খোলোঙৰ ধন (নিকুঞ্জ কাশ্যপ)

ঠিক এনেকোৱা এটা দিনতে মানে দুৰ্গাপূজাৰ দুই এদিন আগতে দীঘলদা খন উলিয়াই লওঁ খোলোঙ কাটিবলৈ৷ বহুদিন আগৰেপৰাই আমাৰ খেৰি ঘৰটোৰ ভলুকা বাঁহৰ খূটাৰ ওপৰৰ পাবটোত খুচুৰা পইচাবোৰ জমা কৰি থওঁ৷ আৰু এই খুচুৰা পইচা জমা কৰা বিশেষ খূটাটোকে দৰঙীয়া ভাষাত খোলোং বুলি কয়৷ হাঁহৰ গড়ালৰ পৰা হাঁহৰ কণী কণ্ট্ৰলৰ দোকানীক দি পোৱা পাঁচটকীয়া মুদ্ৰাটো কেতিয়াবা দেউতাৰ পাইজামাৰ পকেটৰ পৰা পোৱা দুই এটকা খোলোঙত সুমুৱাই থৈ দিওঁ৷ খোলোঙৰ ভিতৰত পইচা সুমুৱাই দিয়াৰ লগে লগে ঝিনিতকৈ হোৱা শব্দটো শুনিলে মনটো খুবেই ভাল লাগিছিল৷ লাহে লাহে খোলোঙৰ ঝিনঝিননি কমি আহে মনৰ উত্তেজনাও সিমানে বাঢ়ে৷ মানে ঝিনঝিননি কমিলে খোলোঙ পূৰ হ’বলৈ আৰু বেছি দিন নাই৷ ইপিনে দুৰ্গাপূজা, দেৱালী ওচৰ চাপে৷ খোলোং কাটি পইচা উলিয়াই কাপোৰ ল’ব লাগে, দেৱালীৰ ফটকা কিনিব লাগে- কিমান যে হেঁপাহ৷ অৱশ্যে কেতিয়াবা চকলেট খাব পইচা নাথাকিলে দীঘল ৰছী এডালত এটুকুৰা চুম্বক বান্ধি খোলোঙৰপৰা পইচা উলিয়াইছিলোঁ৷ এই বুদ্ধিটো মোক একেলগে পঢ়া তপনে দিছিল৷
খোলোং কটাৰ দিনা আনন্দৰ সীমা নাই৷ দীঘল দাখনৰ ঘাপটো শুকান ভলুকা বাঁহৰ খূটাটোত পৰাৰ লগে লগে ঝিনিতকৈ শব্দটো হয়৷ এফালে বেৰৰ মাটিবোৰ খহে আনফালে পইচাৰৰ ঝিনঝিননি বাঢ়ে৷ মনৰ উচ-পিচনি বাঢ়ে,- আৰু অলপ জোৰকৈ ঘপিয়াওঁ৷ সিফালৰ পৰা আইয়ে চিঞৰে “ঘাপটো অলপ লাহেকৈ মাৰ নহ’লে বেৰৰ মাটি গোটেই খহিব এতিয়া ’৷
আইৰ কথালৈ কাণ নিদি মই ঘপিয়াইয়ে থাকোঁ৷ অৱশেষত খূটাটোত ফুটা এটা হৈ খুচুৰা পইচাবোৰে ঝিনঝিন শব্দ কৰি খোলোঙৰপৰা ওলাই ঘৰৰ মজিয়াত সিঁচৰতি হৈ পৰে৷ কেইটামান এটকীয়া, দুটকীয়া মুদ্ৰা বিছনাৰ তললৈ লৰ মাৰে তল সোমাই বিচাৰি আনোঁ৷ অৱশেষত গোটেইকেইটা মুদ্ৰা বুটলি আনি বিছনাত বহি লৈ তিনিবাৰমাণ গন্তি কৰোঁ৷ এটকীয়াকেইটা এফালে, দুটকীয়া আৰু পাঁচটকীয়াকেইটা এফালে৷ হিচাপ কৰাৰ পিছত সৰ্বমুঠ দুশ বিশ টকা হয়গৈ৷ মনত তামাম ফূৰ্তি৷ তেতিয়া দুশ বিশ টকাও মোৰ কাৰণে বহুত আছিল৷
পিছদিনা ৰাতিপুৱা পিতাইৰ চাইকেলত উঠি শুকুৰবৰীয়া বজাৰলৈ যাওঁ কাপোৰ কিনিবলৈ৷ খুচুৰা পইচাকেইটাৰ ওজনে এক কেজিমান হয়গৈ৷ দেউতাৰ বজাৰ কৰি পোৱা আৰু অলপ টকা যোগ দি চোলা এটা কিনো ভণ্টিলৈও সৰু ফ্ৰক এটা কিনোঁ৷ বজাৰত লগ পাই পনৱে মোক সোধে “অই তই এইবাৰ খোলোঙত কিমান পালি? মই তিনিশ পালো“৷ মই ক’লোঁ – “দুশ বিশহে হৈছিল মোৰ”৷
আচলতে তেতিয়া আমাৰ স্কুলৰ প্ৰধান শিক্ষক চাৰৰ পুতেক বিনোদক বাদ দি বাকী সকলোৱে খোলোঙত পইচা থৈছিল দুৰ্গাপূজা চাবলৈ৷
আৰু সেই খোলোঙৰ পইচাৰে কিনা নতুন চোলাটো পিন্ধি দুৰ্গাপূজা চাব যোৱা সেই আনন্দ, সুখ, হাঁহি বৰ বেলেগ আছিল৷ ভাৱিলে আজিও মনত এক মিঠা শিহৰণ জাগি উঠে৷ এতিয়াও এই দুৰ্গাপূজাৰ দিনকেইটাত খোলোঙ কটা দিনটোলৈ মনত পৰে৷ পাহৰিব নোৱাৰা অতীত মাধুৰী৷ সেইবোৰ এতিয়া নষ্টালজিয়া৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments