খোলা – কমলা দাস

অ’ খুড়ী, খুড়ী, খুড়ী আছানে!- বুলি চিঞৰি চিঞৰি আহি মহীনে একেবাৰে ঘৰৰ ভিতৰ সোমাই আহিল। ইটো ৰুমৰ, সিটো ৰুমৰ পৰ্দা গুচাই গুচাই চাই গ’ল। দুপৰীয়া সময়। খুড়ীয়েকে ক’ত জানো গ’ল! একেবাৰে ভিতৰৰ ৰুমত কেঁচুৱাক  গাখীৰ খুৱাই থকা মিতালীয়ে, ওচৰ-চুবুৰীয়া ভাইশহুৰেক মহীনৰ মাতটো শুনি বুজি পালেও তাই উঠি আহিব পৰা নাই। ৰাতিপুৱাৰ জঞ্জাল মাৰি, গিৰিয়েকক অফিচ পঠাই, কানি-কাপোৰ ধুই মেলি, এবছৰীয়া লৰাটোক বিচনাত শুৱাই গাখীৰ খুৱাবলৈ লৈছে মাত্ৰ! তাই ভাবিছে শাহুয়েক নাইবা ঘৰৰ আন কোনোবাই তেওঁক মাত লগাব! নাইবা কাৰো মাত নাপালে তেওঁ বাহিৰ ওলাই যাব বুলি! পিছে ইফালে সিফালে চাই চাই আহি মহীনে এপাকত মিতালীৰ ৰুমৰো পৰ্দা গুচাই চালে। কেঁচুৱাক গাখীৰ খুৱাই থকা অৱস্থাত তেনেকৈ সম্বন্ধৰ বৰজনাকে পৰ্দা গুচাই চোৱা দেখি মিতালীয়ে বৰ লাজ পালে। তাইৰ খঙো উঠিল। ল’ৰালৰিকৈ তাই বুকুখন ঢাকি লৈ খঙতে অলপ টানকৈয়ে ক’লে তেওঁক,-

“আপুনি বাৰাণ্ডাত বহক গৈ। মা আছে বাহিৰত!”

ভাই বোৱাৰীয়েকে কেঁচুৱাক গাখীৰ খুৱাই থকা দেখা পাইও বৰজনাকে পৰ্দা খন দাঙি ধৰিয়েই হাঁহি হাঁহি ক’লে,-

“তহঁতৰ কণী আছেনে? আছে যদি কেইটামান লাগিছিল হে!”

তেওঁ দুৱাৰমুখত তেনেকৈ পৰ্দা দাঙিয়েই থিয় হৈ থকা দেখি মিতালীৰ ভীষণ খঙ উঠিল! তাই চিঞৰিয়ে ক’লে—

“কণী লাগে, যি লাগে, বাহিৰত বহক গৈ আপুনি। পৰ্দা পেলাওঁক!”

মিতালীৰ গালি খাই মহীন বাহিৰ ওলাই আহিল। বাৰাণ্ডাত থকা চকীখনত বহিল। দেখিলে হাতত কেইটামান জিকা লৈ খুড়ীয়েকে শাকনি বাৰীৰ পৰা ওলাই আহি আছে। ওচৰ পোৱাত খুড়ীয়েকে ক’লে,-

“তই অহা দেখা পাই মই আহিছোঁৱে বাৰীৰ পৰা। তই ভিতৰত সোমাই কাকো দেখা নাপালি হ’বলা। ক’চোন কিয় আহিলি? “

“এহ্ আহিছিলোঁ তো কণী কেইটামান বিচাৰি। পিছে তোৰ বোৱাৰীয়ে যিটোহে ব্যৱহাৰ কৰিলে মোক!”

“কি ব্যৱহাৰ কৰিলেনো তোক মোৰ বোৱাৰীয়ে!”- আচৰিত হৈ খুড়ীয়েকে সুধিলে।

“নক’বি আৰু!” মহীনে খঙেৰে ক’লে,-

“মই তোক ভিতৰত বিচাৰি নাপাই মিতালীৰ ৰুমৰ পৰ্দা খন গুচাই চাইছিলো। তাই ভিতৰত পুতেকক লৈ শুই আছে। মোক দেখি তাই ভালদৰে কথা ক’ব ক’ত! মোক বাহিৰ ওলাবলৈ কৈ একেবাৰে যিটোহে কুকুৰ খেদন দিলে! বৰ বেয়া লাগিল। তোৰ বোৱাৰীয়েৰ এনেকুৱা বুলি জনাই নাছিলোঁ। বৰ মূৰত তুলি লৈছ তহঁতে। ডাঙৰ সৰু কাকো নামানে। ভদ্ৰতা অলপো নাজানে। তই বুলি হে সহ্য কৰি আছ। মই হোৱা হ’লে……”

“কি কৰিলিহেঁতেন?  তোৰ বোৱাৰী হোৱা হ’লে তই কি কৰিলিহেঁতেন ক’চোন! মইও শুনোঁ!”- ইমান সময়ে মহীনৰ বকনি শুনি থকা খুড়ীয়েকে গহীনাই মাত লগালে।

“মোৰ বোৱাৰী হোৱা হ’লে মই কেতিয়াবাই খেদিলোহেঁতেন।“

“হয় নেকি! পিছে মই মোৰ বোৱাৰীক নেখেদোঁ অ’ মহীন! আৰু তোক যে বাহিৰলৈ খেদি দিলে তাই, মই বৰ ভাল পাইছোঁ।“

“কি কোৱা হে খুড়ী? “- মহীনে খঙতে দবিয়াই উঠিল খুড়ীয়েকক।

“অ’ ঠিকেই কৈছোঁ মই। কাৰণ কোনো লাজ থকা মানুহে ভাইবোৱাৰীয়েকৰ ৰুমৰ পৰ্দা দাঙি নাচায়! তাকো কেঁচুৱাক গাখীৰ খুৱাই থকা অবস্থাত! মোৰ মাত নাইবা ঘৰৰ বেলেগ মানুহৰ মাত যদি নাপালি, তেন্তে বাহিৰত অলপ সময় অপেক্ষা কৰিব নোৱাৰিলি?  একেবাৰে যে ভিতৰ সোমাই গ’লি! মই মোৰ বোৱাৰীক জানো তো! তাই অভদ্ৰৰ লগত অভদ্ৰ ব্যৱহাৰে কৰে।“

মহীনে লাজ পাই খঙতে—“নালাগে দে তহঁতৰ কণী! বৰ একেবাৰে বোৱাৰীয়েৰ জনীক মূৰত তুলি লৈ থাক। মই যাওঁ।“

“যোৱাৰ আগতে এটা কথা শুনি যা মহীন! আৰু যদি তোৰ মুখত মোৰ বোৱাৰীৰ বদনাম শুনোঁ, তেনেহলে সিদিনা তোক সুখেৰে নেৰো।“

মিতালীয়ে ৰুমৰ পৰা সকলো কথা শুনি আছিল। শাহুয়েকৰ কথাখিনি শুনি তাই ভাবিলে, অনবৰতে গহীন হৈ থকা, কথা এটা ক’বলৈও ভয় লগা শাহুয়েকজনী চোন আচলতে শামুকৰ টান খোলাৰ ভিতৰত সোমাই থকা কোমলখিনিৰ দৰেহে!

শাহুয়েকলৈ কিবা এটা মৰম লাগি গ’ল মিতালীৰ।

০০০০০

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
mriganka
11 months ago

val lagil pohi aru post korok enekua

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক