গণেশগুৰিৰ তাই (দীপচান চাংমাই)

গণেশগুৰিৰ তাই

–          দীপচান চাংমাই

গণেশগুৰিত তাইক প্ৰায়ে দেখোঁ । আমাৰ আড্ডা বহা পদপথৰ নিৰ্দ্দিষ্ট ঠাইডোখৰৰ পৰা তাইক ভালকৈয়ে দেখা যায় ।

গণেশগুৰি । সাঁজ লগাৰ সময়ছোৱাত ঠাইডোখৰ যেন চঞ্চল হৈ উঠে । অ’ফিচ-কাচাৰী, ক’লেজ-টিউচনৰ পৰা ঘৰমুৱা হোৱা আটাইকে সামৰি চিটিবাছবোৰ ৰয়হি গণেশগুৰিৰ এই নিৰ্দ্দিষ্ট ঠাইডোখৰত । যদিওবা এইডোখৰ প্ৰকৃততে চিটিবাছৰ আস্থান নহয় । দুই-একক নমাই, দুই-একক উঠাই পুনৰ যাত্ৰা কৰে খানাপাৰা-পাঞ্জাবাৰী-বশিষ্ট অভিমুখে । আৰু তাৰ কাষৰে পদপথৰ ৰেলিঙত হেলান দি ভিৰ কৰেহি নবীন-প্ৰবীন অস্থায়ী গণেশগুৰীয়া ডেকাহঁতে ।

আজি পুৱাৰেপৰা পেনপেনীয়া বৰষুণজাকে মনটো কিবা টেঙাই দিছিল । আবেলিলৈ ক্ৰমে অস্বস্তি অনুভৱ কৰিবলৈ লৈছিলোঁ । ম’বাইলত বাৰে বাৰে সময় চাইছিলোঁ – চাৰি বাজি সাতত্ৰিশ মিনিট, চাৰি বাজি বিয়াল্লিশ মিনিট । এতিয়াহে যেন অলপ সকাহ পাইছোঁ ।

“নব, ইহঁতক ফোন কৰচোন, আহিছে নেকি ?”

নবই তাৰ পেন্টৰ জেপত ম’বাইল ফোনটো খেপিয়ালে । মই চাৰিওফালে এবাৰ চকু ফুৰালোঁ । মাজে মাজে চিপচিপকৈ বৰষুণ পৰি আছে । বৰষুণৰ বতৰ বাবেই হয়তো মানুহৰ আহ-যাহ আপেক্ষিকভাৱে সেৰেঙা ।মূল পথৰ দুয়োকাষে বৰষুণৰ পানী জমা হৈছে ড্ৰেইনেজৰ আসোঁৱাহৰ বাবে । পদপথৰ দুই-এঠাইতো একোডোঙা পানী জমা হৈছে । চিটিবাছবোৰত ভিৰ প্ৰায় একেই । নাতি দূৰৈত ঠিক সেই নিৰ্দিষ্ট ঠাইডোখৰতে তাই ।

“অ’ই, তাই বাৰু কি জাতিৰ ? বয়স পঁচিশৰ বেছি নহ’ব চাগে’ ।”

তাইৰ কাষেৰে পাৰ হৈ যোৱা মানুহবোৰৰ আঁৰত লুকা-ভাকু খেলি থকা তাইৰ চেহেৰাটো নিৰীক্ষণ কৰিবলৈ যত্ন কৰিলোঁ । মুখখন মলিন শেঁতা । চকুৰ গুৰিত দুই-এডাল দৰিদ্ৰতাৰ আঁচোৰ পৰা যেন ভাব হয় । সন্ধানী চকুকেইটা যেন প্ৰতিজন পদচাৰীৰ মনস্তত্ব অধ্যয়নত ব্যস্ত । ওঁঠযোৰ নিস্তেজ, শুকান ।

“অ’ই, কথা এটা ক’ চোন ” – মই কৌতূহলেৰে নবৰ মুখলৈ চালোঁ ।

“চিটিবাছত ঠেলা হেঁচাততো কেতিয়াবা কাৰোবাক গচকি পাওঁ বা কাৰোবাৰ গাত ভৰিখন লাগে ?”

“পিচে ?”

“নহয়,  তেতিয়াতো আমি হাতখনত চুমুক এটা দি কপাললৈ তুলি নিও, দোষ মাৰ্জনাৰ বাবে ।”

নবৰ কথাৰ লক্ষ্য বুজি উঠিলোঁ । পুনৰ তাইলৈ চাই পঠিয়ালোঁ । সস্তীয়া ফিচিকা শাৰীখন বৰষুণত তিতি জেলেপা-জেলেপ হৈছে । পদপথৰ মাজত বালিয়ে-পানীয়ে লুতুৰী-পুতুৰী হৈ তাই বহি আছে । পঁয়া লগা ভৰি দুখন সম্মুখলৈ মেলি ধৰিছে আৰু তাৰে মাজে মাজে সস্তীয়া ষ্টীল নে আন কিবা ধাতুৰ পাত্ৰটোত আঘাত কৰিছে । খুচুৰা পইচা কেইটামান পাত্ৰটোত নাচি উঠিছে । জুনুক্-জুনুক্, যেন তাইৰ ভৰিত নূপুৰৰ জুনজুননি । দুই-এজনে খুচুৰা পইচা দুটামান দলিয়াই দি গ’ল । মন কৰিলোঁ প্ৰায় সকলো ব্যস্ত পদচাৰীয়েই তাইৰ দীঘলকৈ মেলি ৰখা পঁয়া লগা ভৰি দুখন ডেই গৈছে ।

“দাদা, গল্ডফ্লেইক্ দুটা দিব” – চিনাকি মাতটোত সম্বিত ঘূৰাই পালোঁ । পুৰু (পুৰুষোত্তম) আৰু ৰুবুল ।

“কি চাই আছ ?” । ৰুবুলক তাইৰফালে ইংগিতেৰে দেখুৱাই নবই পুনৰ দোহাৰিলে

“তাই বাৰু কি জাতিৰ !”

গল্ডফ্লেইক্ ব্ৰেণ্ডৰ চিগাৰেট এটা মোলৈ আগুৱাই দি বিৰক্তিৰে পুৰুৱে ক’লে  – “বাংলাদেশী ! আৰু কি ?”

চিগাৰেটটোত দীঘলকৈ হোঁপা এটা মাৰিলোঁ । বুকুৰ গভীৰলৈ সুমুৱাই দিলোঁ ধোঁৱাবোৰ । …….কথাবোৰ ধোঁৱা হৈ, ধোঁৱাবোৰ কথা হৈ কুণ্ডলী পকাই উৰি গৈছে আমাৰ চৌদিশে ।

মানুহবোৰ তাইক ডেই গৈ আছে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments