গতি ( অনিতা গগৈ )

Gati_Anita Gogoi

প্ৰচণ্ড বেগেৰে আহি হঠাৎ ব্ৰে’ক মাৰি ৰখাই দিয়া বাছখনত উঠি পৰিল নন্দিনী৷ দুই ওঁঠৰ মাজত সোঁহাতৰ তৰ্জনী আৰু বুঢ়া আঙুলি দুটা একেলগ কৰি সোমোৱাই বিশেষ কায়দাৰে সুহুৰিয়াই পৰিচালকজনে দিয়া নিৰ্দেশত ইঞ্জিন সক্ৰিয় ক’ৰি ৰখা বাছ চালকজনে স্পীড পুনৰ বঢ়াই দিলে৷ যাত্ৰীৰ অত্যন্ত ভিৰ৷ কোনোমতে নন্দিনীয়ে এঠাইত থিয় হৈ বাওঁহাতেৰে হেণ্ডবেগটো খামুচি ধৰি সোঁফালৰ আসনৰ হেণ্ডেলডালত ধৰি কথমপি ভাৰসাম্য ৰাখি থিয় হ’ল৷ চেপ্তেম্বৰ মাহৰ শেষৰ ভাগৰ গেলেপা লগা গৰমৰ বতৰ৷ এনেয়ে বাছৰ ভিতৰখনত মানুহৰ ঘাম আৰু পাৰফিউম মিশ্ৰিত উৎকট দুৰ্গন্ধ, তাতে আকৌ বিভিন্নজন যাত্ৰীৰ কথোপকথনত সৃষ্টি হোৱা বিচিত্ৰ কোলাহলৰ তীব্ৰতা দুগুণ বঢ়াই ফুল ভলিউমত বাজি আছে বাছখনৰ মিউজিক চিষ্টেম৷ মাজে মাজে অনৰ্থক বিকট শব্দৰে চালকজনে বজোৱা হৰ্ণ৷ যাত্ৰীৰ ভিৰত এটা খোজো আগবাঢ়িবৰ সুৰুঙা নথকা স্বতেও পৰিচালক জনে দুয়োফালৰ আসনৰ মাজৰ খালী ঠাই টুকুৰাত বহিবলৈ সুবিধা নাপাই অ’ত ত’ত ধৰি থিয় হৈ যোৱা যাত্ৰীসকলক উদ্দেশ্যি কৈ আছে ভিতৰলৈ সোমাই যাবলৈ৷ সেই ভিৰৰ মাজেৰেই নিজেও বেকা-বেকিকৈ আসনত বহি যোৱা যাত্ৰীসকলৰ ভাৰা সংগ্ৰহ কৰি কৰি পৰিচালকজন আহি আহি তাইৰ কাষত ৰৈ ক’লৈ যাব সুধিলেহি আৰু আগৰ ষ্ট’পেজত খালী হ’বলগা আসনত বহি ল’বলৈ ক’লে৷

আধা ঘণ্টামানৰ পিছত বাছখন ৰৈ গ’ল৷ হুৰমূৰকৈ নামি গ’ল বাছখনৰ প্ৰায় আধা যাত্ৰী৷ বেছিভাগেই স্কুল কলেজৰ ছাত্ৰ- ছাত্ৰী আৰু বিভিন্ন অফিচ, কাছাৰীত কৰ্মৰত লোক আৰু বজাৰৰ দোকানী পোহাৰী৷ বিভিন্ন ঠাইৰ পৰা এই চহৰখনলৈ দৈনন্দিন এনেদৰে যাত্ৰা ক’ৰে বহু লোক৷ সেয়ে পুৱাৰ এই বাছকেইখনৰ স্পীডো বেছি আৰু য’তে ততে নৰখোৱা বাবে, এনেই ফুৰিব চাকিবলৈ যোৱা মানুহ সাধাৰণতে কম৷

মানুহৰ ভিৰ কিছু কমাত ইফালে সিফালে চাই চিট পোৱা যাব নেকি সন্ধান কৰি নন্দিনীয়ে দেখিলে এহাল দম্পত্তি বাছৰ পৰা নামিবলৈ সাজু হৈছে৷ সেইফালে আগবাঢ়ি গৈ নন্দিনী তেওঁলোকে উঠি যোৱা দুজনীয়া আসনখনৰ খিৰিকীমুখৰ চিটটোত ভালদৰে বহি ল’লে৷ নন্দিনীক বহিবলৈ সুবিধা কৰি দি উঠি যাওঁতে মহিলাগৰাকীয়ে নন্দিনীৰ মুখলৈ চাই মৰা সৌজন্যবোধক হাঁহিটো নন্দিনীৰ খুবেই ভাল লাগি গ’ল৷ কোমলবয়সীয়া মহিলা গৰাকীক.. মহিলা বুলি কো‍ৱাতকৈও ছোৱালী বুলি ক’লেহে অধিক শুৱাব৷ বয়স খুব বেছি উনৈশ বা বিশ৷ পুৰুষজনৰো বয়স পঁচিছ ছাবিছৰ বেছি নহ’ব৷ এক কথাত কৈশোৰ উত্তীৰ্ণ সদ্য যুৱ-দম্পত্তি৷ হয়তো কোনোবা আত্মীয়ৰ ঘৰত প্ৰথমবাৰ ফুৰিবলৈ আহিছে নহ’লেবা মাকৰ ঘৰলৈ প্ৰথম বিয়াৰ পিছত থাকিবলৈ অহা ছোৱালীজনীক গিৰিয়েকে থৈ যাবলৈ আহিছে কিছুদিন থকাকৈ৷ গধুৰ চ্যুটকেছ এটা এহাতে আনহাতে এটা এয়াৰ বেগ লৈ নামি যোৱা ল’ৰাটোৰ পিছে পিছে নতুন নতুন গোন্ধাই থকা পাটৰ কাপোৰযোৰৰ খচমচনি চম্ভালি হাতত এটা সৰু পাৰ্চ লৈ অনভ্যস্ত্ খোজেৰে নামি গ’ল সেন্দূৰীয়া গাল মুখৰ কইনাজনী৷ নন্দিনীৰ তেওঁলোকক দেখি এনে লাগিল যেন.. দূপৰীয়া হ’বলৈ তেতিয়াও ভালেখিনি সময় বাকী থকা শীতকালৰ পুৱাবেলাৰ ৰ’দ৷ কাতি আঘোণ মহীয়া পথাৰৰ আলিত বহি যে কলপাতত নিমখ জলকীয়া মিহলোৱা চকলিওয়া ৰ’বাব টেঙাৰ সোৱাদ, ঠিক যেন তেনে তেওঁলোকৰ সংসাৰ! টেঙা-মিঠা ..অম্ল-মধুৰ৷ উমাল সৰস! তিক্ততা এতিয়াও অহা নাই৷ ভাল লাগে এনে সময়বোৰ অকাৰণ লাজ লাজ, অপেক্ষাৰ কোমল যন্ত্ৰনা আৰু প্ৰিয়জনৰ নিবড় আলিংগনৰ মনজুৰুৱা বুকুভৰা আবেশ! ভাল লাগে দিনবোৰ, গছবোৰ, চৰাই চিৰিকতি, আকাশ, নদী, বননি, জোন বেলি তৰা, আজৰিপৰত সন্ধিয়াৰ চাহকাপ একেলগে খোৱা, কাষৰতে বহি চকুত চকু থৈ বিভোৰ হোৱা. এটা গান একেলগে গুনগুনোৱা, কবিতাপাঠ, নাটক সকলো৷ ভাল লাগে জীৱন, যেতিয়ালৈ নঘটে ছন্দপতন! এই যে নামি গ’ল মানুহ হাল সিহঁতৰো জীৱনটো বাৰু ছন্দ নেহেৰুৱাকৈ অতিবাহিত হ’বনে? আজিৰ পৰা দহ বছৰৰ পিছতো একেই থাকিবনে ৰাগ অনুৰাগ? মোহগ্ৰস্ততা? হয়তো থাকিব! কোনে জানে? জীৱনে নিজেই নাজানে.. জীৱনৰ সংজ্ঞা কি? খিৰিকীৰে দূৰৰ নৈসৰ্গিক শোভা চাই চাই আনমনা হৈ পৰিল নন্দিনী পথটোৰ এইছোৱাৰ দুয়োকাষে বিস্তীৰ্ণ সঁজাল ধৰা ধাননি পথাৰ৷ কিছুদিনৰ পিছতে গেঁৰ ধৰি সোণোৱালী শইছেৰে নদন বদনকৈ উপচি পৰিব খেতিয়ক সপোন৷ দূৰৈত গাঢ় সেউজীয়া বননি অত তত এটা দুটা বাসগৃহ৷ চকুৰে মনিব পৰালৈ দৃষ্টিনন্দন সেউজীয়াৰ পয়োভৰ৷

কেৰেচ্ …হঠাৎ ব্ৰেক মাৰি ৰৈ গ’ল বাছখন৷ ইমানপৰে কেবাবাৰো আঁতৰাই দিয়াৰ পিছতো, বিৰক্তিকৰভাবে নন্দিনীৰ সোঁ বাহুত প্ৰায় ভেজা দি টোপনিয়াই অহা ভদ্ৰলোকজন হাউলি গৈ সন্মুখৰ আসনৰ লোহাৰ ফ্ৰেমত কঁপালত খুন্দা খাই চকামকাকৈ সাৰ পালে৷ খৰধৰকৈ বাছৰ পৰা নামি গ’ল দুজনমান মানুহ৷ বাকীসকলেও উৎকণ্ঠাৰে ইস্ আস্ কৰিবলৈ লাগিল৷ নিজৰ আসনৰ পৰা জপিয়াই নামি গ’ল চালকজনো৷ ইমানপৰে খিৰিকী মুখৰ আসনখনত বহাৰ সুবিধা পাই নিজৰ ভাবত বিভোৰ হৈ অহা নন্দিনীয়ে পৰিবেশটো একো বুজ নাপাই খিৰিকীৰে বাহিৰলৈ চাই বুজিবৰ চেষ্টা কৰিলে৷ ইতিমধ্যে তাইৰ কাষৰ আসনত বহি টোপনিয়াই অহা মধ্যবয়স্ক ভদ্ৰলোকজনেও বাহিৰলৈ গৈ ঘটনাৰ বুজ লৈ আহি তাইৰ ফালে চাই উপযাচি জনালে যে, এটা দুৰ্ঘটনা ঘটিল! বাছৰ দুৱাৰমুখত উলমি যোৱা বাছখনৰ হেণ্ডিমেন ল’ৰাটো পৰি বেয়াকৈ জখম হৈছে৷

*******************************************

’’ এই যে কাণ্ডজ্ঞানহীন বাছৰ চালক, পৰিচালক আৰু হেণ্ডিমেনবোৰৰ বেপৰুৱা কাণ্ডবোৰ! একেবাৰেই অসহ্য৷ এতিয়া সেই ল’ৰাটোৰ কি গতি হ’ব? তাৰ বা ঘৰত কোন কোন আছে? ইমান সৰু ল’ৰাটোৱে যেতিয়া উপাৰ্জনৰ বাবে বাছৰ হেণ্ডিমেন হ’বলগা হৈছে, কোনে জানে কিজানি তাৰ ঘৰত সিয়েই একমাত্ৰ উপাৰ্জনকৰ্তা! ১০৮ লৈ খবৰ দিছে৷ আহি নোপোৱালৈ বাছো যাব নোৱাৰে৷ তথাপি ল’ৰাটো ভালে ভালে ভাল হ’লেই হয় আৰু৷ ৫০০ টকা ড্ৰাইভাৰক দিছো তাৰ চিকিৎসাৰ বাবে, বিশেষ টকা পইছা অনাও নাই৷ মোৰ এটা জৰুৰী কাম আছিল সেইটো কৰি সন্ধ্যাৰ বাছত আকৌ ঘূৰিম৷ তুমি কোনফালে যাবা?

ক’লেজ নে ইউনিভাৰ্চিটিলৈ?’’

মানুহজনৰ কথাখিনি শুনি নন্দিনীৰ পূৰ্বৰ বিৰক্তিজনক ভাৱটো কিছু শাম কাটিল৷ মানুজন নিশ্চয় এজন সৎ মানুহ৷ হঠাতে নিজৰ পকেটৰ পৰা আনৰ বাবে পইচা উলিয়াই দিব পৰা মানুহ খুব কম আছে আজিকালি৷

“নহয়, মই মোৰ ছোৱালীৰ কাষলৈ আহিছোঁ৷ তাই ডিব্ৰুগড়ৰ ছেণ্টমেৰীজ কনভেণ্ট স্কুলত পঢ়ে৷ ক্লাছ ছিক্সত৷’’

তাইৰফালে চাই অবিশ্বাসৰ চাৱনিৰে মানুহজনে ক’লে’’ এঃ হয়নে দেখাত তোমাক কিন্তু কলেজ বা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট যেনহে লাগে৷’’

সামান্য হঁহাৰ দৰে কৰিলে নন্দিনীয়ে, আৰু অধিক কথা বঢ়াবৰ বাবে সুবিধা দিবলৈ ইচ্ছা নকৰি তাই খিৰিকীৰ ফালে মুখ কৰি বহিল৷ ইতিমধ্যে আহি পোৱা ১০৮খনত ল’ৰাটোক উঠাই বাছখনৰ এজন পৰিচালকে ল’ৰাটোৰ সৈতে চিকিৎসালয়লৈ যোৱাৰ পিছত চালকজনে বাছখন ষ্টাৰ্ট কৰিলে৷ মানুহবোৰ নিজৰ আসনলৈ ওভতি আহিল৷ চালকে বাছৰ গতি বঢ়াই দিলে.. হাই ভলিউমত বজাই অহা মিউজিক চিষ্টেম এইবাৰ বন্ধ৷ ঘড়ী চাই নন্দিনীয়ে দেখিলে পুৱা ৮-৪৫ মিনিট৷ ডিব্ৰুগড়লৈ এতিয়াও ৪০ কিঃমিঃ বাকী৷ অন্ততঃ আৰু একঘণ্টা লাগিব৷ পুৱা ৯ বজাৰ ক্লাছ আৰম্ভ হোৱাৰ পূৰ্বে ৰিদ্ধিক লগ কৰিবগৈ পৰা নহ’ব আৰু৷ ১২ বজাৰ বিৰতিৰ সময়তহে লগ কৰিব পৰা হ’ব৷ আকৌ তাৰপৰা ওলাই বিভূতি দত্তৰ চেম্বাৰ পাইগৈ মানে পিছবেলাই হ’বগৈ৷ যি বুজা গ’ল আজি ঘূৰিব পৰা নহ’বগৈ ….৷

কাষত বহি যোৱা মানুহজনে পুনৰ টোপনিয়াইছে৷ আকৌ হালি আহিছে তেওঁৰ শৰীৰ.. নন্দিনী বাহু আৰু কান্ধৰ ফালে৷ এইবাৰ কিন্তু নন্দিনীৰ সিমান বিৰক্তি ওপজা নাই৷ হঠাতে পলাশীলৈ মনত পৰি তাইৰ হাঁহি উঠি গ’ল৷

*************************************

একেলগে বাছত উঠি কলেজলৈ গৈছিল সিহঁত৷ বাছৰ ভীৰৰ সুবিধাত অবাঞ্চিত স্পৰ্শৰ পৰা হাত সাৰিবলৈ তাই হাতত লৈ ফুৰিছিল খোলা চেফ্টি পিন৷ কি যে ছোৱালী এজনী আছিল তাই! তাইৰ পৰাই নন্দিনীয়েও আয়ত্ত কৰিছিল অনমনীয়তা৷ যিকোনো অবাঞ্ছনীয় পৰিস্থিতিতে অটল হৈ জীৱনৰ সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰা মানসিকতাৰ ছোৱালী পলাশী আছিল সমাজশাস্ত্ৰৰ ছাত্ৰী৷ আনহাতে নন্দিনী আছিল কমাৰ্চৰ ছাত্ৰী৷ কথাই কথাই পলাশীয়ে আওৰাইছিল হীৰুদাৰ কবিতা৷ হায়াৰ চেকেণ্ডাৰী চুড়ান্ত বৰ্ষৰ পৰীক্ষা চলি থকাৰ মাজতে এদিন সিহঁতৰ কলেজ কেম্পাচলৈ হঠাৎ সোমাই আহিছিল ইণ্ডিয়ান আৰ্মিৰ দুখন প্ৰকাণ্ডণ্ড কনভয়৷ সেই সময়ছোৱাত উগ্ৰপন্থী দমনৰ বাবে ভাৰতীয় সৈন্যবাহিনীয়ে চলাইছিল

’’ অপাৰেচন বজৰং ’’৷

পৰীক্ষা হ’লৰ নিমাওমাও পৰিবেশ ভংগ কৰি সোঁ সোঁৱাই সোমাই অহা আৰ্মিৰ গিৰিপ্ গাৰাপ্ খোজ ৰৈ গৈছিলহি অধ্যক্ষৰ কাৰ্যালয়ৰ দুৱাৰমুখত৷ চেপা উত্তেজনাই বিৰাজ কৰা সেই পৰিবেশত পৰীক্ষাৰ্থীসকলৰ সন্ত্ৰস্ত চকুবোৰক আশ্বৰ্যাভিভূত কৰি কলেজৰ আন দুজন ছাত্ৰৰ সৈতে আৰ্মিৰ বেষ্টনীৰ মাজত লৈ যোৱা হৈছিল পলাশীক! সোধপোছৰ বাবে লৈ যোৱা সেই তিনিজন ছাত্ৰছাত্ৰীৰ ভিতৰত এজন ছাত্ৰক পিছত এৰি দিয়া হৈছিল কিন্তু পলাশী আৰু আনজন ছাত্ৰ যেন বতাহৰ সৈতেহে বিলীন হৈ গৈছিল৷ আশ্বৰ্যাভিভূত সিহঁতে পিছত গম পাইছিল যে, অসমৰ স্বাধীনতাকামী উগ্ৰপন্থী সংগঠনটোৰ এগৰাকী সক্ৰিয় সদস্যা আছিল পলাশী৷ অনবৰতে ছাঁৰ দৰে পলাশীৰ সৈতে থকা নন্দিনীৰ বাবেও কথাবোৰ যেন কিবা অবুজ সাঁথৰ আছিল৷ তেতিয়াহে তাই বুজিছিল পলাশীয়ে পঢ়া টেবুলৰ তলৰ ট্ৰাংকটোত লুকুৱাই ৰখা বৃহৎ কলেবৰৰ মাৰ্ক্স, লেনিনৰ তাই কাহানিও চুই নোচোৱা, বুজিবলৈ চেষ্টা নকৰা কিতাপবোৰত অনবৰতে দুব গৈ থকা পলাশীৰ দুচকুৰ তলৰ নিদ্ৰাহীনতাৰ গভীৰ দাগবোৰৰ গূঢ়াৰ্থ৷ মনলৈ আহিছিল তাইৰ দুচকুৰ দীপ্ত তীক্ষ্ণতা৷ আগতকৈও বেছি সমীহ হৈছিল পলাশীলৈ তাইৰ৷

“খিৰিকীখন টানি লোৱা সন্মুখৰ মহিলাগৰাকীয়ে খিৰিকীৰে মূৰ উলিয়াই বমি কৰিছে৷” কাষৰ মানুহজনৰ মাতত ইমানপৰে অন্যমনস্ক হৈ অহা নন্দিনীয়ে গ্লাচখন টানি খিৰিকীখন বন্ধ কৰি দিলে৷ আগতে বাছত উঠিলেই যিকোনো দুৰ্গন্ধ বা হৈ হাল্লাৰ অস্বস্তিকৰ পৰিবেশত নন্দিনীৰো তেনে হৈছিল, কিন্তু পিছলৈ বাছেৰে কলেজলৈ অহা যোৱা কৰি অভ্যস্ত হোৱা বাবে কমি গৈছিল সেই প্ৰৱনতা৷ আজিকালি অৱশ্যে কোনো কথাই সহজে আক্ৰান্ত নকৰে তাইক৷ যেন জীৱনে শিকাই দিছে জীৱনৰ গতিৰ সৈতে সহজে আগবঢ়াৰ গোপন মন্ত্ৰ৷ আয়ত্ত কৰিছে খলাবমাৰে উজুটি খাই থমকি ৰ’লেও, পুনৰ আগবাঢ়ি যোৱাৰ দৃঢ়তা৷

*********************************************

খিৰিকীখন পুনৰ খুলি দিলে তাই৷ ফিৰফিৰিয়া বতাহ এজাক সোমাই আহিল৷ আৰু ১৫ মিনিটমানৰ পিছতেই ডিব্ৰুগড় পাবগৈ বাছখন৷ কিন্তু এতিয়াই ৰিদ্ধিৰ স্কুললৈ গৈও একো লাভ নহ’ব৷ বিভূতি দত্তৰ চেম্বাৰলৈকে যাব নেকি? পিছে এপইণ্টমেণ্ট লোৱা আছিল ১-৩০ বজাৰ পিছত; পিছবেলাহে৷ আজি কামবোৰ আগবাঢ়িলেই হয় আৰু… ভাবিলে নন্দিনীয়ে৷ দীঘলীয়া হুমুনিয়াহ এটা অজানিতে ওলাই আহিল তাইৰ৷ ৰিদ্ধিৰ মুখখনো বাৰে বাৰে মনলৈ আহিছে৷ চকুৱে মুখে অনামী এক কাৰুণ্যসনা ছোৱালীজনী বয়সতকৈ বহু বেছি গম্ভীৰ৷ অনবৰতে ডুব গৈ থাকে কিতাপৰ মাজত৷ ক্লাচৰ বিৰতিৰ সময়ত বা অৱসৰৰ সময়তো তাইৰ ৰাপ কেৱল কিতাপ পঢ়া৷ বন্ধৰবাৰ বোৰত, যি সময়ত লগৰ ছোৱালীবোৰে হৈ হাল্লা কৰি আওটদ’ৰ ফান এক্টিভিটিছত ভাগ লয় বা অভিভাৱকৰ সৈতে ফুৰিবলৈ যায়, ৰিদ্ধি বহি থাকে লাইব্ৰেৰী বা হ’ষ্টেলৰ কোনোবা এখন বাৰাণ্ডাৰ কোনত বা তাইৰ কোঠাৰ আছুতীয়াকৈ থকা খিৰিকীমুখত৷ হাতত এখন মস্ত কিতাপ৷ কিতাপ বুলি যা তা নহয়৷ এতিয়াই তাইৰ কিতাপৰ চিলেকছন দেখি অবাক হয় নন্দিনী৷ মানুহৰ কেৱল চেহেৰাই নহয় কিছুমান স্বভাৱো যে বংশানুক্ৰমিকভাবে আহে সেয়া ৰিদ্ধিৰ ক্ষেত্ৰত প্ৰতীয়মান হয়৷

***********************************************

ডিব্ৰুগড় আহি পোৱাৰ পিছত নন্দিনীয়ে পোনতে মীৰাৰ ঘৰলৈকে যোৱাৰ কথা ভাবিলে বহুদিন তাইক লগো পোৱা নাই৷ ফলমূলৰ দোকানত সোমাই অলপ আপেল, খেজুৰ আৰু বেদানা কিনিলে তাই.. মীৰাৰ প্ৰিয় ফল৷ অট’ৱালাক মীৰাৰ ঘৰৰ এড্ৰেছ বুজাই দি বহি ল’লে৷ এসময়ত মাহীয়েকৰ ঘৰত থাকি পঢ়া মীৰাও তাইৰ আৰু পলাশীৰ অন্তৰংগ বান্ধবী আছিল৷ নন্দিনী আৰু মীৰাৰ বিষয়ো একে হোৱাৰ বাবে ইউনিভাৰ্চিটিলৈকে সিহঁত দুজনী একেলগে পঢ়িছিল৷ নাটক পাগল ছোৱালীজনী হঠাৎ এদিন হঠাৎ ঘৰৰ পৰা পলাই গৈ নাট্যকাৰ, অভিনেতা মবিদুৰ আলম খানৰ সৈতে কৰ্ট মেৰেজ ক’ৰাই মীৰা উপাধ্যায় হৈ পৰিল মেহেৰুণনিছা খাটুন৷ কলেজীয়া দিনৰে ভালপোৱা আছিল সিহঁতৰ৷ হতবাক হৈছিল নন্দিনী৷ প্ৰেমৰ কি অদ্ভুত শক্তি! প্ৰিয়জনৰ বাবে নাৰীয়ে কৰিব পাৰে পৃথিৱীৰ চূড়ান্ত ত্যাগ ..নিজৰ আপোন ঘৰ, পৰিয়াল-পৰিজন, প্ৰিয় চহৰ, বহুতো ইচ্ছা অনিচ্ছা, সৰু সৰা চখ এনেকি নিজৰ নাম পৰ্যন্ত! কেৱল ভালপোৱাৰ বাবে তিলে তিলে নিজৰ জীৱন পৰ্যন্ত উছৰ্গা কৰিবলৈও কুণ্ঠাবোধ নকৰে নাৰীয়ে৷ সহি যায় প্ৰিয়জনৰ লাঞ্চনা গঞ্জনাও…৷ বিয়াৰ পিছৰ বছৰতে অসুস্থ হৈ পৰিছিল মীৰা, ধৰা পৰিছিল হৃদযন্ত্ৰৰ অসুস্থতা৷ লাহে লাহে বাঢ়ি আহিছিল অসুখ আৰু সমান্তৰালভাৱে মবিদুৰৰ অৱহেলা, শিলত পৰি ভঙা কাঁচৰ দৰে চন্ চনাই ভাঙি পৰিছিল যেন প্ৰেমৰ সৌধ.৷ নাটকৰ ৰিহাৰ্চেল বা বিভিন্ন ঠাইত মঞ্চাভিনয় কৰি পলমকৈ ঘৰ সোমোৱা মবিদুৰ পিছলৈ কেবাদিনলৈ ঘৰলৈ নহাকৈ থকা হৈছিল৷ চকুৰপানী গোট মাৰি শিল হোৱা চকুৰে, চকুৰ গুৰিত গভীৰ হৈ অহা কলাদাগ আৰু ভগ্নস্বাস্থ্যৰে মীৰাক হঠাতে এদিন, ডিব্ৰুগড়ৰ কাপোৰৰ দোকান এখনত লগ পাই উচুপি উঠিছিল নন্দিনী৷ নিৰ্বিকাৰ হৈ তাইৰ খবৰ জনাইছিল মীৰাই যে, সুদীৰ্ঘ দহবছৰৰ সংসাৰৰ পিছতো সিহঁতৰ সংসাৰলৈ তৃতীয়জন নহাৰ অজুহাতত দ্বিতীয় বিবাহ কৰালে তাইৰ স্বামীয়ে৷

*****************************************************

সিদিনা একো ক’ব পৰা নাছিল নন্দিনীয়ে কিন্তু মীৰাৰ ফ’ন নম্বৰ আৰু ঘৰৰ ঠিকনা লৈ আহিছিল৷ নন্দিনীৰ উৎসাহতে প্ৰায়ভেটকৈ পঢ়ি আধৰুৱা শিক্ষা সমাপ্ত কৰিছিল মীৰাই৷ আজি তিনিবছৰ ধৰি এটা প্ৰায়ভেট কোম্পানীত ঘৰৰ পৰাই কাম কৰিবপৰা এটা চাকৰি কৰি নিজৰ চিকিৎসাও চলাই আছে তাই৷ ভাবি ভাবি আহি মীৰাৰ পদূলিমূখত অট’চালকজনে অট’খন ৰখাই দিয়াত নন্দিনী নামি পৰিল৷ অট’ৱালাজনক ভাৰাৰ পইচাখিনি আদায় দি মীৰাৰ দুৱাৰমুখত ৰৈ কলিংবেল টিপিলত এগৰাকী বয়সস্থ মহিলাই দুৱাৰ খুলি দি চৰাঘৰতে বহিবলৈ কৈ ফেনখন চলাই দিলে৷ নন্দিনীয়ে মীৰাৰ কথা কোৱাত ভিতৰলৈ সোমাই গ’ল মহিলাগৰাকী৷ চৌখিনভাবে সজোৱা চৰাঘৰটোত আভিজাত্য আৰু ৰুচিশীলতাৰ চাপ পৰিষ্ফুত৷ অলপ পিছতে কোলাত এটা দুবছৰীয়ামান বয়সৰ কেচুৱা লৈ ওলাই আহিল মীৰা৷ পিছে পিছে ট্ৰে’ এখনত এগিলাছ নেমুৰ চৰ্বত আৰু দুবিধমান খোৱা বস্তু সজাই লৈ সেই মহিলাগৰাকী৷ নন্দিনীৰ সন্মুখৰ টিপয় এখনত খোৱা বস্তুখিনি থৈ খাব বুলি কৈ পুনৰ ভিতৰলৈ গুছি গ’ল তেওঁ৷ এইবাৰ পোনে পোনে মীৰালৈ চাই নন্দিনীৰ মনটো খুবেই ভাল লাগিল৷ আগতকৈ স্বাস্থ্যৰ উন্নতি হৈছে তাইৰ৷ চকুৰ গুৰিৰ ক’লা দাগবোৰো পাতলিছে৷ বহল চকুহালত হাঁহি বিৰিঙাই মীৰাৰ ফালে চাইৰোৱা নন্দিনীলৈ আঙুলিয়াই মীৰাই খিলখিলাই হাঁহি কেচুৱাকনক ক’লে, ‘এয়া তোমাৰ নন্দিনী জেঠাই দেই…মোৰ ফ্ৰেণ্ড৷’ পুনৰ নন্দিনীৰ ফালে চাই ক’লে, ‘এইটো মবিদূৰৰ ল’ৰা ..সাইলাখ মবিদূৰেই, দেখাতো আৰু কথাই কাণ্ডইও৷ জেবিনৰ লগত নাথাকেই, মোৰ লগতহে থাকে দিনটো৷ ‘ তেতিয়াহে নন্দিনীৰ মনলৈ আহিল মবিদূৰৰ ২য় গৰাকী পত্নীৰ নাম শুনিছিল মীৰাৰ মুখতে… জেবুন্নিছা বুলি৷ হাঁহিমুখীয়া মীৰাৰ মুখখন দেখি নন্দিনীৰ ভাল লাগিল..কিন্তু ক’ৰবাত জানো অকনমান দুখো নাই মীৰাৰ উচ্ছল হাঁহি আৰু কথাৰ আঁৰত! বুজাৰ চেষ্টা কৰিবলৈও মন নগ’ল তাইৰ…৷ থাকক: এনেকৈয়ে যদি সুখী হয় মীৰা! তাইৰ ভালহে লাগিব৷ মীৰাৰ সৈতে প্ৰায় দুঘণ্টা সময় কটাই, দিনৰ সাজ আহাৰ তাইৰ ঘৰতে খাই ৰিদ্ধিৰ স্কুললৈ পোনালে নন্দিনীয়ে৷ জন্মদিনৰ উপহাৰ হিচাপে তাইলৈ লৈ অনা ড্ৰেচটোৰ ওপৰিও দুখনমান কিতাপ আৰু কেডবেৰীৰ চক’লেটৰ টোপোলা এটাও সুন্দৰকৈ পেক ক’ৰাই লৈ ল’লে তাই৷ স্কুল পাইগৈ মানে স্কুলৰ ক্লাছৰ ৰিক্ৰেচন আৱাৰ আৰম্ভ হৈছে৷ হেড্ মিষ্ট্ৰেছৰ ৰুমত বহি থকা নন্দিনীৰ ওচৰলৈ মতাই অনা ৰিদ্ধিলৈ চাই দুচকুৰ কোন দুটা সেমেকি উঠিল তাইৰ৷ হেডমিষ্ট্ৰেচে প্ৰশ্ৰয়ৰ হাঁহি মাৰি ক’লে, ‘ৰিদ্ধি ইজ টু ব্ৰিলিয়েণ্ট৷ চি ইজ আ’ৰ প্ৰাইড্৷ বাট ভেৰী চাইলেণ্ট৷ প্লিজ টেক্ প্ৰপাৰ কেয়াৰ অৱ হাৰ’ —সামান্য হাঁহি.. তেখেতৰ অনুমতি সাপেক্ষে ৰিদ্ধিৰ সৈতে ওলাই আহি ভিজিটিং ৰুমত বহিলহি নন্দিনী৷ তেতিয়ালৈ এটাও কথা নোকোৱা ৰিদ্ধিৰ কঁপালত চুমা খাই নন্দিনীয়ে উপহাৰৰ সামগ্ৰীখিনি আগবঢ়াই কোমলকৈ হাঁহি ক’লে, ’হেপ্পী বাৰ্থদে ৰিদ্ধি’..কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ তাইৰ কাষত বহি ৰোৱা ৰিদ্ধিৰ মুখলৈ চাই চাই তাইৰ হাত দুখন কোলাই লৈ চুই চুই কিবা এক অপৰাধবোধত মৌন হৈ বহি ৰ’ল নন্দিনীও..ক’ম ক’ম বুলিও ৰিদ্ধিক ক’ব নোৱাৰিলে তাই, ‘ইমান মৌন হৈ নাথাকিবা সোণ, মোৰ বুকু ভাঙি যায় ..৷’ ইতিমধ্যে ক্লাচৰ সময় হোৱাত ৰিদ্ধি ‘যাওঁ’ বুলি কৈ ক্লাচলৈ গুচি গ’ল৷ তাই যোৱাৰ ফালে কিছুসময় চাই থাকি..অৱশভাৱে থিয় হৈ নন্দিনী স্কুল কেম্পাচৰ পৰা ওলাই আহিল আৰু অট’ এখন মাতি বহি লৈ সময় চাই ভাবিলে যে, ‘১ বাজি ১৫ মিনিট হ’লেই যেতিয়া বিভূতি দত্তৰ চেম্বাৰলৈ যাওঁ, অলপ দেৰী হয়তো বহিবলগা হ’ব কিন্তু আজিয়ে কামখিনি শেষ কৰি ঘূৰি যাব লাগিব৷ অফিচৰ পৰা চুটীও লোৱা নহ’ল৷ কামো বহু পেণ্ডিং হৈ যায় এদিনতে ..৷

****************************************************

আগতে দুদিন আহিও লগ কৰিব নোৱাৰা বিভূতি দত্তক আজি লগ পোৱাৰ সুযোগ পালে নন্দিনীয়ে৷ পিছবেলাৰ ২য় জন ভিজিটৰ তাই৷ কিন্তু তেখেতৰ চেম্বাৰলৈ সোমাই যোৱাৰ পূৰ্বে কিবা এক আশংকাত দুৰু দুৰু কঁপি উঠিছে তাইৰ মন৷ কথাবোৰ ক’ৰ পৰা কেনেকৈ আৰম্ভ ক’ৰিব ভাবি ভাবি অস্বস্তি লাগিছে তাইৰ৷ হঠাৎ যেন খুব বেছি গৰম অনুভৱ হৈছে তাইৰ..হাত ভৰিত কঁপনি…চক্ৰাকাৰে যেন কঁপিছে মূৰৰ ওপৰৰ পৃথিৱীখন৷ বেগৰ পৰা পানীৰ বটলটো ওলিয়াই ঘোট ঘোটকৈ একে উশাহে পানীখিনি পি লৈহে কিছু প্ৰকৃতিষ্ঠ হ’ল তাই৷

‘নন্দিনী দত্ত বৰুৱা৷ অনুগ্ৰহ কৰি সোমাই যাব৷’ ৰিচেপ্টচনিষ্ট ছোৱালীজনীয়ে তাইৰ নাম মতাৰ লগে লগেই সন্ত্ৰস্তভাৱে বিভূতি দত্তৰ চেম্বৰলৈ সোমাই গ’ল নন্দিনী৷

বিভূত্তি দত্ত৷ বিখ্যাত আইনজীৱী উকীল বিভূতি দত্ত৷ বিশেষকৈ ডিভোৰ্চ কেচবোৰ লয় বিভূতি দত্তই৷ তেখেতৰ কাষলৈ অহা বিশেষকৈ নাৰীসকলে ন্যায়ৰ সকলোখিনি নিশ্চয়তা পায়৷ নিচিন্তে ডিভোৰ্চ হৈ যোৱাৰ পৰা পাবলগা এলিমনি আদায় হোৱালৈকে৷

‘হয়৷ বহক৷ কৈ যাওকচোন আপোনাৰ সমস্যা কি?’ আসনৰ পৰা, ক’লা বহল ফ্ৰেমৰ হাইপাৱাৰ চচমা পৰিহিত পঞ্চাশোৰ্ধ ব্যক্তিজনে তীক্ষ্ণ দৃষ্টিৰে মূৰ তুলি চালে নন্দিনীৰ ফালে৷ নন্দিনীৰ এনে লাগিল যেন নোকোৱাকৈয়ে তেখেতে পঢ়ি পেলাইছে নন্দিনীৰ মনৰ অন্তৰ্দ্বণ্ড৷ বুকু ভৰাই এটা উশাহ লৈ ধীৰে ধীৰে নন্দিনীয়ে এটা এটাকৈ কৈ গ’ল সকলো কথা..কেনেকৈ সুদীৰ্ঘ দিনৰ বুজাপৰাৰ পাছত একেটা অফিচতে চাকৰি ক’ৰা দীপ্তেন্দু বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ আজি ১৮ বছৰৰ পিছত সিহঁতৰ সংসাৰখন তাইৰ বাবে অসহনীয় বোজা স্বৰূপ হৈ পৰিছে৷ ভয়ংকৰ দূৰাৰোগ্য বেমাৰৰ দৰে সন্দেহ নামৰ ব্যাধিটোৱে গোপনে খুলি খুলি খাই গ্ৰাস কৰি আনিছে সকলো সুখ শান্তি৷ বিয়াৰ প্ৰায় আঠবছৰ পিছলৈকে সিহঁতৰ সংসাৰলৈ অহা নাছিল কোনো সন্তান৷ নাঃ কোনোজনৰ অক্ষমতাৰ বাবে নহয়৷ নিজৰ কাম কাজক লৈ, কেৰিয়াৰক লৈ অত্যন্ত উচ্চাভিলাষী দীপ্তেন্দুৱে বিছৰা নাছিল যে, সিহঁতৰ সংসাৰ আগবাঢ়ক..অযথা ঝামেলা বাঢ়ক! কিন্তু, কিছুমান কথা কেতিয়াবা নভবাকৈও হৈ যায়৷ সকলো কথাই মানুহৰ পৰিকল্পনামতে কেতিয়াও নহয়৷ কিছু ৰহস্যৰ আৱৰ্তত, কিছু অদৃশ্য নিয়ন্ত্ৰণত অতিবাহিত হয় মানুহৰ জীৱনৰ গতি৷ সম্ভৱপৰ সকলো সাৱধানতাৰ পিছতো নন্দিনীৰ জীৱনলৈ আহিছিল সেই পল! সেই অনন্য সুখানুভূতি যি ভৰাই তুলিছিল নন্দিনীৰ মন৷ হৃদয় জুৰাই তাইৰ জীৱন বৃতৰ কেন্দ্ৰবিন্দু হৈ তাইৰ জীৱনলৈ আহিছিল সেই শুভ সংবাদ যি তাইৰ বাবে কঢ়িয়াই আনিছিল নাৰী জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ অনন্য স্বাদ! প্ৰথমবাৰৰ বাবে মা হ’বলৈ ওলাইছিল নন্দিনী কিন্তু কিবা এক অজ্ঞাত কাৰণত তাই কথাটো ক’ৱ পৰা নাছিল দীপ্তেন্দুক৷ হয়তোবা তাইৰ শংকা হৈছিল দীপ্তেন্দুৱে এই সুখবৰৰ বিৰোধিতা কৰিব বুলি৷ অৱশ্যে তাৰ দুদিনমান পিছতে কম্পেনীৰ হৈ এখন ছেমিনাৰত যোগ দিবলৈ দিল্লীলৈ এসপ্তাহৰ বাবে গৈছিল দীপ্তেন্দু৷ ঘূৰি অহাৰ পিছত তেওঁক সেই সুখবৰটো জনাম বুলি পাঙিছিল নন্দিনীয়ে৷ হয়তো তাতেই হৈছিল ভুলৰ আৰম্ভণি!

***************************************************

সেইকেইটা দিনতে মূলসূতিলৈ উভতি অহাৰ পিছত, এটা যুগৰ পিছত তাইৰ মুখামুখি হৈ শশাংকই দিছিলহি এটা দুঃখবৰ৷ ভাৰতীয় সৈন্যৰ সৈতে মুখামুখি সংঘৰ্ষত ভাৰত-ম্যানমাৰ সীমান্তত নিহত হোৱা নিষিদ্ধ ঘোষিত বিল্পৱী সংগঠনৰ মহিলা কামাণ্ডেণ্ট পলাশী বৰমুদৈৰ মৃত্যুৰ দুঃসম্বাদ৷ তেওঁৰ ব্যক্তিগত ডায়েৰীত উল্লেখ কৰা আছিল যে তেওঁৰ মৃত্যুৰ পিছত যেন তেওঁৰ ব্যক্তিগত ডায়েৰী কেইখন আৰু কিতাপবোৰ গতাই দিয়া হয় একালৰ সহপাঠী..বান্ধৱী নন্দিনী দত্তৰ হাতত৷ সেইখিনি তাইৰ হাতত তুলি দিবলৈকে আহিছিল পলাশীৰ সৈতে একেলগে আৰ্মিয়ে সোধ-পোছৰ বাবে কলেজৰ পৰা লৈ যোৱাৰ পিছৰে পৰা ৰহস্যজনকভাবে নিখোঁজ হৈ যোৱা শশাংক সৌকাধৰা ওৰফে সমৰজিৎ বৰবৰা৷

দুঃখবৰটো শুনি আকষ্মিকতাত মূৰ ঘূৰাই পৰি যাব খোজা নন্দিনীক গাত ধৰি শুৱাই দিছিল শশাংকই আৰু তাইৰ বিছনাৰ কাষতে বহি থকা অৱস্থাতে.. অফিচিয়েল ট্যুৰৰ পৰা তিনিদিনৰ মূৰত ঘৰ আহি পাইছিলহি দীপ্তেন্দু৷ তাৰপিছতো দুই এদিন আহিছিল শশাংক৷ দীপেন্দুৱেও সহজভাৱে বন্ধুত্বপূৰ্ণভাৱে দুই এষাৰ কথাবতৰা হৈছিল শশাংকৰ সৈতে৷ কিন্তু কিয় জানো কওঁ কওঁ বুলিও ৰৈ গৈছিল দীপ্তেন্দুক নোকোৱাকৈ গৰ্ভাৱস্থাৰ কথা৷ আচলতে প্ৰমোচনৰ পাছতে বাঢ়িছিল তেওঁৰ ব্যস্ততা৷ ঘৰত খুব কম সময় নন্দিনীৰ সৈতে কটোৱা দুয়োৰে মাজত ক’ব নোৱাৰাকৈয়ে বাঢ়ি আহিছিল এক অদৃশ্য ব্যৱধানৰ প্ৰাচীৰ৷ ৩মাহ অতিক্ৰমৰ পিছত যেতিয়া তাইৰ অসুস্থতা বাঢ়ি গৰ্ভাৱস্থাজনিত অসুস্থতা বাঢ়ি আহিছিল তেতিয়া এদিন তাই দীপ্তেন্দুক দেখুৱাইছিল প্ৰেগনেন্সীৰ ৰিপৰ্টবোৰ৷ অস্বাভাবিকভাৱে খঙত উগ্ৰ হৈ উঠিছিল দীপ্তেন্দু৷ উপৰ্যুপৰি প্ৰশ্ন ক’ৰাৰ ওপৰিও প্ৰহাৰো কৰিছিল তাইক ঘৰৰ বনকৰা মানুহৰ আগতে৷ তেওঁ নথকা অৱস্থাত ৰাতি থকাকৈও আহে নেকি শশাংক এইবুলি জেৰা কৰিছিল বনকৰা মানুহক৷ বহু কৈফিয়ৎ দিও বুজাব পৰা নাছিল নন্দিনীয়ে৷ পিছলৈ তাই কথা ক’বলৈ এৰি দিছিল৷ এৰি দিছিল প্ৰতিবাদ কৰিবলৈও৷ বিয়াৰ পিছতে তাই এৰি দিছিল দীপ্তেন্দুৰ অফিচতে ক’ৰা একাউণ্টেণ্টৰ চাকৰিটো৷ কিন্তু মনৰ সুস্থিৰতাৰ বাবে তাই আন এটা কম্পেনীত ষ্টেন’-গ্ৰাফাৰৰ চাকৰিত জইন কৰিছিল৷ ৰিদ্ধিৰ জন্মৰ এমাহ আগলৈকে তাই চাকৰিলৈ নিয়মিত অহা যোৱা কৰিছিল৷ চিকিৎসালয়লৈ গৈ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিছিল, ঔষধ পথ্য সময়মতে গ্ৰহণ কৰিছিল৷ কিন্তু বহু চেষ্টা কৰিও তাই জোৰা মাৰিব পৰা নাছিল সিহঁতৰ সংসাৰত মেলা ফাটটোৰ৷

 ********************************************

….দিনে দিনে বাঢ়ি অহা গভীৰ অন্ধকাৰাচ্ছন্ন এক সুৰংগৰ দৰে গভীৰ সেই ফাঁটত অহৰহ ভাসমান হৈ ওলমি আছিল নন্দিনীৰ দিবা ৰাত্ৰি উৎকণ্ঠিত জীৱন বৃত্ত৷ অথচ সামাজিকভাৱে স্বাভাৱিক জীৱন বাহাল ৰখাৰ বাবে সুদক্ষ অভিনেতাৰ দৰে অভিনয় কৰি গৈছিল দীপ্তেন্দুৱে৷ আনকি চিকিৎসক বন্ধুৰ তত্ত্বাধানত প্ৰখ্যাত নাৰ্চিং হ’মত প্ৰসৱৰ সুব্যৱস্থাও কৰি দিছিল৷ ভাল লাগিছিল নন্দিনীৰ৷ স্বামীৰ আব্দাৰত প্ৰফুল্লিত হৈ উঠিছিল দেহ মন৷ এটি কনমানি গোল মোল গুলপীয়া ৰঙৰ কপাহ কোমল পুতলা ৰিদ্ধিৰ আগমনে নন্দিনীক পাহৰাই পেলাইছিল পাৰ হৈ যোৱা দিনৰ শাৰীৰিক মানসিক সকলো যন্ত্ৰনা৷ জন্মৰ পিছৰ .. বাজ ওলোৱা, শুদ্ধিকৰণ আদি সকলো আনুষ্ঠানিকতাৰ সুন্দৰকৈ আয়োজন ক’ৰা হৈছিল৷ সেইকেইটাদিনত দীপ্তেন্দুৰ মাক দেউতাকো আহি আছিলহি আৰু নন্দিনীৰ মাকো৷ হয়তো তেওঁলোকৰ উপস্থিতি নে সন্তানৰ জন্মৰ আনন্দত যথেষ্ট উৎফুল্লিত দেখা গৈছিল দীপ্তেন্দুক৷ ‘ৰিদ্ধি’ নামটোও তেঁৱেই ৰাখিছিল.. ঘৰ ভৰাই পেলাইছিল কেছুৱাৰ বাবে কাপোৰ কানি তথা অন্যান্য ব্যৱহাৰ্য সামগ্ৰীৰে৷ কণ কণ হাতভৰি, গোল গোল চকুৰ ৰিদ্ধি যেন নন্দিনী দীপ্তেন্দুৰ আন্ধাৰে আৱৰা ঘৰখনলৈ পুৱাৰ কাঁচিয়লী ৰ’দজাক হৈহে আহিল৷

********************************************

কিছুদিনৰ পাছত গুছি গৈছিল নন্দিনীৰ মাক আৰু প্ৰায় এমাহৰ পিছত দীপ্তেন্দুৰ মাক দেউতাক৷

পুনৰ অস্বাভাৱিকভাবে গম্ভীৰ হৈ গৈছিল দীপ্তেন্দু৷ দিনটোৰ বেছিভাগ সময় কৰ্মক্ষেত্ৰত কটাই ঘৰত থকা সময়ছোৱাত নিজৰ ষ্টাডিৰুমতে কটাইছিল৷ বেডৰুম কেতিয়াবাই পৃথক হৈছিল৷ কেতিয়াবা কাচিৎহে দুয়ো মুখামুখি হৈছিল খোৱা টেবুলত৷ ইতিমধ্যে নন্দিনীৰো প্ৰসৱকালীন চুটী শেষ হোৱাৰ পিছত পুনৰ অফিচত জইন কিৰিছিল৷ কেতিয়াবা এনে হৈছিল যে কেবাদিনলৈও দুয়ো ইজনে সিজনক দেখা নোপোৱাকৈয়ে দিন অতিবাহিত হৈছিল৷ প্ৰশিক্ষিত আয়াৰ তত্ত্বাবধানত বাঢ়ি আহিছিল ৰিদ্ধি৷ ৰিদ্ধিৰ প্ৰথম জন্মদিনটো অনুষ্টুপীয়াকৈ পালন ক’ৰা হ’ল কাৰণ দীপ্তেন্দু অফিচিয়েল ট্যুৰত চহৰৰ বাহিৰলৈ গৈছিল৷ তাৰ পিছৰবছৰো বিভিন্ন অজুহাতত তাইৰ জন্মদিন পালন ক’ৰা নহ’ল৷ সিহঁতৰ বিবাহ বাৰ্ষিকী দিনবোৰ ক’ব নোৱাৰাকৈয়ে পাৰ হয় কিন্তু একমাত্ৰ সন্তানৰ প্ৰতি দেউতাকৰ অৱহেলাত নন্দিনীৰ মন বিদ্ৰোহী হৈ উঠে৷ তিনিবছৰ বয়সলৈকে অস্বাভাৱিক ঘৰুৱা পৰিবেশৰ বাবেই হয়তো ৰিদ্ধিয়ে ভালদৰে সকলো কথা ফুটাই ক’ব পৰা নাছিল৷ সেয়ে তাই এজন চাইল্ড স্পেচিয়েলিষ্টৰ ওচৰলৈ পৰামৰ্শৰ বাবে লৈ যোৱাৰ কথা ভাবি নন্দিনীয়ে দীপ্তেন্দুৰ সৈতে এদিন কথা পাতিলে৷ খুব ফৰমেলি কোৱা তাইৰ কথাখিনিত দীপ্তেন্দুৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ বাবেই এদিন নন্দিনীয়ে নিজেই চিকিৎসকৰ কাষলৈ লৈ গ’ল ৰিদ্ধিক৷ চিকিৎসকৰ পৰাৰ্মশ ঔষধ আৰু বিশেষ থেৰাপিৰে বহুখিনি স্বাভাৱিক হ’ল ৰিদ্ধি৷

.***************************************

লাহে লাহে ডাঙৰ হৈ অহা ৰিদ্ধিয়েও উপলব্ধি কৰিব পৰা হয় ঘৰখনৰ অস্বাভাবিক পৰিবেশ৷ মাক দেউতাকৰ সম্পৰ্কৰ মাজৰ দূৰত্ব৷ ৪ বছৰত ভৰি দিয়া ৰিদ্ধিক স্কুলত দিবৰ বাবে দীপ্তেন্দুৰ সৈতে কথা পাতিলে নন্দিনীয়ে৷ কিন্তু এইবাৰ তাইক হতবাক কৰি দীপ্তেন্দুৱে সকলো দায়িত্ব লৈ ৰিদ্ধিক ডিব্ৰুগড়ৰ ছেণ্টমেৰীজ স্কুলত দিয়াৰ বাবে ইতিমধ্যে সকলো যোগাযোগ তথা সুব্যৱস্থা কৰিছে বুলি জনালে৷ সেইবছৰ নভেম্বৰত চাৰিবছৰ সম্পূৰ্ণ হোৱা ৰিদ্ধিৰ জন্মদিনো ধুমধামেৰে আয়োজন কৰা হ’ল আৰু জানুৱাৰী মাহৰ পৰা শিক্ষাবৰ্ষ আৰম্ভ হোৱা স্কুলত ৰিদ্ধিক থ’বলৈ সিহঁত দুয়ো গ’ল৷ ইমান সৰুতে ৰিদ্ধিক নিজৰ পৰা আঁতৰত থ’বলৈ নন্দিনীৰ বেয়া লাগিছিল যদিও সৰুৰে পৰা কনভেণ্ট এডুকেটেড্ দীপ্তেন্দুৰ সিদ্ধান্তত তাই আপত্তি নকৰিলে৷

তাৰ পিছৰ বছৰবোৰ পূৰ্বৰ দৰেই একেঘেয়ামীতাৰে পাৰ হ’ল৷ বন্ধৰ বাৰত কেতিয়াবা দুয়ো আৰু কেতিয়াবা নন্দিনী অকলেই ৰিদ্ধিৰ ওচৰলৈ যায়৷ কিন্তু স্কুলৰ বন্ধবোৰতো ৰিদ্ধি ঘৰলৈ আহিবলৈ আগ্ৰহী নহয়৷ বাঢ়ি অহা ৰিদ্ধি দেখাত দীপ্তেন্দুৰ দৰে নহ’ল৷ সৰু নাক আৰু বহল চকুযোৰেৰে তাইৰ চেহেৰাত কিছু সামঞ্জস্য আছে নন্দিনীৰ দৰে.. কিন্তু একানপতীয়াকৈ যিকোনো কামত মনোযোগ দিব পৰা স্বভাৱ আৰু অনবৰতে কিতাপত ডুব গৈ থকা তথা অত্যন্ত মনোযোগী গুণ তাই দেউতাকৰ পৰা পাইছে৷

.*****************************************

কেতিয়াবা কোনো কোনো মূহুৰ্তত মন যায় নন্দিনীৰ…অকলশৰীয়া বিছনাখনৰ পৰা দৌৰি যেন উঠি যাব দীপ্তেন্দুৰ বুকুলৈ..বিয়াৰ প্ৰথম কেইবছৰৰ দিনবোৰৰ দৰে বিচৰণ কৰিব ৰোমাঞ্চকৰ মুহুৰ্তবোৰত নিবিড় হৈ আৰু ক’ব ‘দীপ্তেন্দু, মই তোমাৰ..! আজিও মাথোঁ তোমাৰেই৷ ক্ষমা কৰি দিয়া তোমাৰ নন্দিনীক.. ভুলৰ জানো শুধৰণি নাই? আঁহাচোন সকলো মান অভিমান পাহৰি আমি পুনৰ এক হৈ যাওঁ!’ কিন্তু কোৱা নহয় কাহানিও…বৰঞ্চ দিনে দিনে দূৰ্ভেদ্য হৈ আহে দুয়োৰে মাজৰ প্ৰাচীৰ! আৰু এদিন..ৰিদ্ধিৰ কাষলৈ যাবলগাৰ আগৰ সন্ধ্যা কিবা কাৰণত নন্দিনী সোমাইছিলগৈ দীপ্তেন্দুৰ ষ্টাডিৰুমত৷ দীপ্তেন্দু কোঠাত নাছিল। হয়তো ক্লাবলৈ গৈছিল৷ সদায় পৰিপাটি হৈ থকা দীপ্তেন্দুৰ টেবুলখনত কিছু ফাইল খেলিমেলিহৈ পৰি আছিল৷ কিবা ভাবি সেইখিনি নন্দিনীয়ে সামৰি থ’বলৈ লৈ দেখিলে দুখনমান কাগজ টেবুলৰ তলত পৰি আছে৷ এখন কাগজত নন্দিনীৰ চকু থৰ হৈ গ’ল…

************************************************

একেৰাহে এঘণ্টামান কথা কৈ ভাগৰ নে উত্তেজনাত নন্দিনী ফোঁপাবলৈ লাগিল৷ পুনৰ পানীৰ বটলটোৰ পৰা বাকী থকা পানীখিনি খাই শেষ কৰি তাই কিছুসময় ৰ’ল আৰু বেগৰ পৰা সযতনে সামৰি অনা সেই কাগজখন উলিয়াই দিলে৷ চন তাৰিখ চাই বিভূতি দত্তই দেখিলে সেইখন কাগজ প্ৰায় আঁঠবছৰ আগৰ৷ তাৰপিছত কিছুসময় ৰৈ নন্দিনীক ক’লে ‘চাওক, এইখন কাগজ প্ৰায় আঠবছৰ পুৰণি৷ আপোনাৰ কথাৰ পৰা বুজিছোঁ যে, আপোনাৰ স্বামীয়ে আপোনালোকৰ সন্তানৰ প্ৰতি দায়িত্ব পালনত কোনো ক্ৰুটি ক’ৰা নাই৷ এনেবোৰ ডিভোৰ্চ কেছত বহু ভাবি চিন্তি আগবাঢ়িবলগাহয়৷ আপোনালোকে পুনৰ ভাবি চাব৷ বিশেষকৈ ৰিদ্ধিৰ ভৱিষ্যতৰ দৃষ্টিকোণেৰে বিষয়টো ভাবক এবাৰ৷ সুস্থিৰভাবে ভাবক৷ বাকী সিদ্ধান্ত আপোনালোকৰ৷’

এখন্তেক মৌন হৈ ৰ’ল নন্দিনী …তাৰপিছত ‘হয়৷ নমস্কাৰ..আহিছো’ বুলি বিভূত্তি দত্তৰ চেম্বাৰৰ পৰা ওলাই তাই বাছষ্টেণ্ডলৈ পোনালে৷ ষ্টেণ্ডত নাহৰকটীয়ালৈ ঘূৰা চাৰে চাৰি বজাৰ শেষৰখন বাছহে ৰৈ আছে৷ ততাতৈয়াকৈ উঠি বহি ল’লে তাই৷ ওৰেতো বাট তাই একেবোৰ কথাকে ভাবি আহিল ..এৰা আন নহ’লেও কেৱল ৰিদ্ধিৰ বাবেই তাই পুনৰ স্বাভাবিক ক’ৰিবলৈ চেষ্টা কৰিব সিহঁত দুয়োৰে মাজৰ সম্পৰ্ক৷ ভুল দীপ্তেন্দুৰ নে নন্দিনীৰ? সেয়া ভাবি লাভ নাই৷ ভুল হয়তো সিহঁত দুয়োৰে আৰু পৰিণতি ভূগিবলগা হৈছে কণমানি ৰিদ্ধিয়ে…৷ কিয় জানো নন্দিনীৰ চকুৰ আগলৈ কোলাত কেঁছুৱা লৈ থকা মীৰাৰ হাঁহিভৰা মুখখন ভাঁহি আহিল..৷ কথাবোৰ ভাবি ভাবি কেতিয়ানো নাহৰকটীয়া পালেহি বাছখন.. নন্দিনীৰ গমেই নহ’ল৷

.*******************************************************

অট’ এখন মাতি তাই ঘৰলৈ পোনালে৷ নিজৰ ঘৰ! এৰা দীপেন্দু, নন্দিনী আৰু ৰিদ্ধিৰ ঘৰ৷ জীৱন- বাটৰ অবিৰাম গতিত উজুটি খাই থমকি ৰ’লেও পুনৰ আগবঢ়া ..প্ৰতিজন মানুহৰে প্ৰয়োজন খন্তেক বিৰতি, অকণি আশ্ৰয় তথা নিশ্চিত নিৰাপত্তাৰ ৰ বাবে এটা সুৰক্ষিত ষ্ট’পেজ— নিজাকৈ এখন ঘৰ৷ ….ঘৰ পোৱাৰ আগতেই বেগৰ পৰা সেই কাগজখন উলিয়াই ফালি চিৰি মোহাৰি দলিয়াই পেলালে নন্দিনীয়ে…যিখন কাগজত আছিল —-

দীপ্তেন্দু আৰু ৰিদ্ধিৰ ডি এন এ মেটছিং ৰিপৰ্ট!

বুকু ভৰি দীঘলীয়াকৈ এটা উশাহ ল’লে তাই ….৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments