গছত গৰু উঠাৰ কাহিনী (ঈশান জ্যোতি বৰা)

“নমস্কাৰ! সন্ধিয়া সাতত এইয়া মই বৃন্দাবন আৰু এইয়া মই মেনকা ৷ প্ৰথমেই চাওঁ আহক আজিৰ সংবাদ শীৰ্ষ৷
‘গছত উঠিল গৰু ৷ সবিশেষ দেখুৱাম আপোনালোকক লাইভ!! ’
‘পঞ্চায়ত খেলিবলৈ অনুমতি নাপায় পত্নীয়ে কৰিলে সাত-দিন,সাত-ৰাতি অনশন৷ আমি দেখুৱাম লাইভ!!’
‘ৰহাৰ ফুলগুৰিত নিৰ্বাচনকেন্দ্ৰিক মাৰ-পিট ৷ ঘুচিয়াই ভাঙিলে দাঁত৷ আমি দেখুৱাম লাইভ!!’
‘ট্ৰেফিক পুলিচে লুটিলে ডকাইতক ৷ আমাৰ লাইভ সম্প্ৰচাৰ !!’
……………………………………………………………………………………………………………
‘ঐ সোনকালে আহ ৷ ‘গছত গৰু উঠা’ ফটো দেখুৱাব ৷ সোনকালে আহ ঔ গোপাল ৷’-গিলাচত থকা হৰলিক্স গোটেইখিনি গিলি পোনাই ঘৰৰ বন-কৰা ল’ৰা তথা তাৰ কাণ-সমনীয়া গোপালক বিচাৰি টেঁটু ফালিলে ৷ য’ৰ বাচন ত’তে এৰি গোপালো একোকোবে টিভিৰ সমুখ পালেহি ৷ তাৰ হাতত বাচন-ধোৱা চাবোনৰ পানী লাগিয়েই আছে ৷
‘ক’তা ক’তা !’-পৰম উৎসুকতাৰে গোপালে চকুহাল মেলি মেলি টিভিলৈ চালে ৷
‘ৰ’হ ৰ’হ, সংবাদ শীৰ্ষ দি পেলাই এতিয়া এডভাটাইজ দেখাই আছে ৷ এদভাটাইজ শেষ হ’লেই দেখুৱাবই আৰু ৷ তামাম মজা লাগিব দেই..’-জিভাখনত লাগি থকা হৰলিক্সৰ আঠাকণ শেষবাৰৰ কাৰণে চেলেকি পোনাই ক’লে ৷ চকুহাল তাৰ টিভিৰ পৰ্দাত ৷

গৰু সাধাৰণতে গছত নুঠে ৷ আজিলৈকে হয়তো উঠাই নাই চাগৈ ৷ এইখন অসমত নো কেনেকৈ গছৰ ওপৰত গৰু উঠিল আৰু আমাৰ অসমৰ চমৎকাৰী সাংবাদিকসকলে কেনেকৈনো তাক কেমেৰাত উঠালে,তাকে চাবলৈ দহবছৰীয়া পোনা আৰু বাৰ বছৰীয়া গোপালৰ তীব্ৰ আগ্ৰহ জন্মিছে৷ বিজ্ঞাপন দি থকা সময়খিনি দুয়োটাৰ বাবে নাযায়-নুপুৱাই ৷

‘জোনবাইৰ পৰা গায়ত্ৰী বোলাজনী আহি এতিয়া ডাক্তৰ হ’ল৷ হ’ল,হ’ল আৰু! তাকে ইমান বাৰে বাৰে দেখুৱাই থাকিবলৈ কিহে পাইছে! উস্তাদীজনী ক’ৰবাৰ ৷ ’-চতুৰ্থ শ্ৰেণীলৈকে পঢ়ি বিদ্যালয় এৰা গোপালে মুখৰ ভিতৰতে ভোৰভোৰালে ৷

“নমস্কাৰ!”মিচিকীয়া হাঁহি এটা মাৰি টিভিৰ পৰ্দাত তেনেতে মেনকাৰ আৰ্বিভাৱ হ’ল ৷
‘দিলে দিলে ৷ ’-লগে লগে গোপালৰ মুখত হাঁহি৷ ‘সন্ধ্যা সাত’ৰ সাংঘাতিক বস্তুটো চাবলৈ দুয়োটা পুৰা সাজু ৷ পোনাই ভৰিহাল উঠাই চকীখনত বহি ল’লে ৷ সি একেবাৰে টিভিটোৰ সমুখত বহি আছে ৷ টিভিত ইমান ডাঙৰ বস্তু এটা দেখুৱাব ! গতিকে ভালকৈ ওচৰৰ পৰা চাব নোৱাৰিলে দুখ থাকি যাব ৷
‘এইমুহূৰ্তততে আমাৰ মাজলৈ আহিছে এটা ব্ৰেকিং নিউজ ৷ ’ মেনকাই কৈ গ’ল ৷ ‘শান্তিপুৰৰ বজাৰৰ সমীপত অলপ আগত ঘটা এটা শোকাৱহ দুৰ্ঘটনাত এহাল দম্পতী থিতাতে নিহত হয় ৷ কেৱল আমাৰ ওচৰত আছে সেই দুৰ্ঘটনাৰ এক্সক্লুছিভ ফুটেজ্ ৷ আমি এতিয়া পোনে পোনে যাম আমাৰ সাংবাদিক চতুৰবন গোহাঁইৰ কাষলৈ ৷ হেল্ল’ চতুৰবন, আমাক ঘটনাৰ সবিশেষ জনোৱা ’

‘ঐ এইবোৰ কি দেখাই আছে ! গৰু ক’ত ! গছ নাইয়েই দেখোন’
‘ৰান্ধি থোৱা মুৰ্গীৰ ঠেং চোবাম চোবাম’ বুলি মুখ মেলি থকা এজন ভোকাতুৰ মানুহে যেতিয়া গম পাই যে সেইয়া মুৰ্গীৰ মাংস নহয়,কেঁচা চয়াবিনৰ টুকুৰাহে ,তেতিয়া তেওঁৰ কেনে অনুভৱ হ’ব ! ঠিক তেনেকুৱাই অনুভৱ হৈছে এতিয়া গোপালৰ ৷
‘দিব ৰ’হ ৷ ব্ৰেকিং নিউজকেইটা আগতে দেখুৱাই লৈছে’-পোনা হতাশ হোৱা নাই ৷ সি এতিয়া পঞ্চম শ্ৰেণীত ৷ অলপ বুজি পায় কথাবোৰ ৷ সদায় দেউতাকহঁতৰ লগত বাতৰি চাওঁতে চাওঁতে অসমীয়া বাতৰিৰ আও-ভাওবোৰ বুজি পোৱা হৈছে ৷ আজি আকৌ মাক-দেউতাক নাই ৷ খুৰাকৰ ঘৰলৈ ফুৰিবলৈ গৈছে ৷ আহি পাবহি অৱশ্যে অলপ পিছত ৷
শান্তিপুৰৰ ‘ব্ৰেকিং নিউজ’টোলৈ বিশেষ গুৰুত্ব নিদি পোনাই গোপালক বুজাইছে যে কিদৰে ব্ৰেকিং নিউজ এটাৰ গুৰুত্ব অইন বিলাক বাতৰিতকৈ বেছি ৷ সেইখিনি কথা তাক দেউতাকেই এদিন শিকাইছিল বাতৰি দি থকা পৰত৷
গোপালেও লাহে লাহে ব্ৰেকিং নিউজৰ আঁৰৰ কথাবোৰ বুজি পালে ৷ আৰু লগতে বুজি পালে যে সি আশা কৰি থকা বস্তুটো আজি নিশ্চয় দেখা পাব ৷ গোপালৰ মনলৈ নামি অহা দুশ্চিন্তাৰ ক’লীয়া ডাৱৰবোৰ ক্ষণিকতে নাইকিয়া হ’ল৷ বিচনাৰ তলৰ পৰা প্লাষ্টিকৰ টুল এখন আনি গোপালো পোনাৰ কাষতে বহি ল’লে এইবাৰ ৷ থিয় হৈ থাকোঁতে তাৰ ভৰিহাল বিষাই গৈছে ৷

সিফালে টিভিত অসমীয়া বাতৰিৰ পৰিৱেশক বৃন্দাবন আৰু মেনকাই একেৰাহে পাঁচটামান ব্ৰেকিং নিউজ দেখুৱাই পুনৰ বিৰতি ল’লে ৷ ‘ভাগৰ লাগিছে চাগৈ সিহঁতৰো’-পোনাই যেন বৃন্দাবন আৰু মেনকাৰ দুখবোৰ বুজি পাইছে ৷টিভিৰ পৰ্দাৰ তলত অৱশ্যে তেতিয়াও ‘Coming Up ‘গছত গৰু উঠা দৃশ্য LIVE’ শব্দকেইটা জিলিকি থাকিল ৷

টিভিৰ পৰ্দাত আকৌ গায়ত্ৰী ,আকৌ লিভচেভ কেপচুল !
‘অ’ই এইটো খালে শকত হৈ যাম নেকি পোনা!’-লিভচেভে যেন লাহে লাহে গোপালক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ কাষতে বহি থকা পোনাক সি কথাটো সুধিলে ৷
‘ধেৎ বেঙা ৷ সেইডাল ঔষধ পেটৰ বেমাৰ হ’লেহে খায় ৷ এনেই নাখায় নহয়’-বিশেষজ্ঞৰ দৰে পোনাই ক’লে ৷ তাৰ কথাত এশ শতাংশ আত্মবিশ্বাস বিৰাজমান ৷
দুটা বিজ্ঞাপনকে দহবাৰমান দেখুৱাই পুনৰ হাজিৰ হ’লহি ‘সন্ধ্যা সাত’ৰ পৰিৱেশক বৃন্দাবন আৰু মেনকা ৷কিন্তু মেনকাই এইবাৰো পোনা আৰু গোপালৰ আশাত চেঁচা পানী ঢালিলে ৷ পৰ্দাত হাজিৰ হৈয়েই পোনছাটেই দৰ্শকক লৈ গ’ল ক’ৰবাৰ মাৰ-পিটৰ দৃশ্য এটালৈ ৷ বগা পোছাক পিন্ধা মানুহ এজনৰ চোলা খুলি স্থানীয় ৰাইজে উত্তম-মাধ্যম শোধাইছে ৷ মাইকী মানুহ দুগৰাকীয়ে বৃদ্ধ মানুহজনৰ পিঠি-পেটত চেণ্ডেলৰ কোব দিছে ৷ পোনা আৰু গোপাল আচৰিত হ’ল ৷ পোনাই কিবা এটা ক’বলৈ মুখ মেলোঁতেই টিভিৰ বৃন্দাবনে নিজৰ মাতটো আগতকৈ অলপ ডাঙৰ কৰি চিঞৰি চিঞৰি ক’লে
‘চাওঁক ৰাইজ,এইয়া আপোনালোকে দেখিবলৈ পাইছে- এগৰাকী মুকবধিৰ নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত কিদৰে এজন গণ নেতাক ৰাইজে গুৰুলা-গুৰুলকৈ পিটিবলৈ ধৰিছে ৷ এইয়াই আমাৰ গণ-নেতাৰ প্ৰকৃত ৰূপ ৷ চাওঁক ৰাইজ, কেৱল আমাৰ হাতত আছে এই দৃশ্যৰ এক্সক্লুছিভ ক’ভাৰেজ ৷ ’
‘গোপাল,তই ধৰ্ষণ মানে কি জাননে ?’-গহীন মাতেৰে পোনাই সুধিলে গোপালক ৷
গোপালে একো নক’লে ৷ মূৰটো বাওঁফালৰ পৰা সোঁফাললৈ দুবাৰমান ল’ৰাই দিলে ৷ তাৰ অৰ্থ-সি একো নাজানে এই বিষয়ে৷
‘ৰ’হ,দেউতা আহিলে সুধিব লাগিব ৷ সদায় দেখুৱাই থাকে এই বাতৰিটো ৷ কিন্তু মইহে বুজি নাপাওঁ ৷ মাক সুধিলেও দেখোন একো নকয় ৷ দেউতাই গম পাব বুজিছ৷ আজি আহিলেই সুধিম ৷ তই মোক মনত পেলাই দিবিচোন ’-পোনাই আকৌ টিভিৰ পৰ্দাত চকু থ’লে৷ গোপালেই ‘অ’’ বুলি মূৰ জোঁকাৰি থ’লে ৷
“এতিয়া দেখুৱাম আপোনালোকক এনেকুৱা এটা দৃশ্য যিটো আপোনালোকে চাগৈ আগতে দেখা নাছিল ৷ আজৱ দেশৰ আজৱ কাণ্ড ! গছত উঠিল গৰু ৷ চাওক লাইভ কিন্তু…..এটা বাণিজ্যিক বিৰতিৰ পাছত..”

‘ধেইৎৎৎ!!’-কোনোবাই যেন মাংসৰ টুকুৰা এটা পোনাৰ মুখৰ ওচৰলৈ নি আকৌ আঁতৰাইহে নিলে ৷ ঠেং-ঠুং জোঁকাৰি পোনাই পৰম উৎসুকতাৰে বিশেষ বাতৰিটো চাবলৈ সাজু হৈছিলহে ৷ আকৌ দিলেই নহয় এই বিজ্ঞাপনবোৰ !
“মোৰ বৰকৈ পেচাব কৰিব লাগিছে ৷ ”-গোপালে পিন্ধি থকা হাফ-পেন্টটো ওপৰলৈ টানি টানি পোনালৈ বিৰক্তিৰে চালে ৷
“একেবাৰে চাই যা ৰহ! আৰু পাঁচ মিনিটহে আছে বাতৰি শেষ হ’বলৈ ৷ বেছিপৰ এদভাতাইজ নিদিয়ে ৷ তই বাহিৰত থাকোঁতেই যদি গুচি যায় বস্তুটো !! চাই যা, চাই যা ”-পোনাই গোপালক যাবলৈ নিদিলে ৷ গোপালেও ধৈৰ্য্যশীল ব্যক্তিৰ দৰে ওঁঠ-মুখ চেপি চেপি ‘গছত উঠা গৰু’ চাবলৈ অপেক্ষা কৰি থাকিল ৷
“আহিল আহিল ৷ ”-পোনাৰ তাৎক্ষণিক চিঞৰটোত গোপাল সচকিত হ’ল ৷
সেইয়া হাঁহি হাঁহি বৃন্দাবন আৰু মেনকা পুনৰ সিহঁতৰ সমুখত৷ গোপাল আৰু পোনায়েও চকুহাল থৰ কৰি যিমান পাৰে টিভিটোৰ কাষ চাপি গ’ল ৷ পোনা আৰু টেলিভিছনৰ পৰ্দাখনৰ মাজত ত্ৰিশ ছেন্টিমিটাৰৰহে দুৰত্ব হ’ব চাগে ৷
“ এতিয়া আহিছো আজিৰ অন্তিমটো বাতৰিলৈ – ” বৃন্দাবনে শক্তিশালী স্পষ্ট মাতেৰে কৈ গ’ল “শদিয়াত অনুষ্ঠিত আন্ত:জিলা বিজ্ঞান সমাৰোহত তিনিচুকীয়াৰ এহাল কিশোৰ-কিশোৰীয়ে প্লাষ্টিকেৰে তৈয়াৰ কৰা পঞ্চাছ ছেন্টিমিটাৰ উচ্চতা,চল্লিছ ছেন্টিমিটাৰ দৈৰ্ঘ্য আৰু ত্ৰিশ ছেন্টিমিটাৰ প্ৰস্থৰ বলধ গৰুটো সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে ৷ আমালৈ অহা বাতৰি মতে,প্ৰায় এশ গ্ৰাম ওজনৰ এই প্লাষ্টিকৰ বলধটো কিশোৰ-কিশোৰীহালে সম্পূৰ্ণ এক ঘণ্টা সময়ত নিৰ্মাণ কৰি উলিয়াই আৰু অতীজৰে পৰা আমাৰ অসমত চলি অহা ফঁকৰা-যোজনা ‘গছত গৰু উঠা’ক ভুল প্ৰমাণিত কৰে ৷ আহক ,আমি পোনে পোনে যাঁও শদিয়াৰ আন্ত:জিলা বিজ্ঞান সমাৰোহলৈ ৷

//টিভিৰ পৰ্দাত এজোপা তিনি ফুটমান ওখ তামোল গছ ৷ তাৰ ওপৰত এটা প্লাষ্টিকেৰে তৈয়াৰী গৰুৰ আকৃতিৰ দৰে কিবা এটা বস্তু ৷ কাগজেৰে শিং দুডাল বনাই দিছে ৷ সেইদুডাল দেখিহে গৰু বুলি অনুমান কৰিব পাৰি ৷ কিশোৰ-কিশোৰীহালে এডাল ৰছীৰে ‘বলধ’টোক ওলোমাই গছডালৰ ওপৰত থৈ দিছে আৰু সাংবাদিকৰ কেমেৰালৈ চাই মিচিকীয়া হাঁহি এটা মাৰি পুনৰ ৰছীডালেৰে গৰুটো নমাই আনিছে ৷ টিভিৰ পৰ্দাত তেতিয়া ‘গছত গৰু উঠা দৃশ্য LIVE’ বাক্যাংশটি সোঁফালৰ পৰা বাঁওফাললৈ অৰ্হনিশে অহা-যোৱা কৰি আছে ৷ আখৰ নহয়,ৰকেটহে যেন!//

‘দৰ্শকে দেখিল যে কিদৰে আধুনিক বিজ্ঞানে অসম্ভৱকো সম্ভৱ কৰি দিছে ,কিদৰে অসমৰ ল’ৰা-ছোৱালীয়ে নিজৰ আৱিষ্কাৰেৰে সমগ্ৰ জগততে আলোড়নৰ সৃষ্টি কৰিছে ৷ আৰু ই প্ৰমাণ কৰে – আমি অসমীয়া নহয় দুখীয়া ৷ নহয় জানো? সন্ধিয়া সাতত আজিলৈ ইমানেই ৷ ষ্টুডিঅ’ৰ পৰা মই মেনকা আৰু মই বৃন্দাবনে আজিলৈ বিদায় লৈছোঁ ৷ ধন্যবাদ আৰু শুভৰাত্ৰি ৷’”

সম্পূৰ্ণ পাঁচ মিনিটৰ শ্বাসৰুদ্ধকাৰী ‘গছত-গৰু উঠা’ দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছত পোনা ঘপহ্ কৈ বহি থকা ঠাইৰ পৰা উঠিল৷ আৰু অলপো সময় অপব্যয় নকৰি ৰিম’টটোৰ চুইছ টিপি টিভিটো অফ্ কৰি দিলে ৷

আগ্ৰহেৰে খাবলৈ অহা মাংসৰ টুকুৰাটো ভাতৰ লগত অজানিতে যোৱা শিলগুটি বুলি জনাৰ পিছত হতাশ আৰু নিৰাশ হৈ টুলখনৰ পৰা গোপাল উঠিল আৰু দুখ-খং মিহলি স্বৰেৰে পোনাক সুধিলে “ইহঁতৰ মাথাবোৰ বেয়া হ’ল নেকি অ’ পোনা ?”গোপালে এই ‘মাথা বেয়া’ সংলাপটো কোনোবা এখন অসমীয়া ধাৰাবাহিকত শুনিছিল আৰু কেতিয়াবা দৰকাৰী মুহূৰ্তত ক’বলৈ সংলাপটো মনত ৰখাই থৈছিল ৷ আৰু আজি প্ৰথমবাৰলৈ সি সেই সংলাপটো ব্যৱহাৰ কৰিলে ৷ অসমীয়া বাতৰিৰ ‘গছত গৰু উঠা’ কাণ্ডটো দেখি পোনাৰ খঙেও ইতিমধ্যে চুলিৰ আগ পাইছিলগৈ ৷
পোনাই গোপাললৈ এইবাৰ পূৰ্ণ সহযোগিতা আগবঢ়ালে ৷
আৰু দৃঢ় কণ্ঠেৰে ক’লে—“অ’ গোপাল! সিহঁতৰ মাথাবোৰ বেয়া হ’ল৷ ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক