"গধূলি" (জাহ্নু ভৰদ্বাজ)

“গধূলি”

বাছৰ পৰা নামিয়েই চৌপাশে চালোঁ৷ কহৰাৰ চ’ক৷ চৌদিশে ধাননি পথাৰ৷ মুকলি মুকলি লগা অনুভৱ এটাই মুহূৰ্ততে মোক ডুবাই পেলালেহি৷ আবেলিটোৱে লাহে লাহে গধূলিটোক বাট এৰি দিছে৷ হেলনীয়া হৈ অহা বেলিটিয়ে লাহে লাহে ৰঙচুৱা (নে হেঙুল?) বৰণ লৈছে৷ নতুনকৈ পকী কৰা ৰাস্তাটোৰে খোজ ল’লোঁ৷ এই গধূলি সময়কণ মোৰ খুব প্ৰিয়৷ নিজৰ নিজৰ লগা অনুভৱ এটাই গধূলিৰ সময়কণক আৱৰি ৰাখে৷
শৈশৱত গোটেই আবেলিটো ৰবাব টেঙাৰে ফুটবল খেলি এই গধূলি সময়কণতে ওচৰৰে পুখুৰীটোত আমি আটাইকেইটা জঁপিয়াই পৰিছিলোঁ। ঠেলা-হেঁচা, এটাই আনটোক জুবুৰিওৱা আদিৰে গধূলিবোৰ আমাৰ বাবে আনন্দময় হৈ উঠিছিল৷ প্ৰায় সদায় উতাই হাতত চেকনী এডাল লৈ জিভা কামুৰি আমাক পানীৰ পৰা উঠাইছিলগৈ৷ ঘৰলৈ আহি জলপান অলপ খায়েই মাৰ লগত তুলসীতলত প্ৰাৰ্থনাৰ বাবে আঠু লোৱাৰ সময় হৈছিল৷
প্ৰসন্নতা আৰু প্ৰশ্ৰয়ৰ মিচিকিয়া হাঁহি এটিৰে দেউতাই আমালৈ চাই গোহালিত জাগ দিছিলগৈ৷ মোতকৈ ডাঙৰ হোৱাৰ সুবাদত দাদাই প্ৰাৰ্থনা কৰাৰ পৰা ৰেহাই পাইছিল আৰু সেইখিনি সময়ত সি দামুৰি কেইটাক ভালকৈ বান্ধিছিল৷ মাৰ ভয়তে জপাই ৰখা দুচকু মেলি মই মাজে মাজে পিৰিক-পাৰাককৈ দেউতা আৰু দাদালৈ চাইছিলোঁ৷ দেউতাই মন নকৰিলেও দাদাই দেখিছিল আৰু সি ইংগিতেৰে মোক চকু জপাবলৈ কৈছিল৷ মুঠতে গধূলিবোৰ আমাৰ বাবে অতি ভাললগা আছিল৷ নিৰাপত্তা আৰু সৰলতাই আৱৰি ৰখা জীৱনত গধূলিবোৰ আমাৰ বাবে প্ৰিয় সময় আছিল৷
তেনেকুৱা এটা গধূলিতে দেখিবলৈ অতি ভাল লগা মানুহ এজন আমাৰ ঘৰলৈ আহিছিল৷ নিয়মমাফিক ব্যস্ততাবোৰৰ কিছু সালসলনি ঘটিছিল সেইদিনা গধূলি৷ সুস্থ সবল মানুহজনক দেখিলেই খেলুৱৈ যেন লাগিছিল৷ মানুহজন আমাৰ পাকঘৰতে বহিছিল৷ অনন্ত ঔৎসুকতাৰে আমিও তেওঁনো কোন জানিবলৈ ওচৰতে ৰৈছিলোঁগৈ৷ দাদাৰ লগত কিছুপৰ পঢ়া-শুনাৰ বিষয়ে কথা পাতি মানুহজনে মোক কোলাত তুলি লৈছিল৷ মানুহজনক কথা সুধিব পাৰি বুলি মোৰ মনতে ভাৱ হৈছিল আৰু সেয়ে বিনাদ্বিধাই মই সুধিছিলোঁ তেওঁনো কোন৷ এনেতে সোমাই অহা দেউতাই তেওঁ আমাৰ খুৰা হয় বুলি চিনাকি কৰাই দিছিল৷ সেইদিনা গধূলিটো মা-দেউতা আৰু খুৰাজন যেন অন্য এখন জগতত আছিল৷ বহুতো বুজিব নোৱাৰা কথাৰ মাজতো মুক্তি বাহিনী, অভিযান, কাচিন, সংগঠন, মহাশয়, আত্মসমৰ্পণ আদি শব্দবোৰ মই বুজিছিলোঁ৷ দাদায়ো নিশ্চয় বুজিছিল, আৰু সেয়ে কিছুপৰ পাছতে সি ওচৰৰে নকুলহঁতৰ ঘৰলৈ কেৰম খেলিবলৈ ওলাই গৈছিল৷ খুৰাৰ কোঁচত বহিয়ে মই তেওঁলোকৰ কথাবোৰ শুনি ৰৈছিলোঁ৷ বুজা-নুবুজাৰ মাজতো মা-দেউতাৰ সেই অচিন ৰূপ মোৰ ভাল লাগিছিল৷
খুৰাজনৰ আহ-যাহ চলি আছিল৷
নিয়মমাফিকভাৱেই আমি ডাঙৰ হ’লোঁ৷ দাদাই মেট্ৰিক দিলে৷ তাৰ ৰিজাল্ট দিয়াৰ দিনা গধূলি সময়ত খুৰা আকৌ আহিছিল৷ তেতিয়ালৈ আমি বিনা সংকোচে দেউতা আৰু খুৰাৰ লগত আমাৰ পাকঘৰৰ খোৱা মেজত বহি কথা পাতিব পৰা হৈছিলোঁ৷ সেইদিনা গধূলি দেউতাই খুৰাৰ সন্মুখতে আমাক তেওঁৰ জীৱনৰ এটা বৰ্ণিল অধ্যায়ৰ কথা কৈছিল৷ ১৯৮৫ চনত চাকৰিত সোমাইয়ো বাদ দি দেউতা ভৰ্তি হৈছিল সংগঠনত৷ লিখা-মেলাত কিছু হাত থকা দেউতা সংগঠনৰ প্ৰচাৰ সচিব হৈছিলগৈ৷ সংগঠনৰ জীৱনতে দেউতাই মাক লগ পাইছিল৷ গহীন আৰু অসম্ভৱভাৱে অন্তৰ্মুখী মাৰ প্ৰেমত পৰিছিল দেউতা৷ সংগঠনৰ কঠিন জীৱনযাত্ৰাৰ মাজতো অৱশেষত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল৷
মন্ত্ৰমুগ্ধ হৈ দেউতাৰ কথাবোৰ শুনি থকা আমাক দুয়োকে আচৰিত কৰি এইবাৰ খুৰাই নিজৰ পৰিচয় দাঙি ধৰিছিল৷ তেওঁ মা-দেউতাৰ লগত একেটা কেম্পতে আছিল ৷ সংগঠনৰ আটাইতকৈ শক্তিশালী বেটেলিয়নৰ কেপ্টেইন খুৰাৰ দেউতাৰ লগত আছিল গভীৰ বন্ধুত্ব৷ খুৰাই কৈ গৈছিল কেনেকৈ ওচৰৰ ভূটীয়া গাঁওৰ পৰা অনা গাহৰি আৰু মদেৰে মা-দেউতাৰ বিয়াৰ ভোজ দিয়া হৈছিল৷ সংগঠনৰ মহাশয়ে ওৰেৰাতি বিহু নাচিছিল খুৰাহঁতৰ লগত৷
অতি আগ্ৰহেৰে কথাবোৰ শুনি থাকিলেও দাদা আৰু মোৰ মুখত ভাঁহি উঠা কৌতুহলৰ ভাৱটো খুৰাই হয়তো লক্ষ্য কৰিছিল৷ পিছৰ সময়কণত কেনেকৈ সংগঠনৰ অন্তৰ্কন্দল আৰু চৰকাৰী বাহিনীৰ সক্ৰিয়তাই সংগঠন দুৰ্বল কৰি পেলাইছিল তাকে কৈ গৈছিল৷ আমাক আচৰিত কৰি খুৰাই কৈছিল সেই অভিশপ্ত গধূলিটোৰ কথা৷ প্ৰচণ্ড চৰকাৰী অভিযানটোত বুকুৰ তলতে গুলী লগা দেউতাক দাঙি লৈ খুৰাই পলাইছিল ওচৰৰ গাঁওখনলৈ৷ বহুদিনৰ পিছত দেউতাৰ আঘাত ভাল হৈছিল যদিও আগৰ দৰে সম্পূৰ্ণ কাৰ্যক্ষম নাছিল দেউতা৷ সংগঠনৰ অনুমতিক্ৰমে আত্মসমৰ্পণ কৰিছিল দেউতাই৷ মা সেইখিনি সময়ত গৰ্ভৱতী আছিল বাবে সংগঠনে মাকো আত্মসমৰ্পণ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল৷ আৰু ঘৰলৈ অহাৰ পাছত দাদাৰ জন্ম হৈছিল৷
সেইদিনাৰ গধূলিটো দাদা আৰু মোৰ বাবে চিৰদিন স্মৰণীয় হৈ থাকিব৷ জীৱনৰ ইমান ডাঙৰ সত্য এটাৰ মুখামুখি হৈ আমি কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিলোঁ৷ চলচলীয়া চকুৰে দেউতাই দাদাৰ কান্ধত হাত থৈছিল৷ আৰু মই, কথাবোৰ ভাবি চিজিল লগাবলৈ মোক অলপ অকলশৰীয়া সময়ৰ দৰকাৰ হৈছিল৷ মা-দেউতাই বুজিছিল৷ লাহেকৈ মই পাকঘৰৰ পৰা ওলাই পিছদুৱাৰেৰে ওলাই গৈছিলোঁ আমাৰ পুখুৰীটোৰ পাৰলৈ৷ অস্তগামী সূৰুযৰ কিৰণে গধূলিটো তেতিয়া মায়াময় কৰি তুলিছিল৷ পুখুৰীপাৰৰ নিৰ্জনতাতো শান্ত হ’ব পৰা নাছিলোঁ বহুপৰ৷
আমাৰ গধূলিবোৰ লাহে লাহে সলনি হৈছিল৷ দাদাই গুৱাহাটীলৈ গৈ ভোলানাথ বৰুৱা মহাবিদ্যালয়ত নাম লগাইছিল৷ মোৰো টিউচন আদিৰে গধূলিৰ সময়কণ ব্যস্ততাৰেই পাৰ হৈছিল৷ তেনেকুৱা সময়তে এদিন গধূলি দেউতা বলিয়াৰ নিচিনা হৈ সোমাই আহিছিল মোৰ কোঠালৈ৷ সেইদিনা কোনো টিউচন নাছিল বাবে মই ঘৰতে আছিলোঁ৷ মোৰ বিচনাত বহি দেউতাই চলচলীয়া চকুৰে মোলৈ চাইছিল৷ কিছুপৰ পাছতে হুকহুককৈ কান্দি উঠিছিল দেউতা৷ দেউতাৰ হাতত থকা চিঠি খন লৈ মই পঢ়ি চাইছিলোঁ৷ দাদা সংগঠনলৈ গ’লগৈ৷ সেয়া আছিল সি মা-দেউতাৰ পৰা বিদায় ল’বলৈ দিয়া চিঠি৷ কিয় জানো আমাৰ জীৱনৰ অধ্যায়বোৰ ভালদৰে জানিও আমি এজনো সাজু নাছিলো দাদাৰ তেনেকুৱা এটা পদক্ষেপৰ বাবে৷ সেইদিনা গধূলিটো আমাৰ অতি নিৰৱে পাৰ হৈছিল৷
দাদাৰ ভয়াৱহ ভৱিষ্যতৰ সম্ভাৱনাই মূক কৰি পেলাইছিল মা-দেউতাক৷ ঘৰখনত সকলো সময়তে কাঁহ পৰি জীণ যোৱা নিস্তব্ধতা৷ কিন্তু মই মন বান্ধি পেলাইছিলোঁ৷ অতিশয় সৰৱ হৈ উঠিছিলোঁ মই৷ বেছিভাগ সময় ঘৰতে কটাবলৈ লৈছিলোঁ আৰু চিঞৰি চিঞৰি কথা কৈ অথবা গান গাই থাকিবলৈ লৈছিলোঁ৷ মোৰ কথামতেই আমাৰ ঘৰলৈ টিভি আহিছিল৷ বাতৰিৰ সময়কণত মা-দেউতা টিভিৰ সন্মুখত বহিছিলহি৷ শংকা আৰু উৎকণ্ঠাৰে ভৰা তেওঁলোকৰ মুখ দুখনে মোক হতাশ কৰি তুলিছিল৷ সন্ধিয়াৰ বাতৰিত পাব পৰা অনাকাংক্ষিত যিকোনো সংবাদৰ সম্ভাৱনাত মা-দেউতাৰ গধূলিবোৰ শংকাময় হৈ উঠিছিল৷ আৰু লগতে মোৰো৷
বেয়া হোৱা বুলি মিছাকৈ কৈ মই টিভিটো চিনাকি মজুমদাৰ খুৰাৰ দোকানত বেচি দিছিলোঁ৷ মোৰ নিজৰ পাঠ্যপুথিৰ কিতাপবোৰৰ উপৰিও আন আন কিতাপ নিয়মীয়াকৈ কিনিবলৈ লৈছিলোঁ৷ মা-দেউতাও পুনৰ আমি শৈশৱত দেখাৰ দৰেই কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল৷ লাহে লাহে আমাৰ গধূলিবোৰ কিতাপে ভৰাই তুলিছিল৷ ঘৰখন নিজম পৰি থাকিলেও আমাৰ মনবোৰ লাহে লাহে সৰৱ হৈ পৰিছিল৷ দাদা সংগঠনলৈ যোৱাৰ পৰাই চুবুৰীয়া জেঠা-আতা আদিয়ে আমাৰ লগত সংশ্ৰৱ কমাই আনিছিল৷ এতিয়া আমি লাহে লাহে নিজেই প্ৰস্তুত হৈছিলোঁ গাঁওৰ মাজত থাকিও একধৰণৰ একাকী জীৱন কটাবলৈ৷ আমাৰ তিনিওৰে অন্তৰংগতা ক্ৰমাৎ যেন বাঢ়িহে আহিছিল৷ আমাৰ গধূলিবোৰ আগৰ নিচিনা নহ’লেও, আৰু দাদা নাথাকিলেও লাহে লাহে উপভোগ্য হৈ উঠিছিল৷
ময়ো ডাঙৰ হ’লোঁ৷ হায়াৰ ছেকেণ্ডাৰীৰ পাছত ওচৰত ভাল কলেজ নথকাত মই কটন কলেজত নাম লগালোঁ৷ পুনৰ এবাৰ গধূলিবোৰ সলনি হৈ পৰিল৷ হোষ্টেলৰ জীৱনত গধূলিবোৰ বহু বেছি উপভোগ্য আছিল৷ কিন্তু মা-দেউতাৰ চিন্তাই মোক সততে হোষ্টেলৰ গধূলিবোৰৰ আনন্দৰ পৰা আঁতৰাই ৰাখিছিল৷ মই জানিছিলোঁ মোৰ অবিহনে মা-দেউতাৰ জীৱনটো পুনৰ একঘেয়ামী আৰু কঠিন হৈ পৰিব৷ কিন্তু মই নিৰুপায়৷ দাদাৰ চিঠি মই নিয়মীয়াকৈ পাইছিলোঁ৷ সি তাৰ বিপদশংকুল জীৱনটোৰ কথা লিখিছিল, সিহঁতৰ আদৰ্শৰ কথা লিখিছিল৷ মা-দেউতাৰ যত্ন ল’বলৈ মোক দঢ়াই দঢ়াই কৈছিল৷ ময়ো তালৈ লিখিছিলোঁ, তাক ঘূৰি আহিবলৈ কৈছিলোঁ, মা আৰু দেউতাৰ অৱস্থাৰ কথা কৈছিলোঁ, আমাৰ গধূলিবোৰ সেই আগৰ দৰে যাপন কৰাৰ কথা কৈছিলোঁ৷ আমি উভয়ে গধূলিৰ সময়কণৰ প্ৰতি আমাৰ সেই আজন্ম মোহৰ কথা জানিছিলোঁ৷ মোৰ চিঠিবোৰত যদি গুৱাহাটীৰ কৰ্কশ গধূলি অথবা শুক্ৰেশ্বৰ ঘাটৰ মায়াময় গধূলিৰ বৰ্ণনা আছিল, বহুদিনৰ মূৰত অহা তাৰ চিঠিবোৰত আছিল ভূটান পাহাৰৰ ধুনীয়া গধূলিবোৰৰ বৰ্ণনা৷ কিন্তু আমি উভয়ে দুৰ্বাদলভাৱে আমাৰ সেই আজন্ম চিনাকি গধূলিৰ গোন্ধ বিচাৰি স্মৃতিৰ বাটেৰে অহৰহ উজাই গৈছিলোঁ৷ দেউতাৰ সৈতেই আত্মসমৰ্পণ কৰা খুৰাৰ সংগঠনলৈ প্ৰত্যাৱৰ্তনে তাৰ সেই বাসনা আৰু তীব্ৰ কৰি তুলিছিল৷ মোলৈ একেটা খামৰ ভিতৰত দুখনকৈ চিঠি আহিবলৈ লৈছিল৷
ইতিমধ্যে মই উচ্চ শিক্ষাৰ বাবে হায়দৰাবাদ বিশ্ববিদ্যালয়ত নাম লগাইছিলোঁ৷ বিশ্ববিদ্যালয়ৰ দিনবোৰত প্ৰায়েই গধূলি মই দাদা আৰু খুৰাৰ চিঠিবোৰ মেলি লৈছিলোঁ৷ তাত মোৰ হোষ্টেলত অসমীয়া বুজি পোৱা কোনো নাছিল৷ মোৰ লগ-সংগও তেনেকৈ নাছিল৷ তাত খুৰা বা দাদাৰ চিঠি মুকলিকৈ পঢ়িলেও বিপদৰ সম্ভাৱনা নাছিল৷ নিজৰ মানুহবোৰৰ পৰা ইমান দূৰত থাকিও দাদা আৰু খুৰাৰ চিঠি, মা-দেউতাৰ চিঠিবোৰৰ মাজেৰেই মই প্ৰকৃত ‘মই’ জনক লগ পাইছিলোঁ নিতে৷ গধূলিবোৰ চিঠিবোৰৰ সৈতেই পাৰ হৈছিল৷ দিনটোৰ যান্ত্ৰিকতা গধূলিৰ এইখিনি আপোন সময়ে নিতে পাহৰাই ৰাখিছিল৷
তেনেকুৱা গধূলি এটাতে দাদাৰ চিঠি এখন পাইছিলোঁ৷ আমাৰ ঘৰৰ ওচৰতে থকা মাটিখিনিত, য’ত আমি শৈশৱত সদায় ফুটবল খেলিছিলোঁ, তাতে প্ৰাথমিক বিদ্যালয় এখন আৰু পুথিভঁৰাল এটা স্থাপন কৰাৰ তাৰ বহুদিনৰ সপোনৰ কথা লিখিছিল৷ আগতে বহুবাৰ শুনিছিলোঁ যদিও চিঠিত লিখা তাৰ সেই সপোনটোৰ কথাই ভৱাই তুলিছিল৷ মই সংকল্প লৈছিলোঁ গাঁওলৈ ঘূৰি অহাৰ, দাদাৰ সপোনটো পূৰণ কৰাৰ৷ মা-দেউতাৰ লগত কথা হৈছিলোঁ৷ আনন্দৰে সন্মতি জনাইছিল তেওঁলোকে৷
সেইমতেই অসমলৈ বুলি টিকট কৰি ৰেলগাড়ীত উঠি দিছিলোঁ পৰহি৷ আৰু আজি এয়া নিকটৱৰ্তী কহৰাৰ চ’কত বাছৰ পৰা নামি ঘৰলৈ বুলি খোজ লৈছোঁ৷ প্ৰতিটো খোজতে আজন্ম চিনাকি এই গধূলিটোৱে সোঁৱৰণিৰ বুকুলৈ হাতবাউলি দি মাতিছে৷
গধূলিৰ শেষ পোহৰকণে মোৰ মনটো উদ্ভাষিত কৰি তুলিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক