গগৈৰ জীয়েকৰ বিয়া (দেৱীকা ফুকন)

devika pukan_doinandinবৰুৱানীৰ এইকেইদিন গা হাতখন -আঠখন ৷ গগৈৰ ছোৱালীজনীৰ বিয়া ৷ বৰুৱানীহঁত যোৰহাটত থাকোতে একেটা চৌহদতে ভাড়া কৰি আছিল দুয়োটা পৰিয়াল ৷ এতিয়া ইয়ালৈও একেলগেই আহি ইঘৰে সিঘৰৰ পৰা অলপ দূৰত ঘৰ সাজিলে ৷ বৰুৱানী খুড়ী তেনেই আজলী ৷ কিন্তু কেতিয়াবা সুবিধা বুজি চুবুৰীয়াৰ আগত ইটো-সিটো কথাত বাহাদুৰী নেদেখুৱাও নহয় ৷ তেওঁ বাহাদুৰী সাধাৰণতে আলহী, মিতিৰ, আদিক লৈয়ে কৰে ৷ কেতিয়াবা মাজে মাজে খোৱা-বোৱাক লৈ ৷ গাঁৱৰ চাপ এতিয়াও তেওঁৰ কথাত বিদ্যমান ৷ তথাপি তেওঁ যোৰহাটৰ দিনবোৰ, গগৈৰ পৰিয়াল আদিক লৈ বাহাদুৰি যে মাৰেই সেই কথা সকলোৱেই জানে ৷ দুপৰীয়া কেনেবাকৈ মুখামুখি হ’লে ৰাতিপুৱা কিহৰ সৈতে ৰুটি খালে, গধুলী লগ পালে দুপৰীয়া কিমান ডাঙৰ চকল মাছেদি ভাত খালে, সেয়া বাহাদুৰি কৰি কৈ ভাল পাই বৰুৱানীয়ে ৷
গগৈৰ পৰিবাৰৰ মৃত্যু হোৱা দুবছৰ হ’ল ৷ গতিকে, বিয়াৰ খবৰ দিবলৈ বৰুৱানীৰ ঘৰলৈ অহাৰ দিনা ৰুমালেৰে চকুলো টুকি গগৈয়ে বৰুৱানীক দহাই দহাই কৈ গ’ল যে, মাক নাইকীয়া ছোৱালীজনীক বৰুৱানীয়েই দ্বায়িত্ব লৈ উলিয়াই দিব লাগিব ৷ কথামতেই কাম ৷আঙুঠী পিন্ধোৱাৰ দিন ধৰি গগৈৰ ছোৱালীয়ে ক’ত কইনা ভাত খাবগৈ, মেইন চ্যুটকেছত কি কি নিব – সকলো যেন বৰুৱানীয়েই ঠিক কৰিব ৷ৰাতিপুৱা ভাতকেইটা ৰান্ধি পতি আৰু পুত্ৰক কামলৈ পঠিয়াই ঘৰত তলা লগাই তেৱোঁ গগৈৰ ঘৰ পায়গৈ ৷ অৱশ্যে গগৈৰ ছোৱালীৰ দ্বায়িত্ব ল’বলৈ নিজৰ আপায়েক, মাহীয়েকহঁতো নথকা নহয়৷ কিন্তু বৰুৱানীৰ মনে নসহে ৷ তেওঁৰ এনে লাগে জন্মৰে পৰা পোৱা ছোৱালীজনীক তেওঁ মাকৰ নিচিনা মৰম, যত্ন ল’ব পাৰিব ৷ সেয়ে দিনটো তাইক কামত সহায় কৰি দিয়েগৈ ৷
বৰুৱা অলপ হ’লেও বুজন মানুহ ৷ তেওঁ জানে সৌজন্যতাৰ খাতিৰত গগৈয়ে বৰুৱানীক দ্বায়িত্ব দিছিল ৷ বাপেক পুতেক দুয়োয়ে বৰুৱানীক বুজালে – বিয়াঘৰীয়াই চিনাকী মানুহবোৰক এনেকৈ যে লাগি-ভাগি দিবলৈ কয়েই ৷ কিন্তু বৰুৱানী নাছোৰবান্দা ৷ “মোক যোগ্য বুলি ভাবিহে গগৈয়ে সেই দায়িত্ব দিছে ! “- বৰুৱানীৰ মন্তব্য ৷ উপায় নাপাই পিতা-পুত্ৰই দিনত কামৰ পৰা ভাত খাবলৈ নহা হ’ল ৷ কাৰণ, সেই সময়ত বৰুৱানী বিয়াঘৰত ব্যস্ত ৷ আজি চফ্ ভাজিবলৈ, কাইলৈ পিঠা পুৰিবলৈ বুলি দিনে গগৈৰ ঘৰ পায়গৈ ৷ নিজ ঘৰলৈ সম্পূৰ্ণ পিঠি দিয়া পত্নীক লৈ বৰুৱা বিমোৰত পৰিল ৷ যদি গগৈৰ জীয়েক আৰু পৰিয়ালে এই কথাবোৰ ভাল পোৱা নাই ! হাজাৰ হওঁক, বেলেগ ঘৰ, বেলেগ নিয়ম-কানুন ৷ পত্নীয়ে নিজৰ নিয়ম তাত খটুৱাইছে যদি! বহুত ভাবি গুণী বৰুৱাই শোৱাপাটীত বৰুৱানীক ক’লে –“ তুমি নিজৰ স্বাস্হ্য, সংসাৰলৈ মন-কাণ নকৰি, দিনটো তাত এনেকৈ থকাটো ভাল নহয় বুজিছা ! বিয়াৰ দুদিনমানৰ আগতে লগাটো বেলেগ কথা ৷ হ’ল বুলি দিনটো………” বৰুৱাই কথাষাৰ শেষ কৰিবলৈ নাপালেই ৷ বৰুৱানীয়ে ক’লে – “আমাৰ ছোৱালী নাই যে, সেয়ে আপুনি নুবুজে ৷ কিন্তু মই নিজে ছোৱালী হৈ এখন ঘৰ এৰি আহিছোঁ যে, সেয়ে বুজো কথাবোৰ ৷ তাতে মাক নাই ৷ ছোৱালীজনীৰ বিয়াত মাক থকা হ’লে কিমান কি কি কৰিলেহেঁতেন ! তায়ো নতুন ঘৰ এখনলৈ একেবাৰে ওলাই যাব ৷ কিমান মানসিক প্ৰস্তুতি লাগে আপুনি নুবুজে ৷ ” কথাখিনি কৈয়ে, মূৰে গায়ে কাপোৰ লৈ বৰুৱালৈ পিঠি দি বৰুৱানী শুই থাকিল ৷ বৰুৱাৰ পুৰণি কথা মনত পৰি গ’ল ৷ নিজৰ বিয়াৰ দিনা বৰুৱানীয়ে কম কান্দিছিল নে ৷ একপ্ৰকাৰৰ টানি আনিয়ে কইনা ৰূপী বৰুৱানীক বগা এম্বেচাদৰ খনত তুলিছিলহি ৷ বৰুৱাৰো বেয়া লাগিল ৷ হওঁক দে, গগৈৰ ছোৱালীজনীক কান্দিলে আঁকোৱালি ল’বলৈকে বৰুৱানী থাকিব ৷
পিছদিনা পুৱা চাহ-জলপান দিয়েই বৰুৱানী বিয়া ঘৰ পালেগৈ ৷ আজি জোৰোণো, বিয়াও ৷ ছোৱালী নোওৱাৰ পৰা আৰম্ভ কৰি অসংখ্য কাম ৷ পাটৰ মেখেলা আৰু গাৰি দিয়া চাদৰ আৰু ৰিহা পিন্ধি ওলাই যোৱা মাকক পুতেকে চিঞৰি সুধিলে – “কিমান দেৰী হ’ব আঁহোতে ?” বৰুৱানীয়ে ক’লে – “আহিম আজৰি হৈ” ৷ বৰুৱাই শোৱা কোঠাৰ বিছনাত এযোৰ পাটৰ কাপোৰ জাপি থোৱা দেখিলে ৷ তেওঁ বুজিলে, মানুহজনীয়ে মাজতে কাপোৰ সলাবলৈ আহিব ৷ কিন্তু সন্ধিয়া লৈকে মানুহজনীৰ খবৰ নাই ৷ বিয়া ঘৰলৈ বুলিয়ে ইস্ত্ৰী কৰি থোৱা চাৰ্ট পেন্টযোৰ পিন্ধি এইবাৰ বৰুৱা ওলাল ৷ পুতেক লগৰ ল’ৰাৰ লগত যাব বিয়ালৈ ৷
ৰভাতলীত বৰুৱাই পত্নীৰ কোনো উমঘাম নাপালে ৷খাই বৈ ওলাই মূল প্ৰৱেশদ্বাৰৰ ওচৰত অলপ ৰওঁতেই বৰুৱানী ভিতৰৰ পৰা খপজপকৈ ওলালহি ৷ একে সময়তো পুত্ৰও সমনীয়াৰ সতে সেইখিনি পাইছিলহি ৷ পুতেকৰ হাতৰ পৰা ঘৰৰ চাবি পাট লৈ বৰুৱানীয়ে বৰুৱাক জনালে যে তেওঁ ছোৱালী থ’বলৈ যাব ৷ কথা শুনি ল’ৰা গৰম – ” কিহে পাইছে মা তোমাক ৷ পিঠি- কঁকালৰ বিষত তত্ নোপোৱা, এতিয়া ইমানদূৰ ছোৱালী থ’বলৈ নালাগে যাব ৷ ” বৰুৱানী নিজৰ সিদ্ধান্তত অটল ৷ পিতা-পুত্ৰৰ বহু বুজনিৰ পিছতো তেওঁ কইনাৰ লগত যোৱাৰ মততে অটল থাকিল ৷ উপায়ন্তৰ হৈ পুত্ৰও ওলাল মাকৰ লগত ৷ আজিলৈকে মাকক অচিনাকী মানুহৰ লগত পঠিওৱা নাই ক’তো ৷ তাতে গগৈৰ পৰিয়ালৰ বাকী মানুহবোৰো সিহঁতে নিচিনে ৷ গতিকে নিজৰ গাড়ীতে মাকক লৈ যোৱাৰ সিদ্ধান্ত হ’ল ৷চকলং প্ৰথা শেষ হোৱাৰ পিছত ছোৱালীক ভিতৰলৈ নি নিয়ম কৰি কইনাৰ মাকৰ অবৰ্তমানত আপায়েকে দুৱাৰ আগচি কান্ধৰ তলে সৰকাই ছোৱালীক উলিয়ালে ৷ খৰাহীৰ চাউল ছটিয়াই লখিমী ঘৰত থৈ ছোৱালী দুৱাৰডলিয়েদি উলিয়াই দিয়া হ’ল ৷ বৰুৱানীয়ে মন কৰিলে – কইনাই নাই কন্দা ! ৷
দৰাৰ ঘৰলৈ যোৱা গোটেই বাটছোৱা গাড়ীত পুত্ৰই গুজৰি -গুমৰি থাকিল ৷ বৰুৱানীয়ে তাক বুজালে – “কইনাই কিমান কান্দে দেখা নাই নহয় ! ঘৰৰ মানুহে দৰা ঘৰত এৰি থৈ অহাৰ সময়ত বুকুখন খালী হৈ পৰে ৷ কত ছোৱালীয়ে হুৰাওৰাৱে কান্দে ৷” পুতেকে একো নামাতে ৷ এইবোৰ বুজাই মাকক লাভ নাই ৷ ইমান যে কিয় আবেগিক মাকজনী, সি বুজিব নোৱাৰে ৷
পিছদিনা দেওবাৰ ৷ দুপৰীয়া ৰ’দত দিয়া পাটৰ কাপোৰ যোৰ আমন জিমনকৈ বৰুৱানীয়ে সামৰি আছে ৷ বাৰান্দাতে চকীত বহি আগৰাতিৰ টোপনি পূৰ নোহোৱা উখহা চকু লৈ পুত্ৰ ৷বৰুৱাই বাতৰি কাকতৰ পৰা মূৰ তুলি পত্নীক সুধিলে , “ল’ৰাৰ ঘৰবাৰী কেনেকুৱা ? ”
বৰুৱানীয়ে ক’লে,- “ভালেই” ৷
বৰুৱাই পুনৰ সুধিলে, ” মাকগৰাকী ভালনে ? ”
“ভাল “- বৰুৱানীৰ চমু উত্তৰ ৷
বৰুৱাই সোঁধো বুলিয়ে সুধিলে, – ” তাই বৰ কান্দিলে চাগৈ নহয় নে? ”
বৰুৱানীয়ে একেবাৰে ফেঁট তুলি উঠিল,- ” কি পেঘেনীয়াই আছেনো ! গৈ কইনাৰ দেউতাকক সুধি আহক “৷ কথাষাৰ কৈয়ে বৰুৱানী ভিতৰলৈ খৰখোজে সোমাই গ’ল ৷
বৰুৱা আচৰিত ৷ কালি ৰাতিলৈকে কইনাৰ মাকৰ দ্বায়িত্ব লৈ তত্ নোপোৱা মানুহজনীৰ কি হ’ল আক’! কাষতে বহি থকা পুতেকলৈ সেমেনা- সেমেনিকৈ চাই সুধিলে – ” কি হ’ল অ’ মাৰৰ? ”
পুতেকে ঘেটঘেটাই হাঁহি ক’লে, ” মাক আৰু গগৈ খুড়াৰ জীয়েকৰ কথা নুসুধিবা ৷ ”
“কিয়, কি হ’ল নো তাইৰ? ” – বৰুৱাই আচৰিত হৈ সুধিলে ৷
পুতেকে ক’বলৈ ধৰিলে – “পুৱা কইনা থৈ অহাৰ সময়ত মায়ে কইনাই কান্দি কাটি শেষ হ’ব বুলি ভাবিছিল ৷ পিছে কইনাই মাক কি ক’লে জানা ! ‘ আণ্টী বাই ৷’ তাকো হাঁহি হাঁহি ক’লে ৷ গোটেই বাটটো বকি আহিছে ৷ এনেকুৱা কইনা হৈও নকন্দা মডাৰ্ণ কইনাৰ বিয়াত হেনো তেওঁ আৰু কেতিয়াও নাযায় ৷ মাও যে আৰু ! ”

( সঁচা ঘটনাৰ আধাৰত )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক