গল্প-পুৰস্কাৰ/ মূল-সত্যজিত ৰায়/ অনুবাদ — ৰঞ্জনা দত্ত

বয়স চৌবিছ বছৰ। ওখ, ভগ্নপ্ৰায় চেহেৰা। হাত ভৰি ক্ষীণ। গালৰ হনু ওলোৱা, পকেটৰ অৱস্থা তাতোকৈ বেয়া। মানুহজন এজন চিত্ৰকাৰ।
গল্পৰ আৰম্ভণিতে তেওঁক জৰাজীৰ্ণ চকী এখনত বহি থকা দেখা গৈছে। যি ধৰণে বহি আছে দেখিলে ভাব হয় যেন লৰচৰ কৰাৰ সাধাৰণ উদ্যমখিনিও নাই। ওঁঠত খুব বিপজ্জনকভাৱে ওলমি আছে এটা আধা জ্বলা চিগাৰেট। হাতত এখন কিতাপ। মানুহজনৰ সকলো মনোযোগ সেই কিতাপখনতেই নিবদ্ধ।
এই দৃশ্যটিত অস্বাভাৱিক একো কাৰো চকুত নপৰে। অলপ বেছি মনোযোগেৰে চালে অৱশ্যে বেলেগ কথা। তেতিয়া যিটো দৃশ্য দেখা যাব তাৰ কোনো ব্যাখ্যা নাই। তেওঁ কিতাপখন উল্টাকৈ ধৰি আছে।
এনেদৰে কি কিতাপ পঢ়িব পাৰে নেকি? কি ব্যাখ্যা ইয়াৰ? ব্যাখ্যা আৰু একো নাই, মানুহজনে একো পঢ়াই নাই। আনকি, কিতাপখনৰ ওপৰত তেওঁৰ সামান্যতম ধ্যানো নাই। আচলতে কিছু দুৰত্বৰ পৰা মানুহজনে কিতাপখনৰ ফালে চাইহে আছে মাত্ৰ। চকুৰ দৃষ্টি শূন্য। তাৰমানে মানুহজনে কিবা এটা ভাবি আছে। সঁচাকৈ তেওঁ ভাবি আছে। তেওঁৰ মূৰত সোমাই আছে এখন প্ৰদৰ্শনীৰ চিন্তা।
আজি ৰাতিপুৱাৰ কাগজত ওলাইছে এই প্ৰদৰ্শনীখনৰ খবৰ। এইবাৰৰ চাৰুকলা প্ৰদৰ্শনীখন হেনো খুব ডাঙৰকৈ অনুষ্ঠিত হ’বলৈ ওলাইছে আৰু মিডিয়াম বা মাধ্যমৰ আৰু বিষয়ৰ ওপৰতো কোনো বাধা নিষেধ নাই। শিল্পীয়ে নিজৰ পচন্দ অনুযায়ী সেইটো বাছি ল’ব পাৰিব। এই প্ৰদৰ্শনীখনৰ এই দুটাই হৈছে ডাঙৰ বৈশিষ্ট্য। ইয়াৰ ফলত শিল্পীবোৰে অবাধে নিজৰ প্ৰতিভাৰ পৰিচয় দিব পাৰিব।
প্ৰদৰ্শনীৰ এই বিজ্ঞপ্তিটো লৈয়েই এতিয়া আমাৰ শিল্পী ভাবত বিভোৰ। ছপাৰ আখৰ যিবোৰ একেবাৰে ঠাণ্ডা আৰু সেইবোৰ কাকতৰ এটা খবৰহে মাত্ৰ, সেইটোৱেই তেওঁৰ দেহ-মন জোকাৰি তেওঁক উত্তেজিত কৰি তুলিছে। এতিয়ালৈকে দীৰ্ঘকাল ধৰি তেওঁ এনেকুৱা এটা সুযোগৰে অপেক্ষাত আছিল। ৰং-তুলিকাৰ হাতত তেওঁৰ কিমান দক্ষতা আছে, সেইটো মানুহে জানক, তেওঁক কিছু স্বীকৃতি দিয়ক, তেওঁ দীৰ্ঘদিন ধৈৰ্য্য ধৰি এই সুযোগৰ বাবেই ৰৈ আছিল। সেই স্বীকৃতি পোৱাৰ এইটো সুবৰ্ণ সুযোগ। নিজৰ প্ৰতিভা সম্বন্ধে কোনো অলীক ধাৰণা তেওঁৰ একেবাৰেই নাই। প্ৰদৰ্শনীত পুৰস্কাৰ হিচাপে যি নগদ পুৰস্কাৰ দিয়া হ’ব, সেইবোৰৰ যে তেওঁ কিবা এটা পাব, এই ধৰণৰ কথা তেওঁ কল্পনাও নকৰে; তেওঁৰ কামৰ বাবে উদ্যোক্তা সকলৰ পৰা অকণমান প্ৰশংসা পালেই তেওঁৰ ভাল লাগিব। সেইটোও যে পাব তাৰ কোনো ভৰসা নাই। তথাপি তেওঁ বিছাৰিছে যে তেওঁৰ চিত্ৰখন প্ৰদৰ্শনীৰ বেৰত স্থান পাওক, মানুহে তেওঁ অঁকা ছবিখন দেখক।
ইয়াৰ বাহিৰেও তেওঁৰ আৰু এটা আশা নথকা নহয়! ক’বতো নোৱাৰি শিল্প প্ৰদৰ্শনীলৈ কাগজে পত্ৰই যিবোৰ লেখা ওলাই তাত তেওঁৰ কামৰো এটা উল্লেখ থাকিব পাৰে। কোনো সমালোচকে হয়তো লিখিবও পাৰে – “শ্ৰী –ৰ ‘এ ফেমিলী গ্ৰুপ’ ছবিখনৰ আবেদনো কম নহয় । তেওঁৰ কম্পোজিছন অতি সুন্দৰ, ৰঙৰ নিৰ্বাচন ক্ষেত্ৰতো বেছ অভিজ্ঞতাৰ ছাপ দেখা গৈছে” ইত্যাদি ইত্যাদি।
শৰীৰত দুনিয়া ভৰৰ আলস্য, হাতত উল্টাকৈ ধৰি থকা কিতাপখন লৈ মানুহজন এতিয়া চিন্তাত মগ্ন। তেওঁৰ ছবিৰ বিষয়বস্তু কি হ’ব তাকে লৈ তেওঁ চিন্তাত বিভোৰ।
শিল্পৰ ক্ষেত্ৰত যদি কোনো ভাল লগা বা বেয়া লগাৰ কথা আহে তেনেহলে ক’ব পাৰি তেওঁ ৰিয়ালিজম বা বাস্তৱতাৰ অনুৰাগী। বাস্তৱধৰ্মী সেই কিতাপবোৰৰ মাজত যিবোৰ ছবি আছে তাৰ লগত তেওঁ আঠাৰ দৰে লাগি থাকে। প্ৰকৃতিক ভাঙি-চিঙি চূৰমাৰ কৰি বিকৃত কৰি দেখুৱাটোৱেই আজিকালি আধুনিক শিল্পৰ নিয়ম হৈ পৰিছে, কিন্তু তেওঁৰ সৌন্দৰ্য্যবোধক ই আঘাত কৰে। শিল্পত যি স্যাৰিয়ালিজম বা অদ্ভুত কল্পনাৰ শিল্প বোলা হৈছে, তেওঁ সেইবোৰ লৈ ভীতিগ্ৰস্ত হৈ পৰে। ইয়াৰ বাহিৰেও ৰেখা আৰু আকৃতি লৈ খেলা পাগলামিৰ খেলাবোৰ যাৰ নাম দিয়া হৈছে ‘আবষ্ট্ৰাকছন’ বা বিমূৰ্ত শিল্প, সেইবোৰে তেওঁৰ মনত অকনো ৰেখাপাত নকৰে। তেওঁৰ বন্ধুবোৰৰ মাজত বহুতেই শিল্প লৈ ডাঙৰ ডাঙৰ কথা কয়। তেওঁলোকৰ কিছুমান চখৰ সমালোচক বা কিছুমান নিজেই চিত্ৰশিল্পী। তেওঁলোকে তেওঁৰ সংকীৰ্ণ মনোভাৱ লৈ ইতিকিং কৰে। কয় “-তোমাৰ কথা শুনিলে হাঁহি উঠেহে! এইবোৰ ভেঁকুৰি যোৱা পুৰণি ধ্যান ধাৰণা আজিকালি আৰু নচলে। আধুনিক শিল্পীৰ কামবোৰ ভালদৰে চোৱা, সেইবোৰৰ তাৎপৰ্য বুজিবলৈ চেষ্টা কৰা। তুমি এইটো কৰিবই লাগিব, নকৰিলে উপায় নাই। এই যে জিনিয়াচবোৰ তেওঁলোকক তুমি কিদৰে উপেক্ষা কৰিবা?” বুলি কৈয়েই এগাল নাম এফালৰ পৰা কৈ যায়। জনা-শুনা নাম। শুনি তাৰ কাণখন ভোঁ ভোঁৱাই থাকে। কিন্তু মতৰ কোনো পৰিৱৰ্তন নহয়।
আধুনিক শিল্পকলাৰ যিবোৰ কিতাপ আছে সেইবোৰযে পঢ়ি চাবলৈ চেষ্টা যে কৰা নাই এনে নহয়। বহুবাৰ চেষ্টা কৰিছে। কিন্তু সেই কিতাপবোৰৰ মাজত যিবোৰ ছবি আছে সেইবোৰ তেওঁৰ মনত ইমান কিম্ভুত কিমাকাৰ লাগিছে যে পঢ়া আৰু আগুৱাব পৰা নাই। সেইধৰণৰ এখন ছবিৰ কথা মনলৈ আহিল তেওঁৰ। ছবিখন দেখি মনলৈ আহিছিল যেন কোনো অপৈণত হাতেৰে নিআনডাৰথাল বা কোনো পুৰাতাত্ত্বিক যুগৰ এনেকুৱা এক নাৰীৰ ছবি আঁকিছে যাৰ সম্ভৱত পেটত সন্তান আছে, তাৰ লগতে তাইৰ জিৰাফৰ দৰে অদ্ভুত দীঘল ডিঙিটো। অথচ ছবিখনৰ নাম দিছে “আদৰ্শ নাৰী”। ভাবিব পাৰিনে? তেওঁৰ মনত ভাব হৈছিল ইয়াতকৈ ডাঙৰ ৰসিকতা আৰু একো হ’ব নোৱাৰে।
তাৰ পিছদিনাৰ পৰাই তেওঁ ছবি আঁকিবলৈ লাগি গ’ল। ৱাটাৰ কালাৰত তেওঁ সিদ্ধহস্ত। এইখন ছবিও ৱাটাৰ কালাৰেই হ’ব। ছবিৰ বিষয়বস্তু কি হ’ব বহুত ভবা-চিন্তা কৰি আগদিনাই তেওঁ ঠিক কৰি পেলাইছিল। শ্বেইক্সপিয়েৰৰ নাটকৰ যিবোৰ দৃশ্য তেওঁৰ প্ৰিয় এইখন হ’ব তাৰেই এটা চিত্ৰৰূপ। নিদ্ৰামগ্ন অৱস্থাত লেডী মেকবেথ খোজকাঢ়ি গৈ আছে, এয়ে হ’ব তেওঁৰ ছবি। ছবিখনৰ নাম দিব ‘দা সমন্যামবুলিষ্ট’। অৰ্থাৎ ‘স্বপ্নচাৰিনী’।
ছবি অঁকাৰ ক্ষেত্ৰত এইবাৰৰ দৰে উৎসাহ তেওঁ ইয়াৰ আগতে কেতিয়াও অনুভৱ কৰা নাছিল। বেলেগ এখন কাগজৰ ওপৰত তুলিকাৰে বিভিন্ন ৰং মিলাই মিলাই তেওঁ চাই গৈছে ঠিক কোনটো কোনটো ৰং তেওঁৰ ছবিখনৰ বাবে উপযুক্ত হ’ব। ৰঙৰ বিষয়টো ঠিক হোৱাৰ পিছত তেওঁ আচল কামটোত হাত দিলে। এইখনযে এখন ব্যতিক্ৰমী ছবি হ’ব তাত তেওঁৰ কোনো সন্দেহ নাই।
ছবিখন শেষ কৰোঁতে মুঠ দহদিন সময় লাগিল। লেতেৰা, মলিয়ন সৰু যিটো কোঠা তেওঁ ষ্টুডিও হিচাপে ব্যৱহাৰ কৰে ইয়াৰ মাজৰ সময়ছোৱাত তেওঁক সেই কোঠাটোৰ পৰা খুব বেছি বাহিৰলৈ ওলোৱা দেখা নগ’ল।
এই প্ৰথম তেওঁ মন প্ৰাণ ঢালি দিছে এখন ছবিৰ স’তে। যি ধৈৰ্য্য আৰু উদ্যমৰ স’তে তেওঁ ছবি অঁকাত লাগিছে, তেওঁৰ দৰে খামখেয়ালী আৰু ঢিলা মানুহৰ পক্ষে সেইটো কিছু অস্বাভাৱিক যেনেই লাগিছে।
ছবিখনৰ কাম মোটামুটি শেষ হোৱাৰ পিছতো ইফালে সিফালে কিছু তুলিকাৰ আকঁ লগাবলগীয়া হয়েই। সেইবোৰো শেষ হ’ল ৫ জানুৱাৰীৰ দিনা। তেতিয়া সন্ধ্যা লাগিছে। তুলিকাডাল থৈ তেওঁ হাত দুখন দীঘলকৈ মেলি দিলে। কামৰ উত্তেজনাত তেওঁৰ শিৰাবোৰ যেন টানি ধৰিছে। এতিয়া কিছু বিশ্ৰামৰ প্ৰয়োজন।
অলপ পিছতে কামটো কেনে হৈছে ভালদৰে চাবৰ বাবে তেওঁ কেইখোজমান পিছুৱাই নিজৰ ছবিখনৰ ফালে চালে। পুৰা পাঁচ মিনিট চায়েই থাকিল। চকুজুৰি আধা মুদখোৱা, মূৰটো এফালে সামান্য হালি যোৱা। ছবিখন যিমানেই চাইছে সিমানেই তেওঁৰ ভাল লাগিবলৈ আৰম্ভ কৰিছে। ৰং, অভিব্যক্তি, কম্প’জিছন সকলোৱে সাক্ষী দিছে সেই সুন্দৰ প্ৰেৰণাৰ, ভিতৰৰ পৰা সেই তাগিদা আছিল বাবেই এই ছবিখন এইদৰে আঁকিব পাৰিছে।
হঠাতে তেওঁৰ খেয়াল হ’ল যে তেওঁ নিজকেই অতিক্ৰম কৰি আহিল। তেওঁ নিজৰ চকুৰ সমুখত দেখা এই ছবিখন যে কেতিয়াবা নিজে আঁকিব পাৰিব সেই সম্পৰ্কে তেওঁৰ কোনো ধাৰণাই নাছিল। তেওঁ এতিয়া সম্পূৰ্ণ তৃপ্ত। তেওঁ বুজিব পাৰিছে যে এই দহদিন ধৰি কৰা ইমান পৰিশ্ৰম অথলে যোৱা নাই।
কিন্তু নিজৰ সৃষ্টিত আত্মহাৰা হৈ বহি থকাৰ সময় এতিয়া নাই। প্ৰদৰ্শনীলৈ ছবি পঠোৱাৰ আজিয়েই শেষ দিন। আজি ৰাতিয়েই তেওঁ ছবিখন ডাকত পঠাই দিব। নিজৰ ছবিখনত তেওঁ নিজে যি দেখা পাইছে সমালোচক সকলেও সেইটোকে দেখা পোৱাটো তেওঁ বিচাৰে। আচলতে তেওঁলোকে দেখাটোহে বেচি দৰকাৰী।
ইজেলৰ পৰা ছবিখন তেওঁ নমাই আনিলে। তাৰপিছত সূতা আৰু নুৰিয়াবৰ বাবে কাগজ বিচৰাত লাগি গ’ল।
ডাকঘৰৰ পৰা তেওঁ যেতিয়া বাহিৰলৈ ওলাই আহিল, তেওঁৰ চকুবোৰ তেতিয়া পুৰিবলৈ আৰম্ভ কৰিছে। কপালৰ শিৰাবোৰো টনটনাবলৈ আৰম্ভ কৰিছে। এইকেইদিন যি পৰিশ্ৰম গ’ল এনেকুৱা হ’বই।
ভৰিদুখন পাথৰৰ দৰে গধুৰ হৈ পৰিছে। লাহে লাহে খোজ পেলাই তেওঁ আগুৱাবলৈ ধৰিলে। চহৰৰ যিটো অংশ একেবাৰে নিৰ্জন আৰু শান্ত এতিয়া তেওঁ তালৈ যাব। তেওঁৰ এতিয়া অকণমান মুকলি বতাহৰ প্ৰয়োজন।
গধূলিৰ স্নিগ্ধ বতাহজাকত তেওঁ বেছ সুস্থ বোধ কৰিলে। এঘণ্টা মান পিছত তেওঁ যেতিয়া ঘৰলৈ ঘূৰি আহিল, তেতিয়া তেওঁৰ ভাগৰ বহুখিনি কমি গৈছে।
পিছদিনা ৰাতিপুৱা তেওঁৰ ভাব হ’ল তেওঁৰ যেন ক্লান্তিৰ কণমান অবশেষো আৰু নাই। তেওঁ এতিয়া একেবাৰে সতেজ প্ৰাণৱন্ত মানুহ। ব্ৰেকফাষ্ট কৰি কৰি কাগজ পঢ়িছিল তেওঁ। সেই সময়তে চোচাইটি অফ ফাইন আৰ্টচৰ সৰু বিজ্ঞপ্তি এটা চকুত পৰিল। চোচাইটিয়ে জনাইছে যে প্ৰদৰ্শনীলৈ এইবাৰ বহুত ছবি আহিছে। এইবাৰৰ প্ৰদৰ্শনী যে সাংঘাতিক সফল হ’ব তাত কোনো সন্দেহ নাই ।
এইবাৰ তেওঁৰ ভাব হ’ল ষ্টুডিওটো অলপ চাফ চিকুণ কৰা দৰকাৰ। ইমানবোৰ অলাগতিয়াল বস্তু জমা হৈ পৰিছে যে চাফা নকৰিলেই নহয়। তাৰপিছত আকৌ এলাহ ভাবটোৱে গা কৰি উঠিল। বহি বহি ভাবিবলৈ ধৰিলে উঠো নে নুঠো। শেষত মনত ভাব হ’ল যে চাফা কৰা কামটো পিছত কৰিলেও চলিব।
সেইদিনা তেওঁ গৈ যেতিয়া ষ্টুডিওটোৰ ভিতৰত সোমালেগৈ তেতিয়া সন্ধ্যা লাগি ভাগিছে। কোঠালীৰ ভিতৰত অন্ধকাৰ। তাৰ মাজে মাজে গৈ খেপিয়াই খেপিয়াই তেওঁ চুইচ টিপি লাইটটো জ্বলালে। ষ্টুডিওটো ভয়ানক ধৰণেৰে বিশৃংখল হৈ আছে। ৰঙৰ টিউববোৰ ইফালে সিফালে পৰি আছে। ৰঙৰ তুলিকাবোৰো কোনডাল কোনফালে পৰি আছে তাৰ হিচাপ নাই। খুব লৰালৰিকৈ কাম শেষ কৰিব লগা হোৱা বাবেই যিটো বস্তু য’ত থব লাগে তাত থোৱা হোৱা নাই। টেবুলৰ ওপৰত অদৰকাৰী বস্তু আৰু ফটাচিটা কাগজৰ দ’ম।
ষ্টুডিওৰ এই বিশৃংখল অৱস্থাত চকু ফুৰাই থাকোঁতেই হঠাৎ এখন কাগজৰ ওপৰত চকু পৰিল তেওঁৰ। ইজেলৰ ঠিক তলতেই কাগজখন পৰি আছে। বুকুখনত কোনোবাই যেন হাতুৰিৰেহে কোবালে। এইখন তেওঁৰ চিনাকি কাগজ। তললৈ মূৰ কৰি তেওঁ কাগজখন তুলি ল’লে।
তাৰপিছতেই যেন গোটেই পৃথিবীখন অন্ধকাৰ হৈ পৰিল। ইজেলখন খামুচি ধৰি কোনোমতে নিজকে চম্ভালি ল’লে। হাতৰ মুঠিত তেওঁ যিখন কাগজ লৈ আছে, সেইখনটো কোনো সাধাৰণ এখন কাগজ নহয়, সেইখনেই তেওঁৰ সদ্য সমাপ্ত ছবি-‘দা সমন্যামবুলিষ্ট ‘। ‘স্বপ্নচাৰিনী’। ইমান পৰিশ্ৰম কৰি ইমান যত্ন কৰি তেওঁ যাৰ ছবি আঁকিলে, সেই লেডী মেকবেথে এতিয়া তেওঁৰ নীদ্ৰালস, ভাষাহীন আইনাৰ দৰে চকুৰে তেওঁৰ ফালে চাই আছে। এই চকুদুটাওতো তেৱেঁই দিয়া।
বিস্ময়ৰ প্ৰাথমিক প্ৰবল ধাক্কাটো যোৱাৰ পিছতে এক ভয়ঙ্কৰ হতাশাত তেওঁ ডুবি গ’ল। গণ্ডগোলটো ক’ত হ’ল বুজি পাওঁতে তেওঁৰ বিশেষ সময় নালাগিল। এইবাৰো তেওঁৰ অন্যমনস্কতাই তেওঁক ডুবালে। তেওঁৰ জীৱনত এইটো নতুন কথা নহয়। আগতেও এইধৰণৰ ঘটনা দুই এবাৰ ঘটিছে। সেই অন্যমনস্কতাৰ পৰিণামে হয়তো কেতিয়াবা সকলোকে কিছু হাঁহিৰ খোৰাক যোগাইছে কিন্তু কেতিয়াও এইধৰণৰ সৰ্বনাশ তেওঁৰ হোৱা নাছিল।
এইবাৰ সেই সৰ্বনাশটোৱেই হ’ল। নিদাৰুণ, নিষ্ঠুৰ সৰ্বনাশ।
তেওঁৰ মনটো এক প্ৰচণ্ড গ্লানি আৰু হতাশাত ভৰি পৰিল। হঠাতে খুব অসুস্থ বোধ কৰিবলৈ আৰম্ভ কৰিলে। কমিটিৰ হাতত তেওঁ কি তুলি দিলে? পাৰ্ছেল খুলি এখন কাগজ আৰু তাৰ স’তে শিল্পীৰ আৰু ছবিৰ নাম, তাৰ বাহিৰে আৰু একো নাপায় তেওঁলোকে। ছবিৰ সলনি এখন কাগজ পাই তেওঁলোক চাগে হাঁহিত ৰ’ব নোৱাৰা হৈছে।
ভাগ্যৰ নিষ্ঠুৰ পৰিহাসৰ বাদে ইয়াকনো আৰু কি বুলিব পাৰি! নিস্ফল আক্ৰোশত দাঁতে দাঁত কামুৰি তেওঁ নিজক আৰু তেওঁৰ ভাগ্যক বাৰে বাৰে ধিক্কাৰ দিবলৈ ধৰিলে।
ছবিখন টুকুৰা-টুকুৰ কৰি তেওঁ ফালি পেলালে। ফলা টুকুৰাবোৰ ফটা কাগজ পেলোৱা বাস্কেটটোলৈ নিক্ষেপ কৰিলে।
পিছৰ সপ্তাহটোত তেওঁ এই বিপৰ্যয়ৰ কথা পাহৰি যাবলৈ প্ৰাণপনে চেষ্টা কৰিলে। পাহৰি যাবৰ বাবে ৰং-তুলিকা লৈ তেওঁ এনেকুৱা কিছুমান নতুন কাম কৰিবলৈ ল’লে যিবোৰ তেওঁ আগতে কেতিয়াও কৰা নাই। আচলতে এইবোৰ নিজকে পাহৰাই ৰখাৰ বাদে অন্য একো নহয়। যেতিয়া তেওঁ এই ধৰণৰ চেষ্টা চলাই গৈছে আৰু বিপৰ্যয়ৰ কথাটো পাহৰিবলৈ আৰম্ভ কৰিছে, ঠিক তেতিয়াই, পোন্ধৰ জানুৱাৰী –অৰ্থাৎ প্ৰদৰ্শনী উদ্বোধন হোৱাৰ দিনা – ৰাতিপুৱাই তেওঁলৈ এখন চিঠি আহিল। তেওঁ ঠিক ব্ৰেকফাষ্ট কৰি উঠিছে, সেইসময়তে চিঠিখন হাতত পৰিলহি। নীলা ৰঙৰ দীঘলীয়া খাম। তাৰ ওপৰত পৰিষ্কাৰ প্ৰতীক। চিঠিখন কোনে পঠিয়াইছে প্ৰতীকটো দেখিলেই বুজিব পাৰি। চিঠিখন পঠিয়াইছে চোচাইটি অফ ফাইন আৰ্টছে।
খামটো খুলি চিঠিখন বাহিৰ কৰাৰ সময়ত এক মুহূৰ্তৰ বাবে তেওঁ ভাবিলে চিঠিখনত কি থাকিব পাৰে। তেওঁৰ মনত ভাব হ’ল ‘ৰহস্যজনক’ পাৰ্সেলটোৰ সম্বন্ধে চোচাইটিয়ে নিশ্চয় কিবা জানিব বিচাৰিছে। সম্ভবতঃ এইটো নিয়ম ৰক্ষাৰ বাবেই কৰিছে।
লাহে লাহে খামটোৰ ভিতৰত আঙুলি ভৰাই তেওঁ চিঠিখন বাহিৰলৈ উলিয়াই আনিলে। চিঠিখনৰ আৰম্ভণি এইধৰণৰ: “প্ৰিয় মহাশয়, আমি আপোনাক অতি আনন্দেৰে স’তে অভিনন্দন জনাইছোঁ …..” কিন্তু এইয়াটো সম্পূৰ্ণ অবিশ্বাস্য কথা! নিজৰ চকুকেই তেওঁ বিশ্বাস কৰিব পৰা নাছিল। সংক্ষেপে, আধা আনুষ্ঠানিক ভাষাত, চোচাইটিয়ে তেওঁক জনাইছে যে, তেওঁৰ ছবি ‘দা সমন্যামবুলিষ্ট’ এ এইবাৰ এটা শাখাত প্ৰথম পুৰস্কাৰ পাইছে। চিঠিৰ উপসংহাৰত সবিনয় অনুৰোধ- প্ৰদৰ্শনীৰ উদ্বোধনী দিৱসৰ অনুষ্ঠানত তেওঁ যেনেতেনে উপস্থিত থাকিব লাগে।
তেওঁৰ মূৰটো ঘূৰাবলৈ আৰম্ভ কৰিছিল। ঘটনাটোৰ মাথামুণ্ড তেওঁ একো বুজিব পৰা নাছিল। আনন্দ কি লাগিব তেওঁ নিজে বিভ্ৰান্ত অনুভব কৰিছিল! প্ৰাথমিক উত্তেজনা শাম কটাৰ পিছত তেওঁ বুজিব পাৰিলে যে ক’ৰবাত কিবা এটা গণ্ডগোল ঘটিছে। নহ’লে এনেকুৱা হ’ব নোৱাৰে।
আধাঘণ্টা পিছত তেওঁ গৈ টাউন হলত উপস্থিত হ’লগৈ। উত্তেজনাত তেতিয়া তেওঁৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছে।
টাউন হলৰ মস্ত গেটখন জনসাধাৰণৰ বাবে খুলি দিয়া হৈছে। প্ৰদৰ্শনী চাবৰ বাবে মানুহৰ দীঘল শাৰী। অকাৰণতে দৰ্জাখন আগছি ঠিয় হৈ আছে দুজন শিল্পপ্ৰেমী বিপুলাকায় লোক। তেওঁলোকক ঠেলি-ঠুলি কোনোৰকমে গৈ ভিতৰত সোমালেগৈ।
প্ৰদৰ্শনীখন দ্বিতীয়টো তলাত। চিৰিত ধুনীয়াকৈ দলিচা পৰা। তাৰ ওপৰেদি এবাৰতে তিনিটাকৈ চিৰি পাৰহৈ তেওঁ দুই মহলাত উপস্থিত হ’লগৈ।
যিটো হলত প্ৰদৰ্শনী হৈছে, সেইটো বিভিন্ন ৰঙৰ উজ্জ্বলতাৰে জিলিকি আছে। চাৰিওফালৰ দেৱালত অসংখ্য ছবি। তাৰ মাজত সৰু সৰু মিনিয়েচাৰবোৰ যেনেদৰে আছে ঠিক তেনেদৰেই আছে ডাঙৰ ডাঙৰ কেনভাছবোৰ।
উত্তেজনাত তেওঁৰ বুকুখন ধপধপাবলৈ লৈছে, ঘূৰি ঘূৰি তেওঁ ছবিবোৰ চাবলৈ ধৰিলে। যিবোৰ ছবিয়ে পুৰস্কাৰ পাইছে সেই সকলোবোৰৰ তলত পৰিষ্কাৰ এখন লেবেল লগোৱা। তাত ছবি আৰু শিল্পীৰ নাম। তেওঁ অত্যন্ত মনোযোগেৰে লেবেলবোৰ চাই গৈছে ।
উত্তৰ, পূব আৰু দক্ষিণ দিশৰ দেৱালবোৰ চাওঁতে তেওঁৰ পুৰা এঘণ্টা সময় লাগিল। লেণ্ডস্কেপ, ফিগাৰ, ষ্টিল লাইফ, নানান ধৰণে কৰা স্কেচ একো বাদ যোৱা নাই। এয়া যেন তেওঁৰ দৃষ্টিশক্তিৰ অগ্নিপৰীক্ষা। চকু দুটা ৰঙা। বিষাবলৈও আৰম্ভ কৰিছে। যি হয় হওক, ৰহস্যৰ সমাধান নকৰাকৈ তেওঁ নেৰে।
তেওঁ যেতিয়া পশ্চিম ফালৰ দেৱাল খনৰ ওচৰ পালেগৈ, তেতিয়ালৈকে তেওঁৰ উৎসাহ অনেক কমি গৈছিল। কিন্তু সেইখিনি পাই তেওঁ যি দেখিলে তাত তেওঁৰ শেষ উৎসাহ খিনিও একেবাৰে নাইকিয়া হ’ল। পুৰা দেৱালত ওলমি আছে ভয়াবহ দুঃস্বপ্নৰ দৰে কিছুমান ছবি, যাৰ নাম আবষ্ট্ৰাকছন বা বিমূৰ্ত শিল্প।
প্ৰথম ছবিখনেই প্ৰথম পুৰস্কাৰ পাইছে। একেবাৰে অনিচ্ছাৰে প্ৰায় যন্ত্ৰৰ দৰে তেওঁ ছবিখনৰ লেবেলৰ ওপৰত চকু ফুৰালে।
নামটো চিনাকি চিনাকি যেন ভাব হ’ল। আৰে এয়া দেখোন তেওঁৰেই নাম। আৰু ছবিৰ নাম? সেইটোও তেওঁৰ চিনাকি- ‘দা সমন্যামবুলিষ্ট ‘।
কিন্তু এইখন কিহৰ ছবি? তুলিকাৰ সহায়ত দিয়া এই যে ৰং-বিৰঙৰ আকঁ-বাকঁবোৰ এইবোৰৰেই বা অৰ্থ কি? এইধৰণৰ কিবাটো তেওঁ কোনো জনমতে অঁকা বুলি মনত নপৰে।
হঠাতে বিদ্যুত চমকৰ দৰে তেওঁ কথাটো বুজি উঠিল। ছবি নহয়, এইখন সেই কাগজখন য’ত ‘সমন্যামবুলিষ্ট ‘ চিত্ৰখন বনোৱাৰ আগতে ছবিত ব্যৱহাৰ কৰিবৰ বাবে ৰঙৰ সংমিশ্ৰণবোৰ তৈয়াৰ কৰি কি কি ৰং ব্যৱহাৰ কৰিব তাক তেওঁ তুলিকাৰে কাগজখনত ছোপ লগাই লগাই চাইছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক