খোজকাঢ়িয়েই সাগৰ পাৰ হ’লোঁ : মৌচুমী ভূঞা চৌধুৰী

খোজকাঢ়িয়েই সাগৰ পাৰ হ’লোঁ

মৌচুমী ভূঞা চৌধুৰী

 

নেডাৰলেণ্ডলৈ অহা মোৰ প্ৰায় এমাহেই হ’ল। জাৰ্মানীত পি. এইচ.দি. ডিগ্ৰী সমাপ্ত কৰি যৌথভাৱে VUmc আৰু Philips Research labত গৱেষণাৰ উদ্দেশ্যে নেডাৰলেণ্ডৰ আমষ্টাৰডামলৈ আহিলোঁ। আমষ্টাৰডাম নেডাৰলেণ্ডৰ ৰাজধানী তথা অন্যতম প্ৰধান নগৰ। ইয়াৰ সৰু-সৰু গ’লিৰ নিচিনা পদপথ, প্ৰায় গোটেই চহৰখনতে থকা সৰু সৰু কৃত্ৰিম খালসমূহে চহৰখনক ৰোমান্টিক কৰি তুলিছে। এই চহৰখনৰ তথা নেডাৰলেণ্ডৰ আন আকৰ্ষণসমূহৰ বিষয়ে পিছত বহলাই লিখিম। কিন্তু আজি আন এটা ব্যতিক্ৰমি অভিজ্ঞতা সম্বন্ধে ক’বলৈ মন গ’ল। কথাখিনি কোৱাৰ আগতে, পাতনি হিচাপে, নেডাৰলেণ্ডৰ বিষয়ে কিছু কথা কোৱাৰ প্ৰয়োজনীয়তা বোধ কৰিলোঁ। নেডাৰলেণ্ড আটলান্টিক মহাসাগৰৰ সীমান্তৰ উত্তৰ সাগৰৰ(English: North Sea) পাৰত অৱস্থিত প্ৰায় ৪১,৫২৬ বৰ্গকিঃমিঃ মাটিকালিৰ এখন অতি আধুনিক, উন্নত দেশ যদিও নেডাৰলেণ্ডৰ মাটিকালিৰ প্ৰায় কুৰি শতাংশই হৈছে সমুদ্ৰ সীমাৰ তলত। প্ৰযুক্তিবিদ্যাৰ সঠিক ব্যৱহাৰেৰে সাগৰৰ পানী সিঁচি নিজৰ বাবে মাটি এডোখৰ উলিওৱাৰ কাহিনীৰ বাবে মোৰ এই দেশ আৰু জাতিটোৰ প্ৰতি শ্ৰদ্ধা ওপজে। নেডাৰলেণ্ডৰ ডাট্‌চসকলৰ এই ‘সমুদ্ৰ মন্থন’ৰ বিষয়ে আৰু কিছু জানিবলৈ যোৱা সপ্তাহত, আমি কেইজনমান মিলি ওলালোঁ “এনংগেলস্পাট”(Engelsmanplaat)লৈ।

এনংগেলস্পাট আৰু ইয়াৰ ওচৰ-পাজৰৰ উত্তৰ সাগৰৰ পাৰৰ ভালেমান এলেকা সাঙুৰি আজিও সমুদ্ৰৰ জোৱাৰ-ভাটা আৰু বৃহতাকায় বায়ুকলৰ (windmill) সহায়ত সাগৰৰ পানী সিঁচি মাটি উলিওৱাৰ কাম চলে। আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত, পুৰণি পৰম্পৰাগত বায়ুকলসমূহৰ ঠাইত এতিয়া অৱশ্যে নতুন তথা অধিক শক্তিশালী বায়ুকলসমূহহে থিতাপি লৈছে। চন্দ্ৰ আৰু সূৰ্য্যৰ আকৰ্ষণত হোৱা জোৱাৰ-ভাটাৰ সময়ত সমুদ্ৰ পৃষ্ঠৰ পানী বাঢ়ে অথবা কমে। পানী বাঢ়ি যোৱা সময়ত জোৱাৰ (High tide) আৰু কমি যোৱা সময়ত ইয়াক ভাটা (low tide) বুলি কোৱা হয়। নেডাৰলেণ্ডৰ উত্তৰ সাগৰৰ পাৰৰ অঞ্চলসমূহত ভাটাৰ (low tide) সময়ত পানী ইমানেই কমি যায় যে, সেইসময়ত বোকাৰ মাজেৰে খোজাকাঢ়িয়েই সাগৰ পাৰ হ’ব পাৰি। ডাট্‌চ ভাষাত ইয়াৰ নাম “ৱাদ্‌লোপেন” (Wadlopen), আমাৰ ভাষাত যাৰ আক্ষৰিক অৰ্থ বিচাৰলে বোধহয় “বোকা গচকি খোজকঢ়া” (ৱাদ মানে বোকা, লোপেন মানে খোজকঢ়া) বুলি ক’ব পৰা যাব। ইংৰাজীত ইয়াক mud walking বুলিও কোৱা হয়। আজিৰ পৰা প্ৰায় দুই দশক মান আগতে ৱাদ্‌লোপেন নেডাৰলেণ্ডৰ পৰ্যটকসকলৰ বাবে মুকলি কৰি দিয়া হয় আৰু ই বৰ্তমান পৰ্যটকৰ এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বুলি ক’ব পৰা যায়। ডাট্‌চসকলৰ ‘সমুদ্ৰ মন্থন’ৰ ভু লোৱাৰ উপৰিও, এনেদৰে খোজকাঢ়ি সাগৰ পাৰ হোৱাৰ ৰোমাঞ্ছকৰ অভিজ্ঞতাৰ সোৱাদ ল’বলৈ আমিও এনংগেলস্পাটলৈ বুলি ওলালোঁ। ৱাদ্‌লোপেন  বা বোকা গচকি খোজকাঢ়িবলৈ আগতীয়াকৈ ৱেৱচাইটৰ সহায়েৰে বুকিং কৰিব লাগে। সমুদ্ৰৰ জোৱাৰ-ভাটাৰ সময় অনুযায়ী এই ভ্ৰমণবিলাকৰ বাবে তাৰিখ আৰু সময় ধৰি থোৱা থাকে। লগতে শাৰিৰীক সুস্থতাৰ স্তৰ (physical fitness level)  অনুযায়ী  “ৱাদ্‌লোপেন”ৰ স্তৰো বেলেগ বেলেগ হয়। সকলোতকৈ ওপৰৰ স্তৰটোত প্ৰায় ছয়-সাত ঘন্টামান প্ৰায় কঁকাললৈ অহা পানী আৰু বোকা ভেদি খোজকঢ়াই সাগৰৰ মাজৰ একোটা দ্বীপলৈকে লৈ যোৱা হয়। আমি এলেহুৱা ব্যায়ামশালা গচকি নোপোৱা বিজ্ঞানৰ গৱেষককেইটাই আটাইতকৈ নিম্ন স্তৰটোত বুকিং কৰিছিলোঁ। নিজৰ শাৰিৰীক সুস্থতাৰ স্তৰ অনুমান কৰি প্ৰায় এমাহমান আগতে বুকিং কৰিলে ভাল কাৰণ যিহেতু ই গাইডৰদ্বাৰা পৰিচালিত ভ্ৰমণ (guided tour) আৰু এবাৰত এক নিৰ্দ্দিষ্টসংখ্যকেহে “ৱাদ্‌লোপেন”ৰ বাবে অনুমতি পাব পাৰে। ই ইমানেই জনপ্ৰিয় যে স্থানৰ অভাৱত কেতিযাবা বহুত সোনকালেই ইয়াৰ বুকিং বন্ধ হৈ যায়।

 

 

 

এনংগেলস্পাট আমষ্টাৰডাম চহৰৰ পৰা প্ৰায় ১৯০ কিঃমিঃ দূৰত অৱস্থিত আৰু ৰেলগাড়ীৰে প্ৰায় ৪-৫ ঘন্টামান লাগে। গাড়ী ভাড়া কৰিলে প্ৰায় তিনিঘন্টা মান লাগে। আমাৰ ৱাদ্‌লোপেন ৰ বাবে সময় ধৰি থোৱা আছিল আবেলি ৫.৩০ বজা, অতিক্ৰম কৰিবলগীয়া দুৰত্ব প্ৰায় ১০ কিঃমিঃ। আমি এখন গাড়ী ভাড়া কৰি সময়মতেই এনংগেলস্পাট গৈ পালোঁ। এখন ৰেস্তোৰাঁৰ ঠিকনা আটাইবোৰ যাত্ৰী একত্ৰিত হোৱাৰ বাবে আগতীয়াকৈ জনাই থোৱা আছিল বাবে আমি গৈ তাতে লগ হ’লোঁগৈ। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আমি প্ৰায় ৫০ জনমানে একেলগে বোকা গচকি খোজকাঢ়িবলৈ সাজু হৈছিলোঁ আৰু গোটতোত প্ৰায় ৩০ জন ডাট্‌চ (নেডাৰলেণ্ডৰ বাসিন্দা) আৰু বাকী কেইজন আন দেশৰ আছিলোঁ। পিন্ধনত ট্ৰাউজাৰ, চুৱেটাৰ, আগজাননী অনুযায়ী (যদিও মাথো ৫ শতাংশ হে সম্ভাৱনীয়তা  (probability) আছিল) মাজতে আহিব পৰা ধুমুহা বৰষুণৰ সৈতে যুঁজিবলৈ এটা ৰেইনকোট, আৰু এযোৰ ভাল জোতা যিযোৰ ভৰিৰ পৰা সহজে আঠালেতীয়া বোকাই আজুৰি খুলি পেলাব নোৱাৰে। জোতাযোৰ খাৰগাঁঠি (ankle) লৈকে ঢকা হ’লে ভাল, যাতে বোকাৰ মাজত সোমাই থকা বিভিন্ন ধৰণৰ শামুক, কেঁকোৰা ইত্যাদিৰ খোলাই ভৰি কাটিব নোৱাৰে। তেনে এযোৰ জোতা বিচাৰি নাপালে ভাল মোজা এযোৰেৰেও কাম চলাব পৰা যায়। গোটতো পৰিচালিত কৰিবলৈ তিনিজন গাইড আমাৰ লগত ওলাল। ভাষা হিচাপত গোটতো দুই ভাগত বিভক্ত কৰি দুজন গাইডে ডাট্‌চ ভাষাত আৰু এজনে ইংৰাজী ভাষাত গোটতো পৰিচালিত কৰিছিল। কথা পাতি গম পাইছিলোঁ যে আমাৰ ইংৰাজী ভাষাৰ গাইডজন এজন সামুদ্ৰিক জীৱবিজ্ঞানী (Marine biologist)। তেখেত গ্ৰোনিনজেন বিশ্ববিদ্যালয়ৰ (University of Groningen) সামুদ্ৰিক জীৱবিজ্ঞান (Marine biology) বিভাগৰ প্ৰবক্তা। অৱসৰ সময়ত এনেদৰে এই ভ্ৰমণসমূহত গাইড হিচাপে কাম কৰি ভাল পায়।

 

যথাসময়ত আমাৰ গাইডৰদ্বাৰা পৰিচালিত “বোকা গচকি খোজকঢ়া” আৰম্ভ হ’ল। প্ৰথমতে এটা বৃহৎ মথাউৰিৰ ওপৰলৈ আমাক লৈ যোৱা হ’ল। মথাউৰিত উঠি সিটো পাৰত আমাৰ সন্মুখত তেতিয়া বোকাময় সমুদ্ৰপৃষ্ঠ। ভাবিলোঁ, দেখাত আমাৰ পানী সিচিঁ পেলোৱা খাল বা  পুখুৰীৰ নিচিনাই। ইয়াত যেনিবা পুখুৰীটো কেবাগুণো ডাঙৰ আৰু লগতে আছে অন্তহীন বোকা। যিমান দূৰলৈ চকু যায় খালী পনীয়া বোকা আৰু বোকা। বেলি তেতিয়াও লহিওৱা নাই। ইউৰোপত এনেয়েও গ্ৰীষ্মকালত বেলি যথেষ্ট পলমকৈ ‘নিশা’ ১০ মান বজাতহে লহিয়ায়। হাতঘড়ী চাই দেখোঁ সময় আবেলি ৫.৪০ বাজিছে। ফিৰফিৰিয়া শীতল বতাহত, খোলা আকাশৰ তলত, ভৰ আবেলি (আমাৰ ভৰ দুপৰীয়াৰ নিচিনা) চকু চাট মাৰি ধৰা ৰ’দত বুকুত অলেখ কৌতুহল লৈ আমিবোৰ ৰৈ আছোঁ, কেতিয়া গাইড বোকাত নামিব। আমাৰ গাইডজনে ধুনীয়াকৈ ইংৰাজীতে ক’লে “welcome to the muddy trip” মানে পংকিলময় ভ্ৰমণলৈ স্বাগতম! কিবা এক ৰোমাঞ্চকৰ অনুভুতিৰে মনটো ভৰি গ’ল। ভাবি আচৰিতো লাগিল যে, য’ত আমি ভৰি থ’বলৈ ওলাইছোঁ ,সেয়া অলপ আগলৈকে পানীৰে ভৰি থকা সাগৰ আছিল। বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ পৰিঘটনা! “Here we go” বুলি গাইডজন বোকাত নামিলত আমিও এজন এজনকৈ তেখেতৰ পাছ ল’লোঁ। প্ৰথমবাৰ বোকাত ভৰি থৈয়েই গ’ম পালোঁ যে ইয়াত খোজ কঢ়া সহজ নহয়। আঠালেতীয়া কোমল বোকাত ভৰি থোৱাৰ লগে লগে আমিবোৰ প্ৰায় ক’লাফুললৈকে পোত গ’লোঁ। ভয়তে বুকুখন চিৰিংকৈ গ’ল। কেনেবাকৈ যেনিবা কষ্ট কৰি ভৰি উঠাই খোজ কাঢ়িবলৈ চেষ্টা কৰিলোঁ। গাইডজনে ধেমেলীয়া সুৰত ক’লে, “ভৰি উঠাই খোজ দিব নোৱাৰিলে ইয়াতে থাকি যাব লাগিব”। গতিকে যেনে তেনে চেষ্টা কৰাৰহে কথা। আমি প্ৰায়বোৰেই কষ্টে-মষ্টে আগুৱাবলৈ চেষ্টা কৰিলোঁ। কিছুদূৰ আগুৱাই গৈ ধৰিব পাৰিলোঁ যে ক’ৰবাৰ পৰা কোনোবাই ‘হেল্প, হেল্প’ কৈ চিঞৰি আছে। বতাহৰ কোবত আৰু লগতে ইমান কষ্ট কৰি খোজ কাঢ়ি থকাৰ বাবেই নেকি আমি কোনোৱেও অলপ পৰ আগলৈকে ধৰিবই পৰা নাছিলোঁ যে কোনোবাই আমাৰ সহায় বিচাৰিছে। পিছফালে চাই দেখোঁ আমাৰ লগতে যোৱা চীন দেশৰ শকত-আৱত ছোৱালী এজনীয়ে এতিয়ালৈ এখোজো দিব পৰা নাই। ভালকৈ চাই দেখোঁ তাই প্ৰায় আঁঠুলৈকে কোমল বোকাত পোত গৈ ভয়তে ‘হেল্প, হেল্প’ চিঞৰি আছে। আমাৰ গাইডজনে ঘূৰি গৈ তাইক বোকাৰ মাজৰ পৰা তোলাৰ বহুত চেষ্টা কৰিলে, কিন্তু আন এজন গাইডৰ সহায়লৈহে কোনোমতে তাইক বোকাৰ পৰা তুলিব পাৰিলে। তাইৰ ভয়তে ৰঙা-চিঙা পৰা মুখ দেখি সেইসময়ত আমি কোনেও তাইক সুধিবলৈ সাহস নকৰিলোঁ যদিও তাইৰ ভৰিত থকা বিয়াগোম  জোতাযোৰ আৰু পিঠিত থকা মস্ত বেগটো তাইৰ এই অৱস্থাৰ বাবে দায়ী যেন লাগিল। বাকী পথচোৱা তাই গাইডৰ প্ৰায় হাতত ধৰিয়েই পাৰ কৰিলে।

 

যা হওক, লাহে লাহে আমি আগুৱাবলৈ ললোঁ। মাজে মাজে বোকা আৰু প্ৰায় আঠুলৈকে পানী ভেদি ভালেখিনি ‘পথ’ খোজ কাঢ়ি গ’লোঁ। মাজে মাজে আমাৰ সামুদ্ৰিক জীৱবিজ্ঞানী গাইডজনে বোকাৰ মাজত গোট খোৱা বিভিন্ন সামুদ্ৰিক প্ৰাণী যেনে জেলী ফিছ (jelly fish), তৰা মাছ (Star fish), বাৰ্ণাক’লচ্ (barnacles), বিভিন্ন ধৰণৰ শামুক, কেকোঁৰা আদি দেখুৱাই সিহতঁৰ খাদ্যাভাষ, প্ৰজনন প্ৰক্ৰিয়া ইত্যাদিৰ সৰস বৰ্ণনা দি গ’ল। ৰঙীন শামুকৰ খোলাবোৰ দেখি আমাৰ প্ৰায়ভাগেই বুটলি ললোঁ। কোনোবা এজনে ধুনীয়া জেলী ফিছলৈও (jelly fish) হাত মেলিছিল, পিছে গাইড জনে সেইবিধক ভুলটো চুবলৈ মানা কৰি ক’লে যে জেলী ফিছৰ কামোৰ বা বিন্ধন কেতিয়াবা সাংঘাটিক যন্ত্ৰণাদায়ক হ’ব পাৰে। নানা সামুদ্ৰিক প্ৰাণী চাই চাই আপোনপাহৰা হৈ আমি গৈ থাকিলোঁ। হঠাৎ কোনোবা এজনে ঘড়ী চাই ক’লে যে ইতিমধ্যে আমি তিনি ঘন্টা খোজ কাঢ়িলোঁ। আৰু অলপ দূৰ গৈয়েই মাজতে সৰু জুৰিৰ নিচিনা ঠাই এডোখৰ পাই আমাক সেইডোখৰত অকণ জিৰাই ল’বলৈ কোৱা হ’ল। সকলোৱে লগত লৈ যোৱা পানী আৰু বিস্কুট বা তেনে জাতীয় আন বস্তু মুখত দি চাৰিওফালে চাবলৈ ল’লোঁ। মাজ সাগৰত আমি ঠিয় দি আছোঁ! ভাবিলেই গা সিৰসিৰাই যোৱা কথা। ইয়াতে ৰৈ কোনোৱে কোনোৱে জুৰিৰ শীতল পানীত, আঁঠুলৈকে লাগি থকা বোকা ধুই ল’লে যদিও বৰ বেচি লাভ নহ’ল। আমি আৰু ১-২ ঘন্টা মান বোকাৰ মাজে মাজে খোজ কাঢ়ি আহি মথাউৰিত ভৰি থলোঁহি আৰু ১০-১৫ মিনিট মান জিৰাবলৈ আটাইমখাই পকী মথাউৰিত বহি পৰিলোঁ। এইবাৰহে ভালকৈ চাই গ’ম পালোঁ আমাৰ ভৰি কেইটাৰ কি অৱস্থা হৈছেগৈ। মোৰ জোতাৰ ভিতৰখন আমাৰ সৰু সৰু পৰুৱাৰ সমান জোখৰ শামুকেৰে ভৰি আছিল। জোতা খুলি সেইবোৰ আতঁৰাবলৈ চেষ্টা কৰিলোঁ। পিছে মোজাত লাগি থকা শামুকবোৰ এৰুৱাব নোৱাৰিলোঁ। গাইডজনে ক’লে “ভয় নাই, ইহঁতে একো নকৰে”। মানুহজনৰ সামুদ্ৰিক প্ৰাণীৰ বিষযে থকা অপৰিসীম জ্ঞানৰ ওপৰত ইতিমধ্যে ভৰষা হৈ গৈছিল। গতিকে শামুক আৰু মোৰ ভৰি কেইটাৰ অস্থায়ী সহবাসত বৰ বেচি আপত্তি নকৰিলোঁ। তেনেতে গাইডে আমাক মথাউৰিৰ ইটো পাৰলৈ মন কৰিবলৈ ক’লে। ঘূৰি চাই দেখিলোঁ গোটেইখন সেউজীয়া! নানা ধৰণৰ উদ্ভিদ আৰু তাৰ মাজে মাজে আতঁৰত ভেৰাৰ পাল একোটাই ঠাইখন মনোমোহা কৰি তুলিছে। গাইডজনে সেউজীয়া ঘাঁহনিডৰাত নিজে নিজে হোৱা বিভিন্ন ধৰণৰ উদ্ভিদসমূহ দেখুওৱাত লাগিল। তাৰ কেইবিধমান হেনো দোকানত দাম দি কিনিবলৈ পোৱা যায়। আমি বিদেশীকেইটাই বৰ বেচি পাত্তা নাপালোঁ যদিও ডাট্‌চ কেইটাই মুৰ জোকাৰি হয়ভৰ দিয়া দেখিলোঁ। কোনোবা এটাই ভেৰাৰ পাল কেইটাই সাগৰৰ পানী বা বোকালৈ আহিব নোৱাৰে নেকি বুলি সোধাত, অলপ আতঁৰত মাটিৰ পৰা প্ৰায় আধা ফুটমান ওখত বগা বগা তাঁৰৰ বেৰ দেখুৱাই ক’লে, “এই তাঁৰবোৰ বৈদ্যুতিক আৰু এই বেৰখনৰ বাবেই ইহঁত সাগৰৰ পানী বা বোকাৰ পৰা দূৰত থাকে”। পকী মথাউৰিৰ ওপৰেৰে প্ৰায় এঘন্টামান খোজকাঢ়ি আহি নিশা প্ৰায় ১০.৩০ বজাত আমাৰ যাত্ৰা আৰম্ভ কৰা ঠাইডোখৰ পালোঁহি। আহি থাকোতে সমুদ্ৰৰ বুকুত কমলা ৰঙৰ সূৰ্য্যটো ডুব যোৱা দেখিলোঁ।

 

নিশা ১১ মান বজাত এনংগেলস্পাটৰ ৰেস্তোৰাঁখনতে আমি  আমষ্টাৰডামৰ পৰা যোৱা কেইটাই নিশাৰ আহাৰ কৰি আমষ্টাৰডাম অভিমুখে ৰাওনা হ’লোঁ। বাটত আহি থাকোতে ভালেমান পথ বৃহৎ মথাউৰি আৰু বায়ুকলসমূহ আমাৰ লগৰীয়া হ’ল। এই মথাউৰি বিলাকেই দেশখনক সাগৰৰ পানীৰ পৰা বচাই ৰাখে। এবাৰ আমাৰ অসমখনলৈ মনত পৰি গ’ল, “আমাৰ তাতো যদি শ্ৰদ্ধাৰ মন্ত্ৰী, বিধায়ক, অভিযন্তা, ঠিকাদাৰসকলে দুৰ্নীতিত লিপ্ত নহৈ জল-নিয়ন্ত্ৰণৰ ওপৰত অলপো গুৰুত্ব দিলেহেঁতেন, তেন্তে আজি বোধহয় বানপানীয়ে অসমখনক এনেকে জলা-কলা কৰিব নোৱাৰিলেহেঁতেন। কিন্তু এয়া বোধহয় এক সপোন। আমাৰ তাত এনে হ’বলৈ আৰু বোধহয় কেবা দশকো লাগিব”, মনতে ভাবিলোঁ। নভবাকৈয়ে এটা দীঘল হুমুনিয়াহ ওলাই গ’ল।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

ভাল লাগিল পঢ়ি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক