰ কোচিং দিছোঁ বুইছা”
বা “ইয়াক চুইমিং চেণ্টাৰত নাম টু লগাই দিছোঁ” বুলি কোৱা লোকৰ সংখ্যাও বহুত আজিকালি৷

এই যে কথাখিনি কৈ আছোঁ, এইখিনি বৰ্তমান সময়ৰ কথা৷ এই স্বাস্থ্য ৰক্ষাৰ বাবে বেডমিণ্টন খেলা, টেবুল টেনিছ খেলা, জিমলৈ যোৱা, সন্তানক খেলৰ স্কুলত নাম লগাই দিয়া এইবোৰ কামে ব্যক্তিগত উন্নতিৰ বাহিৰে সমাজৰ উন্নতি একোডাল নকৰে কিন্তু৷ এইবোৰ কামে জাতি গঠন কৰাত বৰ বিশেষ ভূমিকা নলয়৷
এতিয়া আহোঁ লিখকৰ ব্যক্তিগত কথালৈ৷ আমি ফুটবল আৰু ক্ৰিকেট খেলোঁ, পিছে কেনেকৈ?
অক্টোবৰ মাহ সোমোৱা লগে লগে আমি ল’ৰাবোৰে হাতত কাঁচি অথবা দা লৈ ৰাতিপুৱা 5 বজাতে খেলপথাৰ চাফা কৰাত লাগি যাওঁ৷ বেছ হাঁহি-ফুৰ্তিৰে কৰা হয় কামবোৰ৷ কোনোবাই পাল মাৰে আকৌ কোনোবাই বেছি কাম কৰে, কিন্তু লগে ভাগে কৰাত এটা মজা আছে৷ তাৰ পিছত গোটেইবোৰ গৈ ‘মহাৰাজ’ হোটেলত পুৰি-ভাজি খাওঁ৷ তাৰ পিছৰ দুদিন সকলোৱে কোঁৰ লৈ ক্ৰিকেটৰ পিটচ কাটো আৰু তাৰ পিছত খেলোঁ ৷ গোটেই কামবোৰ আমি নিজেই কৰোঁ৷ কিন্তু কোচ্চিঙত কি হয়? বেলেগে ফিল্ড চাফা কৰি দিব, বেলেগে পিটচ কাটি দিব আৰু আমাৰ সন্তানে গৈ খেলিব৷ লগে ভাগে কাম কৰাৰ মানসিকতা নাথাকেই৷
আকৌ আহিছোঁ ফুটবললৈ ৷ এই ধৰক ছজন-ছজন ভাগ হৈ খেলি আছোঁ, তেনেকুৱাতে আৰু দুজন আহিল৷ “ঐ সোমা সোমা, তই তাৰফালে সোমা আৰু তই মোৰ ফালে সোমা” বুলি কৈ তেওঁলোকক সুমুৱাই লব পাৰি৷ তেনেকৈ ২২ জন নোহোৱালৈকে মানুহ সুমুৱাই থাকিব পাৰি৷ কোনো মানুহ ৰৈ থাকিব নালাগে৷ ক্ৰিকেটৰ ক্ষেত্ৰতো কথাটো একেই৷ সেইকাৰণেই ক্ৰিকেট-ফুটবল হৈছে বহল অন্তৰৰ খেল৷
আকৌ আহিছোঁ দলবদ্ধ যুঁজৰ কথালৈ৷ কোনটো সময়ত কাক ডিফেন্সত নমাব লাগে, কাক ফৰৱাৰ্ডত পঠিয়াব লাগে এইবোৰ খেলি থকাৰ মাজতে মেনেজ কৰি লাগে৷ প্ৰতিমুহূৰ্ততে বেলেগ বেলেগ কৌশলৰ কথা ভাবিব লাগে, তাকো এজন-দুজনে নহয় সম্পূৰ্ণ এঘাৰজনে মিলি-জুলি চিন্তা কৰে খেলৰ মাজত৷ ক্ৰিকেটৰ ক্ষেত্ৰতটো একেই কথা৷ বিপক্ষৰ বেটছমেনে স্পীন খেলিব নোৱাৰে, গতিকে ‘স্পীনাৰ নমাই দে’ জাতীয় কথাবোৰ মুহূৰ্তত ভাবিব লগীয়া হয়৷ অমুকক’ লেগ কাটাৰ’ মাৰ, তমুকক বাউন্স দে, তাক শ্লোৱাৰ দে৷ কিমান যে সিদ্ধান্ত! তাকো মুহূৰ্তে মুহূৰ্তে লোৱা সিদ্ধান্ত আৰু এঘাৰজনে একেলগে লোৱা সিদ্ধান্ত৷

আকৌ আহিছোঁ মিলা-প্ৰীতিৰ কথালৈ৷ খেলৰ মাজত খকা-খুন্দা লগাটো স্বাভাৱিক৷ বিপক্ষৰ খেলুৱৈৰ লগত আপোনাৰ কিবা মতামত নিমিলিল, অলপ কথাৰ কটা-কটি হ’ল আৰু মাতবোল বন্ধ৷ পিছে পিছদিনাৰ খেলত আপোনালোক দুইজনা একেটা দলৰ হৈ খেলিব লগা হ’ল, তেতিয়া কি কৰিব? আপুনি আৰু তেওঁ বোলে ফৰৱাৰ্ড খেলে , গতিকে? হয়, আপুনি বল তেওঁলৈ পাছ দিবই লাগিব আৰু তেওঁও আপোনালৈ পাছ দিব লাগিব৷ এইদৰেই মিলাপ্ৰীতি আকৌ আৰম্ভ হৈ যায়৷

এই যে একেলগে কাম কৰা, দলবদ্ধ যুজঁ, মিলাপ্ৰীতি , এঘাৰজন খেলুৱৈৰ মতামত একেলগে বিচাৰ কৰা, কাকো অপেক্ষা কৰি ৰৈ থাকিব নিদি খেলিবলৈ সুবিধা দিয়া, এইবোৰ কথাই লাহে লাহে সামাজিক দৃষ্টিভংগীলৈ ৰূপান্তৰ হয়৷

সামাজিক কামত এজন-দুজনৰ মত লোৱাতকৈ সমূহীয়া মত গ্ৰহণ কৰাৰ মানসিকতা আনি দিয়ে৷ এঘাৰজনীয়া এটা দল পৰিচালনা কৰাৰ অভিজ্ঞতাই পিছলৈ সামাজিক কামত বহুত মানুহ একেলগে সুন্দৰকৈ পৰিচালনা কৰাৰ শক্তি দিয়ে৷
আকৌ কাৰোবাৰ লগত মতৰ মিল নহলেও মনৰ মিল দৃঢ় কৰি ৰখাত সুবিধা হয়৷

এইবোৰ কথা কিন্তু বেডমিণ্টন খেলা, টেনিছ খেলা অথবা জিম মৰাত নাই৷ নিজৰ উৎকৰ্ষ সাধনৰ বাহিৰে সামাজিক দৃষ্টিভংগী গঠনত এইবোৰ খেলে কোনো বিশেষ ভূমিকা নলয়৷

ক্ৰিকেট, ফুটবল আৰু এথলেটিক্স এইবোৰেহে সমাজ গঠন কৰে৷ ইউৰোপৰ দেশবোৰত ফুটবল অতি জনপ্ৰিয়৷ আৰু সেইবাবেই উন্নত দেশ সেইবোৰ৷ এটা কথা মন কৰিব পৃথিৱীৰ শক্তিশালী আৰু উন্নত ৰাষ্ট্ৰসমূহে সদায় অলিম্পিকৰ পদক তালিকাত শীৰ্ষত থাকে৷ সামূহিক ক্ৰীড়াই হে জাতি গঠন কৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক