গছজোপা আদালতলৈ আহিল (মৃণাল তালুকদাৰ)

এখন গাঁৱত সাধু আৰু যদু নামেৰে দুজন বন্ধু আছিল । সাধু আছিল সহজ-সৰল , সাধু প্রকৃতিৰ আৰু কঠোৰ পৰিশ্রমী । আনহাতে , যদু আছিল ঠগবাজ তথা দুষ্ট প্রকৃতিৰ লোক । সাধুৱে সদায় সঁচা কথা কৈছিল । তেওঁ কঠোৰ পৰিশ্রম কৰি নিজৰ পেট প্রৱৰ্তাইছিল । তেওঁ তেওঁৰ বন্ধুক যেতিয়াই প্রয়োজন হৈছিল , তেতিয়াই সহায় কৰিছিল।
এদিনাখন যদু সাধুৰ ওচৰলৈ আহিল আৰু ক’বলৈ ধৰিলে , ” বন্ধু , মোক টকাৰ বৰ প্রয়োজন হৈছে , কাৰণ অহা মাহত মোৰ ছোৱালীৰ বিয়া । গতিকে অনুগ্রহ কৰি মোক টকা পাচঁশ ধাৰলৈ দিয়াচোন ! মই তোমাক দুমাহৰ ভিতৰতে টকাখিনি ঘূৰাই দিম বুলি প্রতিশ্রুতি দিলো । ”
সহজ-সৰল প্রকৃতিৰ সাধুৱে বন্ধুৰ কথাত বিশ্বাস কৰি তেওঁক টকা পাচঁশ ধাৰলৈ দি দিলে । দুমাহ পাৰ হৈ গ’ল ; কিন্তু যদুৱে তেওঁক টকাখিনি ঘূৰাই দিয়া নাই । চাওতে চাওতে এনেদৰে ছমাহ-বছৰদিন পাৰ হৈ যোৱাৰ পাছতো যদুৱে তেওঁক টকাখিনি ঘূৰাই নিদিয়াত অধৈর্য হৈ অৱশেষত সাধু যদুৰ ঘৰলৈ গ’ল আৰু যদুক ক’লে , ” বন্ধু , মই তোমাক টকা পাচঁশ ধাৰলৈ দিয়াৰ আজি এবছৰতকৈও বেছি দিন হৈ গ’ল । তুমি দুমাহৰ ভিতৰতে টকাখিনি ঘূৰাই দিম বুলি প্রতিশ্রুতি দিছিলা । এতিয়া মোৰ টকাখিনিৰ খুব প্রয়োজন হৈছে । গতিকে অনুগ্রহ কৰি টকাখিনি মোক ঘূৰাই দিয়া এতিয়া । ”
যদুৱে সাধুৰ টকা ঘূৰাই দিয়া দূৰৰেই কথা , তাৰ বিপৰীতে সাধুক ক’লে , ” মই কেতিয়াওঁ তোমাৰ পৰা টকা ধাৰে লোৱা নাই । তুমি কিয় মোক টকা পাঁচশ খুজি আছা ? তুমি কেতিয়া মোক টকা ধাৰলৈ দিছিলা ? কাক সাক্ষী কৰি তুমি মোক টকা দিছিলা ? ”
সাধুৱে যদুৰ কথাত আচৰিত হৈ গ’ল । তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁৰ নিজৰ বন্ধুৱে তেওঁক কেতিয়াবা এনেদৰে ঠগাব পাৰে! অৱশেষত ন্যায় বিচাৰি সাধু যদুক লগত লৈ আদালতলৈ গ’ল । আদালতত বিচাৰকে তেওঁলোকক বিভিন্ন প্রশ্ন সুধিবলৈ ধৰিলে –
বিচাৰক: যদু , তুমি সাধুৰ পৰা পাঁচশ টকা ধাৰলৈ লৈছিলা নে ?
যদু: নাই মহাশয় , মই কেতিয়াও এওঁৰ পৰা টকা ধাৰলৈ লোৱা নাই । এওঁ সম্পূর্ণ মিছা কথা এটা কৈছে । বৰঞ্চ মই হে তেওঁৰ দেউতাকক টকা পাঁচশ ধাৰলৈ দিছিলো তেওঁৰ মৃত্যুৰ এমাহ আগতে । সেই ধাৰ সাধুৱে আজিলৈকে পৰিশোধ কৰা নাই ।
বিচাৰক: সাধু , তুমি কেতিয়া এই মানুহজনক টকা পাঁচশ ধাৰলৈ দিছিলা ?
সাধু: এবছৰ দুমাহ আগতে , মহাশয় । এওঁৰ ছোৱালীৰ বিয়াৰ বাবে টকাৰ খুব প্রয়োজন হোৱা বাবে ইয়াৰ আগৰ বছৰৰ ১৪ আগষ্ট তাৰিখে তেওঁক মই টকাখিনি ধাৰলৈ দিছিলো ।
বিচাৰক: তাৰ কিবা সাক্ষী বা প্রমাণ আছে নে ?
সাধু: হয় মহাশয় , মই তেওঁক টকাখিনি হাবিৰ মাজত থকা আহত গছ এজোপাৰ তলত দিছিলো ।
বিচাৰক: তুমি টকাখিনি দিয়াৰ সময়ত তাত তোমালোকৰ বাহিৰে বেলেগ কোনোবা লোক উপস্থিত আছিল নে ?
সাধু: নাই মহাশয় , সেই সময়ত তাত বেলেগ মানুহ উপস্থিত নাছিল । যদু আৰু মই ভাল বন্ধু আছিলো , সেয়ে তেওঁক বিশ্বাস কৰি টকাখিনি ধাৰলৈ দিছিলো ।
বিচাৰক: ঠিক আছে , তেন্তে আহঁত গছজোপাকেই আদালতলৈ মাতি লৈ আহা , গছজোপাই প্রকৃত কথাটো ক’ব ।
সাধু: কিন্তু মহাশয় , গছ এজোপা কেনেকৈ ইয়ালৈ আহিব আৰু সঁচা কথাটো ক’ব ? গছেতো খোজ কাঢ়িব নোৱাৰে আৰু কথাও ক’ব নোৱাৰে !
বিচাৰক: চিন্তা নকৰিবা । গছজোপা আদালতলৈও আহিব আৰু সঁচা উত্তৰটোও দিব । তুমি এতিয়াই হাবিলৈ যোৱা আৰু আদালতৰ আদেশটোৰ বিষয়ে গছজোপাক কোৱা । গছজোপাই নিশ্চয় ইয়ালৈ আহিব ।
আদালতৰ নির্দেশনামা হাতত লৈ সাধু হাবিলৈ ঢাপলি মেলিলে আৰু যদু আদালততে থাকিল ।
যদুৰ মনে মনে খুব আনন্দ লাগিল , কাৰণ তেওঁ ভালদৰে জানে যে গছ এজোপা কেতিয়াও আদালতলৈ আহিব নোৱাৰে আৰু তেওঁৰ বিৰুদ্ধে একো প্রমাণো দিব নোৱাৰে ।
এঘন্টা হৈ গ’ল ; কিন্তু সাধু আহি নাপালে গছজোপাৰ স’তে । বিচাৰকজনে যদুৰ ওচৰলৈ গৈ সুধিলে , ” সাধুয়ে গছজোপাক লৈ এতিয়ালৈকে আহি নাপালে দেখোন ! মোৰ ভাৱ হৈছে , গছজোপা ইয়াৰ পৰা বহুত দূৰত আছে নেকি?”
বিচাৰকৰ কথাটো শুনি যদুৱে তৎক্ষনাৎ উত্তৰ দিলে , ” আপুনি ঠিকেই কৈছে , মহাশয় । আহত গছজোপালৈ ইয়াৰ পৰা প্রায় তিনি কিল’মিটাৰমান দূৰ হ’ব । সাধুয়ে তাৰ পৰা ঘূৰি আহি এই ঠাই পাবলৈ প্রায় এঘন্টামান সময় লাগিব । ”
” তুমি সেই ঠাইখিনি চিনি পোৱা নেকি, য’ত আহত গছজোপা আছে ? ” – বিচাৰকে যদুক সুধিলে ।
” হয়, পাওঁ মহাশয় ।” যদুৱে ক’লে ।
” আমি তেন্তে আৰু এঘন্টা সময় অপেক্ষা কৰিব লাগিব! ” – বিচাৰকজনে ক’লে ।
এঘন্টামান পাছত সাধু আদালতত উপস্থিত হৈ বিচাৰকক ক’লে , ” মহাশয় , মই আপোনাৰ নির্দেশনামা গছজোপাক দেখুৱালো , কিন্তু গছজোপাই লৰচৰেই নকৰিলে । সেয়েহে তাৰ পৰা মই অকলেই উভতি আহিব লগা হ’ল । ”
বিচাৰকজনে হাঁহি হাঁহি ক’লে , ” তুমি ঠিকেই কৈছা ,সাধু । তুমি ইয়াৰ পৰা গুচি যোৱাৰ অলপ পাছত গছজোপা নিজে নিজেই আদালতলৈ আহি সঁচা কথাটো কৈ গ’ল । যদুৱে আহঁত গছজোপাৰ বিষয়ে ভালদৰেই জানে । আনকি , ইয়াৰ পৰা গছজোপাৰ দূৰত্ব কিমান , সি তাকো ভালদৰে জানে । গতিকে , তুমি যে তেওঁক সেইজোপা আহতৰ তলতেই টকা পাঁচশ ধাৰলৈ দিছিলা , এতিয়া সেইটো ভালদৰেই প্রমাণিত হৈ গ’ল । নহয় নে যদু ? ”
যদুৱে ধৰা পৰি উপায়ান্তৰ হৈ গ’ল আৰু একো চতুৰালি কৰিব নোৱাৰিলে । নিজৰ দুষ্টামি প্রমাণিত হোৱাৰ বাবে লাজত পৰিল আৰু সাধুক তেওঁৰ প্রাপ্য টকা পাঁচশ ঘূৰাই দিবলৈ বাধ্য হৈ পৰিল ।

( উৎস : এন.কে . আগৰৱালাৰ ” ফক টেলছ অৱ ইণ্ডিয়া , ৰিড এণ্ড এনজয় – ২ ” নামৰ গ্রন্থৰ ” দ্য ট্রি কামছ টু দ্য ক’র্ট” নামৰ সাধুটোৰ অসমীয়া ৰূপান্তৰ )
বিঃ দ্রঃ — উক্ত সাধুটো জুলাই , ২০০৯ সংখ্যা ” সঁফুৰা” ত পূর্বে প্রকাশিত

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক