গজপুৰীয়াৰ পৃথিৱী ভ্ৰমণ (মৃণাল জ্যোতি গোস্বামী)

আগকথাঃ
গজপুৰীয়া বুলিলে সকলোৱে চিনি পায়৷ পিতৃপ্ৰদত্ত নামটো পিছে কি আছিল মানুহবোৰে পাহৰিলে৷ নামৰ পিছফালে থকা উপাধি নামৰ টুকুৰাটোৰ কথাও কাৰো মনত নাই৷ আগতে বোলে কিবা ‘পাইক’ নে কি তেনে আছিল৷ ৰজাৰ ঘৰত গেবাৰি খাটিবহি লাগিছিল৷ সেইবোৰ দিন এতিয়া নাইতো৷ দিন সলনি হৈছে, তেওঁৰো পৰিৱৰ্তন ঘটিছে৷ তেওঁক এই নামটোৰে চিনাকি কৰি দিছিল আমাৰ সেই যে ‘ভাষাৰ বেজ’জন, তেখেতে৷ অ’, সেইজনৰ কথাই কৈছোঁ, নৌকাষ্ঠ হোৱা জন৷ সেইজনাই ‘চক্ৰধ্বজ সিংহ’ নে কিবা নাটক এখনত তেনেদৰে চিনাকি কৰি দিয়াৰে পৰাই জনসমাজত এই নামেৰে প্ৰসিদ্ধি লভিলে৷ আনহাতে তেজপুৰীয়া দীপক মহন্তই পাই পুনৰ তেওঁৰ নামৰ পিছত ‘উপাখ্যান’ শব্দটো লগ লগাই দিয়াৰ লগতে নামৰ শেষৰফালে ‘ৰ’টো লগাই দি ‘গজপুৰীয়াৰ উপাখ্যান’ কৰি পেলালে৷ তেওঁৰ বিভিন্ন কাৰ্য-কলাপক লৈ নতুন নাটক এখন লিখি জনসমাজত প্ৰচাৰ কৰিলে৷ সেয়া পিছে কেইবা বছৰৰো আগৰ কথা৷ তাৰ পাছত নাই মানে তেওঁৰ ছাঁটোকে দেখিবলৈ নাই৷ ক’ত বা গুম হৈ আছিল একো খৱৰেই পোৱা নাছিলোঁ৷ প্ৰথম অৱস্থাত কোনোবাই অপহৰণ-চপহৰণ কৰি মাৰিয়েই পেলালে বুলি ভাবি ক’ৰবাত অচিনাক্ত মৃতদেহ ওলালেই খৱৰ লৈছিলোঁ৷ নাই তেতিয়াও একো খবৰ উলিয়াব নোৱাৰি দৌৰত ব্যস্ত হৈ তেওঁৰ কথা পাহৰিয়েই গৈছিলোঁ৷ কালিৰ কথা, মহানগৰীৰ বানপানীত আবদ্ধ হৈ চিৰিয়াখানাৰ কাষৰে ৰেষ্টুৰেণ্ট এখনত বহি থাকোঁতে মানুহ এজনে মাত লগালেহি৷ মই প্ৰথমতে চিনিবকে পৰা নাছিলোঁ৷ তেওঁ মোক ঢকা এটি মাৰি খবৰ সুধিলে, মই দৌৰি থকাৰ খৱৰ বাতৰি ল’লে৷ মই অচিনাকি ধৰণেই তেওঁক উত্তৰবোৰ দি আছিলোঁ৷ তেওঁ কথাটো টং কৰিব পাৰি মোক ক’লে— কি হ’ল চিনি পোৱা নাই নেকি?মই গজপুৰীয়া আকৌ৷… …মই কি কৰিম, কি নকৰিম কৰি তেওঁক সাবট মাৰি ধৰি ক’লো—
— আচলতে মই আপোনাক চিনিবকে পৰা নাছিলোঁ৷ ‘গেট আপ’ একেবাৰে বেলেগ হৈ গ’ল৷ ক’ত আছিল ইমান দিন? খৱৰ বাতৰি কওঁক৷ মইটো কোনোবাই অপহৰণ কৰি নিলে বুলি ভাবিছিলোঁ৷ খবৰ বাতৰি কওঁক৷ আৰু…
একে লেঠাৰিয়ে কেইবাটাও প্ৰশ্ন কৰাত তেওঁ মোক বাধা দি ক’লে
—ৰ’ চোন৷ সকলো বিলাক প্ৰশ্নৰে উত্তৰ দিম৷ প্ৰথমতে এওঁৰ লগত চিনাকি হৈ ল’৷ 

গজপুৰীয়াতকৈ কিছু চাপৰ, থোপোকা মুখৰ, গালত পানীয়ে মৰা কঠিয়াৰ দৰে কেইদাল মান দাড়ি (নোম!)থকা ব্যক্তি এজন আহি মোলৈ হাতখন আগবঢ়াই দিলে৷ মই চেহেৰাটো চিনাকি চিনাকি যেন দেখি হাতখন আগবঢ়াই দি ক’লো— আপোনাৰ নাম ‘চাংকু পানজা’ (Sancho Panza) নেকি?
তেওঁ মুখত মিচিকিয়াই হাঁহি এটা মাৰি ক’লে— তাৰ মানে আপুনি মোক পাহৰা নাই৷ আগতে আছিলোঁ ‘ডন কিহতেৎ’(Don Quixote) ৰ লগত৷ আপুনি দৌৰি থাকোঁতে লগ পাইছিলোঁ নহয়৷
—অ’ মনত আছে, সেইবাবেই পাহৰা নাই৷ মই উত্তৰ দিলোঁ (এওঁক দেখি হে মনত পৰিছে ‘ডন কিহতেৎ’ক লগ পোৱা কথা, অহা বাৰ লিখিব লাগিব কাহিনীটো৷)
আমাৰ কথা-বতৰাৰ মাজতে গজপুৰীয়া ক’লে— ব’লা ব’লা বহু কথাই ক’ব লাগিব৷ মই পৃথিৱী ভ্ৰমণ কৰিলোঁ নহয়৷ বহু কাহিনীয়েই আছে৷ ক’ম তোমাক৷ শুনিবানে?
—কিয় নুশুনিম৷ শুনিম নিশ্চয় শুনিম৷
ক্ৰমশঃ…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments