খোলা (অমিতাভ মহন্ত)

নিঃসংগতা আজিকালি প্ৰিয় হৈ পৰিছে৷ প্ৰকৃতিৰ সঙ্গ উপভোগ কৰিবলৈ নিঃসংগতাতকৈ ভাল বন্ধু কোনো হ’ব নোৱাৰে৷ প্ৰকৃতিয়ে প্ৰতি মুহূৰ্ততে কিবা এটা কৰি থাকে, নিঃসংগতাৰ মাজেৰে তাক অনুভৱ কৰাটো যেন বেছ উপভোগ্য হৈ পৰিছে৷ মেঘৰ পাহাৰখন, লতাবোৰ আৰু গছ জোপাৰ আলিঙ্গন… সকলোবোৰ কি যে অস্বাভাৱিক সুন্দৰ! !

নাহ্….

পৃথিৱীত দৰাচলতে অস্বাভাৱিক বুলি কিবা আছে জানো? আমি নিজ চকুৰে চাব নিবিচৰাবোৰকেই অস্বাভাৱিক বুলি নাম এটা দি সন্তুষ্ট হৈ আছো নেকি? নিজৰ স্থান- দৃষ্টিভংগীত সকলোৱেই বাৰু স্বাভাৱিক নেকি?

মজিয়াৰে কেৰেলুৱাটো আগুৱাই আহিছে৷ শৈশৱৰ ঝকঝক ৰেলগাড়ীখন৷ এক সুন্দৰ, লাস্যময় গতিৰে ৰেলগাড়ীখন আগবাঢ়িছে৷ এক মৃদু টোকৰ৷ লগে লগে এক বৃত্তৰ মাজত সোমাই পৰিল কেৰেলুৱাটো৷ বাটত কোনো বাধাৰ সন্মুখীন হলেই এই স্ব নিৰ্মিত বৃত্তৰ মাজত সোমাই পৰাটো কেৰেলুৱাৰ জন্মগত প্ৰবৃত্তি৷

দিন যোৱাৰ লগে লগে ময়ো যেন সেই কেৰেলুৱাটো হৈ পৰিছো৷ এটা বৃত্তৰ মাজত বন্দী হৈ……

-৬/০৭/২০০২:
কলেজৰ কেণ্টিনৰ পৰা চুপচাপ ওলাই আহিলো৷ মোৰ পিছফালে চলি থকা হাঁহিবোৰ স্পষ্টকৈ যেন দেখি আছো৷ কেণ্টিনত থকা সকলোৱেই চিনাকি, সকলোৱেই বন্ধু৷

বন্ধু…!

বন্ধুত্ব সম্পৰ্কটো এক ব্যতিক্ৰমী সম্পৰ্ক৷ বন্ধুত্বৰ এই মাদকতা অন্য সম্পৰ্কৰ লগত তুলনা নহয়৷ কিন্তু এই মাদকতাৰ সোৱাদ বহুলাংশে নোহোৱা হৈ পৰে যেতিয়া আপুনি কোনোবাদিনা অনুভৱ কৰে যে আপোনাৰ বন্ধুবৰ্গৰ বাবে আপুনি এক জোকাৰ, টাইম পাছৰ আহিলা৷ বন্ধুমহলৰ মাজত ময়ো আজি এক জীণ নোযোৱা পণ্য৷

: “অই বৃহন্নলা, আমি বন্ধত শ্বিলং যাম৷ তয়ো ওলাবি৷ “
: “তোৰেই ভাল দে বৃহন্নলা, আমিতো ৰুম শ্বেয়াৰ কৰিম৷ তই অকলে এটা ৰুম পাবি! ”

মই বৃহন্নলা! ! এয়া সিহঁতৰ বাবে এক মজাৰ কথা৷ মোক সময়ে অসময়ে জোকাই থাকি সিহঁতৰ সময়বোৰ ধুনীয়াকৈ পাৰ হৈ যায়৷ মোৰ বাবে এয়া এক অপ্ৰিয় সত্য, মোৰ দুৰ্বলতা৷

ভগৱান, কেতিয়াবা মোক বুজিবলৈ চেষ্টা কৰিছানে? শুনিছানে মোৰ কথাবোৰ? যদি এইবোৰেই দেখুৱাম বুলি ভাবিছিলা, তেন্তে মোক জন্ম দিয়াটো জৰুৰী আছিলনে?

জানো বাৰু৷ প্ৰতিবাৰৰ দৰে এইবাৰো তুমি নিৰ্জীৱ শিলামুৰ্তি হৈয়েই থাকিবা……

-১১/০৮/২০০২:
“বিবেকক নৰ্দমাত বিলীন কৰি,
উন্মাদনাত নিজকে হেৰাই দি,
দুঠেঙীয়া চিনাকি দৈত্যবোৰ
আগুৱায়,
হাঁহে,
কিৰিলি মাৰি উৎফুল্ল হৈ পৰে৷
দৈত্যৰ কিৰিলিত সংকুচিত হৈ উঠে তৃতীয় শ্ৰেণী
আন্ধাৰ গহ্বৰত হুমুনিয়াহ একোটাৰে লিপিট খাই থাকে তৃতীয় শ্ৰেণী
সিহঁতৰ হুমুনিয়াহবোৰে নোটিচ পঠিয়ায় বিধাতাৰ দৰবাৰলৈ
ঠিকনা জানো জানে হুমুনিয়াহবোৰে?
ঠিকনাৰ অভাৱত উৰি ফুৰে উদ্দেশ্যবিহীন চিঠিবোৰ
বতাহত আজি উৰিছে
লাখ লাখ অভিমানী চিঠি……”

কি লিখিলো এয়া!

নিজেই একো আগ গুৰি বুজি পোৱা নাই৷ কাগজখন ফালিবলৈ লৈ ৰৈ গলোঁ৷ থাকক… জীৱনত কিছু দুৰ্বোধ্যতা থকা ভাল৷ বাস্তৱৰ সন্মুখীন হ’বলৈ সুবিধা হয়৷

আজি কলেজলৈ নগলো৷ ভাল লাগিছে৷ সদায় কলেজলৈ গৈ একেই ঠাট্টা বিদ্ৰূপবোৰ ভাল নলগা হৈছে৷ নতুন একো নাই, সেই পুৰণা ৰেকৰ্ডখনেই বাজি গৈছে দিন-বছৰ ধৰি৷

বোধহয় ষষ্ঠ শ্ৰেণীত আছিলো৷ হাতত নেইলপলিচ্ লগাই স্কুললৈ অহা বাবে বৰুৱা চাৰে যে বৃহন্নলা নাম দিলে, তাৰ পৰা আজিলৈ ওলাব নোৱাৰিলো৷ সমনীয়াবোৰেওঁ বুজি উঠা বয়স হৈছিল, মই ব্যতিক্ৰমী৷ তেতিয়াৰপৰাই ঠাট্টা- মস্কৰা, উপুলুঙা মোৰ চিৰলগৰী৷ কোনোবাই এই বিষয়ত কথা কলেই বুকুখন বিষাই যায়৷ বয়স বাঢ়িছে, বুকুৰ বিষটো সমান্তৰালকৈ বাঢ়ি গৈছে৷ শেতা হাঁহি এটাৰে বুকুৰ বিষটো কমাই থোৱা ঔষধটোৱে আজিকালি কাম নিদিয়ে৷

আজি ঘৰত অকলে, কোনো নাই বৃহন্নলা বুলি জোকাবলৈ৷ টিভিটো অন কৰোতেই মা ৰুমলৈ সোমাই আহিল –

: অলপ ওলাই নাযাৱ কিয়? দিনটো কিমাননো ছোৱালীৰ দৰে ৰুমটোতে সোমাই থাক৷

মিচিকিয়া বেঙা হাঁহি৷ বিষটো কোনোদিনেই নকমিব চাগে!

-২৮/০৮/২০০৩:
কলেজ উইকৰ যোগাৰ তুংগত৷ আমাৰ কলেজীয়া জীৱনৰ শেষৰটো কলেজ উইক৷ সকলো পাহৰি এই বছৰটো নতুনকৈ আৰম্ভ কৰিছো৷ সকলোৰে সৈতে হাঁহিম, কথা পাতিম, চলিম৷ নতুনকৈ চেষ্টা কৰি চোৱাত আপত্তিনো কিহৰ৷

অডিটৰিয়ামত নাচ, গান, নাটক সকলোৰে ৰিহাৰ্চেল চলি আছে৷ জোৰদাৰ প্ৰস্তুতি৷ নাটকৰ বাবে চৰিত্ৰ বাছনি চলি আছিল৷ ময়ো নায়কৰ মামাকৰ চৰিত্ৰৰ বাবে অডিচন দিলো৷ চাৰিওফালে হাততালি… বিষবোৰ ক্ৰমাৎ কমি আহিছিল৷

– নাই নাই, তই এইটো ৰোল কৰিব নালাগে৷
– কিয়?
– এটা হিজৰাৰ ৰোল সুমুৱাই দিম মাজতে৷ ভাল এণ্টাৰটেইনমেণ্ট হ’ব৷ তই ষ্টেজত উঠি দিলেই হ’ল৷ দুটামান থুমকা লগাই দিবি৷ একো ৰিহাৰ্চেলৰ দৰকাৰেই নাই৷

অডিটেৰিয়ামৰ বাহিৰৰ চিৰি এটাত বহি আছো৷ ভিতৰৰ গিৰ্জনি মৰা হাঁহি এতিয়াওঁ বন্ধ হোৱা নাই৷ বিষটো ক্ৰমাৎ বাঢ়ি আহিছে৷

চোমগছডালৰ পাতবোৰ কুটি কুটি খাই আছে পলুবোৰে৷ কৰবাত বিষ অকণমান পোৱা হ’লে, কীটনাশক…

-৭/০৯/২০০৩:

আজি ৰূপম আহিছিল৷ সি ‘চি আৰ পি এফ’ত চাকৰি এটা পালে৷ এইমাহতে জইন কৰিব লাগিব৷ বহুসময় আড্ডা দিলো৷

: তোক যে লগৰবোৰে যেতিয়াই তেতিয়াই জোকায় থাকে, তই একো নকৱ কিয়?
: নাহ্, কিনো কম আৰু……
: চা, মই এইবোৰ ইমান ভালকৈ বুজি নাপাওঁ৷ এইবোৰ কিবা জিনৰ সমস্যা বুলি জানো৷ তই অলপ চাই মেলি চলিবলৈ শিকছোন৷ সমস্যা থাকিলেওঁ সেইবোৰক ঢাকি দে৷ অন্ততঃ এই উপুলুঙা বোৰৰ পৰা হাত সাৰিব পাৰিবি৷
: কেনেকৈ?
: এই ধৰ খোজ কঢ়াৰ সময়ত হাত দুটা যিমান পাৰ কমকৈ লৰচৰ কৰিবি৷ কঁকাল চিধা ৰাখিবি৷ আৰু কিবা কিবি অলপ এডজাষ্টমেণ্ট কৰি চাবিছোন৷ কষ্ট হ’ব, কিন্তু তই কৰিব লাগিব৷
ৰূপমৰ কথামতেই চেষ্টা কৰি চাইছিলো৷ মনৰ বিৰুদ্ধে হলেও কৰিছিলো৷ অন্ততঃ কোনোবাই মোক উপলুঙা কৰা নাই, যিধৰণে হলেও মোৰ ভাল হোৱাটোকেই বিচাৰিছে৷ এক অন্যৰকমৰ সুখে দোলা দি গ’ল৷

টিভিত চাই আছিলো৷ ইম্ফলত হোৱা সংঘৰ্ষৰ বাতৰি৷ সিয়েই চাগে মোক অলপ বুজিছিল৷ সিয়ো হেৰাই গ’ল৷

হাঁহি থকা মুখখনৰ আঁৰৰ মুখখন কোনেও নেদেখে৷ এই জীৱনত মানুহৰ খুবেই অভাৱ৷ মোৰ চাৰিওফালে ভীৰ…… দৰ্শকৰ ভীৰ৷
নিভৃতে বন্ধু বিচাৰো, পাওঁ কেৱল দৰ্শক৷

-১৫/০৩/২০০৪:
চকুদুটা সেমেকা হৈ পৰিছে৷ নাজানো কিয়……
কেৱল অনুভৱ কৰিছো ৰাতি গভীৰ হোৱাৰ লগে লগে বাঢ়ি যায় কষ্টৰ ওজনবোৰ৷
আত্মীয় স্বজন, চুবুৰীয়াবোৰে আৰম্ভ কৰা উপুলুঙা, গঞ্জনাৰ সেই সৰু পুলিটো এতিয়া স্কুল, কলেজ পাৰ হৈ কৰ্মক্ষেত্ৰত এজোপা বৃক্ষ হৈ থিয় দিছেহি৷ সকলোৰে বাবে মই এটা গিনিপিগ৷
মই বৃহন্নলা নহয়…!
মই হাফলেডিজ নহয়…!
তোমালোকে শুনিছানে? ?
এনেকুৱা নামৰ একো শ্ৰেণীয়েই নাই৷ এয়া তোমালোকৰ দৰে তথাকথিত শিক্ষিত মানুহৰ সৃষ্টি৷ মোৰ দৰে মানুহক যন্ত্ৰণা দিয়াৰ এয়া এক পৈশাচিক পন্থা৷
কোনেওঁ এবাৰো ভাবি নাচাই৷ চকুৰ যন্ত্ৰণাবোৰ কাৰো চকুত নপৰেনে? সকলো অন্ধ হৈ পৰিছে…
সকলোৱে কেৱল ধেমেলীয়া সুৰত কয়? মনেৰে একো নকয়?
এজনৰ দুৰ্বলতাক লৈ ধেমালি কৰা কেনেধৰণৰ ধেমালি মই বুজি নাপাওঁ৷
নাকান্দো৷ যি চকুপানী অন্যৰ আগত অপ্ৰকাশিত হৈ থাকি যায় সেই চকুপানীৰ অপচয় নকৰাই ভাল৷
আৰু কেতিয়াওঁ নাকান্দো…

-২/০৪/২০০৪:
একো ভাল লগা নাই৷ হেৰাই যাবলৈ মন গৈছে৷ কেৱল উশাহ লোৱাটোৱেই জানো জীৱন?
এটাৰ পিছত এটা চিগাৰেট টানি গৈছো৷ ধোৱাৰ কুণ্ডলী বতাহত উৰি গৈছে৷ চিগাৰেটবোৰ পুৰি চাই হৈ গৈছে৷ কষ্টবোৰ পুৰি যোৱা নাই৷
চতুৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষাত বৃত্তি পাইছিলো৷ কুইজত বহুবাৰ প্ৰথম স্থান পাইছিলো৷
তোমালোকৰ চকুত কেৱল মোৰ দুৰ্বল দিশটোহে কিয় বাৰে বাৰে পৰে৷ সফলতা, বুদ্ধিমত্তা সকলোকে কিয় চেৰাই যায় কেৱল কিছুমান আচৰণে? চৌদিশৰ সকলোৱে কেৱল হাঁহিছে আৰু মই কেৰেলুৱাটোৰ দৰে এটা বৃত্তৰ ভিতৰত সোমাই গৈ আছো৷
কাক কম, কোনে হাঁহি সামৰি এবাৰ শুনিব৷ কোনে মচি দিব জীৱনৰ এই অধ্যায়৷

-১৩/০৬/২০০৪:
আৰু একো নাই৷ আগুৱাই গৈ দেখিছো কেৱল উকা পৃষ্ঠাবোৰ৷

যি জীৱনৰ পৰা হেৰাই গৈছে, তাক ডায়েৰীৰ পৃষ্ঠাত বিছাৰি কিবা লাভ আছে জানো?
তাৰ মৃত্যুৰ আজি এমাহ হ’ল৷ মাকৰ বুকুভঙা কান্দোন, দেউতাকৰ হুমুনিয়াহত আজিও ঘৰৰ পৰিবেশ গোমা হৈ আছে৷ তাৰ কলেজৰ বন্ধুবোৰ আহিছে৷ তাৰ পঢ়াকোঠাৰ কিতাপবোৰ এনেই চাই থাকোতেই মিৰাজে এই ডায়েৰীখন পালে৷ একে বহাতে গোটেইখন পঢ়িলে মিৰাজে৷ তাৰ হাত ভৰিবোৰ থকথককৈ কপিছে৷ নাটক কৰিবলৈ যাওঁতে হিজৰা হ’বলৈ দিয়াজন মিৰাজেই নাছিল জানো৷ ডায়েৰীৰ পাতত সেয়া ৰাহুল, অৰুপ, ত্ৰিদিপ…… গোটেই কলেজখন৷ ডায়েৰীখনৰ প্ৰতিটো বাক্যই থকাসৰকা কৰিছে মিৰাজক৷

সি আত্মহত্যা কৰা নাছিল৷ তাক চাৰিওপাশৰ সকলোৱে মিলি হত্যা কৰিলে৷ মিৰাজ নিজেও সেই দলত আছিল৷

মিৰাজ নিজেও এজন নিৰ্বোধ আৰু বিবেকহীন নিষ্ঠুৰ হত্যাকাৰী….!

আচলতে তাৰ কোনো খুঁত নাছিল৷ খুঁত আছিল বাকীবোৰৰ মানসিকতাত৷ তাৰ মহিলাসুলভ আচৰণক প্ৰাধান্য দিবলৈ গৈ লুকুৱাই পেলাইছিল তাৰ সৃষ্টিশীলতা, হেৰাই যাবলৈ বাধ্য কৰিছিল এক সম্ভাৱনাক৷

তাৰ মাজত সিহঁতে উপলুঙাৰ খোৰাক বিছাৰিছিল আৰু বিচৰা ধৰণে ভৰপুৰ খোৰাক পাইছিল৷
খুব কষ্ট পাইছে মিৰাজে৷ চিঞৰি চিঞৰি ক’বলৈ মন গৈছে –

: ঘূৰি আহ ভাই৷ তোৰ একো দোষ নাছিল৷ আমিয়েই বিকৃত আছিলো৷ কিয় হাঁহিমুখে আমাৰ উপলুঙাবোৰ শুনি থাকিছিলি? কিয় এবাৰো আমাক জানিবলৈ নিদিলি?
কেনেকৈ লুকুৱালি ভাই? তোৰ দৰে উদাৰ হ’ব নোৱাৰিলো৷ এবাৰ ঘূৰি আহ অ’, আমাক শাস্তি দে৷

ঘুঁণে ধৰা এই সমাজত শ্ৰেষ্ঠত্বৰ যুদ্ধত উন্মত্ত জীৱশ্ৰেষ্ঠ মানৱে অন্যৰ দুৰ্বলতাক খুঁচৰি এক পৈশাচিক আনন্দ পায়৷ সেই আনন্দৰ মাজত গুজৰি গুমৰি হেৰাই যায় তাৰ দৰে ব্যতিক্ৰমী চৰিত্ৰবোৰ… চিৰদিনৰ বাবে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments