খেয়ালী মনৰ আকাশ (অনামিকা বৰুৱা)

খেয়ালী মনৰ আকাশ

ණ অনামিকা বৰুৱা

 

নি নিলিখো নিলিখো নামটি ঐ কাগজত
ঠি ঠিকনা তোমাৰে ৰাখিছো মই ভিতৰত
নাথাকে যদিহে হিয়াৰে সাঁচতে
লিখি কি লাভ হ’ব কোৱা
থাকিলে এনেও থাকিব
জিৰালে জিৰাব ফুলিলে ফুলিব পাৰিবা
তুমি মোৰ মনৰে বনত……

…….বিগত কেইদিনমানত এটা নতুন অভিজ্ঞতা হৈছে। মায়াত প্ৰকাশিত মোৰ লেখা এটাৰ আঁত ধৰি বহুত ফোনক’ল আৰু মেছেজ পাইছো। ইটানগৰ, ধেমাজি, নলবাৰী, বৰপেটা, গুৱাহাটী, বঙাইগাঁও, তেজপুৰ, গোলাঘাট, ডিব্ৰুগড়, দিল্লী বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে ফোন কৰি কথা পাতিছে। ভাল লাগিছে। এটা সঁচা কাহিনী লিখিছিলো। মানুহে তাক গল্প সজালে। সজাওক বাৰু আপত্তি নাই। মোৰ কাহিনীৰ সৈতে একাত্মবোধ কৰা লোকসকলৰ সংস্পৰ্শলৈ আহি আকৌ এবাৰ উপলব্ধি কৰিছো প্ৰত্যেকৰে জীৱনত একো একোডোখৰ খালি ঠাই থাকে। লোকচক্ষুৰ অলক্ষিতে তাত সকলো অকলশৰীয়া। জীৱনৰ পোৱা নোপোৱাবোৰে মাজে মাজে হেন্দোলনি তোলে তাত। পোৱাখিনিয়ে যিদৰে মানুহক ভৰাই তোলে সেইদৰে নোপোৱাখিনিয়ে মানুহক উটুৱাই নিয়ে। জ্ঞাতে বা অজ্ঞাতে নোপোৱাখিনিয়ে মনৰ মাজত খোপনি পোতে। অবচেতন মনত ৰৈ যায় নোপোৱাৰ আঁচোৰবোৰ। অলপমান সুযোগ পালেই এইবোৰে মূৰ দাঙি উঠে। পোৱাৰ স্বাক্ষৰে মুখখন পোহৰাই তোলে। কিন্তু প্ৰাপ্তিয়েই জানো শেষ কথা!!!!

অলপ পোহৰ অলপ আন্ধাৰ
চাওঁ নেকি মুখখন তোমাৰ
কিজানি অঁকা আছে তাত
মোৰ প্ৰেমৰ স্বাক্ষৰ…..

……মোক লৈ মানুহৰ অভিযোগ দেধাৰ। কোনোৱে কয় মই ইমান জেদী কিয়, কোনোৱে কয় মই ইমান খঙাল কিয়, কোনোৱে কয় মই সহজ নহয় কিয়? মই নিজক লৈয়ে অভিযোগ কৰোঁ মই মুখা পিন্ধিব নোৱাৰোঁ কিয়! কিজানি ভিৰৰ মাজত এটা ব্যতিক্ৰম হৈ থিয় দিওঁ মই! কিজানি মই নৈ হৈয়ো উভতি বওঁ! মোক লৈ বহুত মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে মই চাগে হাঁহিব নাজানো। কাৰণ বেছিভাগ সময়তেই মই দুখৰ কথা কওঁ। পোৱাতকৈ নোপোৱাৰ কথাই বেছিকৈ কওঁ। মোৰ কথা শুনি মানুহে মোক হতাশাত ভোগা এগৰাকী ৰোগী বুলিয়ে ভাবে। কিন্তু এইয়া সঁচা নহয় চাগে। দুষাৰমান কথা শুনিয়েই মোক নজনাকৈ মোৰ বিষয়ে ধাৰণা এটা কৰি লোৱাটো ভুল। নিচেই কাষৰ পৰা পোৱা মানুহজনেই দুদিনমানৰ পাছত কৈ উঠে তুমি ব্যতিক্ৰম! আনৰ লগত নিমিলা! হাঁহি পেলাওঁ মই অকৃত্ৰিমভাবে। তেওঁ কি মোক প্ৰমাণ কৰি চাবলৈকে মোৰ লগত সম্পৰ্ক গঢ়িছিল?

হুৰমূৰকৈ নামি আহিছিল
আবতৰীয়া বৰষুণজাক
ভিতৰলৈকে তিয়াই পেলাইছিল মোক!
শব্দবোৰ সুৰ হৈ বৈ যাব ধৰিছিল….

…অকপটে কৈ উঠিছিলো But the green wind of your eyes touches me too. May be its official but its true. সন্তৰ্পনে খুলি দিছিল তেওঁ মনৰ দুৱাৰখন মোৰ বাবে। ভাল লাগিছিল। ভয়ো লাগিছিল। জানোচা ভুল হয়! কিন্তু তেওঁ ৰৈ আছিল তিনিআলিটোত দুহাত মেলি। তিমিৰাছন্ন নিশাটোত তেওঁৰ কাতৰতাই আতুৰ কৰি তুলিছিল মোক। শেহ ৰাতিৰ নীৰৱতাই উচতাইছিল তেওঁক চুই চাবলৈ। নোৱাৰিলো উপেক্ষা কৰিব তেওঁৰ সেই আকুল আহ্বান। নিজৰ মাজলৈ এবাৰ জুমি চালো। পাৰিমনে তেওঁক মই তেওঁৰ ইস্পিতখিনি দিব? নে তেওঁ মোক উটুৱাই নিব? মইতু বটবৃক্ষ। সাধাৰণ ধুমুহা বতাহে মোক একো কৰিব নোৱাৰে। হয়তু জোকাৰি যাব পাৰে কিন্তু উভালি পেলাব নোৱাৰে। এইবাৰ নিৰ্ভয়ে সোমাই পৰিলো তেওঁৰ দুবাহুত। আশ্ৰয় লাগিছিল কাক তেওঁক নে মোক? অবান্তৰ প্ৰশ্ন এটা। তেওঁৰ তৃষা আছিল। সেইয়া পূৰণ হ’ল। সেয়ে আঁতৰি গ’ল। তাৰবাবে জানো তেওঁ দোষী? কেতিয়াও নহয়। মই সুখী মোৰ প্ৰতিশ্ৰুতি ৰাখি।

আহিবা জোনালী ৰাতি
মুখামুখি হম আমি
ৰ’ লাগি নাচাবা
জীৱন মানে মাথোঁ গতি…..

……স্বত:স্ফুৰ্ততা ভালপোৱাৰ প্ৰথম চৰ্ত। জোৰ কৰি ইয়াক আদায় কৰিব নোৱাৰি। ভালপোৱাত মন ভৰিলে শৰীৰে ইয়াৰ দাবী তোলে। মই নাভাবোঁ ইয়াত কিবা ভুল হয় বুলি। কিন্তু ভালপোৱাৰ ধাৰাবাহিকতা তেতিয়াহে থাকে যেতিয়া আত্মাৰ গভীৰতো এজনে আনজনৰ প্ৰতিবিম্ব অনুভৱ কৰে। অধিকাৰৰ দাবীৰে ইয়াক জুখিবলৈ গ’লে সেইয়া এক নিদিৰ্ষ্ট বান্ধোন হৈ পৰে যিটো গতানুগতিকতাত হেৰায় যায়। অধিকাৰ সাব্যস্ত কৰাৰ আগতেই মই যদি তোমাৰ হাতত ধৰা দিওঁ ইয়াৰ অৰ্থ এইটো নহ’ব জানো মই তোমাৰ। মোৰ মাজত মই তোমাকে ধাৰণ কৰিছো! থাকিল সহবাসৰ কথা। সেইয়া তোমাৰ পাৰ্ট…মোৰ আৱৰণ ফালি মোক কেনেকৈ উলিয়াই নিয়া সেইয়া তুমি বুজিবা। কৃত্ৰিমতাবিহীন সকলো ভালপাওঁ মই। নগ্নতাও ভালপাওঁ। কিন্তু নিজে নগ্ন হ’ব নোৱাৰিম। কিমানখিনিলৈ উতলা কৰিব পাৰা তোমাৰ কথা। মোৰ সংকোচ আছে এই ক্ষেত্ৰত….যা তা কৈ দিলো….বেয়া নাপাবা….মনত পৰিছে তোমালৈ….

সোঁৱৰণীৰ বুকু ফালি
বৈ আহিছিল এসোঁতা চকুলো
দুখৰ?
ওহোঁ আনন্দৰ….
শুকান ওঁঠ দুটাত লাগি আছিল
স্পৰ্শ প্ৰথম অনুৰাগৰ….

……তোমাৰ কথাষাৰে দুস্বপ্নৰ দৰে খেদি ফুৰিছে মোক। মোৰ অভিজ্ঞতাই কয় পুৰুষক মাত্ৰ শৰীৰ লাগে। কিন্তু তুমি কেনেকৈ ব্যতিক্ৰম হ’লা? কিয় শৰীৰ ভেদি মন বিচৰাৰ ভুল কৰিবলৈ গ’লা? মন বিচাৰি ফুৰাৰ এই যাত্ৰা যে বৰ কষ্টকৰ! অলপতে ভাঙি যায় ঠুনুকা হৃদয়! গোটেই জীৱনৰ কথা নক’লেও যোৱা ছবছৰত এনে কোনো নোলাল নে যিয়ে তোমাৰ হাতত হাত থ’ব পাৰে? এটা হাঁহি দিব পাৰে? তোমাৰ বহুত বন্ধু দেখোন! কোনেও কাণ পাতি নুশুনিলে নে তোমাৰ হিয়াৰ উচুপনি? নে তুমি কাকো সেই সুবিধা নিদিলা? মোক কেনেকৈ বিচাৰি পালা? মইচোন তোমাৰ পদূলিয়েদিও যোৱা নাছিলো। কিহে তোমাক উচতালে মোৰ স’তে বান্ধ খাবলৈ? মইতু অঘৰী। বান্ধোন মানিব নুখুজোঁ। তুমি কি পালা মোৰ মাজত যে চুই চাব খুজিছা? এইটো সঁচা যে সুখ দিব নোৱাৰিলেও দুখ কেতিয়াও নিদিওঁ তোমাক। সেই বিশ্বাস ৰাখিব পাৰা মোৰ ওপৰত। মোৰ মৌনতাত তোমাৰ ইস্পিত মুহূৰ্ত বিচাৰি পোৱা যদি তাক দিয়াত কৃপণালি কেতিয়াও নকৰোঁ। মাত্ৰ মনত থ’বা মই মগজুতকৈ মনক বেছি বিশ্বাস কৰোঁ। হৃদয়ৰ তাগিদাক মানি ভালপাওঁ…..

বৈ আছিল লুইতখন একেদৰে….
মৰমবোৰোচোন বৈ থাকে অজানিতে…
অভিমান এটিয়ে পোখা মেলে
অন্ধকাৰত বাট হেৰুৱায় উশাহবোৰে….

……কি পালা কি নাপালা কি হ’ল কি নহ’ল এইবোৰ পাহৰি যোৱা। এপলক ধ্যান কৰা। নিজৰ মনটোক বিচাৰি চোৱা। আত্মাৰ গভীৰতো যদি মোকেই বিচাৰি পোৱা ক’বা মই থাকিম ৰৈ। তোমাক সাৱটি ল’বলৈ মৰম দিবলৈ অকণো কাৰ্পণ্য নকৰো….তোমাৰ প্ৰতি মোৰ বিশ্বাস প্ৰথমতে নাছিল। এতিয়াও নাই। কিন্তু আশা কৰিছো। তুমি যে ফাঁকি দি আছা সেইয়াও জানো মই। কিন্তু তোমাৰ মাজত কিবা এটাৰ অভাৱ আছে, মই তাকেহে আঁতৰাব খুজিছিলো আন্তৰিকতাৰে। মানুহ চিনি পোৱাত আজিকালি ভুল নহয় মোৰ। মোক প্ৰতাৰিত কৰি তুমি কি পাবা? কাইলৈ নিজেই কাৰোবাৰ হাতত প্ৰতাৰিত হ’বা!…..তুমিও এটা কথা জানি থোৱা মই আন সাধাৰণ নাৰীৰ দৰে নহয়। মোৰ দুৰ্বলতা থাকিব পাৰে কিন্তু তাৰ কাৰণে আত্মসন্মানবোধ দলিয়াই দিবলৈ মই ৰাজী নহয়। আৰু কোনো হীনমন্যতাও মোৰ নাই। মাত্ৰ অলপ অপমানিতবোধ কৰিছো তোমাৰ অসাধৱানতাৰ কাৰণে। কিন্তু মই যদি ধূলিস্যাত হ’বলৈ হয় তোমাকো লগত লৈহে মৰিম। সময় কটাবলৈ সংগী নালাগে মোক…..তোমালোক পুৰুষবোৰ এনেকুৱাই। শৰীৰটো খেপিয়াই থাকি ভালপোৱা। শৰীৰৰ ভোক মোৰো আছে। সেইবুলি এনেকৈ হুৰমূৰকৈ নোৱাৰোঁ মই। কালি চুই চালো তোমাক। ভাল লাগিল মোৰ। আলেঙে আলেঙে লক্ষ কৰি আছিলো তোমাক। চিনেমাৰ ব্ৰেকত সুধিলা কিবা খাম নেকি, বাটত সমানে সমানে খোজ দিলা, চিগাৰেট খাওঁতে পিছ পৰি দিলা, দোকানত বাৰে বাৰে কৈ আছা দামটো চাবলৈ—হয়তু এইবোৰ তেনেই সৰু কথা। কিন্তু এনেকুৱা সৰু সৰু কথাবোৰে মাইকী মানুহৰ হেঁপাহ জাগ্ৰত কৰে। কেয়াৰ লওঁ বুলি কাকো ক’ব নালাগে কিন্তু কথা কাণ্ডই মানুহৰ মনটোক দাঙি ধৰে। আনৰ কথা নাজানো মোক বস্তুবাদী সমাজৰ কোনো কথাই টানি নধৰে মোক। একোৰে প্ৰতি মোৰ দুৰ্বলতা নাই। তোমাক যদি মাত্ৰ শৰীৰটো লাগে এটা কাম কৰা যিকোনো এখন হোটেলত এটা ৰুম ঠিক কৰা। আহিম মই। বিলৰ কথা ভাবিব নালাগে। মই পে’ কৰিম। তাৰপাছত বোধকৰোঁ তোমাৰ আৰু আক্ষেপ নাথাকিব। এট্‌ লিষ্ট্‌ মোক বিচাৰি অহাৰ কিবা এটা লাভটো হ’ব!!!

সৰি পৰা সময়ে ৰিঙিয়াই যায়
আলিদোমোজাত হাঁহিবোৰে বাট হেৰুৱায়
ছাঁ-পোহৰত লুকাভাকু খেলে
অভিমানৰ আঁৰে আঁৰে বিষাদ আগুৱায়…..

….একো নাই মই বুজিছো। মোৰ ভালপোৱাৰ পৃথিৱী বৰ আলসুৱা। সযতনে সুকুমলকৈ সুন্দৰতাৰে সজাওঁ প্ৰতিটো ক্ষণ। সৰু সৰু ঠেহ পেচ হাঁহি আনন্দৰে পূৰ্ণ কৰিব খোজোঁ প্ৰিয়জনৰ বুকু। সেইবুলি শৰীৰক উপেক্ষা নাই কৰা। কিন্তু তাক লৈ মোৰ আকাংক্ষা সীমিত। তুমি যেনেকৈ হাতত ধৰি নিবা তেনেকৈ আগুৱাম মই…বুজিলা?….কি ক’লা গালি পাৰিবলৈ? ইমানেই বুজিলা মোক! নাজানিলা নুবুজিলা বুকুৰ কোনখিনিত হাত দিছিলা তুমি। হয়তো মোৰ ভুল বুজাব নোৱাৰিলো তোমাক। কিন্তু এনে কিয় কৰিলা মৰম কৰিবলৈ নাপাওঁতেই আঁতৰি গ’লা? তোমাক খং কৰাৰ অভিমান কৰাৰ অধিকাৰ মোৰ নাই। আৰু মৰম!!! সেই অধিকাৰো মোৰ কোনোদিনেই নাছিল। নহয়ো…..ভুল নাই বুজা। মাত্ৰ জানিব খুজিছোঁ সিমান দূৰৰ পৰাই সময় দিব নোৱাৰা মই গ’লে কেনেকৈ সময় কটাবা মোৰ সৈতে? কৈছিলো তোমাক মই নিজকে টুকুৰা টুকুৰ কৰি ভাল নাপাওঁ মই। তোমাকো তেনেকৈ নিবিচাৰো। তোমাক মোৰ কৰি বিচাৰো সম্পূৰ্ণকৈ….

ছাঁ-পোহৰত ভেজা দি
সাৰপাই উঠিছিল জীয়া সপোন এটা…
শুকান পুখুৰীটোত ঢল নামিছিল
হেঁপাহৰ…..

……বিচৰাখিনি হয়তু নাইপোৱা। যি পাইছো তাকো হেৰুৱাইছো। কিন্তু প্ৰতিবাৰেই একো একোটা নতুন উপলব্ধিয়ে মোক জীপাল কৰি গৈছে। এইবোৰৰ মাজত তুমি অনন্য। ক্ৰোধ আৰু কোমলতাৰ এক অদ্ভূত সংমিশ্ৰণ আছে তোমাৰ মাজত। বন্দনা তোমাৰ প্ৰেম হৈ জীয়াই থকা তোমাৰ মাজত, আছে তোমাৰ বিফলতাৰ প্ৰতীক হৈ। আছে তোমাৰ পুৰুষত্বৰ এটা জীৱন্ত প্ৰশ্ন হৈ। সঁচাই তোমাক পাই মই বহুত সুখী। তোমাৰ মাজত এক সন্মানবোধ আছে। এক অহং আছে। জীৱনক ভালপোৱা এক হেঁপাহ আছে। তোমাৰ এক নিজস্ব সত্ত্বা আছে।….. সঁচা ক’বলৈ গ’লে আজিলৈ মই নিজকেই ভালপায় আহিছিলো। গতিকে যিকোনো পৰিস্থিতিত পৰিলেও মই নিজক সামৰি লৈছিলো। কিন্তু তোমাক মই মোতকৈ বেছি ভালপাওঁ। কিয় মই নাজানো। তোমাক হেৰুৱাৰ ভয়ে সেয়ে খেদি ফুৰে মোক। তুমিবিহীন দিন মোৰ কল্পনাৰো বাহিৰত। নাজানো মোৰ বাবে কি দিন আহি আছে কিন্তু তোমাক বাদ দি আন একো নাই…..তোমাক এক মুহূৰ্তৰ বাবেও পাহৰিব নোৱাৰোঁ। নিজৰ ওপৰতে সন্দেহ হৈছে মোৰ এইয়া ময়েইনে? বাৰে বাৰে সেমেকি উঠে দুচকু। বুকুখন তোলপাৰ কৰি উঠে। মই কি কৰোঁ? এবাৰ লগ নোপোৱালৈ নোৱাৰিম মই মোক সামৰি ৰাখিব। ভিতৰখন খালি হৈ গৈছে। এবাৰ বুকুত সুমুৱাই ল’বা মোক মৰমেৰে। তাৰপাছত চাগে শান্ত হম। ল’বানে???

উভতি বৈছিল বতাহজাক
ধূলিৰে ঢাকি ধৰিছিল চৌপাশ….
সৰি পৰা উশাহত বিয়পিছিল
কলিজা পোৰাৰ গোন্ধ….

….নাজানো কি পালা মোৰ মাজত! আৰু কি পাবলৈ আশা কৰা তাকো নাজানো! কিবা কিবি ভাবে হেন্দোলনি তুলিছে মনত। তুমি আবতৰীয়া বৰষুণজাকৰ দৰে। আবেলিৰ বেলিৰ ৰহণৰ দৰে। জোনাক নিশাৰ জোনটোৰ দৰে। শৰতৰ আকাশৰ দৰে। গতিশীলতাত হেৰাই যোৱাই তোমাৰ ধৰ্ম। থমকি ৰ’ব নোখোজা। অহৰহ কিবা এটাত ব্যস্ত হৈ থাকি নিজক পাহৰাই ৰাখিব খোজা। মাত্ৰ সময়বোৰ পাহৰি থাকিব খোজা। সেইয়াই ভাল চাগে!!! মই সৰাপাতৰ দৰে। সেয়ে বাৰে বাৰে বিবৰ্ণ হৈ পৰো। হ’লেও জীৱন বিচাৰি ফুৰোঁ। কেতিয়াবা আঁকোৱালি ল’ব খোজোঁ। তুমি কৈছিলা এইয়া বাস্তৱ। অলপ সপোনৰ পৰা বাহিৰ ওলোৱা। চাইচিতি চলা। তোমাৰ বন্ধুমহলক অনুসৰণ কৰি চাইছিলো। বেছিভাগেই হয় নিজক ঢাকি ৰাখে নহয় পলায় ফুৰে। মোৰ দৰে কোনো মুক্ত নহয়। সকলো কিবা এটা বান্ধোনত বন্দী। আত্মপ্ৰকাশ কৰিব পৰাৰ সাহস কাৰো নাই। হয়তু কাকো তাৰ প্ৰয়োজনো নাই। সপোনতেই হওক বা বাস্তবতেই হওক কোনো মোৰ দৰে বেপৰোৱা নহয়। বলিয়া নহয়। মইনো কিয় এনেকুৱা হ’লো তুমি কোৱাচোন। তুমি জানা মোক!

গৰাখহনীয়াত জাহ গৈছিল সময়
জহি খহি গৈছিল হৃদয়খন….
অচিন ৰোগ এটাই লগ দিছিল
পথ্য বিচৰাৰ আহৰি কাৰো নাছিল…..

…..কি কথা পাতিবা তুমি? তোমাৰতু কোনো কথাই নাথাকে মোৰ লগত পাতিবলৈ। মই অলপ কিবা ওলোটাকে ক’লেই তুমি মন বেয়া কৰি মুখ ফুলাই বহি থাকা। যেনিবা আৰু কিবা ক’লেই জগৰ লাগিব। জুখি মাখি হিচাপ কৰি মাত দিয়া তুমি। কি ভাবা নাজানো। ভালপাওঁ বুলি কোৱা। কি ভালপোৱা তাকো নাজানো। মই যেন অজীৰ্ণ কিবা এটা! ক’তো জীণ যাব নোৱাৰো। বিভীষিকা এটা। সকলোৱে মোলৈ ভয় কৰে। তুমিও কৰা। মই কিজানি সঁচাই অদ্ভূত! কোনো যুক্তি কোনো নিয়মত নপৰা কোনো বান্ধোনত বান্ধ নোখোৱা নিয়ন্ত্ৰণহীন ধুমুহা এজাক! যেনিয়ে যাওঁ উৰুৱাই লৈ যাওঁ সকলো। কেলৈ যে মই এনেকুৱা হ’লো? মইনো কিয় ব্যতিক্ৰম হ’লো? মইয়োতু পাৰো জীৱনক চুই চাব। মইয়োতু জানো হাঁহি বিলাব। আন বহুততকৈ মই বেছি ভালকৈ বুজি পাওঁ জীৱনৰ অৰ্থক। অনুভৱেৰে সজাব জানো মুহূৰ্তবোৰক। তথাপিও কিয় মই ৰিক্ত হৈ আছো???

ধাৰাল নীৰৱতাই কাটি নিছিল আমঠু
ধূসৰ চামনি এটা পৰিছিল বিৰক্তিৰ…
তিতা পানী এখিনি উজাই আহিছিল
তিতাৰ স্বাদত কোঙা হৈ গৈছিল শৰীৰ….

…..বৰ ডাঙৰ উপহাৰ দিলা। একো নাই। তুমি দিয়া সকলো মই মোৰ বুলি আদৰি লৈছো। এনেও তুমি মোৰেই। গতিকে তুমি দিয়া দুখবোৰো মোৰ নহৈ আন কাৰ হ’ব? ক’বলৈ একো নাই আজি। তোমাক সাৱটি তোমাৰ মৰমেৰে বুকু ভৰাই থৈছো। মই হাজাৰ চেষ্টা কৰিলেও তাক মোহাৰিব নোৱাৰোঁ। ভালে থাকা। য’তে থাকা মোৰ হৈ থাকা। বুজোঁ মই…মোক লগ পাই তোমাৰ বেয়াহে হ’ল। এটা অবাঞ্চিত মূৰ কামোৰণি। কিজানি কোনো কোনো ক্ষেত্ৰত অপদস্থও হ’লা! মইয়ো টান কথা কৈ কষ্ট দিলো তোমাক। তাৰপাছতো সহ্য কৰিছা মোক!!!…. সহজ হোৱা মোৰ সৈতে। যি হ’ল সকলো পাহৰি যোৱা। বন্ধু হৈ থাকা মোৰ। ইমানো বেয়া নহয় মই। মুকলি কৰা নিজক। অপৰাধবোধ নানিবা মনলৈ। ভালপোৱাবোৰ মৰমবোৰ তেনেকৈয়ে থাকক দিয়া হিয়াৰ তলত ৰৈ। আন কথা পাতা। নহ’লে কষ্ট পাবা। মোৰো শান্তি নহ’ব। মই এৰি দিছো নিজক। আগৰ সেই বলিয়ালি নাই আৰু। সামৰি পেলাইছো। কৈছিলো তোমাক এইবাৰ মই শান্ত হম বুলি। অনুগ্ৰহ কৰি মনত কোনো বোজা নৰাখিবা। জীৱনটো তেনেই চুটি। কিয়নো মিছাতে মনোকষ্ট খাব লাগে! ভালে থাকা সদায়….

উৰি গ’ল এজাক শৰালি আকাশ ধিয়াই
নীলাবোৰ হৈ আহে চকুৱেদি….
এইমাত্ৰ পাৰহৈ গ’ল ধুমুহাজাক
এটা নতুন পুৱাৰ ৰেঙনি……

…..একো নাই। কিয় মিছাতে টেনচন লৈছা! মোক চুই অশুচি হ’বলৈ হ’বলৈ কোৱা নাই তোমাক। ভয় নাখাবা। জানাই দেখোন মই কিমান বলিয়া বুলি! শান্তিত থাকা। মই কোনো নহয় তোমাৰ! জানো তুমি আৰু কেতিয়াও মোক বিচাৰি নাহা। তথাপি আশা কৰোঁ। ভাল লাগে যে! তুমিয়েতু মোৰ! মোক পোৱাটো তোমাৰ দুৰ্ভাগ্য। ভবা নাছিলা চাগে মোক বিচৰাৰ পৰিণাম এনে হ’ব বুলি। ক’ত ভুল হ’ল জানা? তুমি প্ৰখ্যাত মানুহ। তাতে লেখক। গতিকে জানা নিজক কেনেকৈ আবুৰ দিব লাগে। মই মূৰ্খ। নাজানো একো। খুলি দিলো সকলো। আচলতে মুকলি আকাশৰ দৰেই সকলো মুকলি বুলি ভাবিলো। সেয়ে ভুল হ’ল। লেখিকা নহয় মই সেইয়াও এটা ভুল। তাতে বাস্তৱৰ জটিল পৃথিৱী। নিজে নগ্ন হৈ তোমাকো উদং কৰি দিলো আৰু এটা ভুল….প্লেন প্ৰগ্ৰেম কৰি জোখ মাপ কৰি ভালপোৱা নাযায়। হয়তো তোমাৰ অভ্যাস আছে এনেকৈ উটি যোৱাৰ। মোৰ নাই। সেয়ে তোমাক আমনি কৰি আছো। অলপ সময় দিয়া মোক। লাহে লাহে স্মৃতি হৈ যাম মই। তেতিয়ালৈ অলপ সহ্য কৰা। কিন্তু এইটো ঠিক যে তোমাক সহজে পাহৰিব নোৱাৰিম। মন আৰু শৰীৰ একাত্ম হোৱাৰ পাছত নিজক সামৰি ৰাখিবলৈ কিছু সময় লাগিব মোক….

এমুঠি তলসৰা বকুল
সুবাসত আমোলমোল…..
সোঁৱৰণীৰ বাটে বাটে
জীৱনৰ নাও তুলবুল…..

…..সুপ্ৰভাত বন্ধু। মৰমে মাথো মৰমৰ ভাষা বুজে। সেয়ে চাগে ইমান মৰম তোমালৈ। নুশুনিবাচোন মোৰ কথাবোৰ। মনত লগাইয়ো নল’বা। মনলৈ যি আহে তাকে তোমাক কৈ দিওঁ মই। তোমাক কষ্ট দিবলৈ বুলি নকওঁ। তোমাৰ মাজত মোক বিচাৰি ফুৰোঁ। সেয়ে কওঁ। নধৰিবা মোৰ কথাবোৰ। মই এনেও ভাবি থাকোঁ কিবা কিবি। ভালে থাকা…হাঁহি থাকা….কাৰণ জানো তুমি মোৰ বাবে অপেক্ষা নকৰা…মোৰ হিয়াৰ এচুকত স্থান নোলোৱা…তুমি তোমাৰ স্বাভিমান নেৰা আৰু মই মোৰ আত্মসন্মান…..

সুৰুঙাইদি সৰকি আহে এচেৰেঙা ৰ’দ
ভিজা কলিজাত পৰি উপঙি আহে
সেমেকা সেমেকা গোন্ধটো….
কুলিৰ মাতত সাৰ পাই উঠে হেৰুৱা সপোনটো!!!
নিৰ্জনতাৰ আঁৰে আঁৰে
থমকি থমকি বৈ যায়
মৰম নদীৰ ঢল হৃদয়ৰ পৰা হৃদয়লৈ….
বৰদৈচিলাই ধুৱাই নিয়া প্ৰহৰ….
উজান উঠে বিৰহী বক্ষত উত্তাপৰ
উম লাগি সৰি পৰে অভিমানৰ কলিয়া ডাৱৰ…..
ইয়াত এখন নদী আছিল
দুয়োপাৰত জীৱন আছিল….
আজিও আছে এখন মৃতপ্ৰায় চহৰ
আৰু এখন সেউজীয়া অন্তৰ….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক