গল্প নহয়, গোটেইবোৰ সঁচা ঘটনা ( প্ৰতিম প্ৰতাপ বৰুৱা )

Golpo Nohoi

মোৰ কনিষ্ঠ সহযোগী এজনে উত্তৰ প্ৰদেশৰ বুলণ্ড চহৰ নামৰ ঠাইখনৰ কোনোবা এখন গাঁৱৰ পৰা বিয়া কৰাইছে। দিল্লীৰ পৰা মাত্ৰ ১০০ কিলোমিটাৰ। সেই ঠাইৰ মানুহখিনিৰ বিষয়ে সি মোক মাজে মাজে কিবাকিবি কয়। কথাবোৰ শুনি মই আচৰিত হোৱাৰ লগতে তাক কওঁ  মই মৰি গ’লেও তহঁতৰ সেইবোৰ ঠাইলৈ নাযাওঁ।

সিদিনা মোলৈ সি ফোন কৰিলে “চাৰ, বিশেষ কাম এটাত মই বুলণ্ড চহৰলৈ যাওঁ।” নিশা আকৌ তাৰ ফোন আহিল  “চাৰ, এটা ডাঙৰ ঘটনা হ’ল। মোৰ গাড়ীখনে এক্সিডেণ্ট কৰিলে। পুলিচ লাগিল। গাড়ী পুলিচ থানাত।”

পিছদিনা তাৰপৰা ডিটেইল লৈ, দিল্লীৰ পৰা ফোন কৰোৱাই, লিংক লগাই গাড়ীখন মোকলাই আনিলোঁ। আহি সি মোক কথাবোৰ কলেহি-

নিশা এপৰ। গাড়ীখন তাৰ খুলশালীয়েকে চলাইছিল। সিহঁতৰ সেই গাঁওখন থকা অঞ্চলটো ফলপট্টি নামেৰে বিখ্যাত। মাত্ৰ কেইখনমান গাঁও। বিশাল বিশাল খেতিপথাৰ, বিশাল বিশাল আমৰ বাগিছা। মানুহবোৰৰ টকাৰ অভাৱ নাই। কিন্তু শিক্ষা-দীক্ষা নাই। অভং, অমখ টাইপৰ। মানুহবোৰ দেখিলে ধৰিব নোৱাৰি কিমান টকাৰ মালিক। কোনোবা এখন গাঁৱৰ এটা ল’ৰাই কৰ’বাত কম্পিউটাৰ ছাইন্সত বি টেক পঢ়ি আহিলে। গাঁৱৰ পৰা বাহিৰলৈ গৈ তাৰ চাকৰি কৰিবলৈ মন নগ’ল। বাপেকৰ ১০০ বিঘা মাটিত খেতি আছে, ৫ খন আমৰ বাগিছা আছে, ৩ খন ট্ৰাক আছে, দুখন দোকান আছে। (এইফালৰ বিঘাৰ হিচাপটো আমাৰ অসমীয়া বিঘাৰ সৈতে নিমিলে। এইফালৰ হিচাপটো এনেধৰণৰ: – ৯৮৬ বৰ্গগজ = ১ বিঘা, ৫ বিঘা = ১ একৰ। ) বাপেকে এখন আমৰ বাগিছা ৩ বছৰৰ বাবে কাৰোবাক লীজত দি ১৫ লাখ টকা পালে। বাকী টকাখিনি জেপৰ পৰা দি পুতেকক হিৰো হ’ণ্ডাৰ ডিলাৰশ্বিপ লৈ দিলে। এই ল’ৰাটোৱেই সেই ঠাইৰ আটাইতকৈ শিক্ষিত ল’ৰা। গাঁৱৰ ল’ৰাবোৰে মটৰ চাইকেল কিনিলে। কিন্তু ড্ৰাইভিং লাইচেঞ্চ নাই। প্ৰয়োজনো নাই। বেছিভাগ মানুহৰ হাতে হাতে বন্দুক-পিষ্টলৰ লাইচেঞ্চ আছে। যাৰ নাই সেইসকলৰ হাতে হাতে কাট্টা (লোকেল মেড পিষ্টল) আছে। স্থানীয় থানাখনৰ পুলিচকেইজনে পৰাপক্ষত থানাৰ পৰা ওলাই গাঁওবোৰলৈ নাযায়। থানা চৌহদতে ঘৰ। গাঁওবোৰত সপ্তাহত এটা দুটা মাৰ্ডাৰ হয়, লুটপাট সপ্তাহত ৫ টা মান হয়। কেছ গৈ কৰ্ট নাপায়গৈ। পুলিচে অনুসন্ধান কৰিবলৈ গ’লে মানুহে কয় “অমুকে মাৰিলে। তাক ধৰগৈ যা। তই নধৰিলেও মই তাক মাৰিমেই। আৰু ইয়াৰ পিছত যদি তই আকৌ আহ তেন্তে তোকো মাৰিম।” পুলিচ গুচি আহে। যিবোৰৰ টকা নাই সেইবোৰে ডকাইতি কৰি খায়। লুটপাট কৰাটো সাধাৰণ কথা। নিশা সেইবোৰ গাঁৱত ৰাস্তাত যাকে পায় লুটপাট কৰে। এবাৰ এঘৰৰ জোঁৱায়েককে লুটপাট কৰিলে। পিছত সকলো হেৰুৱাই, আনকি চুৱেটাৰ, চোলা আদিও হেৰুৱাই জোঁৱায়েক গৈ শহুৰেকৰ ঘৰ পালেগৈ। শহুৰেকে দেখি অবাক। মোৰ জোঁৱাইৰ গাত হাত দিয়ে? পুতেক দুটাক কিবা কিবি কলে। দুয়োটা পুতেকে হাতত কাট্টা আৰু লাঠি লৈ ওলাই গ’ল। এঘণ্টামানৰ পিছত কোনোবাই আহি জোঁৱায়েকৰ বস্তুবোৰ দি থৈ গ’লহি। লগতে খবৰ এটা দিলে পুতেক দুটা আজি নাহে হেনো। বাগিছাত খেপ দিছে। পাৰ্টী এটা আহি আছে হেনো।

সেইনিশা গাড়ীখন মোৰ জুনিয়ৰটোৰ খুলশালীয়েকে চলাইছিল। ৰাস্তা ভালেই, কিন্তু ষ্ট্ৰীট লাইট নাই, দুয়োফালে হয় খেতিপথাৰ, নহয় আমৰ বাগিছা। হঠাৎ খেতিৰ মাজৰ পৰা খৰিভৰ্তি গৰুগাড়ী এখন ওলাই আহিল, আৰু খুলশালীয়েকে ব্ৰেক ধৰিব নোৱাৰি গৰুগাড়ীখনত খুন্দা মাৰি দিলেগৈ। গৰুগাড়ীখন একো নহ’ল, কিন্তু ইয়াৰ মাৰুতি এ ষ্টাৰ গাড়ীখনৰ আগফালটো পোটোকা পৰিলে। গাড়ীখন সি যৌতুকত পোৱা। লাগিল কাজিয়া। মানুহ গোট খালে। মানুহবোৰ ক’ৰ পৰা আহিল? মোৰ প্ৰশ্নটোৰ উত্তৰ সি কৈছিল “সেইবোৰ বদমাছ। খেতিত লুকাই থাকে। ৰাস্তাত কাৰোবাৰ গাড়ী বেয়া হ’লে, বা কোনোবাই গাড়ী ৰখালে বা কাৰোবাক অকলে পালে লুট কৰিব।” তোক কিয় নুলুটিলে? কাৰণ মোৰ খুলশালীটো লগত আছিল। সি সেই গাঁৱৰে ল’ৰা। কোনোবাই গৈ কোটৱালী পালেগৈ। পুলিচ আহি মিটমাট কৰিবলৈ ক’লে। গৰুগাড়ীৰ মালিক নাছোৰবান্দা। হাতত লাঠি এডাল লৈ গৰজি আছে  কেচ দিমেই। পুলিচে গাড়ীখনেৰে সৈতে গৰুগাড়ীৰ মালিক আৰু ইহঁত দুয়োটাকে থানালৈ লৈ গ’ল। থানাত মানুহ গোট খালে। ইয়াৰ শহুৰেক আহিল। তেতিয়াহে ওলাই পৰিল যে গৰুগাড়ীখনৰ মালিক আৰু ইয়াৰ শহুৰেক একে ফৈদৰে। জাত-পাতো একেই। (এইবোৰ গাঁৱত ফৈদ, জাত-পাত আদি বহুত ডাঙৰ কথা।) লগালগ গৰুগাড়ীখনৰ মালিকে কেচ নিদিও বুলি কৈ ইয়াক “তু আপ্না বাচ্ছা হ্যাই, কোই দিক্কট হ’ ত’ বটানা” বুলি ক’লে। এইবাৰ পুলিচৰ খোপটো লাগিল কেচেই যদি নিদিয়, আমাক মাতিছিলি কেলেই? পুলিচেও নৰে। কেছ দিবই লাগিব, গাঁৱৰ মানুহবোৰেও নেৰে,  নিদিও যা, কি কৰিবি। মানুহবোৰে গাড়ীখন থানাতে এৰি গুচি আহিল। পুলিচক ক’লে “লে লে য়ে গাড়ী। য’ মৰ্জি কৰ লেনা। আমি ইয়াক নতুন গাড়ী কিনি দিম।”

পিছদিনা যেনিবা ওপৰৰ পৰা ফোন কৰোৱা হ’ল। আৰু মামলাটো থমকিল।

সি আৰু ক’লে এবাৰ ইয়াৰ শাহুৱেকে পথাৰত কাম কৰি থাকোতে অলপ দেৰী হ’ল। বেলি ডুবো ডুবো হ’ল। শাহুৱেকে খৰধৰকৈ ঘৰলৈ পোনালে। কৰ’বাৰ পৰা মানুহ দুটামান আহি শাহুৱেকক আগছি ধৰিলেহি। লাঠি জোকাৰি হাতৰ, কানৰ আৰু নাকৰ অলংকাৰ বিচাৰিলে। শাহুৱেকে কৈছিল “তহঁতে যিবোৰ কাম কৰ, মোৰ ভাই আৰু মোৰ ল’ৰায়ো সেইবোৰ কামেই কৰে।” (কথাটো এনেকুৱা হ’ল দিল্লীত চিটিবাছত ডিটিচিত চাকৰি কৰা কোনোবা মানুহ উঠিলে কণ্ডাক্টৰক এটা শব্দ কয় ষ্টাফ। মানে ময়ো তোমাৰ দলৰে। গতিকে মোক টিকেট লবলৈ নকবা।) মানুহকেইটাই নামানিলে। অলংকাৰকেইপদ লৈ গুচি গ’ল। ঘৰলৈ আহি শাহুৱেকে পুতেক দুটাক কথাটো ক’লে আৰু ভায়েকলৈ খবৰ পঠালে। অলপ সময়ৰ পিছত শাহুৱেকে বস্তুকেইপদ ঘূৰাই পালে। কোনোবাই আহি দি থৈ গ’ল।

চাৰ, সেইবোৰ ঠাইলৈ যদি ইয়াৰ (মানে দিল্লীৰ) কোনোবা ষ্টাইলিচ (!) পুলিচ অফিচাৰক চাকৰি কৰিবলৈ পঠিয়াই দিয়া যায়, সি চাকৰি ৰিজাইন দিব। মই সুধিলোঁ মানে তোৰ খুলশালী দুটাও? সি ক’লে সিহঁতো তেনেকুৱাই।

টেইলপিচ খুলশালী বুলি কওঁতে মনত পৰিল। প্ৰায় ১৮ বছৰ আগৰ কথা। দুৰ্গাপূজাৰ সময়। দিল্লীৰ পৰা গুৱাহাটীলৈ ৰেলেৰে গৈ আছোঁ। লগত মোৰ দুজন বন্ধু। আমি দ্বিতীয় শ্ৰেণীৰ যাত্ৰী, ৱেইটিং লিষ্টৰ টিকট। ডবা এটাৰ দুৱাৰখনৰ ওচৰৰ খালি ঠাইখিনিতে খবৰ কাগজ পাৰি বহি ল’লোঁ। মনৰ ভাৱটো হ’ল ৰেলখন কিছুদূৰ চলক, তাৰ পিছত টি টি ই জনক কিবাকৈ পটাই মেলি বাৰ্থ তিনিটা যোগাৰ কৰিব লাগিব।

কোনোবা এটা ষ্টেশন আহিল, আৰু প্ৰায় ১৫-২০ জনীয়া মানুহৰ দল এটা ডবাটোলৈ উঠি আহিল। তেওঁলোকৰো অৱস্থা আমাৰ দৰেই। ৱেইটিং লিষ্ট। আমাৰ আশে-পাশে তেওঁলোকো কাপোৰ আদি পাৰি বহিল। তাৰ পিছতহে কাণ্ডটো আৰম্ভ হ’ল।
দলটোৰ গাভৰু দুগৰাকীমানে মোলৈ মাজে মাজে চায়, আৰু নিজৰ মাজতে কিবা কিবি কৈ হাঁহি দিয়ে। অলপ সময়ৰ পিছত মন কৰিলোঁ দলটোৰ দুগৰাকীমান ওৰনি-বাৰনি লোৱা মহিলায়ো মোলৈ চায়, কিবা কিবি কয় আৰু হাঁহি দিয়ে। মই বোলো – হায় হায়, কিহত কি হ’ল আজি। ফুচফুচনি বাঢ়ি আহিছে, ৰাইজৰ হাঁহিও বাঢ়ি আহিছে। মোৰ ইফালে ঘামি-জামি অৱস্থা নাই। ভালো লাগিছে, ভয়ো লাগিছে, চিন্তাও লাগিছে।

অৱশেষত দলটোৰ মাজৰে অলপ বয়সীয়া মহিলা এগৰাকীৰ মোলৈ বেয়া লাগিল হ’বলা। মোক তেওঁ ওচৰলৈ মাতিলে। ক’লে  বেটা, তই দেখিবলৈ একেবাৰে আমাৰ জোঁৱাই ল’ৰাটোৰ নিচিনা। সেইকাৰণে এই ছোৱালীজাকে তোক ভিনিদেউ বুলি চাইছে আৰু। বেয়া নাপাবি। মই বোলো হৰি হৰি, মই বিয়া পতাই নাই। ক’ৰ ৰেলত এইমখা খুলশালী ওলাল। তাৰ পিছতহে আচল কাণ্ড আৰম্ভ হ’ল। ভিনিদেউ আপোনাৰ নামটো কি, ভিনিদেউ পাটনালৈ কেতিয়াবা আহিছেনেকি অনেক প্ৰশ্ন। ভাগ্যে সেই সময়ত ম’বাইল, ফেচবুক আদি নাছিল। কিছু সময়ৰ পিছত তেওঁলোকে লগত অনা খোৱা বস্তুবোৰ উলিয়ালে। মোৰ বন্ধুদুটাকো মাতি আনিলে। খুলশালীমখাই কয় বোলে ভিনিদেউ এইটো খাওক, ভিনিদেউ সেইটো খাওক, ভিনিদেউ পানী দিম নেকি, ভিনিদেউ আপুনি কি খাই ভাল পায়। উপায় নাই। আমি তিনিওটাই টকালি পাৰি খালোঁ। পিছদিনা পাটনা ষ্টেচনত নামিবলৈ লৈ তেওঁলোকে মোৰপৰা যেনেকৈ বিদায় ললে, মোৰ অলপ বেয়াই লাগিছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments