খৰিকটীয়া আৰু জলদেৱতা পার্ট-২ :: (মনজিৎ)

‘খৰিকটীয়া আৰু জলদেৱতা’…. শৈশৱতে মনৰ হার্ডদিস্কত পাৰমেনেন্টলি ঠাই লোৱা বহুকেইটা কাহিনীৰ ভিতৰত ইও অন্যতম । সেই খৰিকটীয়া আৰু জলদেৱতাৰ কাহিনী নুশুনা অথবা নপঢ়া মানুহ নোলাবই নিশ্চয় । তথাপিও পার্ট-২ক হিট কৰাৰ খাতিৰত ফ্লেছবেকত গৈ সাৰমৰ্মটোকে দাঙি ধৰিছোঁ বাৰু । তাহানিতে এজন দুখীয়া খৰিকটীয়া আছিল । এদিন হাবিত খৰি কাটি থাকোঁতে তাৰ কুঠাৰ খন কিবা স্বৰূপত দ পানীত পৰি গ’ল । জীবিকা উপাৰ্জনৰ একমাত্র আহিলাটো অকালতে হেৰুৱাই তেও অসহায় হৈ পিতনিটোৰ পাৰতে বহি পৰিল, বহু পৰ তেনেকৈ বহি থাকোঁতে পানীৰ মাজৰ পৰা এজন ৰূপহ জলকোঁৱৰ এজন ওলাই আহি সুধিলে যে ঘটনাটো কি ? সি কথা খিনি ভাঙি পাতি ক’লত জলকোঁৱৰে টুপকে বুৰ মাৰি এখন ৰূপৰ কুঠাৰ আনি তাক দেখুৱাই সুধিলে সেই খন তাৰ নেকি বুলি সি নহয় বুলি কোৱাত আকৌ বুৰ মাৰি সোণৰ কুঠাৰ এখন আনি সেইখন তাৰ  নি সুধিলে, সি আকৌ সেইখন তাৰ নহয় বুলি ক’লে । এইবাৰ জলকোঁৱৰে সঁচা-সঁচিকৈ তাৰ কুঠাৰ খন আনি দেখুৱালত সি আনন্দত একেজাপ মাৰি সেই খনেই তাৰ বুলি কোৱাত জলকোঁৱৰে তাৰ সততা আৰু সৰলতাত মুগ্ধ হৈ তিনিও খন কুঠাৰেই তাক উপহাৰ দিলে । অৰিজিনেল কাহিনীটো সিমানেই,এই খিনিলৈকে সকলোৱে জানে । কিন্তু কথা হ’ল তাৰ পিছত খৰিকটীয়া জনৰ কি হ’ল একেই থাকিলে নে সলনি হ’ল এতিয়া ক’ত আছে, কি কৰি আছে, আগৰ দৰে খৰি কাটে নে নেকাটে, জলকোঁৱৰক লগ পাই নে নাপাই ইত্যাদি ইত্যাদি এই কথাবোৰতো আপোনালোকে নাজানে বা জানিবৰ ইচ্ছাও কৰা নাই চাগৈ কোনোদিনে । তাতে আজি কালি যিহে ব্যস্ততা ! নিজৰেই খবৰ ল’বলে খবৰ নাই ক’ত আৰু খৰিকটীয়াৰ খবৰ লওঁ আৰু, নে কি কয় ? মোৰো একেই অৱস্থা পিছে সিদিনা নির্ভৰ যোগ্য তথা বিশ্বস্ত সূত্ৰৰ পৰা সেই খৰিকটীয়া জনৰ নতুন আপদেত এটা পালো । সেয়ে ভাবিলোঁ আপোনাসবকো শ্বেয়াৰ কৰো কাহিনীটো ।
খৰিকটীয়া বোলে এতিয়া আগৰ খৰিকটীয়া হৈ নাই কষ্ট,নিষ্ঠা আৰু সততাৰ বলত সি এজন ডাঙৰ ব্যৱসায়ী হৈ পৰিল । সোণ আৰু ৰূপৰ কুঠাৰ দুখনে যিহেতু কাঠ কাটিব নোৱাৰি, সেয়ে সোণৰ খনৰ বাবে এটা আৰ ডি খুলি তাৰ পৰা মাহে মাহে মোটা অংকৰ সুত পোৱাৰ ব্যৱস্থা কৰিলে আৰু ৰূপৰ খন বন্ধকত থৈ বেংকৰ পৰা এটা লোন ল’লে । সেই টকাৰে সৰুকে কাঠৰ মিল এটাৰে আৰম্ভ কৰি চাওঁতে চাওঁতে কম সময়তে ডাঙৰ ব্যৱসায়ী হৈ পৰিল । আৰু আগৰে পৰা ভাল পাই থকা গাৱৰেই ডালিমীক বিয়াও পাতিলে । তাৰ সফলতা দেখি আগতে কেটেৰা জেঙেৰা মৰা ডালিমীৰ একাচেকা বাপেকেও হাঁহি মুখে তালে তাইক বিয়া দিলে । বিয়া পিছতেই সিহঁতে হানিমুনৰ বাবে গোৱা ফুৰিবলে গ’ল ,চুইজাৰলেণ্ডেই যোৱাৰ কথা আছিল পিছে ডালিমীৰ ভিজা পাছর্পট নোহোৱাৰ বাবে উপায় নাপাই গোৱালৈকে বাট পোনাবলগিয়া হ’ল । গোৱা বুলি ক’লেই ৰংবিৰঙী সাগৰৰ পাৰ, বিভিন্ন প্রজাতিৰ বিদেশী, গোটেই আকাশ খনকে সামৰি লোৱা দূৰ সুদুৰলৈকে বিস্তীৰ্ণ নীলা নীলা পানী আৰু ৰকম ৰকম জলকেলিৰ কথাই মনলৈ আহে । খৰিকটীয়া আৰু কোনোদিন গাৱৰ বাহিৰ ওলাই নোপোৱা ডালিমীয়ে গোৱাৰ মায়াময় পৰিবেশ দেখি পলকতে নিজকে হেৰুৱাই পেলালে, কোনটো কৰিম কোনটো নকৰিম ভাৱত ৰৈ শেষত সাগৰৰ মাজত সাঁতোৰাৰ কথাটোকে থিৰাং কৰিলে পোন প্রথমে । কথা মতেই কাম দুয়োকে নি সাগৰৰ মাজৰ সুবিধাজনক ঠাই ডোখৰত এৰি দিয়া হ’ল সাঁতুৰিবৰ বাবে । গাৱৰ পুখুৰীত, জান জুৰিত বছৰ জুৰি বছৰ সাঁতোৰাৰ অভিজ্ঞতাৰে অভিজ্ঞ খৰিকটীয়া আৰু ডালিমীয়ে আপোন মনে সাগৰৰ মাজত সাঁতোৰাত লাগিল । কিন্তু তেনেতে লাগিল নহয় খেলি মেলিটো, দুয়ো ঠিক কৰিলে যে এবাৰ ডুব মাৰিব আৰু একেলগে ওলাই আহিব, আকৌ ডুব মাৰিব আকৌ একেলগে ওলাই আহিব, এনেকৈ ধেমালি কৰি আছিল কিন্তু এপাকত ডুব মাৰি খৰিকটীয়া ওলাল কিন্তু ডালিমী নোলাল । বদমাছি কৰিছে বুলি সি কেইবাবাৰো ডুব মাৰি চালে কিন্তু ডালিমীক নেদেখিলে বা ডালিমীৰ একো উমান নাপালে । উপায় নাপাই সি সহায়ৰ বাবে চিঞৰ বাখৰ লগালে । তৎক্ষণাৎ ৰেচকিউ টিম হাজিৰ হৈ কেউফালে ডালিমীক ক্ষিপ্ৰতাৰে বিচাৰিবলৈ লাগিল । পিছে নাই ডালিমীৰ কোনো সন্ধান নাই । দিনৰ দিনটো ডালিমীৰেই সন্ধান চলিল, সময় পাৰ হৈ যোৱাৰ লগে লগে খৰিকটীয়াও অস্থিৰ আৰু অসহায় হৈ গৈ থাকিল । মৰমৰ ডালিমীক হেৰুৱাই উচুপি উচুপি সাগৰৰ পাৰত নিৰবে বহি ৰ’ল অকলসৰে । ইফালে যিমানেই বেলি লহিয়াবলৈ ধৰিলে সিমানেই ডালিমী উদ্ধাৰৰ সম্ভাৱনা ক্ষীণ হৈ আহিব ধৰিলে । খৰিকটীয়াই মনতে ভাবিয়েই ল’লে যদি ডালিমীক বিচাৰি নাপাই সিও সাগৰৰ মাজতে ডুব গৈ প্রাণ ত্যাগ কৰিব । ঠিক বেলিটো ডুবোঁ ডুবোঁ হওঁতেই সি বহি থকা ঠাই ডোখৰৰ সমুখৰ পানীখিনিত হঠাতে এটা ডাঙৰ ঢৌ আহি তাক বুৰাই পেলালে । নাকে মুখে সোমাই তাক চৰ্চৰণি খুৱাই দিলে । চকু মুখ মোহাৰি থিত লৈ দেখে তাৰ সমুখত পুৰা ভাওনাৰ ড্রেছত এজন আদহীয়া পুৰুষ কঁকাললৈকে পানীত ডুব খাই তাৰ ফালে চাই আছে মিচিকিয়াই মিচিকিয়াই । তাৰটো উঠিল খং এনেই মাথা বেয়া হৈ আছে তাতে আকৌ ড্রেছ পিন্ধি উপলুঙা কৰিব আহে ।
: “ হেৰি কোন হে আপুনি ? মোলে চাই কেলৈ হাঁহি আছে ?” আগন্তকক বেছ খঙেৰে সুধিলে খৰিকটীয়াই
: “ কিয় মোক্ চিনি পোৱা নাই ? ” আগন্তকে ওলোটাই সুধিলে
: “ হে…. ?” আচৰিত হৈ অলপ পৰ ভালকে চাই… “আৰে জলকোঁৱৰ দেউতা আপুনি আপুনি ইয়াত কেনেকৈ । একদম শকত আৱতহৈ মাল্টিনেছনেল কোম্পেনীৰ মেনেজাৰটোৰ ৰকম হৈ গ’ল যে কথাটো কি ? খবৰ খাতিও নোপোৱা হ’লো, কেইবাদিনো সেই পিতনিৰ পাৰত আপোনাক বিচাৰিলোঁ পিছে লগহে নাপালোঁ । ” খৰিকটীয়াই অবাক হৈ সুধিলে..
: “ কি ক’বি, সেই যে তোক সহায় কৰিলোঁ তাৰ ঠিক পিছতে মোৰ প্রমোচন হৈ পিতনিৰ পৰা আহি সাগৰ পালো, ডেজিগনেছনটোও জলকোঁৱৰ গুছি জলদেৱতা হ’ল । সেয়ে সুখতেই ফুলি গৈছোঁ আৰু । পিছে কচোন তোৰ প্রবলেম টো কি আৰু কিয় মন মাৰি আছ ?” জলদেৱতাই ভাঙি পাতি ক’লে আৰু তাৰ মন মৰাৰ কাৰণ সুধিলে
: “ কি কম প্রভূ জীৱনত  প্রথম বাৰৰ বাবে ফুৰিব আহিলো কিন্তু ইমানেই দিন বেয়া যে প্রথম দিনাই মোৰ বুকুৰ কুটুম ডালিমীক সাগৰৰ বুকুত হেৰুৱালোঁ । তাই নাথাকিলে অকলেনো কি কৰিম সেয়ে ভাবিছোঁ সাগৰৰ বুকুতে নিজকেই শেষ কৰি দিও আৰু ।” খৰিকটীয়াই দুখেৰে উত্তৰ দিলে
: “ ধুই সেইটোনো চিন্তাৰ কথা নে ? তাতে মই থাকোঁতে । এক মিনিট ৰ । ” এই বুলি কৈ ডুব মাৰিলে আৰু কেইটামান মূহুর্তৰ ভিতৰতে কেটৰীনা কাইফৰ দৰে একে চেহেৰাৰ অতীব সুন্দৰী অপেশ্বৰী এজনী লৈ হাজিৰ হ’ল । আৰু তাক সুধিলে
: “ ক এইজনীয়েই তোৰ ঘৈণী হয় নে ?”
: “ অ প্রভূ হয় হয় এইজনীয়েই মোৰ ঘৈণী । ” খৰিকটীয়াই তপৰাই উত্তৰ দিলে
: “ মই জানিছিলোঁৱেই তই তেনেকৈ কবি বুলি । তহঁতি চব নৰমনিচ একেই । টকা পইচা, সুৰা আৰু সুন্দৰী নাৰীয়ে তহঁতক মোহাচন্ন কৰি পেলাই সহজতে । সেইবোৰ পালে নিজৰ বিবেক,বিশ্বাস,সততা,স্বাভিমান সকলো পাহৰি যাৱ । তোৰ পৰা অন্ততঃ এইটো আশা নকৰিছিলোঁ কিন্তু শেষত তয়ো একেই ওলালি । সঁচাই ঘোৰ কলিযুগ হে সঁচাই ঘোৰ কলিযুগ । এনেই প্রেমৰ নামত জান দিম জান দিম ডাইলগ মাৰি আছিলি ন ?” ইছ ইছাই ইছ ইছাই জলদেৱাতাই ক্ষোভ উজাৰিলে ।
: “ হেৰি প্রভূ বেছি লেকচাৰ নিদিব বুজিছে । মই একেই আছো অকণো সলনি হোৱা নাই । আৰু ডালিমীক নেপালে এতিয়াও জান দিবলে সাজু আছো । কিন্তু আপোনাৰ স্বভাৱটো জানো বাবেহে তেনেকৈ ক’বলৈ বাধ্য হ’লো । ” অলপ খঙেৰে কোৱা দি খৰিকটীয়াই প্ৰত্যুত্তৰ দিলে
: “ মোৰ স্বভাৱ ? মোৰ আকৌ কি স্বভাৱ ?” আচৰিত হৈ জলদেৱতাই সুধিলে
: “ প্রভূ ঔ নজনাৰ ভেশচন নধৰিব বুজিছে মই সব জানো, প্রথমে আপুনি কেটৰীনাৰ দৰে এজনী দেখাব মই ক’ম নহয় এই জনী নহয় , তাৰ পাছত বুৰ মাৰি আকৌ প্রিয়ংকাৰ দৰে এজনী আনি দেখাব মই আকৌ ক’ম নহয় । শেষত আপুনি মোৰ ডালিমীক দেখাব আৰু মই ক’ম হয় হয় এইজনীয়েই মোৰ হয় । আৰু তেতিয়া মোৰ উত্তৰত সন্তুষ্ট হৈ মোক তিনি জনীকে লৈ যাবলে ক’ব । হেৰৌ এজনীকেই ভালকে চম্ভালিব নোৱাৰি আজি এই অৱস্থা তেনেস্থলত তিনিজনীকৈ কেনেকৈ চম্ভালিম কওকচোন । সেয়ে সকলো ভাবি গুণী তেনেকৈয়ে ক’লো বুজিছে । লাগিলে সাগৰত জান দিম কিন্তু তিনি জনীৰ দায়িত্ব লৈ গোটেই জীৱন চেপি খুন্দি মৰিবলে নাই দেই । ” খৰিকটীয়াৰ একদম খাৰাংখাচ উত্তৰ ।
তাৰ কথা শুনি জলকোঁৱৰে একো নকৈ ডুৱ মাৰিলে আৰু পলকতে ডালিমীক লৈ তাৰ আগত হাজিৰ হৈ ক’লে
: “ হো ল তোৰ ডালিমীক । ভগৱানে তহঁতৰ মংগল কৰক.. সদায় যেন এনেকৈয়ে থাক । ” এই বুলি কৈ ঢৌ এটাৰ বুকুত অদৃশ্য হৈ গ’ল নিমিষতে ।
খৰিকটীয়া আৰু ডালিমীয়েও ঘৰৰ ল’ৰা ঘৰলৈ যাওঁ বুলি কৈ গোৱা ট্রিপ আধাতে সামৰি ঘৰলৈ উভতিলে ।
পইচা হজম কাহিনীও খতম ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক