গণশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা: অনামিকা বৰা

(এই গীতটি ৰচনা কৰি সমগ্র দেশবাসীক আন্দোলনত অংশগ্রহণ কৰিবৰ বাবে আহ্বান জনায়। তাৰপিচত ১৯৪২ চনত জ্যোতিপ্রসাদে চোৰাংচোৱা বাহিনীকো বাগি দি সংগোপনে কিছুদিন কলিকতাত থাকি তাৰপৰাই আন্দোলন আগুৱাই লৈ যায়। ১৯৪৩ চনৰ আগষ্টত কলিকতা এৰি তেজপুৰ আদালতত আত্মসমৰ্পণ কৰে।)

অসমৰ ইতিহাসত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা চিৰনমস্য আৰু অবিস্মৰণীয় এক ব্যক্তিৰ নাম। তেওঁ একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, বোলছবি নিৰ্মাতা-পৰিচালক, স্বাধীনতা আন্দোলনৰ এজন মহানায়ক।
জ্যোতিপ্রসাদ আগৰৱালাৰ পূৰ্বপুৰুষৰ অসমলৈ আগমন ঘটিছিল উত্তৰ-পশ্চিম ভাৰতৰ পৰা। তেওঁৰ প্র-পিতামহ নৱৰংগ আগৰৱালা ১৮১১ চনত সুদূৰ মাৰৱাৰ(Marwar), ৰাজস্থানৰ পৰা অসমলৈ ব্যৱসায় কৰিবলৈ আহি শোণিতপুৰ জিলাৰ গমিৰি অঞ্চলত বাস কৰিবলৈ লয়। পাছত তেওঁ এগৰাকী অসমীয়া কন্যাক বিয়া কৰায়। তেওঁলোকৰ প্রথম পুত্র হৰিবিলাস আগৰৱালা। এই হৰিবিলাস আগৰৱালাৰ প্রথম পুত্র যশস্বী কবি তথা ‘প্রতিমাৰ খনিকৰ’ চন্দ্রকুমাৰ আগৰৱালা। হৰিবিলাস আগৰৱালাৰ তৃতীয় পুত্র পৰমানন্দ আগৰৱালা। তেৱেঁই ডিব্রুগড়ৰ তামোলবাৰী চাহবাগিছা সু-প্রতিষ্ঠিত কৰিছিল। পৰমানন্দই বিয়া কৰায় অসম জীয়ৰী যোৰহাটৰ কিৰণময়ীক। এই পৰমানন্দ আগৰৱালা আৰু কিৰণময়ী আগৰৱালাৰ পুত্র অসমৰ চিৰনমস্য ব্যক্তি জ্যোতিপ্রসাদ আগৰৱালা। ৰূপৰ কোঁৱৰ, সুন্দৰৰ চিৰ সাধক জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জুনত তামোলবাৰী চাহবাগিছাত। জ্যোতিপ্রসাদৰ শৈশৱকাল তামোলবাৰী চাহবাগিছাতেই আৰম্ভ হয় যদিও দেউতাক পৰমানন্দই পুত্রৰ শিক্ষা তেজপুৰতেই আৰম্ভ কৰাৰ মনস্থ কৰি তেজপুৰলৈ লৈ যায় প্রাথমিক শিক্ষাৰ বাবে। কিন্তু তেজপুৰত জ্যোতিৰ পঢ়া-শুনাৰ মনোভাৱ নেদেখি পুনৰ ডিব্রুগড়লৈ লৈ আহে এই ভাবি যে বৰদেউতাক চন্দ্রকুমাৰ আগৰৱালাৰ সান্নিধ্যত জ্যোতিপ্রসাদে পঢ়া-শুনাত মন দিয়েইবা। আৰু জৰ্জ ইন্‌ষ্টিটিউটত নামভৰ্তি কৰাই দিয়ে। কিন্তু দুবছৰৰ পিচত জ্যোতিপ্রসাদ পুনৰ তেজপুৰৰ ঘৰলৈকে গুচি যায় আৰু তাতেই পঢ়া-শুনা কৰে। কিন্তু প্রৱেশিকা পৰীক্ষাত নবহাকৈ মহামানৱ মহাত্মা গান্ধীৰ তীব্র অনুৰাগী হৈ ১৯২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলি থকা অসহযোগ আন্দোলনত জঁপিয়াই পৰে। পিচত কলিকতা (বৰ্তমানৰ কলকাতা) জাতীয় বিদ্যাপীঠৰ পৰা দ্বিতীয় বিভাগত প্রৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯২৬ চনৰ ছেপ্টেম্বৰত জ্যোতিপ্রসাদ ইংলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়লৈ যাত্রা কৰে উচ্চশিক্ষাৰ অৰ্থে। কিন্তু ভাৰতীয় শিক্ষা নিম্নগামী বুলি কোৱাত উচ্চশিক্ষাৰ সপোন সামৰি তাৰ পৰাও ওভতি আহে। ঘূৰি আহি তেওঁ ছৱিজগতৰ সঙ্গীতৰ সৈতে জড়িত হৈ পৰে। পিচত জ্যোতিপ্রসাদ জাৰ্মানীলৈ যায় বোলছবি নিৰ্মাণৰ শিক্ষা গ্রহণৰ বাবে। তাত তেওঁ হিমাংশুৰ সান্নিধ্যত ছবি নিৰ্মাণৰ জ্ঞান অৰ্জন কৰে। মুক্ত বিহংগৰ দৰে বিদেশৰ বহু ঠাই যেনে – ফ্রান্স, পেৰিছ, বেবিলন, বাগদাদ আদি ঠাই ঘূৰি-পকি ১৯৩০ চনত পুনৰ মাতৃভূমি অসম পায়হি। সেই সময়ত অসমো উত্তপ্ত আছিল ভাৰতৰ স্বাধীনতা আন্দোলনক লৈ। জ্যোতিপ্রসাদো জঁপিয়াই পৰিছিল সেই আন্দোলনত। জাতীয় পতাকা হাতত লৈ তেজপুৰ থানাত উৰুৱাৰ মানসেৰে সকলোৰে লগত ভাগ ল’লে জ্যোতিপ্রসাদেও। তাৰেই ফলশ্রুতিত অপৰাধী গণ্য কৰি ১৯৩২ চনত এবছৰ তিনিমাহ কাৰাবাস আৰু ৫০০ টকাৰ জৰিমনা বিহে জ্যোতিপ্রসাদক।
কাৰাবাস পূৰ্ণ কৰি ওলাই অহাৰ পিচত ১৯৩৪ চনত নিজা ঘৰতেই মহামানৱ মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰে। ১৯৩৩ চনৰেই শেষৰ ফালে ভোলাগুৰি চাহ-বাগানত ‘চিত্রবন’ নামেৰে এটি ষ্টুডিঅ’ নিৰ্মাণ কৰে প্রথম অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণৰ বাবে। ১৯৩৪ চনৰ এক শুভক্ষণত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ক্লেপষ্টিকেৰে প্রথম অসমীয়া কথাছবি ‘জয়মতী’ৰ শুভ-উদ্ধোধন কৰে আৰু ১৯৩৫ চনত ‘জয়মতী’ কথাছবিৰ প্রদৰ্শনো কৰে।
১৯৩৬ চনত ডিব্রুগড়ৰ খগেশ্বৰ ভূঞাৰ কন্যা দেৱযানীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। বৈবাহিক জীৱনৰ সাক্ষী হৈ তেওঁ দুজন পুত্র আৰু পাঁচগৰাকী কন্যাৰ পিতৃ হয়। কেউটা সন্তানক শিক্ষা-দীক্ষাৰে আগবঢ়াই নিয়াৰ লগতে তেওঁ নিজেও অসমীয়া সংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰাৰ মানসেৰে কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ লগ লাগে।
জ্যোতিপ্রসাদ আগৰৱালাৰ দুখন উল্লেখযোগ্য নাটক – ‘শোণিত কুঁৱৰী’ আৰু ‘জয়মতী’। ইয়াৰ উপৰিও কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কন্যা, সোণপখিলী, খনিকৰ, কনকলতা, সুন্দৰ কোঁৱৰ আৰু লভিতা তেওঁৰ ৰচিত নাটক। ইয়াৰ উপৰিও তেওঁ ৩০০ৰো অধিক গীত ৰচনা কৰে। সেই গীতসমূহ আমাৰ অতি মৰমৰ, আদৰৰ জ্যোতিসংগীতত।
১৯৩৭ চনৰ প্রথম ভাগত তেওঁ তেজপুৰ চহৰত ‘জোনাকী’ নামেৰে এটা কথাছবি গৃহ নিৰ্মাণ কৰে।
১৯৩৯ চনত জ্যোতিপ্রসাদে আন এখন কথাছবি ‘ইন্দ্রমালতী’ নিৰ্মাণ কৰে।
১৯৪০ চনত তেজপুৰত সঙ্গীত কলাৰ এক বিদ্যালয় স্থাপন কৰে।
১৯৪১ চনত তেওঁ ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰে। সেই সময়তে তেওঁ –
“সাজু হ সাজু হ নৱ জোৱান
সাজু হ সাজু হ নৱ জোৱান
তই কৰিব লাগিব অগ্নিস্নান
জীৱন যৌৱন কৰি প্রাণপণ
ৰাঙলী কৰি দে ৰণাংগন।”
এই গীতটি ৰচনা কৰি সমগ্র দেশবাসীক আন্দোলনত অংশগ্রহণ কৰিবৰ বাবে আহ্বান জনায়। তাৰপিচত ১৯৪২ চনত জ্যোতিপ্রসাদে চোৰাংচোৱা বাহিনীকো বাগি দি সংগোপনে কিছুদিন কলিকতাত থাকি তাৰপৰাই আন্দোলন আগুৱাই লৈ যায়। ১৯৪৩ চনৰ আগষ্টত কলিকতা এৰি তেজপুৰ আদালতত আত্মসমৰ্পণ কৰে। আদালতে তেওঁক বিনাচৰ্তে মুক্তি পায়।
ইয়াৰ পিচত জ্যোতিপ্রসাদে অসমীয়া বাতৰি কাকত প্রকাশত মনোনিৱেশ কৰিলে। সেই উদ্দেশে তেওঁ গুৱাহাটীৰ পৰা প্রকাশিত ‘দৈনিক অসমীয়া’ কাকতৰ সম্পাদক পদৰ দায়িত্বভাৰ গ্রহণ কৰে। কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত মাত্র সাতমাহ কাম কৰিয়েই সেই ভাৰ কবি দেৱকান্ত বৰুৱাক প্রদান কৰিলে আৰু তেওঁ তামোলবাৰী চাহবাগিছাৰ নিজা ঘৰত বিশ্রাম ল’বলৈ গুচি যায়। এই সময়খিনিতেই তেওঁ গীত আৰু নাটক ৰচনা কৰি অসমীয়া ভাষাৰ ভঁৰাল টনকিয়াল কৰি থৈ যায়।
১৯৪৬ চনৰ আৰম্ভণীতে ভাৰতীয় গণনাট্য সংঘৰ সম্পূৰ্ণ বিকাশ ঘটে অসমত। সেইবছৰত শিলচৰৰ অধিৱেশনত গণনাট্যৰ শিল্পী হেমাংগ বিশ্বাসৰ নেতৃত্বত জ্যোতিপ্রসাদকো সাদৰেৰে আমন্ত্রণ জনোৱা হয়। সেই সময়ত জ্যোতিপ্রসাদ কৰ্কট ৰোগত আক্রান্ত হৈ আছিল। তেওঁ যাব নোৱাৰিলে যদিও শুভেচ্ছাবাণী পঠিয়ালে। পিচত ভাৰতীয় গণনাট্য সংঘই জ্যোতিপ্রসাদলৈ সভাপতি পদ আগবঢ়ায়।
১৯৪৯ চনত তেওঁৰ জীৱনসংগী দেৱযানীৰো বিয়োগ ঘটে। সেই সময়ত ৰুগ্ন শৰীৰৰেই তেওঁ ‘লভিতা’ নাটকখন লিখি সম্পূৰ্ণ কৰে। পিচত গণনাট্য সংঘই তেওঁক ‘গণশিল্পী’ উপাধি প্রদান কৰে।
১৯৫১ চনৰ ১৭ জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই তেজপুৰৰ তেওঁৰ আপোন গৃহ ‘পকী’ত ইহলীলা সম্বৰণ কৰে। বৰ্তমান ‘পকী’, ‘জ্যোতিভাৰতী’ নামেৰেও জনাজাত। তেওঁৰ মৃত্যুৰ দিনটোক আমি সমগ্র অসমবাসীয়ে ‘শিল্পী দিৱস’ হিচাবে পালন কৰোঁ। শিল্পী দিৱসৰ প্রাক্‌ক্ষণত শিল্পীজনালৈ শ্রদ্ধাঞ্জলি যাচিলোঁ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments