গল্প নহয় অনুভৱ: প্ৰথম খণ্ড ( অনামিকা বৰুৱা)

গল্প নহয়, অনুভৱ

(প্ৰথম খণ্ড)

অনামিকা বৰুৱা

১৯৯৬ চনত মোৰ বিয়া হৈছিল পাঠশালাৰ হৰেণ বৰুৱাৰ সৈতে। মোৰ ঘৰ তিনিচুকীয়াত। মোৰ শাহু-শহুৰ নাই। দুজন বৰজনা, দুগৰাকী জা আৰু পাঁচটা ভতিজা-ভতিজী। বিয়া ঠিক হোৱাৰ পাছত আমাৰ বিয়ালৈ মাত্ৰ ডাঙৰজন বৰজনা আহিছিল। যিহেতু চাকৰিসুত্ৰে মোৰ স্বামী মাৰ্ঘেৰিটাত আছিল আমাৰ বিয়াও তাৰ পৰাই হৈছিল। গতিকে পাঠশালাৰ ঘৰখনৰ বিষয়ে আৰু তাৰ মানুহবোৰৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল। মোৰ চাকৰিয়ে বিয়াই একে বছৰতে হোৱাৰ বাবে ছুটিৰ অভাৱত বিয়াৰ পাছতে লগে লগে আমি পাঠশালালৈ যাব নোৱাৰিলো। চাৰিমাহ পাছত অফিচত সুধি গম পালো যে মই ১৩ দিনৰ বাবে উপাৰ্জিত ছুটি সেইবছৰৰ বাবে ল’ব পাৰিম। মানুহজনৰ লগত আলোচনা কৰি সেই ১৩দিনৰ ছুটি লৈ প্ৰথমবাৰৰ বাবে ওলালো পাঠশালালৈ। মিষ্টাৰক সুধি সুধি প্ৰত্যেকলৈ কিবা এটা এটা কিনি শেষত ওলালো আৰু ! মই এনেই গুৰু গোসাঁই নামানো যদিও তেওঁক সুধিলো “মই কি পিন্ধিম শাৰী নে মেখেলা চাদৰ” ? মাৰ্ঘেৰিটাৰ পৰা পাঠশালালৈ বাচত কমেও ১৪-১৫ ঘণ্টাৰ বাট। “শাৰীয়ে পিন্ধিবা” তেওঁ ক’লে। শাৰী পিন্ধিলেই সুবিধা হ’ব যদিও মোৰ অলপ খু-দুৱনি লাগিল। প্ৰথম যাম তাকো শাৰী পিন্ধি ! তাতে মই উজনিৰ হোৱাৰ বাবে অলপ খোকোজা লাগিয়ে আছিল ঘৰখনত। ওহোঁ ঠিক নহ’ব কথাটো। “বাছৰ পৰা নামি ঘৰ পোৱাৰ আগতে ক’ৰবাত সলাব পাৰো যদি শাৰী পিন্ধিম নহ’লে নিপিন্ধো”– মই ক’লো। অলপ ভাবি চাই তেওঁ ক’লে “পাৰিবা”। অৱশেষত শাৰী পিন্ধিয়েই আৰম্ভ কৰিলো মোৰ পাঠশালা যাত্ৰা। মনটো উগুল থুগুল। পৰিৱেশটো কেনেকুৱা হ’ব ! মানুহবোৰ কেনেকুৱা হ’ব ! মই মিলিব পাৰিম নে নাই ইত্যাদি লানি নিছিগা কথাই মনটো তোলপাৰ লগাই থাকিল। বাচত মোৰ কেতিয়াও টোপনি নধৰে। ডিব্ৰুগড় পাৰ হোৱাৰ পাছত মিষ্টাৰে টোপনিয়াবলৈ ধৰিলে। শিৱসাগৰত ভাত খাবলৈ বাচ ৰখালে। মিষ্টাৰে খাই আহিল। মই নাখালো। মোক দুখন তামোল আনি দিলে। খাই বৈ এইবাৰ তেওঁ দুৰ্ঘোৰ টোপনিত পৰিল। পুৱা ৬-৩০ মানত পাঠশালা পালোগৈ। তেওঁ মোক দোকান এখনলৈ লৈ গ’ল। তেওঁৰ লগৰ কাৰোবাৰ দোকান। পাছফালে থকা ঘৰ আছে। মই মুখখন ধুই শাৰীখন সলাই ল’লো। ইতিমধ্যে তেওঁ অট’ এখন আনিলে। পাঠশালাৰ পৰা হালগিৰি ঘাটলৈ ৩ কি.মি. মান হ’ব চাগে। কি বা কৰি আছে ঘৰৰ মানুহবোৰে ! আমি এইকেইদিনত আহিম বুলি জানে যদিও আজিয়ে আহিম বুলি নাজানে। অট’খন গৈ এখন চোতালত ৰ’লগৈ। খহি পৰা ওৰণিখন টানি নামিলো। চাৰিটামান ঘৰৰ মাজত উমৈহতীয়া চোতালখন। ডাঙৰ দাদাই কিবা কামি চাঁচি আছে। অট’ৰ শব্দত কেইবাগৰাকী মাইকী মানুহ আৰু সৰু সৰু ল’ৰা ছোৱালী দুটামান গোট খালে। এগৰাকীয়ে আহি ইমানদিনে ক’ত আছিলি বুলি মোক ক’পালতে চুমা এটা খাই উচুপি উঠিল। আন এগৰাকীয়ে আহ ভিতৰলে’ বুলি পিঠিতে হাতখন দি আদৰি নিলে। ভিতৰলৈ গৈ বিচনা এখনতে বহিলো। মোক আদৰি নিয়া গৰাকীয়ে ক’লে “ মই হৰেণৰ সৰু বৌ আৰু তোক যে চুমা খাইছিলে তাই ডাঙৰ বৌ। তই মুখ ধুই চাহ খাই ল তাৰপাছত গা ধুবি”। যিহওক প্ৰথম পৰ্বটো ভালেই গৈছে। মোৰ মনটো অলপ মুকলি মুকলি লাগিল। সৰুজনীয়ে পানী দুনি যতনাই দিলে গা ধুবলৈ। মই মাজতে সুধিলো ডাঙৰ গৰাকীয়ে কিয় কান্দিলেনো বুলি। তেওঁ ক’লে “ মাক নোহোৱা দেওৰেক নন্দেকক তেৱেঁ সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে। তহঁতৰ বিয়াত তাইৰ বৰ যাবৰ মন আছিল। যাব নোৱাৰিলে। সেয়ে তোক দেখি তাইৰ দুখ লাগিল”। গা ধুই কাপোৰকেইটা ধুবলৈ লওঁতেই তাই মোৰ হাতৰ পৰা থাপ মাৰি নি ক’লে “মই মেলি দিম তই যা। চুলি আচুঁৰি ফোঁট লৈ ভাল কাপোৰ এসাজ পিন্ধি ওলায় থাক। অলপ পাছতে তোক চাবলৈ চব মানুহ আহিব”।
কাপোৰ সলায় চুলি টুলি ফণিয়াই আজৰি হৈ দেখো পোৱালী দুটামানে দুৱাৰ মুখতে চুচুক চামাক কৰি আছে। বেগৰ পৰা মৰ্টন দুটামান উলিয়াই তাহাঁতক মাতিলো। কাষ চাপি আহিল আটাইকেইটা। দুটা ভতিজা, দুজনী ভতিজী। এটা অলপ ডাঙৰ। সি পঞ্চম শ্ৰেণীত পঢ়ে। সিয়ে আগভাগ লৈ আটাইকেইটাকে চিনাকী কৰাই দিলে। লাহে লাহে এজন দুজনকৈ আলহী আহিবলৈ ধৰিলে আৰু মোৰ ভাষা বিভ্ৰাট আৰম্ভ হ’বলৈ ধৰিলে। নামনি অসমত কথিত ভাষাটো অলপ বেলেগ বুলি শুনিছিলো যদিও কিমান বেলেগ সেই লৈ মোৰ কোনো ধাৰণা নাছিল। এটা দুটাকৈ বহুত নতুন শব্দ মনটোৱে সাঁচিবলৈ ধৰিলে। জা দুজনী চাহ কৰাত ব্যস্ত। মোক লাগিবলৈ নিদি ক’লে “তই চবৰে লগত চিনাকী হ খালি”। অলপ বয়সস্থ এগৰাকীয়ে ক’লে “অ’ হৰেণ তোৰ আপীটো বৰ থোগা দে”। শুনি চবেই হঁহাত একো নুবুজাকে ময়ো হাঁহিলো। আপী মানে যে মোকে কৈছে সেইটো বাৰু বুজিলো কিন্তু থোগা মানে কি ? ভাত খাবলৈ বহি ডাঙৰ ভতিজাটোক সুধিলো। সি ক’লে তাৰমানে ধুনীয়া। হাঁহি উঠিল। তাক ক’লো সি যেন দোভাষী হৈ মোৰ কাষে কাষে থাকে। ইতিমধ্যে কিছু কথা গম পাইছো। যেনে ছলি=ল’ৰা, জীয়=ছোৱালী, ছানা=পোৱালী, জেঠা-জেঠী=এপাদেউ-নিচাদেউ, খুট্টী=খুড়া, বাই=বাইদেউ, কাকা=ককাইদেউ। ভতিজা ভতিজীকেইটাই মোক খুড়ীমা বুলি মতাত শুনি মোৰ বৰ ভাল লাগিছিল। আমি আকৌ খুড়ীক খুড়ীদেউৰ সলনি খুইদ’ বুলিহে কওঁ। দিনটো পাৰ হ’ল তেনেকৈ। সন্ধিয়া আলোচনা চলিল মোক ৰান্ধনী কৰি ল’ব লাগে। মই নুবুজিলো। সৰু জা-জনীয়ে বুজাই দিলে যে গাৱঁৰ মানুহক মাতি ভোজ ভাত খুৱাই মোক ৰান্ধনী কৰাৰ অনুমতি ল’ব লাগে। নহ’লে হেনো মোৰ হাতেৰে কোনেও চাহ একাপো নাখাব। তাতে মোৰ ডাঙৰজন বৰজনা নিজেই ভকত। মই কৌতুক অনুভৱ কৰিলো। দেউতাৰ চাকৰিৰ কাৰণে আমি অ’ত ত’ত ঘুৰি ফুৰিব লগা হোৱাত সমাজৰ নীতি নিয়মবোৰ বৰ ভালকৈ নাজানো। আৰু মই যিমানদূৰ জানো উজনি অসমত নীতি নিয়মবোৰ নামনি অসমতকৈ অলপ শিথিল। মায়ে কেতিয়াবা কিবা শিকাবলৈ যত্ন কৰে যদিও ’ছোৱালী মানুহ” শব্দ দুটা লগালেই মই খঙত টিঙিৰি তুলা হৈ পৰো। কিহৰ ছোৱালী মানুহ ! কৰিব লাগে যদি এনেই কৰিম। শাৰীৰিক অবয়বটোৰ বাহিৰে ছোৱালী ল’ৰাৰ কি পাৰ্থক্য আছে ?
ঠিক হ’ল দুদিনৰ পাছত মাছেৰে ভোজ ভাত হ’ব। তাৰ আগতে আমি গোসাঁইৰ ওচৰত শৰণ ল’ব লাগিব। এনেয়ে ভকত সবাহ মানে নামগোৱা পাতিলে ভকতে নিৰামিষ খাই যদিও ৰান্ধনী লোৱাৰ কাৰণে মাছ খাব। মাংস নাখায়। আমাৰফালে আকৌ যেয়ে যেনকৈ পাৰে সকাম পাতিলেই মাছ মাংসৰ যোগাৰ কৰে ভকতক খুৱাবলৈ। ইমানদিনে জানিছিলো বয়সীয়ালসকলেহে গোসাঁইৰ ওচৰলৈ গৈ শৰণ লয়। ইয়াত হেনো বিয়া হ’লেই শৰণ ল’ব লাগে আৰু গোসাঁয়ে আহি ঘৰতে শৰণ দিয়ে। দূৰণিবটীয়া ঠাই হ’লে তেখেত আগদিনাই গৈ থাকি নিজে ৰান্ধি মেলি খায়। আমাৰ ঘৰটো ওচৰত হোৱাৰ কাৰণে তেখেতে সেইদিনাই পুৱাতে আহিব।
ঘৰখনত উত্সৱমুখৰ পৰিবেশ। আগদিনা ৰাতিৰ পৰাই আমি দুয়ো লঘোনে আছো। পুৱা আন্ধাৰতে উঠি গা-পা ধুলো। আঠমান বজাত সৰুবায়ে বোৱা কাপোৰ এজোৰ দি ক’লে “এইজোৰ পিন্ধি শৰণ লবি আৰু এই কাপোৰজোৰ পাছলৈ সাঁচি থবি”। শৰণ লৈ গোঁসাইক সেৱা কৰি উঠি পাটৰ কাপোৰ এজোৰ পিন্ধি ল’লো। নাম সামৰি ভকতেও ভাত খোৱাৰ যোগাৰ কৰিলে। বায়ে আহি ক’লে “ব’ল এতিয়াহে তোৰ পৰীক্ষা হ’ব”। চিন্তাত পৰিলো কি বা পৰীক্ষা হ’ব ! এনেয়ে ইমানবোৰ মানুহৰ কথা বতৰা মই ভালকৈ নাই বুজা তাতে আকৌ পৰীক্ষা ! মোক চিন্তা কৰা দেখি তাই বুজাই ক’লে “ভয় খাব লগা একো নাই দে। গাৰ কাপোৰ কানি ভালকৈ সামৰি ল। ভকতক ঘিঁউ ভাত বিলাব লাগিব আৰু তাকে কৰোতে ভকতৰ পাতত যাতে কানি কাপোৰ নেলাগে সেয়ে পৰীক্ষা। ভকতে ভাত খাই উঠাৰ পাছত পাতো পেলাব লাগিব”। চাদৰখনত পিন দুটামান বেছিকৈ মাৰি মুৰৰ ওৰণিখনত ক্লিপ দুটামানো মাৰি ল’লো। কামবোৰ সুকলমে সমাধা হ’ল। ৰাতি কথাই কথাই ওলাল ভকতে আৰু আইসকলে মই আহোম হোৱাৰ কাৰণে বেলেগে বেলেগে জৰিমনা ল’লে। কথাটো শুনি মোৰ মনটো অলপ বেয়া লাগিল। মোৰ শিক্ষা আছে। চাকৰি এটাও আছে। শাৰীৰিকভাবেও মই সক্ষম। দেখাটো সিমান বেয়া নহয়। আৰু দুয়োখন ঘৰৰ সন্মতিতে আমাৰ বিয়া ঠিক হৈছিল। তথাপি বহুত সময়লৈ মনটোৱে খোচা বিন্ধা কৰি থাকিল। পাছদিনা আকৌ কেৱল মাইকীমানুহখিনিয়ে তিনিজোৰ পাৰ মাৰি ভোজ ভাত খালে। মই ৰন্ধাৰ নামত মাজতে এবাৰ উতলি থকা ভাতখিনি লৰাই দিলো মাত্ৰ। একেবাৰে পকা ৰান্ধনী হৈ গ’লো। গৈ পোৱাৰ পঞ্চমদিনাৰ পৰা ইঘৰ সিঘৰকৈ গাওঁখন ফুৰিবলৈ আৰম্ভ কৰিলো। ইতিমধ্যে গম পাইছো যে ইয়াত কথিত ভাষাটো সম্পূৰ্ণ সুকীয়া। যেনে ক’ক যা = কোনফালে যোৱা, অহে আ=এইফালে আহ, কহে যা=ক’লৈ যোৱা, কিয়া=কিয়, ইতা=এতিয়া, কিত্তে= কেতিয়া, আহুন=ইহঁত, তাহুন=তহঁত, নাংগে=নালাগে, বেজাৰ লাগিল=ভাগৰ লাগিল, নেদে= নিদিয়া, ঘুমতি আহিল=টোপনি আহিল, বাগাৰ দিয়া= শুৱা। আমি ডাঙৰক আপুনি সৰুক তুমি আৰু লগৰ বা ঘৰৰ মানুহক তই বুলি সম্বোধন কৰো। কিন্তু ইয়াতচোন ডাঙৰক তই সৰুক তুমি আৰু বোধকৰো অচিনাকিজনকহে আপুনি বুলি কয়। মজাৰ কথাটো হ’ল তেওঁলোকে তই খাইছা বা তুমি খাইছ বুলি সোধে। ব্যাকৰণত পোৱামতে তুমি খাইছা হ’লে তই খাইছ হব লাগে। তথাপি নতুন পৰিৱেশটো মোৰ ভাল লাগিছিল। মানুহখিনিৰ সৈতে মিলিব পাৰিছিলো। মোক প্ৰথমে টিউবেল মাৰিবলৈ , বাচন ধুবলৈ , চোতাল সাৰিবলৈ নিদিছিল। চহৰত ডাঙৰ হোৱা ছোৱালী ঘৰুৱা কাম বন একো নাজানো বুলি ভাবিছিল। তেওঁলোকেটো নাজানে যে মই ভুঁই ৰুৱাৰ পৰা আৰম্ভ কৰি তাঁত বোৱালৈকে সকলো কামেই জানো। অভাবত উঠা ছোৱালী মই। গৰুৰ ঘাঁহ কটাৰ পৰা গোবৰ মাটিৰে বেৰ মচালৈকে চব কামেই কৰো। বেৰ মচোতে তাঁৰেৰে কেতিয়াবা হাত কাটি যায়। এদিন সন্ধিয়া সৰু বায়ে মাছ বাচি আছিল। জুইত চাহৰ কেটলীটো তুলি দি ময়ো ওচৰতে বহি আছিলো। খৰি শেষ হ’ল। বায়ে ক’লে “ভাখৰিৰ পৰা দুডালমান লৈ আন যা”। খৰি আনিবলৈ চোতাললৈ নামিহে মনলৈ আহিল ভাখৰি মানে কি ? ক’ত আছে খৰি ? ইফালে সিফালে চাই বিচাৰি নেপায় তাইক গৈ ক’ত আছে খৰি মই নাপালো বুলি ক’লো। তাই নিজৰ ভুল বুজি পাই মইনা মানে মোৰ ভতিজীজনীক ক’লে খৰি আনিবলৈ আৰু মোক বুজাই ক’লে যে ভাখৰি মানে ভঁৰাল। ধান থোৱা ঘৰ। তাত আৰু এটা বৈশিষ্ট্য মন কৰিছিলো গোহালিবোৰ চাংঘৰৰ দৰে। আমাৰফালৰ দৰে কোনেও মাটিত গৰু নাবান্ধে। আৰু এদিন মইনাই মোক সুধিলে “অ’ খুড়ীমা চুঙা খাবি” ? এতিয়া চুঙা বা কি বস্তু ! বুজাই দিলে পিঠা খুন্দি তাৰ লগত তিল নাৰিকল গুৰ বা চেনি সানি পানীৰে গুলি কুমলীয়া বাঁহৰ চুঙাত ভৰাই চুঙাটো জুইত পুৰিলে সেয়ে চুঙা। তাৰমানে চুঙা পিঠা। মই চুঙাপিঠা খাই নাইপোৱা। চুঙাচাউল খাই পাইছো। বৰাচাউল চুঙাত পোৰে। এদিন খালো মাছৰ খাৰ। আমাৰ ইয়াত মানুহ মৰিলে দহা কাজতহে মাছৰ খাৰ খায়। নহ’লে মৃতকৰ ঘৰৰ চুৱা নাযায় হেনো। এদিন কাকাই এটা গেলা কোমোৰা আনি ক’লে এইটো ৰান্ধ। মোৰ চকু গৈ কপালত উঠিল। গেলা কোমোৰাটো পেলায় নিদি ৰান্ধিবলৈ কৈছে ! এঘৰত চাহ খাবলৈ মতাৰ বাবে গেলা কোমোৰা ৰন্ধাৰ প্ৰক্ৰিয়াটো নেদেখিলো কিন্তু খাই ভালেই লাগিছিল। এদিন গাখীৰৰ সৰৰ পৰা ঘিঁউ উলিয়াই ৰৈ যোৱা অৱশিষ্টখিনিত কুমলীয়া ৰঙালাউৰ পাত দি কিবা লকৰি ভাজিছিল। মাৰ্ঘেৰিটালৈ ঘূৰি অহাৰ আগদিনা পানপেলি ফুলৰ তিতা খালো। পানপেলি মানে শেৱালি ফুল। খুটৰা শাকক খুদনা, সৰিয়হ শাকক বেহৰ, জিলিমিলি শাকক ভৌঠা আৰু মৰিচা শাকক ডাঠা বুলি কয়।
মুঠৰ ওপৰত উজনি অসমৰ লগত নামনি অসমৰ কথা-বতৰা, আচাৰ-ব্যৱহাৰ, খোৱা-বোৱা, পিন্ধা-উৰা সকলোতে যথেষ্ট পাৰ্থক্য আছে। তুলনামুলকভাবে নামনি অসমৰ সমাজ কিছু ৰক্ষণশীল। আৰু পুৰুষৰ তুলনাত নাৰীসকলৰ সামাজিক স্থিতি দুৰ্বল। কথাই কথাই লঘোণ দিয়া নীতি নিয়মবোৰ পালন কৰাটো যেন নাৰীসকলৰহে দায়িত্ব ! ল’ৰা এটাই কৈশোৰৰ পৰা যৌৱনৰ দুৱাৰদলিত ভৰি থোৱাৰ লগে লগেই তাৰ বাবে চোতালৰ মূৰত এটা চ’ৰাঘৰ বান্ধি দিয়ে অথবা আচুতীয়া কোঠা এটা দিয়ে। আনহাতে পুষ্পিতা হ’লেই ছোৱালীবোৰে ঘৰখনত চাকি এগছো জ্বলাব নোৱাৰে। আলহী আহিলে সুধিব নোৱাৰে। ছোৱালী হেনো পৰৰ ধন সেয়ে। ঘৰত পূজা সবাহ কিবা পাতিলে পুৰুষসকলেহে আগভাগ লয়। দোমাহীৰ দিনা আইসকলক নামঘৰৰ বাহিৰত বহি নাম গোৱা দেখি মই ধৰিবই পৰা নাছিলো আচলতে তেওঁলোকে কৰিছে কি ! কাৰণ সৰুৰে পৰা তিথি, জন্মাষ্টমী, ভাদ মাহৰ নাম গোৱা, দোমাহী আদি এই সকলোবোৰতে মাক নামঘৰলৈ যোৱা দেখি আহিছো। লক্ষ্মী পূজাৰ দিনা মাকেই শৰাই পাতি লক্ষ্মী চৰিত পঢ়া দেখি আহিছো। পাঠশালাতেই মই লগ পাইছিলো সন্তান জন্ম দিব নোৱাৰ দোষত মাৰৰ কোবত কাণ ক’লা হোৱা এগৰাকী মহিলাক। নিৰ্মম অত্যাচাৰ সহিও তেওঁ পতিৰ ঘৰ এৰি যাব নোৱাৰিলে। মাতৃৰ পৰিয়ালৰ মানুহেও নিব নুখুজিলে। তিনিজনী ছোৱালী জন্ম দিয়াৰ দোষত হাত এখন জ্বলাই দিয়া আন এগৰাকী মহিলাও পাইছিলো। সামগ্ৰিকভাবে সমগ্ৰ অসমতে এই ধৰণৰ সমস্যা আছে যদিও তাত যেন নাৰী পুৰুষৰ অধীন বোলা আপ্তবাক্যশাৰ অলপ হ’লেও প্ৰযোজ্য মোৰ তেনে লাগিল।
খোৱা বোৱাৰ ক্ষেত্ৰতো কিছু পাৰ্থক্য আছে যিটো স্বাভাবিক। মোৰ পানী লাগোতে আদা দি সৰু মাছৰ জাল ৰান্ধি খুৱাইছিল। আমি আকৌ পানী লগা গাৰ বিষ আদি হ’লে জালুক দিহে জাল খাওঁ। তাত হাঁহ, কুকুৰাৰ মাংসতকৈ পাৰৰ মাংসহে মানুহে বেছিকৈ খায়। জাহাজী ক’ল কেতিয়াও পকায় নাখায়। ভাজি বা আঞ্জা ৰান্ধিহে খায়। মাছৰ খাৰ ৰান্ধোতে দেখিছিলো টেকেলি এটাৰ পৰা অলপ ছাঁই উলিয়াই গিলাচ এটাত পানী দি তিয়াই থৈ পাছত চেকনিৰে চেকি খাৰ সৰাইছিল। সুধি গম পাইছিলো ভীমক’লৰ গা-গছডাল পুৰি ছাঁইখিনি চালনীৰে চালি টেকেলিত ভৰায় থৈছিল। আমাৰ মায়ে আকৌ ভীমক’লৰ বাকলিটোহে শুকুৱাই থয়। দৰকাৰ হ’লেই তাৰে এটা জুইত পুৰি ল’গে ল’গে খাৰ সৰুৱায়। বিহুটো কোমল চাউল, হুৰুম, ঘিলা পিঠা এইবোৰ উজনি অসমৰ জলপান। আনহাতে মাঘ বিহুত মাহ কৰাই(কাৰে), সান্দহ(গুৰা সান্দহ), কৰাই গুৰি নামনি অসমৰ অন্যতম জলপান। মাঘ বিহুত ভজা মাহ কৰাই ব’হাগ বিহুলৈকে থাকিব লাগে হেনো। তাত মই বামুণ কান্দা ক’ল বুলি আগেয়ে নুশুনা এবিধ ক’লৰ নাম শুনিছিলো। নামগোৱা পাতিলে আমাৰ ইয়াত মাহ প্ৰসাদ আৰু ক’লপাতৰ পৰিমাণটো অলপ বেছিকৈ লাগে। কাৰণ ভকতসকলে খায়ো আৰু লগতে ঘৰলৈ বুলি এটা সুকীয়া ভাগ কৰে আৰু গৃহস্থয়ে অতিথিয়ে মিলি যিমান লোক থাকে সকলোকে ক’লপাততহে মাহ প্ৰসাদ ভাগ কৰি দিয়ে। কিন্তু তাত দেখিছিলো নামত বহা ভকত ভকতনীসকলৰ বাদে আন সকলোৱে যেয়ে যেনেকৈ পাৰে বাতি-প্লেট-কাগজ বা হাতত লৈয়ে গাজি খাইছিল। গাজি মানে মাহ প্ৰসাদ।

উজনি অসমৰ গাওঁবোৰৰ ঘৰবোৰ অলপ শৃংখলাবদ্ধ। ঘৰটোৰ সৈতে বাৰীখনৰ সীমা নিৰ্ধাৰণ কৰিবলৈ সকলোৰে মটিৰ সীমাত জেওৰা থাকে। কিন্তু নামনি অসমত মই এই জেওৰা বৰকৈ নেদেখিলো। প্ৰত্যেকৰে মূল ঘৰটোৰ সন্মুখত বা কাষত চ’ৰাঘৰ বুলি একোটা আচুতীয়া ঘৰ থাকে। দুই তিনিটা ঘৰৰ মাজত চোতালখন। ঘৰে ঘৰে নাৰিকল গছৰ পয়োভৰ। বহুতৰ ঘৰত আম গছো আছে। প্ৰত্যেকৰে বাৰীত বাঁহগছ উভৈনদী। আৰু এটা বৈশিষ্ট্য লক্ষ্য কৰিছিলো যে ককায়েক ভায়েক বেলেগ হ’লে মানে ভাগ হ’লে মাটি বাৰী সম্পত্তিৰ পৰা আৰম্ভ কৰি ঘটি-বাটি-লোটালৈকে সকলোবোৰ বস্তুৰে ভাগ হয়। এই কথাটো হিতেশ ডেকাৰ “এয়েতো জীৱনতো” পঢ়িবলৈ পাইছিলো।মই জনাত উজনি অসমত ককাই ভাইৰ মাজত বিভেদ হ’লে যিকোনো এজনে মূল ঘৰৰ পৰা আতঁৰি গৈ বেলেগে ঘৰ পাতি খায়। মাতি বাৰীৰ বাদে বাকী বস্তু ভাগ নকৰে।
নামনিৰ মানুহ বেছি কৰ্মঠ। খেতিৰ নামত বছৰত কেৱল এবাৰ ধানখেতি কৰিয়ে খেতি নাসামৰে। বতৰ অনুযায়ী আন খেতি যেনে আলু, ৰঙালাও, তিল, সৰিয়হ আদি বিভিন্ন খেতিও কৰে। ধান দাবলৈ কিন্তু মাইকী মানুহ পথাৰলৈ নাযায়। ৰুবলৈহে যায়। (উজনিত মাইকী মানুহেও ধান দাই )। মানুহবোৰে শ্ৰমৰ মৰ্য্যাদা বুজে। ঠেলাৱলা, ৰিক্সাৱালা সকলোবোৰেই অসমীয়া। মোৰ বৰ ভাল লাগিছিল যেতিয়া দোকানৰ মাৰোৱাৰীজনেও থলুৱা ভাষাত কথা পাতিছিল। পাছে বিহুৱে সংক্ৰান্তিয়ে আমাৰ এইফালৰ দৰে জোৱাঁয়েকে ভাৰে ভেটিয়ে শহুৰেকৰ ঘৰলৈ নাযায়। শাহুৱেকেহে বিহুৰ প্ৰথম ভাতসাজ খাবলৈ জীয়েক জোৱাঁয়েকক নিমন্ত্ৰণ কৰে। আৰু বহুত অমিল আছে। থকাটোৱে স্বাভাবিক। কাৰণ অঞ্চলভেদে সকলোৰে স্বকীয় বৈশিষ্ট্য থাকে। কিন্তু এনেদৰে বিয়া বাৰুৰ সম্পৰ্কেৰে হওক বা আনধৰণেৰে হওক আমি যদি ইজনে সিজনৰ সৈতে মত বিনিময় কৰো , এজনে আনজনৰ ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আকোৱালি লওঁ মই ভাবো আমি একতাৰ ডোলেৰে বান্ধ খোৱাত আৰু অলপ সফল হ’ম। আমাৰ মাজৰ পৰা অনৈক্য, হিংসা-দ্বেষ কিছু হ’লেও কমিব। সকলো আপোন হৈ পৰিব। নেদেখিলে নাজানিলে মানুহৰ মনত এটা কৌতুহল থাকে। এই কৌতুহলে মানুহৰ ভালো কৰে বেয়াও কৰে। বেয়াটোলৈ নাভাবি কিয়নো আমি আমাৰ মাজৰ পৰা অমিলবোৰ আতঁৰোৱাৰ চেষ্টা নকৰো ? “মিলিব লাগে মিলাব লাগে” বুলি ৰবীন্দ্ৰনাথেও কৈ গৈছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments