খোল দো (মূল-চাদাত হাছান মাণ্ট’) অনুবাদ-দীপাংক বৰা

(দেশ বিভাজনৰ সময়ত সংঘটিত হোৱা অমানৱীয় ঘটনাবোৰৰ বিৰুদ্ধে কলমৰে প্ৰতিবাদ কৰা প্ৰখ্যাত উৰ্দু লেখক চাদাত হাচান মাণ্ট’ৰ -খোল দো’-শীৰ্ষক চুটি গল্পটোৰ ভাবানুবাদ)

দুপৰীয়া দুই বজাত অমৃতসৰ এৰা বিশেষ ৰে’লগাড়ীখনে ভয়াবহ যাত্ৰা এটা শেষ কৰি আঠ ঘণ্টাৰ পাছত লাহোৰৰ মোগলপুৰা ষ্টেচন পাইছিলগৈ। যাত্ৰা পথচোৱাত বহুজন মৃত্যুমুখত পৰিছিল, তাতোকৈ আৰু বহু অধিক আহত হৈছিল আৰু সন্ধানহীনৰ সংখ্যা আছিল অগণন।
কোনোবা আশ্ৰয় শিবিৰ এটাৰ মাটিত পৰি থকা চিৰাজুদ্দিনে চেতনা ঘূৰাই পাওঁতে পিছদিনা পুৱা দহ বাজিছিল। চৌদিশে হাহাকাৰ কৰি থকা অসংখ্য পুৰুষ, মহিলা আৰু শিশুৰ চিৎকাৰ শুনি চিৰাজুদ্দিনে একো বুজিব পৰা নাছিল। নিশ্চল হৈ একেথৰে বিৱৰ্ণ আকাশখনলৈ চাই থকা চিৰাজুদ্দিনৰ মন আৰু মগজুত চৌদিশৰ কান্দোন-কাটোন, চিঞৰ-বাখৰবোৰেও একো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পৰা নাছিল। তেওঁক দেখি এনেকুৱা লাগিছিল যেন বুঢ়া মানুহ এজনে কিবা গভীৰ চিন্তাত মগ্ন হৈ আছে। কিন্তু দৰাচলতে হতভম্ব হৈ পৰি থকা চিৰাজুদ্দিনৰ মগজুৱে সেই সময়ত কামেই কৰা নাছিল, তেওঁ যেন আশ-পাশৰ চিঞৰ বাখৰবোৰ শুনাই নাছিল। নিস্তেজ চাৱনিৰে আকাশলৈ চাই থকা মানুহটোৰ দৃষ্টি এসময়ত সূৰ্য্যত নিবদ্ধ হৈছিল। আৰু সূৰ্য্যৰ উজ্জ্বল ৰশ্মিৰ উত্তাপত মগজুৱে সক্ৰিয়তা লাভ কৰাত চিৰাজুদ্দিন পুনৰ নিষ্ঠুৰ বাস্তৱলৈ ঘূৰি আহিছিল। মনলৈ ভাঁহি আহিছিল আগৰাতিৰ টুকুৰা-টুকুৰ ভয়াল দৃশ্য কিছুমান। আক্ৰমণ, জুই, পলায়ন, অসংখ্য মানুহৰ কোলাহল—চকিনা!

অৱশ হৈ পৰি থকা চিৰাজুদ্দিনে তড়িৎ গতিত থিয় হৈ চকিনা, চকিনা বুলি চিঞৰি আশ্ৰয় শিবিৰটোৰ অগণন মানুহৰ মাজত নিজৰ জীয়েকক বিচৰাত লাগিছিল। কেইবাঘণ্টা ধৰি বুঢ়া মানুহটোৱে চকিনা চকিনা বুলি চিঞৰি ভিৰৰ মাজত হাহাকাৰ কৰি ঘূৰি ফুৰিছিল কিন্তু লাভ একো নহ’ল। চকিনাক বিচাৰি পোৱা নগ’ল।
শিবিৰটোৰ সকলোৰে একেই বিতত অৱস্থা। সকলোৱেই কাৰোবাক নহয় কাৰোবাক বিচাৰি ফুৰিছিল। কান্দি কাটি কোনোবাই পুতেকক, কোনোবাই জীয়েকক বা মাকক, কোনোবাই ঘৈণীয়েকক বিচাৰি হাহাকাৰ কৰি ফুৰিছিল। ভাগৰি পৰি এটা সময়ত চিৰাজুদ্দিনে জীয়েকক বিচৰা বাদ দি ভিৰৰ মাজৰ পৰা আঁতৰি এঠাইত অকলশৰে বহি লৈ কথাবোৰ সুস্থিৰ ভাবে চিন্তা কৰিবলৈ চেষ্টা কৰিছিল। আগৰাতিৰ সেই ভয়াল মুহূৰ্তবোৰত ক’ত, কেতিয়া, কেনেকৈ পত্নী আৰু কন্যাৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল! দৃশ্যবোৰ মনলৈ আহিছিল- কাৰোবাৰ চোকা অস্ত্ৰৰ আঘাতত পেটৰ নাড়ী-ভুৰু পৰ্য্যন্ত বাহিৰ হৈ অহা পত্নীয়ে মৃত্যু যন্ত্ৰণাত কাতৰ হৈ সেহাই সেহাই কৈছিল- “মোৰ কথা বাদ দিয়া, ছোৱালীজনীক বচোৱা।” ঘৈণীয়েক চকুৰ আগতে ঢুকাইছিল।

চিৰাজুদ্দিন আৰু চকিনাই প্ৰাণৰ মায়াত আন্ধাৰৰ মাজে মাজে দৌৰিবলৈ আৰম্ভ কৰিছিল। দৌৰি যাওঁতে চকিনাৰ শৰীৰৰ পৰা দোপাত্তাখন খহি পৰিছিল। বাপেকে সেইখন বুটলিবলৈ কোৱাত তাই কৈছিল- “সেইখন বাদ দিয়া আব্বাজান।”
চিৰাজুদ্দিনে খেপিয়াই চালে-তেতিয়াও চোলাৰ জেপতে আছিল জীয়েকৰ দোপাত্তাখন। কিন্তু চকিনা ক’লৈ গ’ল! দোপাত্তাখনৰ বাহিৰে বেলেগ একো শুংসূত্ৰ নাছিল। তাই তেওঁৰ লগে লগে ডবাটোৰ পৰা কিমান দূৰলৈকে আহিছিল? ৰে’লগাড়ী ৰখোৱা আক্ৰমণকাৰীহঁতে তাইক ধৰি লৈ গ’ল নেকি? অলেখ উত্তৰবিহীন প্ৰশ্ন অসহায় বাপেকটোৰ মনলৈ আহিছিল। চিৰাজুদ্দিনে কান্দিবলৈ বিচাৰিছিল, কিন্তু চকুপানীবোৰেও যেন তেওঁক এৰি থৈ গৈছিল। সেই মুহূৰ্তত চিৰাজুদ্দিনক যিটো বস্তুৰ প্ৰয়োজন আছিল সেইটো আছিল কাৰোবাৰ সহায়। কিন্তু সেই সময়ত আশ্ৰয় শিবিৰটোত এনে কোনো নাছিল যি আন কাৰোবাক সহায় কৰি সামান্য সকাহ পাৰে।
কেইদিনমানৰ পাছত চিৰাজুদ্দিনে ট্ৰাক এখনত উঠি অহা আঠজন যুৱকক লগ পাইছিল। সিহঁতৰ দুই এজনৰ হাতত বন্দুকো আছিল। সিহঁতে হেনো ৰে’লগাড়ীৰ পৰা পলোৱা বহু মহিলা আৰু শিশুক উদ্ধাৰ কৰিছে। সিহঁতৰ কথা শুনি অসহায় বাপেকৰ মনত সামান্য আশাৰ ৰেঙনি জাগি উঠিছিল। উৎসাহেৰে তেওঁ ডেকা ল’ৰা কেইজনক জীয়েকৰ বৰ্ণনা দিয়াত লাগিছিল- “তাই বগা, বৰ মৰমলগা। তাইৰ নাম চকিনা, নাই নাই-দেখাত তাই মোৰ নিচিনা নহয়, মাকৰ দৰেই ধুনীয়া। সোতৰ বছৰীয়া, সোঁগালত ক’লা তিল এটা আছে। তোমালোকে মোৰ ছোৱালীজনীক বিচাৰি আনি দিয়া। ভগৱানে তোমালোকৰ মঙ্গল কৰিব।”
বন্দুক লৈ থকা ডেকা এজনে চিৰাজুদ্দিনক কৈছিল- চিন্তা নকৰিব। আপোনাৰ ছোৱালীজনী যদি জীয়াই আছে; আমি তাইক বিচাৰি উলিয়াম।
সিহঁতে অশেষ চেষ্টা কৰিছিল। নিজৰ প্ৰাণক তুচ্ছ জ্ঞান কৰি পুনৰ অমৃতসৰলৈ উভতি গৈ বহুতো মহিলা আৰু শিশুক উদ্ধাৰো কৰিছিল কিন্তু চকিনাক বিচাৰি পোৱা নাছিল।
যুৱকৰ দলটোৱে দ্বিতীয়বাৰৰ বাবে অভিযান চলাওঁতে ৰাস্তাৰ কাষত ছোৱালী এজনী দেখিছিল। কিন্তু যুৱকৰ দলটো দেখি তাই ভয়তে পলাইছিল। সিহঁতে ট্ৰাকখন ৰখাই অৱশেষত ছোৱালীজনী খেদি খেদি ধৰি আশ্বাস প্ৰদান কৰিছিল। ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া, সোঁগালত এটা ক’লা তিল। কিন্তু পিন্ধি থকা কাপোৰ-কানিৰ অৱস্থা নাই।
কোনোবা এজনে তাইক কৈছিল-”ভয় নকৰিবা, আমি তোমাক উদ্ধাৰ কৰিবলৈহে আহিছোঁ। আচ্ছা কোৱাচোন- তোমাৰ নাম চকিনা নহয় জানো?”
ভয়ত ছোৱালীজনী শেঁতা পৰি গৈছিল। ল’ৰাহঁতৰ বুজনিত তাই সামান্য আশ্বস্ত হৈ এটা সময়ত স্বীকাৰ কৰিছিল যে তায়েই চকিনা, চিৰাজুদ্দিনৰ জীয়েক।
তাইৰ অৱস্থাটো দেখি যুৱকৰ দলটোৰ মনত তাইলৈ অশেষ দয়া উপজিছিল! সিহঁতে তাইক খাদ্যৰ লগতে গাখীৰ খাবলৈ দি ট্ৰাকত উঠাই লৈছিল। কোনোবাই তাইক শৰীৰটো ঢাকিবলৈ নিজে পিন্ধি থকা জেকেট এটাও আগবঢ়াই দিছিল। তাই দুহাতেৰে নিজৰ দোপাত্তাহীন বুকুখন আবৰি লাজবোৰ ঢাকিবলৈ চেষ্টা কৰিছিল।
কেইবাদিনো পাৰ হৈ গৈছিল। চিৰাজুদ্দিনে চকিনাৰ একো খবৰ পোৱা নাছিল তেতিয়ালৈকে। ইটোৰ পৰা সিটো আশ্ৰয় শিবিৰলৈ জীয়েকক বিচাৰি ফুৰোঁতেই সময়বোৰ পাৰ হৈছিল। আৰু ৰাতি ভাগৰত ক্লান্ত হৈ চিৰাজুদ্দিনে প্ৰাৰ্থনা কৰিছিল যাতে জীয়েকক বিচাৰি ফুৰা যুৱকৰ দলটো সফল হয়। সিহঁতে কোৱা “চিন্তা নকৰিব, জীয়াই আছে যদি আমি তাইক বিচাৰি উলিয়াম”- কথাষাৰ তেওঁৰ কাণত বাজি ৰৈছিল।
কেইদিনমান পিছত চিৰাজুদ্দিনে আকৌ সেই যুৱকৰ দলটোক লগ পাইছিল। সিহঁতৰ ট্ৰাকখন উভতিবলৈ আৰম্ভ কৰিছিলেই। তেওঁ কোনোবা এজনক চিঞৰি সুধিছিল- “বেটা, তোমালোকে মোৰ চকিনাক বিচাৰি পালা নেকি?”
সিহঁতে সমস্বৰে উত্তৰ দিছিল- “আমি বিচাৰিম, বিচাৰি উলিয়ামেই।”
বুঢ়া মানুহজনে আকৌ সিহঁতৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছিল। তেনে কৰোঁতে তেওঁৰ মনলৈও বল আহিছিল। বিশ্বাস হৈছিল- সিহঁতে তাইক বিচাৰি উলিয়াবই।
এদিন সন্ধিয়া আশ্ৰয় শিবিৰটো হঠাতে ব্যস্ত হৈ পৰিছিল। চিৰাজুদ্দিনে দেখিছিল চাৰিজন মানুহে অচেতন যুৱতী এগৰাকীৰ দেহ এটা কঢ়িয়াই আনি শিবিৰটোত স্থাপন কৰা অস্থায়ী হস্পিটেলখনৰ ফালে গতি কৰিছিল। সিহঁতে বোলে তাইক অমৃতসৰলৈ যোৱা ৰাস্তাৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল। চিৰাজুদ্দিনে সিহঁতৰ পাছ লৈ কিছু সময় হস্পিটেলৰ বাহিৰতে অপেক্ষা কৰি এসময়ত ভিতৰলৈ সোমাই গৈছিল। এটা কোঠাৰ ষ্ট্ৰেচাৰ এখনত কাৰোবাক শুৱাই থৈছিল।
কোনোবাই কোঠাটোৰ লাইটটো জলাই দিয়াত চিৰাজুদ্দিনে দেখিছিল- ষ্ট্ৰেচাৰখনত শুৱাই থোৱা ধুনীয়া ছোৱালীজনীৰ সোঁগালত এটা ক’লা তিল।
”চকিনা—মোৰ চকিনা”, আটাহ পাৰি উঠিছিল চিৰাজুদ্দিনে।
কোঠাটোৰ লাইটটো জ্বলোৱা চিকিৎসকজনে কৌতূহলী দৃষ্টিৰে চোৱাত চিৰাজুদ্দিনে কৈছিল- “মই তাইৰ দেউতাক।”
চিকিৎসকজনে চিত হৈ পৰি থকা অচেতনপ্ৰায় ছোৱালীজনীৰ নাড়ী পৰীক্ষা কৰি থাকোঁতে কোঠাটোৰ খিৰিকীখনৰ ফালে আঙুলিয়াই কৈছিল- “খোল দো।”
“খোল দো”—শব্দহাল শুনি অৱশ হৈ পৰি থকা ছোৱালীজনীৰ শৰীৰটোৱেও সঁহাৰি দিছিল। তাই যেনেতেনে হাত দুখন কঁকালৰ ওচৰলৈ নি পিন্ধি থকা চেলোৱাৰৰ ৰছীডালৰ বান্ধটো খুলি পেণ্টটো তললৈ নমাই দি উৰুহাল মেলি ধৰিছিল।
জীয়েকে লৰচৰ কৰা দেখি চিৰাজুদ্দিনে আনন্দত আত্মহাৰা হৈ চিঞৰি উঠিছিল- “তাই জীয়াই আছে, মোৰ ছোৱালীজনী জীয়াই আছে।”
আনহাতে “খোল দো” বুলি কোৱা শুনি অচেতন প্ৰায় যুৱতীজনীয়ে দিয়া সঁহাৰি দেখি বিগত কেইদিনত তাই সন্মুখীন হোৱা পৰিস্থিতিৰ ভয়াবহতা অনুমান কৰি চিকিৎসকগৰাকীৰ ৰাজহাড়ৰ মাজেৰে এটা শীতল শিহৰণ বৈ গৈ তেওঁৰ সমগ্ৰ সত্তাকে হিম যেন চেঁচা কৰি পেলাইছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments